মহানগৰীৰ এপার্টমেন্টত নিজা সময়
ৰুণুপমা সন্দিকৈ গগৈ
অৱসৰৰ পাছৰে পৰা বছৰটোৰ কেইটামান মাহ ছোৱালীহঁতৰ হস্কিল-মস্কিলৰ জোৰা মাৰিবলৈকে আমি হালেই মহানগৰীৰ বাসিন্দা হ'বলগীয়া হয়। উজনিৰ চাবেক ঘৰখন এৰি মহানগৰীৰ দৈত্যকায় এপার্টমেন্টটোত সোমাই দিয়াৰ মাত্রকে আচহুৱা আচহুৱা লাগে। ক'ত সেই চাবেক ঘৰৰ চাৰিওফালৰ গছ-গছনিৰে ভৰপুৰ, আশ্ৰমহেন ঠাই! পুৱা-গধূলি চৰাইৰ কাকলি! ৰিংটো মাৰিলেই সঁহাৰি! বাইদেউ, খুৰী, মাহী, পেহী, বৰমা... কতনো সম্বোধন! মন জুৰ পৰি যায়! বেলি লহিওৱাৰ সময়ত দুয়ো আগফালৰ বাৰান্দাখনৰ চকী দুখনত বহি আলিৰ সিপাৰৰ বাঁহনিডৰাৰ বতাহত দীঘল লেকেচিৰ নাচোন চাই, ঘৰমুৱা ক’লীয়া কাউৰীজনীৰ ৰুটিনমাফিক অহা-যোৱা চাই, শালিকা-শালিকীৰ কিচিৰ-মিচিৰ কলৰৱ শুনি কিবা এটা ভাল লগাৰে ভৰি পৰা দুটা মন!...
মহানগৰীৰ এপার্টমেণ্টটোত (আমি থকা) এখন সৰু-সুৰা গাঁৱৰ সমানেই পৰিয়াল। পিচে, বন্ধ দুৱাৰ, ভিন্নজনৰ ভিন্ন ভাষা। অৱশ্যেই তাৰ মাজতো মনে মিলা দুই-এক পৰিয়াল নাই বুলিলে দোষে চুব। লিফটেৰে নামি উশাহ যেন বন্ধ হ'ব...।
জী-জোঁৱাই, নাতিৰ বাবে থকা হেঁপাহ, মৰমে অলপ হ’লেও সহ্য কৰিব পৰা কৰিছেগৈ মহানগৰীয়া জীৱন।
বোলে "খাব জানিলে চাউলেই চিৰা, বহিব জানিলে মাটিয়েই পীৰা" বোলা কথাষাৰৰ সন্মান ৰাখিছো। অৱশ্যে দীর্ঘদিন থাকি ইয়াত পোৱা নগৰীয়া আনন্দকণৰ অনুভৱ আপোনালোককো জনাবলৈ বিচাৰিছো। শুনকচোন-
উৎকট গৰম স্বত্বেও বেলকনিয়েদি দেখি থকা নাতিদূৰৈৰ নৰকাসুৰ পাহাৰৰ গা বগাই থকা ৰঙা কৃষ্ণচূড়া, হালধীয়া সোণাৰু আৰু ধপলাপতীয়া চেগুনৰ আকাশ ধিয়াই থকা ধোঁৱাবৰণীয়া খিচখিচিয়া ফুলবোৰে নয়ন তৃপ্ত কৰে। ঘৰত এপ্রিল-মে’ মাহত শুনা কুলিৰ পঞ্চম সুৰ জানুৱাৰী-ফেব্ৰুৱাৰীতে পাহাৰীয়া অৰণ্যৰ পৰা ভাহি আহে। কঁপাহযেন ডাৱৰবোৰে পাহাৰত খুন্দা মাৰি নিমিষতে বৰষুণ হৈ তললৈ সৰি পৰে। শেন দুজনীমানে ডেউকা কোবাই বৃত্তাকাৰে উৰি উৰি বহুত ওপৰৰ পৰা খাদ্যৰ সন্ধান কৰে। এপার্টমেণ্টৰ ছাদত থকা, খিৰিকীৰ চাজাত আশ্রয় লোৱা পাৰকেইজনী সাৱধানী হৈ পৰে। কোনো কোনোৱে দি থৈ যোৱা ৰুটি, মুড়ীবোৰ পাৰ, কপৌ আৰু ঘৰচিৰিকাবোৰে মূৰটোহঁত জোঁকাৰি খুটিয়াই খুটিয়াই খায়। মাজতে হুৰাই দিয়েহি কর্কশ মাতেৰে কাউৰীটোৱে।
পিচে এদিন সাজ লাগি ভগাৰ সময়ত তাহাঁতৰ পাছফালৰ বেলকনিত দেখিলো নহয় এটা জন্তু! দীঘল দেহা, মুখখন জোঙা, গাত ক'লা আৰু ধোঁৱাবৰণীয়া ৰেখাৰে দীঘলনেজীয়া জহামাল এটা। বেলকনিত থোৱা ডাষ্টবিনৰ বস্তু খুচৰেহি। আমাৰফালে আগতে জহামাল, হেপা, শিয়াল, মেচেকা আদি জন্তুবোৰক কেতিয়াবা কেতিয়াবা দেখিছিলো। আজিকালি নেদেখাই হ'লো। যিমানবোৰহে ঘৰ হ'ল! ইয়াত পাহাৰটো ওচৰতে বাবেহে দেখিলো চাগে! এটা সময়ত শিয়ালে হোৱা দিলে ভয়ো লাগিছিল, খঙো উঠিছিল। আজি-কালি সিয়েই দুষ্পাপ্য! ক’ৰবাত কেনেবাকৈ শুনিলে 'মই'জনী সৰু হৈ অতীতলৈ ঢাপলি মেলো। ভাল লাগে! সদায় নির্দিষ্ট সময়ত অহা জহামালটো চাবলৈ ভিতৰৰ লাইট নুমুৱাই বেলকনিৰ ডিম লাইট জ্বলাই অধীৰ আগ্ৰহেৰে বহি থাকো। এটা সময়ত নিশব্দে সি আহে। ডাষ্টবিনত মুখ ভৰায়। ফুলৰ টাবত পানী দিবলৈ থোৱা পাত্ৰটোৰ পৰা পানী খাই গুচি যায়। আমি যেন Animal planet ৰ Live telecast হে চাই থাকো! পিচে ঘটনাই মূৰ সলালে। বহুত দিন হ'ল জহামালৰ দেখা-দেখি নাই। এদিন ছিকিউৰিটি ল'ৰা এজনৰ পৰা গম পালো জহামালে ৫টা পোৱালী লৈ বেৰৰ কাষেদি পাৰ হৈ গৈছে। আমি থকালৈকে আৰু দেখা নাপালো।
জহামাল গ'ল পিচে কি হ'ল! এইবাৰ সেইটো বেলকণিত ঘাঁহৰ টাব এটালৈ আহিল নহয় কপৌ এজনী! পাতল ৰঙচুৱা ৰঙৰ গাত ক'লা ফুটুকা ফুটুক্। শান্ত চকুযোৰেৰে জোপোকা মাৰি বহি থাকে। সম্ভৱ কণী পাৰিব! মাতৃত্বৰ গৌৰৱত মুখ বুকু ফুলি থাকে। আমাৰ সাত বছৰীয়া নাতিকণে কপৌজনীক আলেঙে আলেঙে চাই থাকে।
চিন্তা! কিজানি জহামালটো আকৌ আহে! কপৌজনীক ধৰি খায় বা! স্কুলৰ পৰা আহিয়েই পোনে পোনেই চাইগৈ কপৌ জনীক।
এটা সময়ত কপৌজনীয়ে তিনিটা কণী পাৰিলে। কণী ফুটি সময়ত এমা-দিমা তিনিটা পোৱালী ওলাল। সিও ব্যস্ত হৈ পৰিল। কপৌ পৰিয়ালটোৰ লগত কথা পাতে। তাৰ কথাবোৰ আমি মনে মনে শুনো। আমোদ পাওঁ। আকৌ animal planetৰ live telecast চাওঁ। অবুজ শিশু! অবুজ পখী!
নাতিটোৱে জহামাল, কপৌ, পাৰ, শেন, কাউৰী দুটামানক খলনায়ক আৰু দুটামানক সাধু চৰিত্ৰত সোমোৱাই কিমান যে সাধুকথা সৃষ্টি কৰি আমাক শুনোৱাই ব্যস্ত হৈ পৰে। আমি তাক কোৱা বুঢ়ী আইৰ সাধু, ঈছপৰ সাধু দেশী-বিদেশী অনেক সাধুত নিজৰ কল্পনাৰ বোল সানে। সেই সাধু আমাকেই কেরল নুশুনাই! সেই সাধুৰ ভাগ লোৱা আমাৰ বাদেও চাবেক ঘৰ এৰি একেটা মহলতে থকা, আশীবছৰীয়া ককা-আইতা দুগৰাকী আৰু ফাগুনী মাহীয়েও পায়। সদায় বেলকনিৰ সাধু ঘৰৰ কপাট আবেলি খোল খায়। ৰসে চৌ চৌ হয় সেই সময়কণ! আইতাই ফাগুনীক মাতে "আহিছ নে ফাগুনী ... আমাৰ নিজা সময় আৰম্ভ হ'ব এতিয়া" তায়ো বড়ো লোক, সাধু কয়। কেতিয়াবা আমাৰ অনুৰোধত 'বাগৰুম্বা' নাচে। ককা আইতাই নিজৰ সৰু কালৰ, এৰি অহা দিনৰ ৰসাল কথাবোৰ শুনায়। আমি উজনিৰ মিঠা মিঠা দিনবোৰৰ কথা, তাৰ মাক- মাহীয়েকৰ স্ফূৰ্তিৰ দিনবোৰৰ সাঁচি-সামৰি থোৱা কাহিনীবোৰৰ সঁফুৰাখন খুলি দিওঁ। সেই সময় বৰ সুন্দৰ সময়।
আইতাৰ মুখত ওলোৱা বৰ ভাল লগা শব্দ দুটা "নিজা সময়'! হয়, "নিজা সময়"এ মহানগৰীৰ এপার্টমেন্টৰ আমাৰ দৰে জ্যেষ্ঠসকলৰ জীৱনবোৰো সুৰীয়া কৰি তোলে। কণমান কণমানি,বোৰকো 'জীৱন জীয়া'ৰ পাঠ শিকায়।

No comments: