বৰদৈচিলা বাউলী হ’ল
তুলিকা বড়া
সময়ৰ আঁচলত ধৰি খোজ দিবলৈ শিকা বৰদৈচিলা,
ফাগুনৰ বেলি ঘৰমুৱা নহওঁতেই গাভৰু হ’ল ৷
পছোৱাৰ ছলনাত সুখৰ ছন্দ হেৰুৱাই
ইফাল-সিফাল যেন এক চঞ্চলা পখিলা৷
কোনে কয় তাই উদাসিনী বুলি
বৰদৈচিলা গাভৰু হ’ল৷
পলাশৰ ৰঙেৰে আঁকে তাই
ছন্দোময় আকাশ,
কেঁকুৰিতে ভাঁজ লোৱা নৈয়ে দেখে বাৰিষাৰ সপোন৷
আজি মেঘাচ্ছন্ন আকাশ৷
সুখৰ দিগবলয় ভাঙি নামি আহে
বৰষাৰ জীয়া ঢল৷
ন-পানী বাঢ়ে
ঠেহ লগা কেতেকীৰ মাতত জিলিকি উঠে
কপৌফুলীয়া হাঁহি৷
কোনে কয় তাই উদাসিনী বুলি
বৰদৈচিলা বাউলী হ’ল৷
বুকুত হাহাকাৰ কৰা অস্পষ্ট বেদনাবোৰে
অস্থিৰ কৰে বৰদৈচিলাৰ উশাহ৷
ওৰে ৰাতি চ’তৰ কোলাত মূৰ থৈ উচুপে বৰদৈচিলা৷
কাক ক’ব নিশাহত এৰি দিয়া হুমুনিয়াহৰ উপাখ্যান?
ক’ত বিচাৰিব তাই সুখৰ ঠিকনা?
সংগীহীন বৰদৈচিলা বাউলী হ’ল
চঞ্চলা বৰদৈচিলা বাউলী হ’ল৷

No comments: