সূচীপত্ৰ - অক্টোবৰ ২০২৬

✍️ প্ৰবন্ধ
🍂 শৰৎ-বিশেষ
📑 কবিতা
💭 অনুভৱ
📜 গল্প
📖 অণুগল্প
✨ ইতিবাচক

সংজ্ঞাবিহীন অনুভৱ

October 09, 2026


অৰ্পণ বুঢ়াগোহাঁই



কেতিয়াবা বুকুত হাত থৈ

নিজেই নিজক

সুধি চাবৰ মন গৈছিল

মোৰ বাবে তুমি কোন !!


নিঃস্বাৰ্থ মৰম-ভালপোৱাৰ

তুমিয়েইতো আছিলা জীৱন্ত প্ৰতীক !!

জীৱন মৰুৰ সঞ্জীৱনী।


মোৰ হেঁপাহৰ কেনভাছত 

আশাৰ তুলিকাৰে

সপোনৰ ছবি 

তুমিয়েই আঁকিছিলা।


আঁউসী ৰাতিৰ আছিলা 

জোনাকী তুমি,

মৰমৰ এসোঁতাৰে গুঠা 

আদৰৰ আঁচলখনি

আছিলা তুমিয়েই .... !!


সৰাপাতৰ বুকুত 

ফাগুনে আদৰি অনা 

বসন্তৰ নতুন ঠিকনা আছিলা তুমি,

জীৱন যুঁজত ক্লান্ত 

পথিকৰ...

তুমি আছিলা শীতল ছাঁ !!


মোৰ বুকুৰ সেউজীয়াখিনি

জীপাল কৰি ৰখা 

মৰমৰ সাৰুৱা অনুভূতি আছিলা তুমি,

কোনো সংজ্ঞাই 

সীমাৱদ্ধ কৰিব নোৱৰা,

আপোন আপোন যেন লগা 

স্বৰ্গীয় অনুভৱ আছিলা তুমি !!


ঠিকনাঃ গড়গাওঁ, শিৱসাগৰ

No comments:

Powered by Blogger.