উজনিৰ প্ৰলয়ংকাৰী বানঃ সাহায্য, প্ৰতিবাদ আৰু কৃষকৰ বিননি- এক নিৰ্মোহ বিশ্লেষণ
ব্ৰজেন দাস
অসমত গ্ৰীষ্ম ঋতুৰ পিচত বৰ্ষা আহে। বৰ্ষা ঋতুৱে অসহ্য গৰমত চটফটাই থকা জনজীৱনক কিছু শান্ত কৰি তোলে৷ বৰ্ষা ঋতু নমাৰ লগে-লগে গাজনি- ঢেৰেকনিৰে সৈতে অহা প্ৰবল বৰষুণজাকে প্ৰকৃতিৰ উতলা বুকু শীতল কৰে৷ এই ঋতুতেই প্ৰকৃতিয়ে অসমৰ বুকুত ভূঁই ৰুই সোণগুটি গজায় আৰু সোণ ফুলায়৷ গাঁৱৰ পথাৰবোৰ যৌৱনমতী হয়৷ নাঙল আৰু ধৰিত্ৰীৰ কর্ষণ আৰু শ্ৰমজীৱী মানুহৰ কপালৰ ঘামেৰে গাঁৱৰ পথাৰত সৃষ্টি হয় আশাৰে দোঁ-খোৱা শইচ। শাওনৰ বোকা মাটিত বৰষুণজাকে সোণগুটি আগমনৰ সপোন ৰচি একোখনি দলিচা পাৰি দিয়ে৷ কৃষকৰ মনত আনন্দৰ জোঁৱাৰ উঠে৷ নদ-নদী, জান-জুৰি, খাল-বিল বৰষুণত উফন্দি উঠে৷ কিনকিনীয়া বৰষুণত কণীলগা মাছৰ উজানত নৈ-বিলে প্ৰাণ পায় ৷ পথাৰৰ খাল-ডোঙৰ পৰা জাক পাতি উজাই অহা পুঠি-খলিহনা, কাৱৈ-মাগুৰৰ জাকটো দেখি আত্মহাৰা হয় মাছমৰীয়াসকল৷ বৰশী-জালেৰে মাছ ধৰা আনন্দই সুকীয়া৷ কিন্তু এইবাৰ শেনৰ এজাত। জলসিঞ্চনৰ পয়ালগা অৱস্থাৰ কথা নকলোৱেইবা। অতিপাত বৰষুণৰ বাবে যোৱা ১৯ জুলাইত হোৱা দিখৌ নদীৰ প্ৰলয়ংকাৰী বানপানীয়ে উজনিৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বহু অঞ্চল ডুবাই পেলায়। এই বানে বহু বাসগৃহ উটুৱাই নিলে, শতাধিক মানুহৰ মৃত্যু হ'ল। কেইবাহাজাৰো জীৱকুলৰ জীৱন ধ্বংস হ'ল। প্ৰায় দুমাহ ধৰি বানপানীৰ কবলত পৰাৰ বাবে শাওনীয়া খেতিৰ অৱস্থাও তথৈবচ হৈ পৰিল। ভদীয়া বানৰ সমস্যা আগৰ দৰে পৰিব নেকি তাকলৈও আহি পৰিল কৃষকৰ চিন্তা। মুঠৰ ওপৰত কৃষিজীৱী মানুহৰ এইবাৰ বিলৈ কোলাই পাচিয়ে নধৰা অৱস্থা।
প্ৰণিধানযোগ্য যে উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ ভয়াবহ বান-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰীভাবে ইতিমধ্যে যথেষ্ট খাদ্য-সামগ্ৰী যোগান ধৰিছে। প্ৰতিটো বানাক্ৰান্ত পৰিয়ালক ১৫,০০০(পোন্ধৰ হাজাৰ ) টকাৰ এককালীন আৰ্থিক অনুদান আৰু সাহায্য সামগ্ৰীও ইতিমধ্যে চৰকাৰে যোগান ধৰিছে। অৱশ্যে বহু পৰিয়ালে এই লেখা লিখা পৰ্যন্ত এককালীন চৰকাৰী আৰ্থিক সাহায্যও নোপোৱা বুলি শুনিবলৈ পাইছোঁ। বিসংগতি কিহৰ বাবে নাজানো। কিন্তু এই সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত গাফিলতি কৰাৰ বাবে শিৱসাগৰত এজন গাঁওবুঢ়াক বৰ্খাস্ত কৰা আৰু দুই চাৰিজন ৱাৰ্ড সদস্যক চৰকাৰীভাৱে শাস্তি দিয়া খবৰো আমি শুনিবলৈ পালোঁ। বান সাহায্য আৰু সামগ্ৰী নেপাই বানাক্ৰান্তসকলে ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰাৰ দৃশ্যও শিৱসাগৰত দেখিবলৈ পোৱা গৈছে। শিৱসাগৰ জিলাৰ বিধায়কেও বানাক্ৰান্তসকলৰ প্ৰাপ্যৰ দাবীত প্ৰতিবাদ কৰা দেখিলো। বানপানীৰ খবলত পৰি থকা সময়ত তিনিওখন জিলাৰ বানাক্ৰান্তলৈ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহায়ৰ হাত উজান দিয়া দেখি বৌদ্ধিকমহলে শলাগ লোৱাও পৰিলক্ষিত হ'ল। চৰাইদেউ আৰু যোৰহাট জিলাতকৈ শিৱসাগৰৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলত বিভিন্ন জিলাৰ পৰা অহা ব্যক্তি বিশেষ, ভিন্ন সংস্থা, শিল্পী-সাহিত্যিক, কনটেণ্ট ক্ৰিয়েটৰসকলৰ আগমনে শিৱসাগৰ বানাক্ৰান্তসকলক যথেষ্ট সকাহ দিয়া পৰিলক্ষিত হ'ল। আনহাতে এইটোও সত্য যে বানাক্ৰান্তসকলক নিত্য-ব্যৱহাৰ্য সামগ্ৰী বিতৰণ কৰিবলৈ অহা কেইবাগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰে বানাক্ৰান্তৰ পৰা কটু কথা শুনিবলৈ পাইছে বুলি ছছিয়েল মেডিয়াত দেখিবলৈ পাইছিলোঁ। কোনো কোনো অঞ্চলত পথৰ কাষত বাহৰ পাতি থকা বানাক্ৰান্তই খাদ্য সামগ্ৰী কঢ়িওৱা বাহন আগচি ধৰি খাদ্য সামগ্ৰী কাঢ়ি ল'লে বুলিও অভিযোগ উঠিছিল। খাদ্য সামগ্ৰী বিতৰণক লৈ শিবিৰত বানাক্ৰান্তৰ মাজত ঘটা তয়াময়া ৰণৰ দৃশ্যও আছিল বিৰল। এতিয়া পানী শুকাল, শিবিৰৰ মানুহবোৰ ঘৰাঘৰি গ'ল। তথাপি এতিয়াও বান সাহায্য শিৱসাগৰলৈ আহিয়ে আছে।
প্ৰত্যক্ষদৰ্শীৰ মতে ৰাস্তাৰ কাষত থকা বানাক্ৰান্তসকলে লেপ, তুলি, বিচনা, আলমিৰা, ফ্ৰিজ পৰ্যন্ত যথেষ্ট সাহায্য পাবলৈ সক্ষম হৈছে। চাউল, দাইল, বিস্কুট আদি ছমাহ-বছৰেকলৈ বানাক্ৰান্তৰ বাবে উভৈনদী হৈ পৰিছে। আমি বান সাহায্য প্ৰদান কৰিবলৈ শিৱসাগৰ জিলাৰ ভিন্ন ঠাইত যাওঁতে বানাক্ৰান্তৰ বিননি শুনিছিলোঁ। দুখ লাগে এটা কথাতহে, সেইসময়ত পানীৰ মাজত আবদ্ধ হৈ থকা বানাক্ৰান্তসকলে যেতিয়া কৈছিল যে তেওঁলোকে চাৰিদিন ধৰি পানী এটুপিও মুখত দিব পৰা নাছিল। কাৰণ, কোনোদিন বানপানী নেদেখা গাঁওবিলাকত পানী উঠাৰ লগে লগে গাঁওবোৰৰ মাজত থকা দুই-চাৰিটা দুমলীয়া বিল্ডিঙত আশ্ৰয়লোৱাসকলে জীৱনটোহে জীয়াব বিচাৰিছিল। তেওঁলোকে বানসাহায্যৰ কথা পাহৰি পেলাইছিল। সিফালে গাঁওবোৰলৈ যাবলৈ পৰ্যাপ্ত পৰিমাণৰ নাৱৰ ব্যৱস্থা নাছিল। তিনি চাৰিদিনৰ পিছত যেতিয়া SDRF, NDRF বাহিনীয়ে উদ্ধাৰ কাৰ্যত নামিছিল তেতিয়াহে সেইসকল বানাক্ৰান্তৰ মুখলৈ পানী আহিছিল। তেতিয়াও বহু গাঁও পানীৰ তলতেই আছিল। খাদ্য সামগ্ৰী পাইছিল যদিও পৰ্যাপ্ত নাছিল। যিহেতু SDRF বাহিনীৰ নাওবোৰত খাদ্য সামগ্ৰী বিশেষভাবে কঢ়িয়াই নিব পৰা নাছিল। বহিঃ জিলাৰ পৰা নিত্য ব্যৱহাৰ্য সামগ্ৰী লৈ শিৱসাগৰলৈ অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষ যেতিয়া আহিছিল সেই সময়ত পৰ্যাপ্ত পৰিমাণৰ প্ৰশাসনৰ ওচৰত নাৱৰ ব্যৱস্থা নাছিল। তাৰোপৰি সাহায্য প্ৰদান কৰোতা আৰু জিলা প্ৰশাসনৰো নিজাববীয়াকৈ কোনো পৰিকল্পনা নাছিল যেন অনুমান হ'ল। যাৰবাবে সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত আসোঁৱাহ দেখা গৈছিল। ৰাইজে বিচৰা কেইটিমান পৰামৰ্শ আছিল এনেধৰণৰ- অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিৱসাগৰলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা ধাৰাবাহিকভাৱে সাহায্য সামগ্ৰী যেতিয়া আহি আছিল সেই লোকসকলে আমাৰ একেবাৰে ভিতৰুৱা অঞ্চলসমূহ চিনি পোৱা নাছিল। ইয়াৰ উপৰি দুৰ্গম বা পানীৰে উপচি থকা ঠাইবোৰলৈ তেওঁলোকৰ বাহনসমূহ প্ৰৱেশ কৰাও সম্ভৱ হোৱা নাছিল। এনে অৱস্থাত প্ৰকৃত আৰ্তজনৰ ওচৰলৈ সমভাৱে সাহায্য প্ৰেৰণ কৰিবলৈ বহুতে সুবিধা নেপালে। যান-জঁটৰ সৃষ্টিয়ে বহুতো অতিথিক অতীষ্ঠ কৰিলে। এইক্ষেত্ৰত এটা সুন্দৰ পৰিকল্পনাৰে সাহায্য প্ৰদানৰ কামসমূহ প্ৰশাসনে কৰিব পাৰিলেহেঁতেন । শিৱসাগৰ চহৰৰ মূল প্ৰৱেশ পথৰ সূচল কোনো দুটা স্থানত সংগ্ৰহ কেন্দ্ৰ (Relief Hub) যদি প্ৰশাসনে ৰাখিলেহেঁতেন বা এঠাইত শুকান খোৱা সামগ্ৰী,ঔষধ আৰু আন এঠাইত কাপোৰ-কানি বা অন্যান্য নিত্য-ব্যৱহাৰ্য সামগ্ৰী গোটোৱাৰ ব্যৱস্থা কৰি বাহিৰৰ পৰা অহা সাহায্যসমূহ তাত একেলগে জমা কৰি, আমাৰ স্থানীয় ঠাইসমূহ চিনি পোৱা স্বেচ্ছাসেৱক আৰু প্ৰশাসনৰ জৰিয়তে নাও বা সৰু বাহনেৰে সমপৰিমাণে ভিতৰুৱা অঞ্চলবোৰত ভগাই দিয়াৰ ব্যৱস্থা কৰাহেঁতেন সকলো বানাক্ৰান্তই সমভাৱে সাহাৰ্য লাভ কৰিলেহেঁতেন। প্ৰত্যক্ষদৰ্শীৰ মতে বানাক্ৰান্তসকলৰ মাজৰ কিছুমান পৰিয়ালৰ পোৱাই অজস্ৰ বস্তু পালে, নোপোৱাসকলে একেবাৰেই নেপালে। কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ বহুতে বানাক্ৰান্তৰ বহু ঘৰ-দুৱাৰ সাঁজি দিলে। সেইবাবে তেওঁলোক সাধুবাদৰ পাত্ৰ। কিন্তু তেওঁলোকে দিখৌ নদীৰ এই প্ৰলয়ংকাৰী বানৰ বৰ্তমান আৰু ভৱিষ্যতে হ'ব পৰা ভয়াবহ ছবিখনৰ কথা নেভাবিলে তাকলৈহে সচেতন মহলত আলোচনা হৈছে। কাৰণ, ভৌগোলিক বাস্তৱতা আৰু ভূ-তাত্ত্বিক বিশ্লেষণ কৰিলে দেখা যায় এই দিখৌ নদীৰ বান পিছৰ বছৰত আকৌ যে নহ'ব তাক কোনোৱে নুই কৰিব নোৱাৰে। কাৰণ, দিখৌ নদীৰ আকস্মিক বানৰ ক্ষেত্ৰত ভূমিস্খলনৰ এটা উল্লেখযোগ্য ভূ-আকৃতিক প্ৰভাৱ সদায় থাকিব। এইটো ঠিক যে পাহাৰত বাৰিষা অতিপাত বৰষুণ হ'লে ভূমিস্খলনে নদীৰ মূল প্ৰবাহ সাময়িকভাবে অবৰোধ কৰি এক প্ৰাকৃতিক বান্ধৰ সৃষ্টি কৰিব পাৰে। এই বান্ধৰ পিছফালে পানী জমা হৈ হৈ ক্ষণিকৰ বাবে হ'লেও একোটা অস্থায়ী হ্ৰদৰ সৃষ্টি কৰিব পৰা সম্ভাৱনা থাকে । অতিপাত বৃষ্টিৰ ফলত এটা সময়ত সেই বান্ধটোৱে পানীৰ চাপ সহ্য নোৱাৰাত হঠাতে ভাঙি পৰিব পাৰে আৰু বিপুল পৰিমাণৰ পানী, বোকা , শিল আৰু গছ-গছনি একেলগে মহতিয়াই প্ৰচণ্ড গতিৰে নামনিলৈ বৈ আহি প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰিব পাৰে। এই ঘটনাক ভূ-তত্বভাষাত "লেণ্ড শ্লাইড ডেম আউটবাষ্ট ফ্লাড" বুলি কোৱা হয়। এনে বান সাধাৰণ নদী বানতকৈ অধিক ভয়াবহ। আমি জানো যে তিৰু পাহাৰ অঞ্চলটো ভূতাত্বিকভাবে অতি স্পৰ্শকাতৰ। এই অঞ্চলটো হিমালয় আৰাকান টেক্টনিক বলয়ৰ অংশ , য'ত ভাৰতীয় প্লেট আৰু বাৰ্মা মাইক্ৰপ্লেটৰ মাজত অব্যাহত টেক্টনিক চাপ কাৰ্যকৰী হৈ আছে। ইয়াৰ ফলত পাহাৰবোৰত অসংখ্য ভাৰী, ভাঙোনমূখী, আৰু দূৰ্বল শিলাস্তৰ গঢ়লৈ উঠিছে। এনে শিলাস্তৰ অতিপাত বৃষ্টিপাতৰ ফলত অস্থিৰ হৈ বৃহৎ পৰিমাণৰ ভূমিস্খলনৰ সৃষ্টি কৰিব পাৰে। শিৱসাগৰত হোৱা ১৯ জুলাইৰ প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ এই ভৌগোলিক বাস্তৱতাৰ বাবেই বুলি ভূতত্ববিদসকলে ক'ব খোজে। সেয়ে মোৰ ব্যক্তিগত পৰামৰ্শ এইযে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ প্ৰশাসনেই হওক বা বানে ধোৱা অঞ্চলত ব্যক্ত বিশেষক ঘৰ সাজি দিয়া কনটেণ্ট ক্ৰিয়েটৰ সকলেই হওক, তেওঁলোকে ভৱিষ্যতে হঠাতে হোৱা বানপানীৰ পৰা জীৱকুল ৰক্ষা পৰিব পৰাকৈ কংক্ৰীটৰ ওখ কেইটামান মুকলি মহল স্পৰ্শকাতৰ অঞ্চলবোৰত নিৰ্মাণ কৰি দিলে ভাল আছিল। অৱশ্যে এইটো ঠিক যে শক্তি চাইহে ভক্তি। আমি আশাবাদী এনেধৰণৰ প্ৰলয়ংকাৰী বান শিৱসাগৰ , চৰাইদেউ আৰু যোৰহাট জিলাতে নেলাগে অসমৰ ক'তো কাহানিও যাতে নহয় তাৰবাবে অসম চৰকাৰে ভূতত্ববিদ আৰু বিজ্ঞানীসকলৰ লগত পৰামৰ্শ কৰি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু লগতে ভাৰত চৰকাৰৰ দূৰ্যোগ প্ৰশমন বিভাগ আৰু কৃষি আৰু জলসিঞ্চন বিভাগে সুন্দৰ পৰিকল্পনাৰে জীৱকুল আৰু কৃষকক সুৰক্ষা দিয়াৰ বাবে উপযুক্ত পৰিকল্পনা কৰিব।

সুন্দৰ
ReplyDelete