সূচীপত্ৰ - অক্টোবৰ ২০২৬

✍️ প্ৰবন্ধ
🍂 শৰৎ-বিশেষ
📑 কবিতা
💭 অনুভৱ
📜 গল্প
📖 অণুগল্প
✨ ইতিবাচক

নাৰীৰ জীৱনগাথা

October 09, 2026

ইলা মহন বুঢ়াগোহাঁই


        ঘৰখনেই নাৰীৰ প্ৰধান কৰ্মক্ষেত্ৰ। সৰুৰেপৰাই নাৰীয়ে ঘৰুৱা কাম-বনত জড়িত হৈ থাকে। 'বৰঘৰ শুৱনি জীয়ৰী ছোৱালী'জনীয়ে ঘৰখন উজলাই ৰাখে। পুৱাৰে পৰা ছোৱালীজনীয়ে শোটা-বাঢ়নী লৈ চোতাল-ঘৰ সৰাৰ কাম-আৰম্ভ কৰে। সমনীয়াৰ লগত বিচাৰি বিচাৰি নৈৰ গৰাৰ পৰা ৰঙা মাটি আনি বেৰ, মজিয়া, চোতাল, পিৰালি মচি ৰঙা কৰি থয়। খেতিৰ দিনত পথাৰলৈ জলপানৰ বাতি লৈ দেউতাক, ককায়েকক দিয়া,  জাকৈখন লৈ মাছ ধৰিবলৈ গৈ মাকক দুপৰীয়া সাঁজৰ যোগান ধৰে। বিহুৰ সময়ত লগৰ লগৰীয়াৰ লগত নৈত কাপোৰ ধোৱাটো উৎসৱৰে যেন এটা অংশ।



           ৰন্ধা-বঢ়া শিকাৰ লগতে ধান খুন্দি চাউল উলিওৱা চিৰা, পিঠা, সান্দহ, হুৰুম, আখৈ, কোমল চাউল, তিলপিঠা, ঘিলা পিঠা আদি তৈয়াৰ কৰি আলহী অতিথিৰ বাবে সাজু কৰি ৰাখে। বিহুৰ দহ-পোন্ধৰদিন আগৰে পৰা ছোৱালীবিলাকে ধান খুন্দি পাচিয়ে পাচিয়ে চাউল উলিওৱাৰ যেন প্রতিযোগিতাহে চলে। কোনোবা এজনীয়ে কুকুৰাৰ ডাকতে উঠি ঢেকী মাৰিবলৈ আৰম্ভ কৰিলেই কোনো বিচনাত পৰি নাথাকে। ওখোৱা ওখোৱা ভাগে, আৰৈ আৰৈ ভাগে বস্তা ভর্তি কৰি থয়।

         শাহু-শহুৰ, স্বামী-সন্তানক ভাগে ভাগে আলপৈচান ধৰাৰ পৰা, ৰন্ধা-বঢ়া কৰা, চাউল-পাত, শাক-পাচলিৰ যোগাৰ কৰা, গৰু-ছাগলী, হাঁহ-কুকুৰা, চোৱা-চিতা কৰা আলহী-অতিথি আপ্যায়ন, মিটিৰ-কুটুম্ব, গঞা-জ্ঞাতিৰ লগত সদভাৱ ৰক্ষা কৰা আদি গৃহস্থীএখনৰ সমস্ত দায়িত্ব গৃহিণীগৰাকীৰ। অন্যহাতেদি তেওঁ ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ নাথাকি গাঁৱৰ বিয়া-সবাহ, উৎসৱ-পাৰ্বন আদি ৰাজহুৱা অনুষ্ঠানৰ বাবে জা-জলপান খুন্দাৰ পৰা অতিথি আপ্যায়ণলৈকে, জোৰণ দিয়াৰ পৰা কইনা উলিয়াই দিয়ালৈকে সকলোতে নাৰীসকলো আগ-ভাগ লয়। তেওঁলোকৰ আছতীয়া অনুষ্ঠানো ভালে-মান আছে।

         মাতৃ-আৰু শাহুগৰাকীৰ স্থান সমাজত উচ্চ। ঘৰখনৰ যিকোনো ক্ষেত্ৰত মাতৃগৰাকীৰ যথেষ্ট প্রভাৱ দেখা যায়। আইতা হৈ যুগ-যুগৰ সঞ্চিত জ্ঞানৰ আধাৰস্বৰূপ প্রবচন, ফকৰা-যোজনা, সাধুকথাৰ আদিৰ ভঁৰাল হৈ পৰে। প্ৰয়োজনত পৰম্পৰাগত ৰীতি-নীতি সোঁৱৰাই দিয়ে। অভিজ্ঞতালব্ধ জ্ঞানেৰে পো-বোৱাৰীক দিহা দিয়ে। নাতি-নাতিনীক দিয়ে সীমাহীন মৰমৰ আশ্রয়। নামঘৰত নিয়মীয়াকৈ নাম ল'বলৈ যোৱাৰ পৰা নাৰীৰ আছুতীয়া ধর্মীয় অনুষ্ঠানসমূহৰো গুৰি ধৰোতা হৈছে- আইতাসকল।

         খেতিয়কৰ ঘৰৰ নাৰীয়ে কঠিয়া-তোলা, ভূঁই ৰোৱা, ধান নিৰোৱা, ধান দোৱা, আদিৰ জৰিয়তে পথাৰখনৰ লগত নিবিড় সম্পর্ক গঢ়ি তোলে। আজৰি উলিয়াই জাকৈখন লৈ মাছ ধৰিবলৈ, পলটো লৈ লাও দি দুপৰীয়া সাজটো তৃপ্তিৰে জোগাৰ কৰি লয়।

         অতীত কালৰে পৰা অসমত ৰেচম উৎপাদন চলি আছে। অসমীয়া জীয়ৰী-বোৱাৰীয়ে ঘৰতে এৰী আৰু পাট পলু পুহি সূতা কাটি এৰীচাদৰ, পাটৰ-মুগাৰ মেখেলা-চাদৰ তৈয়াৰ কৰি আহিছে। তাঁতশাল শব্দটোৱে নাৰীৰ হাতত গঢ় লৈ উঠা ক্ষুদ্র বস্ত্ৰ শিল্প। আহোম ৰজাৰ দিনত যুদ্ধলৈ যাবলৈ ওলোৱা গৃহস্থক গৃহিণী গৰাকীয়ে 'কবচ' কাপোৰ বৈ দিয়াৰ কথা জনা যায়। 'কবচ' কাপোৰ গাত থাকিলে ৰণুৱাজনৰ যুদ্ধত মৃত্যু নহয়। এই কাপোৰ ৰাতিৰ ভিতৰতে কপাহ নেওঠি, পাজি কাটি ৰাতি নৌ-পুৱাতেই উলিয়াব লাগিব। তাকে কবচ-কাপোৰ বোলে। পৰম্পৰাগতভাৱে অসমৰ প্ৰতি ঘৰে ঘৰে তাঁতশালখন নাৰীসকলেহে জীয়াই ৰাখিছে। দৈনন্দিন জীৱনত বেছি প্রয়োজনীয় কপাহী সূতাৰ গামোচা, মেখেলা-চাদৰ, ৰিহা, চেলেং আদি ইজুটিৰ পাছত সিজুটি বৈয়ে থাকে। এই কাপোৰবোৰ নিজে পিন্ধাৰ লগতে ঘৰখনৰ বাকীসকলৰো বস্ত্ৰ সমস্যা সমাধান কৰি আহিছে। অন্যহাতেদি অর্থ উপাৰ্জনৰ মূল আহিলা হৈ বহুতো লাভাম্বিত হৈছে।

          নাৰী আচাৰ বহুখিনি দৈহিক চিন্তাৰ লগত জড়িত। গাঁৱৰ বোৱাৰী এজনীয়ে ৰাতিপুৱাই ঘৰৰ আন মানুহ উঠাৰ আগতে চোতাল পুৰুষে বাহী চোতাল গচকিলে আয়ুস ক্ষয় হয়। তাৰ পাছত গা-পা-ধুই মান্যজনক যাবলৈ দিয়ে। ৰাতি শুৱা বিচনাত দিনত শুব নোৱাৰে।

          মাহেকীয়া ঋতুস্ৰাৱ চলি থকা পাঁচদিন ৰন্ধা-পঢ়া কৰা নিষেধ। পঞ্চম দিনা বিচনা-পত্ৰ তিয়াই, ঘৰ-দুৱাৰ মচি, গা-মূৰ ধুইহে শুচি হয়। অম্বুবাচীৰ সময়ত ব্রাহ্মণ বিধবা আৰু ঋতুমতী হোৱাসকলে কঠোৰ নিয়ম মানি চলিব লগা হয়। ঘৰখনৰ পুৰষসকলক বৰঘৰৰ মজিয়া মচি-কাচি, লোটা-চৰিয়া, পীৰা-গামোচা যতনাই দিহে নাৰী গৰাকীয়ে ভাতৰ কাঁহী আগবঢ়াই দিয়ে। মান্যজনক খাবলৈ দিওঁতে সম্ভ্রমেৰে মূৰ দোঁৱাই ভগৱানৰ নাম উচ্চাৰণ কৰিহে খাদ্য-সম্ভাৰ আগবঢ়াই দিয়ে। স্বামীয়ে আহাৰ গ্ৰহণ কৰাৰ পাছতহে স্ত্রীয়ে খোৱাৰ নিয়ম।

          নাৰী খোজে-কাটলে, কথাই-বতৰাই নম্র বা মৃদু হ'ব লাগে। তেওঁ মাক-দেউতাক, ককাই-ভাই, শাহু-শহুৰ, দেৱৰ-ননদ, স্বামীৰ কথা বিনা প্রতিবাদে মানি চলাটো বাঞ্চনীয়। শহুৰ, বৰজনা, জোঁৱাইৰ আগত ওৰণি লৈ থকাৰ নিয়ম। মান্যজনৰ আগত ওখ আসনত নবহে। আজিৰ গাঁৱৰ সমাজত এই ৰীতি পালন কৰি আছে নাৰীসকলে।


ঠিকনাঃ নাজিৰা, শিমলুগুৰি

No comments:

Powered by Blogger.