নিমিলা অংক
চামচুল বাৰিক
(এক)
প্ৰথম দিনা জ্যোতিষীজনে গ্ৰাহকজনক উপায় দিলে এইদৰেঃ'আপোনাৰ শনি দশা চলি আছে,আঙুঠি লবই লাগিব।আনদিনা জ্যোতিষীজনে নিজৰ উপায় বিচাৰি ডাক্তৰৰ চেম্বাৰ পালেগৈ।ডাক্তৰঃ'আপোনাৰ হাৰ্টৰ এক্সৰে এখন কৰি আনক।তেতিয়াহে আচল ঔষধ দিব পাৰিম'।
(দুই)
মৌলৱীজনে চৰিফ ঈছলামক নিশ্চয়তা দিলে এইদৰেঃআপুনি বেহেস্তত(স্বৰ্গত)হেজাৰ-বিজাৰ মনোলোভা পৰী (অপেস্বৰী) পাব।কাষতে ৰৈ থকা পৰিবাৰে টপৰাই মাত লগালে,বেহেস্তত যোৱাৰ চান্স পাওঁ যদি, মই হেজাৰ-বিজাৰ সুদৰ্শন পুৰুষ পাম নে?
(তিনি)
প্ৰথম দিনা পৰীক্ষাহলৰ ভিতৰত ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন কাকতখনত 'বায়ু' পাঠটিৰ পৰা অহা এটা প্ৰশ্ন আহিছিল।প্ৰশ্নটো আছিলঃ'অক্সিজেনৰ দুটা ধৰ্ম কি কি আছিল?উত্তৰবহী পৰীক্ষা কৰাৰ দিনা পৰীক্ষকৰ চকু কপালত উঠিল।ছাত্ৰ এজনে উত্তৰটো দিছিল এইদৰে:অক্সিজেনৰ দুটা ধৰ্ম হ'ল হিন্দু আৰু মুছলমান।
ফোনঃ ৯১০১২৩৯৬৩০

No comments: