Bornom April 2026

সূচীপত্ৰ - এপ্ৰিল ২০২৬

✍️ প্ৰবন্ধ
📑 কবিতা
📜 গল্প
🖋️ সম্পাদকীয়

মোৱামৰীয়া বিদ্ৰোহ-- পটভূমি আৰ কিছু প্ৰাসংগিক কথা

April 13, 2026


নাৰ্চিমা বেগম বড়া

মোৱামৰীয়া কেৱল এটা মাত্ৰ জাতি, জনজাতি বা এটা মাত্ৰ গোষ্ঠী নহয়৷ বুৰ?ীবিদ সূয্যৰ্ কুমাৰ ভূঞাই স্পষ্টকৈ কৈছে যে, মোৱামৰীয়াৰ মাজত মৰাণ, কলিতা, কায়স্থ, চুতীয়া, বিহাৰী, আহোম, কৈৱৰ্ত, বামুণ আদি সকলোবিধৰে মানুহ আছে৷ মোৱামৰীয়া এটা বৃহৎ সম্প্ৰদায় আছিল৷ মোৱামৰীয়াসকলে গুৰুৰ চৰণৰ বাহিৰে কাৰো ওচৰত মূৰ নোদোৱাইছিল৷ তেওঁলোক অত্যন্ত ধাৰ্মিক ভাৱাপন্নৰ আছিল৷ কিন্তু কালক্ৰমত পৰিস্থিতিত পৰি এই ধাৰ্মিক সম্প্ৰদায়টোৱেই বিদ্ৰোহী আৰু যুজাৰু হৈ পৰিছিল৷ পদে পদে নিপীড়নৰ সন্মুখীন হোৱা মোৱামৰীয়া সকল বিদ্ৰোহী হৈ উঠাৰ অন্তৰালত আছে এক কৰুণ কাহিনী৷ আহোম বুৰ?ীসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে, চুৰমফা ভগাৰজাৰ দিনৰে পৰা ইটো-সিটো ঘটনা সংঘটিত হৈ আহিছিল আৰু এই ঘটনাসমূহেই কালক্ৰমত মোৱামৰীয়াসকলক ৰজাঘৰীয়াৰ প্ৰতি বিদ্ৰোহী কৰি তুলিছিল৷ 

মোৱামৰীয়া গোসাঁইসকল অনিৰুদ্ধৰ বংশধৰ আছিল৷ অনিৰুদ্ধ গোসাঁই আছিল ভূঞাৰ পো৷ ভূঞাসকলেও এটা সময়ত প্ৰজা পালিছিল আৰু তেওঁলোকৰ অনমনীয়তা বুৰ?ী বিখ্যাত৷ তেওঁলোক ধাৰ্মিক হ’লেও তেজত ৰাজশক্তিৰ কণিকা আছে৷ অপমান - অপযশ নীৰৱে সহ্য কৰিব নোৱাৰে৷ তদুপৰি সেইখিনি সময়ত আহোম ডা- ডাঙৰীয়া, বা -বিষয়াৰ মাজতো মোৱামৰীয়াৰ শিষ্য আছিল৷ এইসকলৰ ৰজালৈ যিমান আনুগত্য কৰণীয় হিচাপে গুৰুলৈও আনুগত্য অধিক৷ সেইফালৰ পৰাও মোৱামৰীয়া গুৰুসকল শক্তিশালী আছিল৷

মোৱামৰীয়াৰ অধিকাৰ নিত্যানন্দাদেৱৰ এটি অপৰূপ সুন্দৰী কন্যা আছিল৷ ৰাজবিষয়া বেজদলৈ ভাণ্ডাৰী বৰুৱাৰ চকুত পৰিছিল কন্যাটি৷ যথানিয়মে কন্যাটি খোজ কঢ়া কৰিছিল৷ গোসাঁয়ে ৰজাৰ তলতীয়া বিষয়ালৈ কন্যা নিদিয়ে বুলি জনালে৷ এই কথাত ৰাজবিষয়া ৰুষ্ট হ’ল৷ পেটে পেটে প্ৰতিশোধ লবলৈ চেলু বিচাৰি থাকিল৷

চুৰমফা ভগাৰজাৰ পিতৃৰ বছৰেকীয়া সবাহলৈ দেশৰ সকলো মহন্ত-মহাজনক নিমন্ত্ৰণ কৰিছিল৷ প্ৰত্যেক মহন্তৰ লগত ভকত বৈষ্ণৱ আহিছিল৷ সকলো মহন্তৰ লগত যিমান মানুহ মোৱামৰীয়াৰ অকলেই তাতোতকৈ সৰহ৷ এই কথাত নিজানন্দ গোহাঁয়ে গৌৰৱ কৰি ক’লে- ‘মই ইন্দ্ৰবংশী ৰজাৰ ঘৰৰহে সমান’৷ এই কথা মৰা পাচনিয়ে শুনি ৰজাক জনালেগৈ৷ বেজদলৈৰ কাণটো কথাষাৰ পৰিল৷ তিলকে তাল কৰি কথাখিনি স্বৰ্গদেউৰ কাণত পিন্ধালে৷ গড়গাঁৱৰ কাৰেঙৰ পৰা স্বৰ্গদেৱে দেখিলে বাৰকুৰি জোৰ লৈ নিত্যানন্দ গোসাঁই বাহৰলৈ উলটিছে৷ স্বৰ্গদেউৰ লগত যায় এশ ছকুৰি জোৰ৷ ৰজাত কৈ গোহাঁইয়ে মহাপয়োভৰে যায় বুলি বেজদলৈয়ে কথাটো ওলোটাকৈ বুজাই স্বৰ্গদেউক বিহিত ব্যৱস্থা ল’বলৈ নিবেদন জনায়৷ মৰাপাচনিৰ কথাৰ লগত সংগতি বিচাৰি পাই স্বৰ্গদেউৱে নিত্যানন্দৰ প্ৰাণদণ্ডৰ আদেশ দিলে৷ চাওদাঙে গোসাঁইক ছোৱা-ছোৱাকৈ কাটি কুজিবালিত দিখৌ নৈৰ বুকুত দিলে৷ এগৰাকী বুঢ়ীয়ে গোসাঁইৰ  দেহাটো তুলি ৰাখিলে৷ মোৱামৰীয়া ভকতসকলে তাকে কাথপাৰাত ধানৰ ভঁৰালত ভৰাই, ভঁৰালত জুই লাগিছে বুলি কৈ সৎকাৰ কৰিলে৷ এই অত্যাচাৰ অপমানত ক্ষুদ্ধ হৈ তেতিয়াই তেওঁলোকে প্ৰতি:া কৰিলে - মাৰি যাওঁ মৰি যাওঁ, গুৰুৰ ঋণ শুজি যাওঁ৷ এই ঘটনা আছিল সপ্তদশ শতিকাৰ মাজভাগৰ, মোৱামৰীয়া সম্প্ৰদায়ৰ সকলোৰে বুকুত মনে মনে এই প্ৰতি:া সোমাল যদিও ৰাজৰোষৰ ভয়ত প্ৰকাশ্যে একো নকৰিলে৷

জয়ধ্বজসিংহৰ মাক লাকু বৰপাত্ৰৰ জী৷ লাকু বৰপাত্ৰ মোৱামৰাৰ শিষ্য৷ মাকে জয়ধ্বজ মোৱামৰা সত্ৰত শৰণ ল’বলৈ কৈছিল৷ গোসাঁয়ে জয়ধ্বজ সিংহক শৰণ দিবলৈ অমান্তি হোৱাত গোসাঁই জয়ৰামদেৱক নাপাই ভকতসকলক আনি বন্দী কৰি নানান অত্যাচাৰ কৰিলে৷

গদাধৰ সিংহৰ দিনতো এই কালসংহতিৰ মোৱামৰীয়া গোসাঁই -মহন্তসকলক নানান নিৰ্যাতন কৰি খেদিলে৷  এইখিনি সময়তে বেজদলৈৰ নাতিয়েক বঙাচৰণ ভাণ্ডাৰী বৰুৱাই ক’লে, স্বৰ্গদেৱ ঈশ্বৰ ভকতক ধন কেলৈ লাগিছে চাউল কঠাহে লাগে, তাকো সেৱক শৰণীয়াই দিছে৷ অতক ধন বস্তুৰে ঈশ্বৰ চিন্তা কৰা গোসাঁই ভকতে কি কৰিব? স্বৰ্গদেৱে আদেশ কৰিলে আনিব পাৰো৷ [ গগৈ লীলা, ‘বেলি মাৰ গ’ল’] স্বৰ্গদেউৰ উপদেশত ভকতসকলৰ ওপৰত নানান অত্যাচাৰ হ’ল, এইবাৰো মোৱামৰাৰ বৈকুণ্ঠনাথ গোসাঁইৰ প্ৰাণদণ্ড হ’ল৷

ৰুদ্ৰসিংহ ৰজা হোৱাৰ পিছত পিতাকৰ কু-কৰ্মৰ শুধৰণি কৰি খেদি দিয়া মহন্তসকলক আকৌ স্থাপন কৰিছিল৷ তেওঁৰ দিনলৈকে ভালেমান শূদ্ৰ মেধিয়ে বামুণকো শিষ্য কৰি লৈছিল৷ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰা চাৰিসত্ৰতকৈ অনেক বৈষ্ণৱ সত্ৰৰ শিষ্য-পয়োভৰ কাঢ়ি গৈছিল৷ ব্ৰহ্ম সংহতিৰ গোসাঁয়ে এই কথা সহ্য কৰিব নোৱাৰি স্বৰ্গদেউক গোচৰ দিলে যে, সূদ্ৰই  ব্ৰাহ্মণক শৰণ দিব নাপায়৷ সেই কথাত ৰজাও পতিয়ন গ’ল৷ গড়গাঁৱত বামুণীয়া ঠাকুৰীয়া উভয় বিধ গোসাঁই সমবেত হৈ জাপ জাপ পুথি বিচাৰ কৰিও শূদ্ৰই ব্ৰাহ্মণক শৰণ দিব পৰা কথাষাৰ প্ৰতিপন্ন কৰিব নোৱাৰিলে৷ স্বৰ্গদেৱে মেধি মহন্তসকলক ডিঙিত চুণৰ আঁক দিয়া কলহ আৰি অ’ৰ গোসাঁই ত’ত থ’লে৷ ব্ৰাহ্মণক শূদ্ৰ গোসাঁইয়ে শৰণ দিব নোৱাৰিব আৰু সত্ৰতো ঠাই নিদিবলৈ আদেশ দিলে৷ ইয়াৰ বছৰেকৰ পিছত মোৱামৰা সত্ৰত দুজন ব্ৰাহ্মণ দেখি চোৰাংচোৱাই খবৰ দিয়াত মোৱামৰাৰ চতুৰ্ভূজ গোসাঁইক নগৰলৈ অনাই ৰাজচ’ৰাৰ সন্মুখৰ খালতে পেলাই শাস্তি দিলে৷ সৌকাৰে কোবাই নাক-কাণ কাটিলে গুৰু আৰু শিষ্যৰ৷

ৰুদ্ৰসিংহ ব্ৰাহ্মণ্য ৰীতি-নীতিৰ প্ৰতি অত্যাধিক আসক্তি আছিল৷ সেই আসক্তিৰ কথা যুৱৰাজ হৈ থাকোঁতেই পিতৃ গদাধৰ সিংহই গম পাই পথালিফোঁটাক বিশ্বাস নকৰিবি বুলি সঁকিয়াই থৈ গৈছিল৷ কিন্তু ৰুদ্ৰসিংহই মুকলিমূৰীয়া পদ্মনাভ ভট্টাচাৰ্যক বিশ্বাস কৰিছিল৷ লাহে লাহে এই তান্ত্ৰিক ব্ৰাহ্মণজনৰ ধম¹য় প্ৰভাৱ বৃদ্ধি পাইছিল আৰু তেওঁ অসমৰ ভক্তিমাৰ্গক অনাচাৰ বুলি ৰজাক বুজাইছিল৷ ৰুদ্ৰসিংহই হিন্দু ধৰ্মত শৰণ ল’বলৈ শান্তিপুৰৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্যক নিজ দেশলৈ আনিলে৷ তেতিয়াৰে পৰাই আহোম ৰাজ্যত এক নতুন ধৰ্মপ্ৰবাহ আৰম্ভ হ’ল৷ সত্ৰসমূহতো শাক্তৰ প্ৰভাৱ পৰিল৷ বিগ্ৰহ পূজাও তেওঁলোকে মানিবলৈ ল’লে৷ এই ক্ষেত্ৰত স্থিৰ হৈ থাকিল কেৱল মোৱামৰীয়া গোসাঁই আৰু মোৱামৰীয়া সত্ৰ৷

ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ শিৱ সিংহ ৰজা হয় আৰু তেওঁ চিনাতলীয়া নটৰ জীয়ৰী ফুলমতীক বিয়া কৰাই৷ ছমাহমান ৰাজত্ব কৰাৰ পিছত তেওঁৰ ছত্ৰভংগ যোগ পৰা বুলি ফুলেশ্বৰীক বৰ-ৰজা নাম দি আৰু ৰাজছত্ৰদণ্ড দি স্বৰ্গদেৱে ৰাজকাৰ্যৰ পৰা অৱসৰ ল’লে৷ ক্ষমতা পায়েই বৰৰজা অত্যচাৰী হৈ উঠিল আৰু মোৱামৰীয়া মহন্তসকলৰ ওপৰত উৎপীড়ন কৰিলে৷ গোসাঁইসকলক বামুণীয়া সত্ৰত সেৱা কৰোৱালে আৰু মোৱামৰীয়া সত্ৰত বলেৰে শালগ্ৰাম আৰোপ কৰিছিল৷ ইমানতেই ক্ষান্ত নহৈ তেওঁলোকক দুগাৰ্ মূৰ্তিৰ সন্মুখত সেৱা কৰোৱাই, কঁপালত সেন্দুৰ, ৰক্ত চন্দন আৰু বলিৰ তেজ সানিলে৷ মোৱামৰীয়া চতুৰ্ভূজদেৱৰ কাৰণে এয়া অসহনীয় হ’ল আৰু তেওঁ প্ৰকাশ্যে ইয়াৰ বিৰুদ্ধাচৰণ কৰাত তেওঁৰ মৃত্যুদণ্ডৰ আদেশ হ’ল৷ অৱশ্যে কৃষ্ণৰাম পৰ্বতীয়া ফুকনে হস্তক্ষেপ কৰাত তেওঁৰ প্ৰাণ ৰক্ষা পৰিল৷

এনেদৰেই দিনে দিনে আহোম ৰাজত্বৰ প্ৰতি মোৱামৰীয়াসকলৰ অসন্তুষ্টি বাঢ়ি গৈছিল৷ শিৱসিংহৰ পিছত ভায়েক প্ৰমত্ত সিংহ ৰাজপাটত উঠে৷ শিৱসিংহৰ মৃত্যুৰ চাৰিবছৰৰ পিছত চতুৰ্ভুজ গোসাঁইৰো মৃত্যু হয়৷ প্ৰমত্ত সিংহৰ দিনতে বকতিয়ালৰ ঘৰৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱা হয়৷ বৰবৰুৱা হৈ তেওঁ ৰজাঘৰৰ মন-যোগোৱাৰ লগতে ডা-ডাঙৰীয়া আৰু আন বহুতকে বিতুষ্ট কৰিছিল৷ ৰাজেশ্বৰ সিংহৰ দিনত কীৰ্তিচন্দ্ৰ বৰবৰুৱা ৰজাঘৰ-প্ৰজাঘৰ উভয়ৰে আতংকৰ কাৰণ হৈ পৰিছিল৷ ইফালে মোৱামৰা আৰু দিহিঙৰ¸ শিলিখাতলীয়া মহন্ত দুয়োঘৰ একে কাল-সংহতিৰে গোপালদেৱৰ আ:াপৰ গোসাঁই হ’লেও শিষ্য-সংখ্যা আৰু ঐশ্বৰ্য-বিভূতি লৈ দুয়োঘৰৰ মাজত সদভাৱ নাছিল৷ কীৰ্ত্তিচন্দ্ৰ শিলিখাতলীয়াৰ শিষ্য আছিল৷ সেইবাৱে শিলিখাতলীয়াৰ প্ৰতি কীৰ্ত্তিচন্দ্ৰৰ টান বেছি আছিল৷ আনহাতে আকৌ মোৱামৰা গোসাঁইয়ে এবাৰ কীৰ্তিচন্দ্ৰক চকৰীফেটী বুৰ?ীৰ লগত সুৰ মিলাই ঘৰবন্দী জলমবটা বুলি গালি পাৰি নগৰত জগৰ লগাইছিল৷

এবাৰ ৰাজেশ্বৰ সিংহ দেৰগাঁৱৰ পৰা ৰংপুৰ লৈ উলটিছিল৷ বাটত ৰজাক ভেটিব লাগিলে টেকেলা বৰাই-বৰবৰুৱাক আৰু বৰবৰুৱাই ৰজাক ভেটায়৷ কিন্তু মোৱামৰাৰ সপ্তভুজ গাগিনী ডেকাই সেই নিয়ম উলংঘা কৰি পিছৰ পৰা স্বৰ্গদেৱক ভেটিলে৷ সেই কথাত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই অপমানবোধ কৰি - গোসাঁইক ঢকা মাৰি দণ্ড কৰিলে৷ ইয়াতে গাগিনী ডেকাই অপমানিত হৈ মানসিক দুখ পাই বিদ্ৰোহী হৈ উঠিল৷ আৰু তলে তলে কীৰ্তিচন্দ্ৰক নাশ কৰিবলৈ উপায় চিন্তা কৰিব ধৰিলে৷ 

কীৰ্তিচন্দ্ৰই সুবিধা পালেই মোৱামৰা গোসঁাইক হেয় কৰিবলৈ সুৰুঙা বিচাৰি ফুৰিছিল৷ ৰজাঘৰীয়া সবাহত গায়ন গাওঁতে তুলনাত বেয়া হ’লেও শিলিখাতলীয়া বায়নক ভাল হোৱা বুলি সৰহকৈ মাননি দিছিল৷ এনেবোৰ ঘটনাই মোৱামৰীয়াসকলৰ মনত আক্ৰোশৰ ভাৱ অতি প্ৰকট কৰি তুলিছিল৷ 

মোৱামৰাৰ অধিকাৰ অষ্টভূজৰ পুত্ৰ সপ্তভূজ বা গাগিনী ডেকা বা বায়ন ডেকাই পদে পদে অপমানিত হৈ কীৰ্তিচন্দ্ৰ বৰবৰুৱাক ধৰিবলৈ অষ্টভূজ অধিকাৰৰ লগত পৰামাৰ্শ কৰিলে কিন্তু অষ্টভুজ গোসাঁইয়ে ৰাজেশ্বৰ সিংহ ৰজাপাটতথাকোতে কটা-মৰা কৰিবলৈ  বাধা দিলে, কাৰণ স্বৰ্গদেউ আৰু গোসাঁই মাজত নিবিড় বন্ধুত্ব আছিল৷ অষ্টভূজ গোসঁাইয়ে বিদ্ৰোহ কৰিবলৈ বাধা দিয়াত ডেকা গোসাঁইয়ে নিজৰ শক্তিৰ উমান চাবলৈ মালৌ পথাৰত প্ৰতিজন শিষ্যৰ হতুৱাই একো চপৰাকৈ মাটি দি নামঘৰ সাজি কাষতে সত্ৰ পাতিবলৈ গাঁওবুঢ়াৰ যোগেদি সদৌ শিষ্যলৈ বাতৰি দিলে৷ চাৰিওপিনৰ পৰা শিষ্যসকল আহিল আৰু বৰভেটি হৈ উঠিল৷ ডেকা গোসাঁইয়ে শিষ্য সংখ্যা-বুজি পালে; বুকুত সাহস বাঢ়িল৷

এইখিনিতে আৰু এটা ঘটনাৰ সংযোগ হ’ল৷ সপ্তভূজ গাগিনী ডেকাৰ ভিতৰ মেলত হাতীচুঙ্গী নেওগ ৰাঘৱ আৰু নাহৰ শইকীয়াও আছিল৷ কীৰ্তিচন্দ্ৰই এই কথাৰ উমান পাইছিল৷ হাতীচুঙ্গী হিচাপে ৰাঘৱে হাতী যোগাবলৈ আহিছিল৷ বৰবৰুৱাৰ ভাগত পৰা হাতীটো ভাল নহয় বুলি সকলোৰে সন্মুখত ৰাঘৱক কুৰিটা চমটাৰ কোব মাৰিলে৷ কোব খাই ৰাঘৱৰ মন বিদ্ৰোহী হৈ উঠিল আৰু গাগিনী ডেকাৰ ওচৰ চাপিল৷ গাগিনী ডেকাই অষ্টভূজ গোসাঁইক জনাই ক’লে মই বৰ গাঁওবুঢ়ালৈ লিখোঁ, সিবিলাক সষ্টম হৈ আছে; কোঠ মাৰি ৰজাক ধৰি ৰাজ্য লওঁ৷” এইবাৰ অষ্টভোজ গোসাঁই অনুমতি দিলে যদিও লগতে এইটো উপদেশ দিলে যে তুংখুঙীয়া ঘৰৰ নীতিস্থ এজনক আগত লৈ কাম কৰিব৷ ৰজাজন তুংখুঙীয়া ঘৰৰে হ’ব আৰু বাকী বাবসমূহ তেওঁলোকৰ মাজত ভগাই ল’ব ক’লে৷ 

ইয়াৰ মাজতে আৰু এটা ঘটনা সংঘটিত হৈছিল৷ ৰাজেশ্বৰ সিংহৰ পিছত ভায়েক কালশিলীয়া গোসাঁই লক্ষীসিংহ ৰজা হয়৷ ৰজা হৈয়ে তেওঁ সিংহাসন নিষ্কণ্টক কৰিবলৈ ভতিজাহঁতক অঙ্গক্ষত কৰিলে আৰু বাৰগৰাকী ৰাণীক বৰকলা হাবিলৈ নিৰ্বাসন দিলে৷ ৰাণীসকলৰ দুখ-দুৰ্দশা দেখি মোৱামৰীয়া গোসাঁইয়ে সহায় কৰিলে এই কথা জানি কীৰ্তিচন্দ্ৰই নানা কথা ৰতনা কৰি ৰজাক লগালে আৰু ৰজালৈ পঠোৱা গোসাঁইৰ নিৰ্মালি ঘূৰাই দি নিৰ্মালি অনা পাঁচনিজনক নগুৰ নাগতি কৰিলে৷ পূৰ্বে ইমান ধৈৰ্য্য ধৰি আনকো প্ৰতিশোধ নল’বলৈ উপদেশ দিয়া অষ্টভোজ গোসাঁইৰো সংযমৰ বান্ধ খোল খাবলৈ বাধ্য হ’ল কাৰণ ইতিমধ্যে ইয়াৰ মাজত তেওঁলোকক আৰু অনেক ধৰণে অপমান কৰা হৈছিল৷ লক্ষীসিংহ ৰাজপথত উঠোতে নিৰ্মালি দিবৰ সময়ত আন গোঁসাইসকলে মুৱামৰীয়া গোঁসাইক শাৰীত বহিবলৈ নিদিছিল৷ পূৰ্বতে বৰচ’ৰাত মোৱামৰীয়া যিটো শাৰী নিৰ্দিষ্ট আছিল সেয়া আঁতৰাই আগৰ সন্মানৰ পৰা খহায় পেলোৱা হ’ল৷

এনেতে আকৌ এটি ফিৰিঙতি ফুটিল যিয়ে খাণ্ডৱদাহৰ জুইকুৰা ;লাই দিলে৷ লক্ষীসিংহ স্বৰ্গদেউ নাৱেৰে যাওঁতে বাটতে মোৱামৰা মহন্তৰ লগত ঘাটতে সাক্ষাৎ হ’ল৷ গোসাঁইয়ে ৰজাক আশীৰ্বাদ কৰি যথানিয়মে ৰাজকীয় অভিবাদন জনালে৷ লগত বৰবৰুৱা, কীৰ্তিচন্দ্ৰও আছিল, তেওঁক সন্মান জনোৱা দূৰৰ কথা মুখলৈকো নেচালে৷ বৰবৰুৱাই ভীষণ অপমান অনুভৱ কৰি গোসাঁইক পাৰেমানে গালি পাৰিলে৷ গোসাঁইঘৰ আৰু কীৰ্তিচন্দ্ৰৰ মাজৰ ব্যক্তিগত কাজিয়া দিনক দিনে বিষম হ’বলৈ ধৰিলে৷ যদিও বা অষ্টভূজ গোসাঁইয়ে ৰজাঘৰলৈ ক্ৰোধ নাই বুলি কৈছে তথাপি ক্ৰোধ নাই বুলি ক’ব নোৱাৰি;  কাৰণ নিত্যানন্দ আৰু বৈকুণ্ঠনাথ গোসাঁইক ৰজাৰ আদেশত সংহাৰ কৰা হৈছিল আৰু ফুলেশ্বৰী কোঁৱৰীয়ে চতুৰ্ভুজ গোসাঁইক তিৰস্কাৰ কৰি প্ৰাণদণ্ডৰ আদেশ দিছিল৷

এনেদৰেই কেইবাজনো আহোম ৰজাৰ দিনত ধাৰাবাহিকভাৱে মোৱামৰীয়াসকলৰ ওপৰত অত্যাচাৰ কৰি দুৰ্গতি কৰিছিল৷  আনহাতে  মোৱামৰীয়াসকলৰ বিপুল ধন-ঐশ্বৰ্য আৰু বিপুল সংখ্যক শিষ্য আছিল৷ সেইবাবে ৰজাঘৰৰ তেওঁলোকৰ প্ৰতি সন্দেহ আছিল জানোচা কেতিয়াবা ৰজা হ’বলৈ মন মেলে৷

এনেধৰণে বহুকেইটা তিক্ত অভি:তা আৰু অত্যাচাৰৰ ফলশ্ৰুতিৰূপে মোৱামৰীয়াসকলে পণ বান্ধি বিদ্ৰোহৰ সূচনা কৰিলে৷ প্ৰথম অৱস্থাত ধৰ্মাধিকাৰ অষ্টভূজদেৱে তেওঁলোকক প্ৰতিশোধ লোৱাত হকাবাধা কৰিলেও  পিছলৈ আৰু বাধা নিদিলে৷ গোঁসাইয়ে সত্ৰ উপদেশ দিলে যে, তেওঁলোকৰ কোনেও যাতে সিংহাসনলৈ মন নেমেলে৷  টুংখুঙীয়া ফৈদৰ নীতিনিষ্ঠ ভাল কোনোবা এজনৰ বাবে কাম কৰিবলৈ উপদেশ  দিলে৷ কিন্তু তেওঁৰ উপদেশ উপেক্ষিত হ’ল আৰু ইয়াৰ পৰিণাম মোৱামৰীয়াসকলে ভুগিলে৷ এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ মোৱামৰীয়াসকলে বিদ্ৰোহ সূচনা কৰি আহোম ৰাজত্বৰ বান্ধটোক সোলোক- ঢোলোক কৰি পেলালে আৰু পিছলৈ এই দুৰ্বলতাৰ সুযোগতে মানৰ অসম আক্ৰমণ আৰু ব্ৰিটিছৰ হাতলৈ অসমৰ প্ৰশাসন হস্তান্তৰিত হ’ল ফলশ্ৰুতিত চিৰদিনৰ বাবে অসমৰ স্বাধীনতাৰ বেলিটো মাৰ গ’ল৷ 

গতিকে উপৰোক্ত আলোচনাৰ পৰা এইটো দেখা গ’ল যে, মোৱমৰীয়া বিদ্ৰোহ অসমৰ ঘৰুৱা কণ্ডল৷  নিজৰ ভাই বঙহৰ মাজতে হোৱা ৰক্তাত সংঘাত৷ এই কৰুণ বিষাক্ত বুৰ?ীৰ মূল হোতাকেইজন হ’ল বেজদলৈ ভান্দাৰী বৰুৱা, ৰাণী ফুলেশ্বৰী, কীৰ্তিচন্দ্ৰ বৰবৰুৱা আৰু বঙালী গোসাঁইকেইজন৷  এই বিশেষ চৰিত্ৰকেইটা নথকা হ’লে হয়তো আহোম ৰাজত্ব আৰু মহাপুৰুষীয়া মোৱামৰীয়া সম্প্ৰদায়টোৰ গৌৰৱত চাই নালাগিলহেঁতেন আৰু শক্তিও ম্লান নহ’লহেঁতেন৷ এই ইতিহাসে এটা কথাই শিকাই যে, ৰাজনীতি আৰু ধৰ্মৰ বিষয়ত বুজাবুজি,¸ সহনশীলতা, সম্প্ৰীতি আৰু সংহতি নহ’লে ৰাষ্ট্ৰ স্থিৰ হৈ থাকিব নোৱাৰে৷ 


ঠিকনা- নাৰেংগী, গুৱাহাটী

ফোন - ৮৭২১৯০৭০৪৬


সহায়ক গ্ৰন্থ - 

ৰ]  ড॰ লীলা গগৈ, বেলি মাৰ গ’ল

২] অসমীয়া গদ্য সাহিত্য [কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় স্নাতকোত্তৰ তৃতীয় ষান্মাসি¸ক পাঠ্যক্ৰম]

No comments:

Powered by Blogger.