সূচীপত্ৰ - অক্টোবৰ ২০২৬

✍️ প্ৰবন্ধ
🍂 শৰৎ-বিশেষ
📑 কবিতা
💭 অনুভৱ
📜 গল্প
📖 অণুগল্প
✨ ইতিবাচক

আহৰি পালে এপাক আহিবা

October 09, 2026


 

আকাশজ্যোতি দুৱৰী


আহৰি পালে এপাক আহিবা 

মোৰ চহৰলৈ

মোৰ শৈশৱ, কৈশোৰ পাৰ কৰা 

অলি-গলিবোৰ এবাৰ চাই যাবাহি,

চিৰপৰিচিত দিখৌ, দিচাং, দৰিকাৰ 

অপৰিচিত ৰূপে বিধ্বস্ত কৰা

মোৰ গাঁও, চহৰ অথবা মোৰ পথাৰখনক

এবাৰ চাই যাবাহি,

তুমি শুনিবানে?

চিনাকি নিমাইজানৰ ককবকনি 

অথবা

ঠাহনি নোপোৱা ভাধৰা পথাৰৰ

খেতিয়কৰ হুমুনিয়াহবোৰ।

আৰু কি জানা,

একলা দুকলাকৈ বাঢ়ি অহা সপোনে

পোখা মেলা মোৰ ঘৰৰ বেৰবোৰৰ পৰা খহি পৰা

প্ৰতিচপৰা  মাটিৰ আৰ্তনাদবোৰে 

শুবলৈ নিদিয়ে অ' ৰাতিবোৰ।

মোৰ লগত ওলাবা

নেপালী খুঁটিলৈ যাম,

বোকা খান্দি উলিয়াম

খাটিখোৱা মানুহৰ কংকালবোৰ

আৰু সিহঁতৰ অস্থিৰেই সাজিম

প্ৰলয় সৃষ্টি কৰা দানৱৰূপী মানৱ নাশৰ ব্ৰহ্মাস্ত্ৰ,

এপাক হুলাংকাটনিলৈ ওলাবা

মম কিনিবলৈ গৈ নিখোজ হোৱা মানুহজনৰ

ঘৰৰ সন্ধিয়াবোৰ এতিয়া কিহেৰে পোহৰ হয়

আমি চাই আহিমগৈ।

তুমি আহিলে, 

বামুণপুখুৰীলৈও যাম

মৰমৰ কুকুৰটোক বচাবলৈ গৈ

উদং হোৱা মাতৃৰ বুকুৰ শোকৰ গভীৰতাত

একেলগে জোবোৰা এটা মাৰি চাম।

আহিবা এপাক, পাৰ কৰিম একেলগে 

এটি ৰ'দাল দুপৰীয়া আৰু 

তৰা সৰিপৰা ৰাতিবোৰৰ লগত সহবাস কৰা

মোৰ আপোনজনৰ লগত।

No comments:

Powered by Blogger.