সূচীপত্ৰ - অক্টোবৰ ২০২৬

✍️ প্ৰবন্ধ
🍂 শৰৎ-বিশেষ
📑 কবিতা
💭 অনুভৱ
📜 গল্প
📖 অণুগল্প
✨ ইতিবাচক

ছন্দপতন

October 09, 2026


বাবুল শৰ্মা


        বিগত কেইবাবছৰ ধৰি মফচলীয় চহৰখনত উজনি অসমৰ বেডমিণ্টন খেলুৱৈসকলৰ মাজত অনুষ্ঠিত কৰি অহা  হৈছে  বেডমিণ্টন চেম্পিয়নশ্বিপ প্ৰতিযোগিতা৷ উজনি অসমৰ কেউখন জিলাৰে চেমনীয়া আৰু কিশোৰ খেলুৱৈৰ মাজতে সীমাবদ্ধ ৰখা হৈছে প্ৰতিযোগিতাৰ খেলসমূহ৷ বিশেষতঃ উদীয়মান  বেডমিণ্টন প্ৰতিভাক ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব পৰাকৈ সূযোগ প্ৰদান কৰাই চেম্পিয়নশ্বিপৰ আয়োজকৰ মুখ্য উদ্দেশ্য৷

    চেম্পিয়নশ্বিপৰ দিন যিমানে চমু চাপি আহিছে দীপাংকৰ কাশ্যপৰ উৎকতাও সিমানে বাঢ়ি আহিছে৷ তাৰ এই উৎকতা তাৰ শ্ৰেষ্ঠতা প্ৰদৰ্শনৰ হাবিয়াসৰ সৈতে আছে মনৰ একোণত পুহি ৰখা গোপন ইচ্ছা৷ কালি আবেলি ষ্টেডিয়ামত বাল্যবন্ধু পাৰ্থৰ সৈতে অনুশীলন কৰি থকাৰ পৰত সি একাধিকবাৰ অন্যমনস্ক হৈ ‘চাৰ্ভিচ’ কৰা প্ৰত্যক্ষ কৰি পাৰ্থই প্ৰশ্ন কৰিছিল, -‘অই, আজি তোৰ কি হৈছে? ভালকৈ খেলা নাই কিয়?’ ক্ষণিক ৰৈ সি দীপাংকৰৰ ফালে চাই কৈ উঠিছিল,- ‘তই কলেজৰ নাম ৰাখিবি বুলি সকলোৱে বিশ্বাস ৰাখিছে৷ তই এই বিশ্বাসত পানী নেপেলাবি!’

        ‘ডণ্ট মাইণ্ড, মোৰ নিজৰ ওপৰত পুৰা ‘কনফিডেন্স’ আছে, ভাল খেলিমেই৷’ বন্ধু পাৰ্থৰ কান্ধত হাত থৈ মিচিকিয়া হাঁহি মাৰি দীপাংকৰে কৈ উঠিছিল৷

       ঘৰলৈ আহি মুখ-হাত ধুই ডাইনিং টেবুলত বহি লুচি, আমলেটত কামোৰ পৰা পৰতো দীপাংকৰৰ দুচকুত পুনৰ দোলা দি গ’ল ডিব্ৰুগড়ৰ স্নিগ্ধা ফুকনৰ ধুনীয়া মুখখন৷ এখন কুণ্ডত কটা মুখৰে আকৰ্ষণীয় সুঠাম শৰীৰৰ খেলুৱৈগৰাকীৰ উপস্থিতিয়ে ইনড্‌ৰ ষ্টেডিয়াম যেন উজলাই তুলিছিল৷ কিশোৰ খেলুৱৈসকলৰ মাজত ছোৱালীজনীক লৈ সৰস আলোচনা হৈছিল৷

        ডিব্ৰুগড়ৰ স্নিগ্ধা ফুকন এইবাৰ আহিবনে খেলিবলৈ! নে, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে খেলিবলৈ নাহে! যোৱাবাৰ খেলিবলৈ আহোঁতে ডিব্ৰুগড়ৰ টীমটোৰ সৌৰভ বৰুৱা নামৰ ল’ৰাজনৰ পৰা দীপাংকৰে জানিব পাৰিছিল স্নিগ্ধা ফুকন দ্বাদশশ্ৰেণীৰ ছাত্ৰী৷

        ‘দীপ, তোৰ চাহ চেঁচাই হ’ল, নাখাও কিয়?’ ডাইনিং টেবুলৰ সিমূৰে বহি খাই থকা বায়েকৰ মাতত দীপাংকৰ বাস্তৱলৈ ঘূৰি আহিল৷

        পঢ়াৰ টেবুলত বহি পঢ়াত চিৰিয়াছ দীপাংকৰে আজি পঢ়াত মন দিব পৰা নাই৷ সন্মুখত মেলি লোৱা কেমেষ্টিৰ শকত কিতাপখনৰ মাজৰ পৰা স্নিগ্ধা ফুকনৰ মুখখনে লুকা-ভাকু খেলিবলৈ ধৰিলে৷ 

         মফচলীয় চহৰখনৰ চৰকাৰী মহাবিদ্যালয়খনৰ বিজ্ঞানৰ স্নাতকৰ তৃতীয় ষান্মাষিকৰ ছাত্ৰ দীপাংকৰ কাশ্যপ পঢ়া-শুনাৰ লগতে তাৰ প্ৰিয় খেল বেডমিণ্টনত জিলাখনৰ ভিতৰতে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত৷ সি একেৰাহে তিনিবছৰ নিজৰ মহাবিদ্যালয়খনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিছে৷ পঢ়া-শুনা, খেলত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে স্বাভাৱিকভাৱে সুদৰ্শন দীপাংকৰৰ প্ৰতি চহৰখনৰ ছোৱালীবোৰ একপ্ৰকাৰ বলীয়া৷ কিন্তু পিতৃ-মাতৰ কঠোৰ অনুশাসনৰ মাজত ডাঙৰ-দীঘল হোৱা দীপাংকৰে আজিৰ তাৰিখলৈকে পিতৃ-মাতৃ অথবা কলেজৰ শিক্ষাগুৰুসকলে অসৎ বুলি বিবেচনা কৰিব পৰাকৈ কোনো উৎপাত কৰাৰ নজিৰ নাই৷ 

         চহৰখনৰ কোনো ছোৱালীৰে সান্নিধ্য পাবলৈ আজিলৈকে ব্যাকুল নোহোৱা দীপাংকৰে যোৱাবছৰ অনুষ্ঠিত হোৱা চেম্পিয়নশ্বিপত লগ পোৱা ডিব্ৰুগড়ৰ স্নিগ্ধা ফুকনক সি যেন ভাল পাই পেলাইছে৷ ঘৰখনৰ সংস্কাৰ অথবা নিজৰ দ্বিধাগ্ৰস্ততাৰ বাবেই হওক ছোৱালীজনীৰ সৈতে দীপাংকৰৰ সিবাৰ সৌজন্যতামূলক দুআষাৰ কথা পতাৰ বাদে বৰ বেছি কথা পতা নহ’ল৷ মন থকা স্বত্বেও সি ছোৱালীজনীৰ পৰা ফোন নম্বৰটো সুধিবলৈ সংকোচবোধ কৰিছিল৷ ফলত ছোৱালীজনীৰ সৈতে সেয়া আছিল তাৰ আজিৰ তাৰিখলৈকে অন্তিম সাক্ষাৎ৷

         অৱশেষত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া টুনামেণ্টৰ প্ৰথমদিনাৰ খেল আৰম্ভ হ’ল৷ প্ৰশস্ত তথা উন্নত প্ৰযুক্তিৰে সুসজ্জিত ইনড’ৰ ষ্টেডিয়ামখনত পুৱা ন বজাৰ পৰা দহবছৰ অনুৰ্ধৰ ল’ৰা-ছোৱালী উভয় শাখাৰ প্ৰতিযোগীসকলৰ মাজত প্ৰথম ৰাউন্ডৰ খেল আৰম্ভ হৈছে৷ পৰহিলৈ আৰম্ভ হ’ব চিনিয়ৰ গ্ৰুপৰ খেল৷ দীপাংকৰে বাল্যবন্ধু পাৰ্থৰ সৈতে গেলেৰীত বহি চেমনীয়া খেলুৱৈসকলৰ খেল উপভোগ কৰি আছে৷ খেল উপভোগ কৰাৰ মাজে মাজে দীপাংকৰৰ উৎসুক চকু দুটাই ষ্টেডিয়ামৰ আসনবোৰত ঘূৰি ফুৰিবলৈ ধৰিলে৷ আহিছেনে ডিব্ৰুগড়ৰ স্নিগ্ধা ফুকন!

       আজি চিনিয়ৰ গ্ৰুপৰ প্ৰথম ৰাউণ্ডৰ খেল অনুষ্ঠিত হ’ব৷ বন্ধু পাৰ্থৰ সৈতে পুৱা আঠবজাতে ইনডৰ ষ্টেডিয়ামত উপস্থিত হ’ল গৈ দীপাংকৰ কাশ্যপ৷       

         প্ৰতিযোগিতাখনৰ উদ্যোক্তা তথা আয়োজকৰ তাৎক্ষণিক সিদ্বান্ত অনুসৰি ছোৱালী প্ৰতিযোগীসকলৰ মাজত প্ৰথম ৰাউণ্ডৰ খেল আৰম্ভ কৰা হ’ল৷ যোৰহাটৰ অনন্যা বৰুৱাই শিৱসাগৰৰ নয়নমণি গগৈৰ সৈতে খেলি আছে৷ দীপাংকৰৰ দুচকুৱে অতিশয় ব্যগ্ৰতাৰে ষ্টেডিয়ামৰ ছোৱালী প্ৰতিযোগীসকললৈ চাই পঠিয়ালে৷ স্নিগ্ধা ফুকনক দেখাৰ লগে লগে দীপাংকৰৰ বুকুখন ধক্‌ কৰি উঠিল৷ ধুনীয়া ছোৱালীজনীক বগা চুটি স্কাৰ্ট আৰু টি চাৰ্টৰে অতিকে আকৰ্ষণীয় লাগিছে৷ দীপাংকৰে যোৱাবছৰে লক্ষ্য কৰিছিল ধুনীয়া, স্মাৰ্ট স্নিগ্ধা ফুকন নিজৰ সাজপাৰৰ প্ৰতিও অতিকে সচেতন৷ ছোৱালীজনীয়ে পৰিধান কৰে আন ছোৱালীৰ তুলনাত চুটি স্কাৰ্ট৷ পৰিধান কৰে ধুনীয়া হেয়াৰ আৰু হেণ্ডবেণ্ড, তাইৰ জোতাযোৰো বিদেশী ব্ৰেণ্ডৰ৷ দীপাংকৰে আনৰ পৰা শুনা মতে স্নিগ্ধা ফুকনৰ দেউতাক উত্তৰাধিকাৰী সূত্ৰে ডিব্ৰুগড়ৰ ওচৰৰ তিনিখন বৃহৎ চাহবাগিচাৰ স্বত্বাধিকাৰী৷

        দীপাংকৰৰ কাষত বহি খেল চাই থকা পাৰ্থই স্নিগ্ধা ফুকনে চাৰ্ভিচ কৰা সময়ত পলক নেপেলোৱাকৈ লক্ষ্য কৰি নিম্নস্বৰত কৈ উঠে.- ‘ছোৱালীজনীয়ে অন্তবাস ওলাই যোৱাকৈ জঁপিয়াই নে, তাইৰ স্কাৰ্টটোৱেই চুটি!’

        চঞ্চলমনা বন্ধুৰ কথাত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি দীপাংকৰে গভীৰ তন্ময় হৈ চাই ৰয় খেল৷

        প্ৰতি সন্ধিয়া খেল শেষ হোৱাৰ পিছত সকলো প্ৰতিযোগীয়ে ষ্টেডিয়ামৰ সংলগ্ন হলঘৰটোত লঘু আহাৰ গ্ৰহণ কৰে৷ খেলুৱৈ আৰু কৰ্মকৰ্তা সকলোৱে শাাৰী পাতি হাতে হাতে থাল আৰু চাহৰ কাপ লৈ আহি চকীত বহি লৈ আহাৰ গ্ৰহণ কৰিছে৷ দীপাংকৰ আৰু পাৰ্থয়ো নিজৰ নিজৰ হাতত আহাৰ লৈ খালী চকী বিচাৰি আহোতেই দীপাংকৰ মুখামুখি হ’ল স্নিগ্ধা ফুকনৰ সৈতে৷ দীপাংকৰে মাত লগালে,- ‘কেনে আছা স্নিগ্ধা?’ 

       মুখত এমোকোৰা হাঁহি লৈ স্নিগ্ধা ফুকনে উত্তৰ দিলে,- ‘ভালেই আছোঁ৷’

     দীপাংকৰৰ প্ৰশ্ন, -‘পঢ়া-শুনা, খেল ঠিকেই চলি আছেতো?’

      নিজৰ দুইকান্ধ জোকাৰি স্মাৰ্ট ছোৱালীজনীয়ে দীপাংকৰৰ মুখত দৃষ্টি ৰাখি ক’লে, -‘পঢ়া আৰু খেল, বেলেন্স ৰাখি দুয়োটাই ঠিকেই চলাই আছোঁ৷’ ক্ষণিক ৰৈ স্নিগ্ধাই ক’লে, -‘ফাইনেল পৰীক্ষা পালেহি, পাপাৰ কথা মানি এই কেইদিন বেছিকৈ খেল প্ৰেক্‌টিছ কৰা নাই৷ তথাপিও চেম্পিয়ন হ’ব নোৱাৰিলেও ৰাৰ্ণছ আপ হ’ম বুলি পুৰা ‘কনফিডেন্স’ আছে৷’ 

         স্মিত হাঁহি মাৰি দীপাংকৰে ক’লে, -‘খেল আৰু পৰীক্ষা, দুয়োটাৰে চাক্‌চেছৰ বাবে শুভেচ্ছা জনালোঁ৷’

             ‘থেংক ইউ দীপাংকৰদা’- বুলি কৈ স্নিগ্ধা ফুকন আতঁৰি গ’ল৷

         দদীপাংকৰে মন কৰিলে যোৱা বছৰৰ তুলনাত স্নিগ্ধা ফুকন যেন সলনি হৈছে৷ দেহ ভংগীমা, মাত-কথাত যেন পৰিস্ফূত হৈছে অহমিকা৷ দীপাংকৰে গুণা-গঁথা কৰিলে,- আৰু দুদিন খেল আছে৷ সুযোগ বুজি সি ভালকৈ কথা পাতিব স্নিগ্ধা ফুকনৰ সৈতে৷ 

        ছোৱালীৰ চিনিয়ৰ গ্ৰুপৰ প্ৰথম ৰাউন্ডতে ১৫-১৪, ১৫-১২ পইণ্টৰ ব্যৱধানত যোৰহাটৰ মানসী হাজৰিকাৰ হাতত পৰাজিত হ’ল ডিব্ৰুগড়ৰ স্নিগ্ধা ফুকন৷ খেলৰ আৰম্ভণিৰে পৰা দুৰ্দান্ত খেল প্ৰদৰ্শন কৰিছিল মানসী হাজৰিকাই৷ মানসীৰ তুলনাত অতিশয় দুৰ্বল প্ৰদৰ্শন আছিল স্নিগ্ধা ফুকনৰ৷

      পিছদিনা ডাবলছ্‌তো মানসী হাজৰিকা আৰু বণাৰ্লী দত্ত যুটিৰ হাতত ১৭-১৫, ১৭-১৪ পইণ্টৰ ব্যৱধানত পৰাজিত হ’ল স্নিধা ফুকন আৰু নয়না মেধি যুটি৷

        স্নিগ্ধা ফুকনৰ নিৰাশজনক খেল প্ৰদৰ্শনৰ লগতে ছোৱালীজনীৰ ষ্টেডিয়ামৰ কৰ্মকৰ্তা আৰু আন খেলুৱৈৰ সৈতে কৰা উৰ্ধত ব্যৱহাৰে দীপাংকৰক যথেষ্ট মনোকষ্ট দিলে৷ তথাপি সি ছোৱালীজনীৰ প্ৰতি অহেতুক আকৰ্ষণ অনুভৱ কৰে৷

         ল’ৰা চিনিয়ৰ গ্ৰুপৰ দ্বিতীয় ৰাউণ্ডৰ খেল সমাপ্ত হওঁতে সন্ধিয়া ছয় বাজি গৈছিল৷ খেলুৱৈ আৰু তেওঁলোকৰ অভিভাৱকসকলে প্ৰস্থানদ্বাৰৰ কাষত ভীৰ কৰিছিলহি৷ সকলো যেন সোনকালে ঘৰ পোৱাৰ বাবে উদ্‌গ্ৰীৱ হৈ আছে৷ সকলোবোৰ ওলাই যোৱাৰ অপেক্ষা কৰি দীপাংকৰ আৰু পাৰ্থই নাতিদূৰৈত ৰৈ পৰ্যবেক্ষণ কৰি আছিল৷

          ‘ইডিয়ট, চকু নাই নেকি?, ভৰিত গচকি দিছ’ যে!’

        চিনাকি যেন লগা কৰ্কশ মাতষাৰ শুনি দীপাংকৰে ব্যগ্ৰভাৱে সন্মুখৰ ভিৰলৈ দৃষ্টি নিক্ষেপ কৰিলে৷ সি দেখিলে, উত্তেজিত স্নিগ্ধা ফুকনে উচ্ছস্বৰে কথা কৈ আছে,- ‘০০০ আৰু কেতিয়াও নাহোঁ ইয়াত খেলিবলৈ৷ কোনো ডিচিপ্লিন নাই, ভাল এৰেঞ্জমেণ্ট নাই, ৰেফাৰীৰ ডিচিশ্বনো দাউটফুল ০০০’

        ‘দীপাংকৰ, যাওঁ ব’ল৷ মানুহ আটাইবোৰ গ’ল৷ আমি দুটাহে আছোঁ৷’

       স্নিগ্ধা ফুকনৰ কথা ভাবি আত্মস্থ হৈ থকা দীপাংকৰৰ পাৰ্থৰ মাতত সম্বিৎ ঘূৰি আহিল৷ এখন পৰীৰ ৰাজ্যত বিচৰণ কৰি থকাৰ পিছত সি যেন কঠিন বাস্তৱলৈ ঘূৰি আহিল৷

       আন দিনাৰ দৰে আজিও দেউতাকে পঢ়ি উঠি গা ধুবলৈ উঠি যোৱাৰ সময়ত বাতৰিকাকতখন আগফালৰ বাৰান্দাৰ সৰু টেবুলখনত থৈ গৈছিল৷ মুখত বিস্কুট চোবাই, হাতত চাহৰ কাপ লৈ দীপাংকৰে চকীত বহি পৰিল৷ চাহৰ কাপত শেষ ঢোক মাৰি দীপাংকৰে বাতৰিকাকতখন  হাতত লৈ কাকতখনৰ তাৰ প্ৰিয়‘ক্ৰীড়াজগত’ পৃষ্ঠাত চকু দিলে৷ অতিশয় উৎকণ্ঠাৰে সি খেলৰ বাতৰিবোৰ দ্ৰুত গতিৰে পঢ়ি গ’ল৷ ০০০ অনুষ্ঠিত  হোৱা ০০০ বেডমিণ্টন চেম্পিয়নশ্বিপত দহবছৰ উৰ্ধৰ ল’ৰাৰ শাখাত দীপাংক কাশ্যপে ফাইনেল ৰাউণ্ডত শিৱসাগৰৰ জ্যেতিস্মান সন্দিকৈক ২০-১৭, ২০-১৫ পইণ্টৰ ব্যৱধানত পৰাজিত কৰি চেম্পিয়ন ঘোষিত হয়৷ আনহাতে যোৰহাটৰ মানসী হাজৰিকাই শিৱসাগৰৰ কাবেৰী  বৰুৱাক  ১৫-১২, ১৫-১৩ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি ছোৱালীৰ শাখাত চেম্পিয়ন হয় ০০০৷ 

       নিজৰ একেখন চহৰৰে মানসী হাজৰিকা নামৰ অতিশয় অমায়িক আৰু নিৰ্জু প্ৰকৃতিৰ ছোৱালীজনীক দীপাংকৰে কোনোদিনে গুৰুত্ব দিয়া নাছিল৷ কিন্তু প্ৰথম ৰাউণ্ডৰে পৰা অতিশয় মনোযোগেৰে খেলি আশাতীত খেল প্ৰদৰ্শন কৰা ছোৱালীজনীক উপস্থিত দৰ্শক তথা আয়োজক সমিতিৰ কৰ্মকৰ্তাসকলে ভূয়সী প্ৰসংসা কৰিছিল৷

           বাতৰি কাকতখন থৈ দীপাংকৰে ম’বাইলফোনটো হাতত ল’লে৷ হোৱাটচ্‌এপটো খুলি মানসী হাজৰিকালৈ মেচেজ লেখিলে-‘Congratulation on unexpected achievement’

       দুই মিনিটৰ পাছত মানসীৰ সঁঁহাৰি- ‘Thank you Dipankar Da. You achieved as we all expected !’

  

ঠিকনাঃ সোণালী জয়ন্তী নগৰ, যোৰহাট

ফোন- ৯৪৩৫৩৫০৪৬৭

No comments:

Powered by Blogger.