সূচীপত্ৰ - অক্টোবৰ ২০২৬

✍️ প্ৰবন্ধ
🍂 শৰৎ-বিশেষ
📑 কবিতা
💭 অনুভৱ
📜 গল্প
📖 অণুগল্প
✨ ইতিবাচক

নীৰৱতাৰ সিপাৰে...

October 09, 2026


নাচিমা য়াচমিন


এই পৃথিৱীখনো কিমান যে ৰহস্যময়,
তাতকৈও বেছি ৰহস্যৰে ভৰা মানুহৰ মন ;
কিছু স্বাৰ্থপৰতাৰ বলি, কিছু অহংকাৰী
কিছু অনুভৱহীন, শিলৰ দৰে কঠিন।

'ভালপোৱা'— শব্দটি গধুৰ, কেতিয়াবা
ওঁঠত আহি থমকি ৰয়,
ক’ব খোজা কথাবোৰ
নীৰৱতাৰ আঁৰত হেৰাই যায়।
তথাপি কোনোবাই ভালপায়—
নীৰৱে, অগোচৰে,
নিজৰ অনুভূতিক গভীৰতাত লুকুৱায়।
সেই ভালপোৱাই কেতিয়াবা
শব্দৰ সীমা অতিক্ৰম কৰি
মাথোঁ অনুভৱ হৈ ৰয়।

কোনোবাই বুজি নাপায়,
কোনোবাই জানিও নজনাৰ ভাও ধৰে
তেনেকৈয়ে দুটি হৃদয়ৰ মাজত
এক অদৃশ্য দূৰত্ব গঢ় লৈ উঠে
আৰু জীৱনটোক অধিক
ৰহস্যময় কৰি তোলে।

ঠিকনাঃ বিশ্বনাথ চাৰিআলি।
ফোন- ৭০৯৯৩৮৯৭৫৫

No comments:

Powered by Blogger.