সূচীপত্ৰ - অক্টোবৰ ২০২৬

✍️ প্ৰবন্ধ
🍂 শৰৎ-বিশেষ
📑 কবিতা
💭 অনুভৱ
📜 গল্প
📖 অণুগল্প
✨ ইতিবাচক

স্বীকাৰোক্তি

October 09, 2026


দীপালী ভট্টাচাৰ্য বৰুৱা


মোৰ অতীত আৰু বৰ্তমান

মোৰ তেজত চিৰদিন চিৰকাল

বুদ্ধগয়াত বান্ধিছিলো ঘৰ

সেই এক যশোধৰা নিশা

মোৰ পদূলিত খট্‌ খট্‌ খট্‌


উদৰত তিৰবিৰাইছিল জোনাকী

বুকুত দি গৈছিল সাতোটা তেজাল ঘোঁৰাৰ চিন

চান্দোৰ মেৰঘৰত সিঁচৰতি হৈ আছিল

যুতি নে মালতী

লজ্জাৱতী, এতিয়া শুকান পাতৰ মৰ্মৰ ধ্বনি

ইপাৰ-সিপাৰ জুৰি

নেঘেৰিটিঙৰ দ’লৰ খটখটিয়েদি

শেষনিশা

কাৰ চৰণৰ ধ্বনি শুনি

মানুহে কয়

সেয়া পূবৰ দিশলৈ গ’ল

একো নুখুজিবা মৌনতাক

হে’ নাৰী৷

No comments:

Powered by Blogger.