ড° নিৰ্মলপ্ৰভা বৰদলৈ কবিতা 'দ্ৰৌপদী'ত নাৰীৰ মনস্তাত্বিক বিচাৰ
ব্ৰজেন দাস
লোক-সংস্কৃতিৰ গৱেষক, প্ৰাচ্য-প্ৰাচাত্যৰ তত্ত্ববিদ, বিশিষ্ট কবি- সাহিত্যিক ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাই অসমীয়া কাব্য জগতখনক এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। প্ৰাকৃতিক সৌন্দৰ্য্য, সূক্ষ্ম মননশীলতা আৰু ৰোমাণ্টিক চেতনাই তেখেতৰ কবিতাত প্ৰধান স্থান দখল কৰি আহিছে। ডঃ সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে- কাব্যিক -অনুভূতিক অতি সংক্ষেপে অথচ সংবেদনশীলভাৱে মঞ্জুল ভাষা আৰু চিত্ৰধৰ্মী বৰ্ণনাত প্ৰকাশ কৰিব পৰা প্ৰতিভা বৰদলৈৰ সত্তৰ দশকৰ কবিতাত পৰিস্ফূট হৈছে। "
বিশিষ্ট কবিগৰাকীৰ এটি বিখ্যাত কবিতা 'দ্ৰৌপদী'। এইখিনিতে এষাৰ সংস্কৃত বাক্য উল্লেখ কৰিব খুজিছোঁ, য’ত আমি ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা 'দ্ৰৌপদী'ৰ চৰিত্ৰৰ লগত মিল দেখা পাওঁ।
'দেবা ন জানন্তি' এই আপ্ত সংস্কৃত কথাষাৰ সাধাৰণতে নাৰীৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰা দেখা যায়। পুৰুষৰ ক্ষেত্ৰত এনে বাক্য আছে নে নাই নাজানো। চানক্যৰ মতে, নাৰীৰ মহিমা দেৱতাই নাজানিলে আমি সাধাৰণ মানুহ হৈ কেনেকৈ জানিম। বিশিষ্ট কবি ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ বিখ্যাত কবিতা 'দ্ৰৌপদী'ৰ যোগেদি এই কথাষাৰৰ যুক্তিযুক্ততা বিচাৰ কৰি চাব পাৰি। 'দ্ৰৌপদী' কবিতাটোত মহাভাৰতৰ এটি নাৰী চৰিত্ৰ দ্ৰৌপদীৰ ৰূপ-গুণ আদি বখানিবলৈ গৈ দ্ৰৌপদীৰ মুখেৰে নাৰীৰ মনস্তাত্বিক চৰিত্ৰ কবিগৰাকীয়ে প্ৰকাশ কৰিব খুজিছে। চিৰন্তন সত্য যে, মানুহে ভদ্ৰতাৰ মুখা পিন্ধি পোছাকৰ আঁৰত থাকিব খোজে আৰু কাহানিও বশ্যতা স্বীকাৰ কৰিব নোখোজে। কিন্তু 'দ্ৰৌপদী ' কবিতাটোত ডঃ নিৰ্মলপ্ৰভা বৰদলৈয়ে নিজে নাৰী হৈও দ্ৰৌপদীৰ মুখে নাৰীমনৰ সুপ্ত বাসনাক প্ৰকাশ কৰিব খুজিছে। কবিতাটোত কবিগৰাকীয়ে দ্ৰৌপদীৰ মুখেৰে পোনপটীয়াকৈ বক্তব্য দাঙি ধৰিছে এনেদৰে - "পাঁচখনি উজ্জ্বল আলেখ্য থাকোঁতেও মনৰ পটত/ আৰু এক ছবি আহি দোলে কিয় মনে মনে/ কোনোটি ক্ষণত বিচাৰোঁ কৰ্ণক কিয়?/কিয় এই তৃষ্ণা জাগে আকণ্ঠ ভৰি থাকোঁতে অমৃত?"---'।
অপ্ৰিয় হ'লেও সত্য যে, নাৰীৰ মনস্তত্ব যিদৰে অতিক্ষয় জটিল সেইদৰে নাৰীৰ চৰিত্ৰও তাতোকৈ জটিল। ভাল আৰু বেয়া, সৃষ্টি আৰু ধ্বংস সকলোতেই নাৰীৰ প্ৰাধান্য বেছি। হিন্দু ধৰ্মশাস্ত্ৰত এনে বহুত কাহিনী আছে, যি কাৰণে পণ্ডিত সকলে ক'বলৈ কুণ্ঠাবোধ নকৰে যে- দেবা ন জানন্তি।
নাৰী ছলনাময়ী বুলি বিজ্ঞজনে বিভিন্ন শাস্ত্ৰ-ভাগৱতৰ লগতে বিভিন্ন গ্ৰন্থত উল্লেখ কৰি গৈছে। ইয়াৰ উপৰি "পথে নাৰী বিবৰ্জিতা" বুলিও পণ্ডিতসকলে কৈ আহিছে। অৰ্থাৎ অচিনাকি নাৰীক বাটে-পথে পালে দূৰৈত থকাটোৱে ভাল বুলি বিজ্ঞলোকে ক'ব খোজে। তেনে পথৰ নাৰীক সহায় কৰাতো উচিত নহয়, বিপদত পৰাৰ সম্ভাৱনাহে বেছি থাকে। এনে ছলনাময়ী নাৰীক দেৱতাও বুজি পাব নোৱাৰে। শ্ৰীকৃষ্ণই মোহিনী ৰূপ লৈ দেৱতাসকলৰ কি গতি কৰিছিল সেয়া নক’লেও অনুমেয়। মোৰ অনুভৱ, বিজ্ঞজনে আচলতে নাৰীৰ কেৱল বেয়া দিশবোৰ বিশ্লেষণ কৰিবলৈ গৈ নাৰীক দেৱতায়ো বুজি নাপায় বুলি কোৱা নাই । নাৰীৰ অসীম শক্তিক স্বীকাৰ কৰি হয়তো তেনেকৈ ক'ব পাৰে। নাৰী অনন্যা । নাৰী যুগদ্ৰষ্টা। দেৱী দুৰ্গাও নাৰীৰ অন্যৰূপ । দুৰ্গাক পূজা কৰা হয় দূৰ্গতি নাশিনীৰূপে।সেইদৰে নাৰী হিচাপে লক্ষ্মী আৰু সৰস্বতীকো পূজা কৰা হয় ধন আৰু বিদ্যাৰ গৰাকী হিচাপে। নাৰী মহিমাময়ী, নাৰীৰ ৰূপো অন্যান্য। নাৰীৰ এই মহিমাময়ীৰ ৰূপ দেৱতাই বুজিব নোৱাৰিলে মানুহে কেনেকৈ বুজিব। এই নাৰী নহ’লে বিশ্ব অসাৰ। নাৰীৰ ৰূপো বিচিত্ৰ। তেনেস্থলত কিয় কোৱা হয় - দেবা ন জানন্তি!!
ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা 'দ্ৰৌপদী ' এটা মননশীল কবিতা। এই কবিতাটো পঢ়িলে নাৰীৰ মনস্তত্বৰ এটা সুন্দৰ আভাস পোৱা যায়। মহাকাব্য মহাভাৰতৰ এটি সু-পৰিচিত নাৰী চৰিত্ৰ 'দ্ৰৌপদী'ৰূপে গুণে অতুলনীয় বুলি কবিতাটোত কোৱা হৈছে যদিও পঞ্চ গতিৰে সমুজ্জ্বল, শৌৰ্য- বীৰ্য- সৌন্দৰ্য্যৰ প্ৰতীক। পাঁচোজনকৈ পতি থাকোঁতেও দ্ৰৌপদীৰ মনৰ গভীৰ কোণত আন এজনৰ ছবিয়ে অনুৰণন তোলা এখন প্ৰতিচ্ছবি কবিয়ে দাঙি ধৰিছে আৰু এই অনুভূতি কবিয়ে এক বিশেষ উপলব্ধি বুলি অভিহিত কৰিছে। কবিতাটোৰ কিয়দংশ তুলি ধৰিব খুজিছো-
"এয়া এক অনুভৱ বিশেষ স্তৰৰ
এয়া এক মানসিক উপলব্ধি গভীৰ মনৰ
সৌন্দৰ্য নহয় মাথোঁ অপৰূপ অবয়ব
ভংগী আৰু সুললিত স্বৰ
সৌন্দৰ্য লুকাই থাকে বোধ, মেধা,বীৰত্ব, পাণ্ডিত্য,ব্যক্তিত্ব
আৰু সুঠাম মনৰ কত প্ৰকাশত,
নাৰী মই সেই সৌন্দৰ্য্যৰে
অক্লান্ত পিয়াসী।"
কবিগৰাকীৰ মতে, দ্ৰৌপদীয়ে মনৰ বাসনাত অকুণ্ঠচিত্তে স্বীকাৰ কৰিছে যে মানুহে দেহ ধাৰণ কৰি, দেহী হৈ, মানুহ হৈ দেহ আৰু মনক অস্বীকাৰ কৰে। কিন্তু কবিগৰাকীয়ে কবিতাটোৰ আৰম্ভণিতেই দ্ৰৌপদীৰ মুখেৰে কোৱাইছে --
" মই ব্যতিক্ৰম?
নহয়, নহয়!
মই, মই যে মাথোঁ চিৰন্তন নাৰী,
যুগমীয়া ৰহস্যৰে ভৰা বিচিত্ৰ বৰ্ণালীৰ এক সহজ প্ৰকাশ। "
আধুনিক কবিতাৰ এক বিশেষ লক্ষণ মনস্তাত্বিক ভাবনাৰ এক প্ৰতিচ্ছবি, চিত্ৰকল্প আৰু ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ অনুভূতি "দ্ৰৌপদী' কবিতাটোত বিদ্যমান। আধুনিক কাব্য চৰ্চাৰ পৰিচায়কৰূপে এই কবিতাটোত পৌৰাণিক এক বিশেষ নাৰী চৰিত্ৰ উপস্থাপন কৰা পৰিলক্ষিত হৈছে। দ্ৰৌপদী এটি বিশেষ চৰিত্ৰ হ'লেও নাৰী হিচাপে নাৰীৰ সহজাত প্ৰবৃত্তি কি হ'ব পাৰে তাৰ অভিব্যক্তি প্ৰকাশ কৰাত কবিয়ে অকণমানো কৃপণালি নকৰাকৈ কবিতাটোত প্ৰকাশ কৰিব খুজিছে। সঁচাকৈয়ে বিশিষ্ট কবি- সাহিত্যিক মণিমায়া বৰদলৈৰ ভাষাৰে ক'ব খোজো যে ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা 'দ্ৰৌপদী 'অসমীয়া কাব্য কাননৰ এপাহি আটকধুনীয়া ফুল। অসমীয়া কাব্য কানন যিমান দিনলৈকে সজীৱ হৈ থাকিব সিমান দিনলৈকে 'দ্ৰৌপদী’ কবিতাটোয়ে আপোন সুবাসেৰে আধুনিক অসমীয়া কাব্য জগত সুৰভিত কৰি ৰাখিব।
ঠিকনাঃ ৰুদ্ৰসাগৰ, শিৱসাগৰ
ফোন - ৮৬৩৮৭৫৯৬৭৯
Reviewed by Admin
on
April 08, 2026
Rating: 5

No comments: