ধাৰ
ৰিয়াজুদ্দিন আহমেদ
ইমান সহজেই যে তাই তাৰ সৈতে আহিব, সি সপোনতো ভবা নাছিল। সঁচাকৈয়ে ছোৱালীবিলাকক বুজাটো খুবেই কঠিন কাম। দুৱাৰত টোকৰ পৰাৰ লগে লগেই তাই আহি তাৰ ওচৰত হাজিৰ। ছোৱালীজনীৰ হাতত ধৰি হাতত সাৰে ভৰিত সাৰে সি খেপিয়াই খেপিয়াই ৰাস্তালৈ ওলাই আহিল। নাই, তাইৰ মুখখন সি এতিয়াও দেখা নাই (ছোৱালীজনীয়ে ওৰণাৰে মুখখন ঢাকি লোৱাৰ বাবে)। গাখীৰ যেন বগা ছোৱালীজনীৰ মুখখন দেখা নোপোৱাত সি বুজি উঠিল নিশ্চয় এইটো অমাৱশ্যাৰ ৰাতিয়েই হ'ব। সি মনটোত অলপ জোৰ দিলে। হয় ঠিকেইতো সি কালি দোকানত কেৰাচিন তেল জুখি থাকোঁতেই দোকানৰ সন্মুখৰ সৰু চাংখনত ফটিক গাঁওবুঢ়া আৰু মধুকৰ আতাই অমাৱশ্যাৰ বিষয়ে কিবাকিবি পাতি আছিল। পিছে সিহঁতে পতা কথাবিলাকক সি আৰু ভবা নাই। সি ভাবিছে কেৱল তাইক লৈ এডোখৰ নিৰাপদ ঠাইলৈ গতি কৰিব পাৰিলেই হ'ল। তাই অকণো হৈ চৈ নকৰাকৈ যে তাৰ লগত আহিছে কথাষাৰ ভাবি তাৰ তাইৰ প্ৰতি মৰম আৰু দুগুণ বাঢ়ি গ'ল। ইমান সুন্দৰ আৰু বগা হোৱা স্বত্বেও তাৰ দৰে ক'লাটোৰ লগত যে তাই ইমান সহজেই আহিছে সেইটো ভাবি তাৰ বুকু ফুলি উঠিল, সঁচাই প্রেমৰ শক্তি অপাৰ। প্ৰেমত ক'লা-বগা, চুটি-চাপৰ, গঢ়-গতি, দেখিবলৈ ভাল বেয়া এইবোৰ নগন্য।
এবাৰ সি এয়া দিঠক নে সপোন তাৰ প্ৰমাণ ল'বলৈ তাৰ গাত চিকুত মাৰি চায়। এনেকৈয়ে এবাৰ সি মনৰ খামখেয়ালিত তাইৰ গাত চিকুত মাৰি দিয়াত তাইৰ চিঞৰ শুনি কথাষাৰৰ সত্যাসত্য সি আবিষ্কাৰ কৰি পেলালে, ইমানৰ পাছতো সি ভাবি আচৰিত হ'ল যিজনী ছোৱালীয়ে কালিলৈকে তাৰ লগত এষাৰ কথাও ভালদৰে পতা নাছিল, বৰঞ্চ তাক বিদ্রূপ কৰিছিল সেই একেজনী ছোৱালীয়ে আজি তাৰ হাতত নিজকে এৰি দিছে।
গাঁও আৰু চহৰৰ দুয়োটাৰে সংযোগথলী চাৰিআলিটোৰ কাষতে ভৱেনৰ দোকানখন। ঠাইখনলৈ বাল্য অৱস্থাতেই অহা ভৱেনৰ প্ৰকৃত পৰিচয় নাই যদিও 'ভৱেন দোকানী' বুলিলে অঞ্চলটোতেই জনাজাত। যাৱতীয় বস্তু বিচাৰি গ্ৰাহক আহি ঘূৰি যাব নালাগে বাবেই দোকানত ভিৰ বেছি আৰু একে কাৰণতে ধাৰলৈ খোৱা গ্রাহকো কম নহয়। বৰ্তমান পৰিস্থিতিত চাকৰিয়ালবিলাকৰ কাৰণে ভৱেন কেৱল দোকানীয়েই নহয় তেওঁলোকৰ অন্নদাতাও। গ্ৰাহকৰ লগত কৰা ব্যৱহাৰত নাম থকাৰ দৰে ভৱেন দোকানীৰ পাব লগা টকা উলিয়াই লোৱাৰ কৌশলতো নাম আছে। সেয়ে কোনেও ভৱেন দোকানীক বেয়া নাপায়। ভৱেন দোকানীৰ, পাবলগা ধাৰ নিদি ওপৰতে খোৱা গ্রাহকো আছে। পিছে আকৌ ভৱেনৰ দোকানলৈ নাহিলে উপায় নাই। সেয়ে সকলো লোকৰ মাজতে ভবেন দোকানীৰ স্থান আছে। পাবলগা টকা উলিয়াই লোৱাত ভৱেন দোকানীয়ে দয়া নকৰে। ইয়াৰ মাজত ভৱেন দোকানীৰ ব্যতিক্ৰম গ্রাহক হ'ল শইকীয়া। পাবলগা টকা উলিয়াই লোৱাত ভবেন দোকানীয়ে দয়া নকৰে। ইয়াৰ মাজত ভৱেন দোকানীৰ ব্যতিক্ৰম গ্রাহক হ'ল শইকীয়া ছাৰ।
অঞ্চলটোৰ জনপ্রিয় শিক্ষক জানকী মোহন শইকীয়াৰ চাৰিজনী ছোৱালীৰ স’তে এটা মাত্ৰ ল'ৰা। এই শইকীয়া চাৰক ভৱেন দোকানীয়ে সন্মান কৰে। আনতকৈয়ো বেছি ভক্তি কৰে। পাবলগা টকা বিচাৰি তাগিদা দিয়া, প্রয়োজন হ'লে সুতে-মূলে আদায় কৰি ল'ব জনা ভৱেন দোকানীৰ কিন্তু জানকী মোহন শইকীয়াৰ প্রতি বেচ দৰদ।
বহুদিনৰপৰা শয্যাগত হৈ থকা শইকীয়াৰ ঘৰখন চলাই নিছে বৰ জীয়ৰী বিদিশা শইকীয়াই। চাকৰিৰ উজান পৰাৰ দিনত ৰোৱতী মাটি বন্ধক দি কোনোমতে এটা মাষ্টৰ চাকৰি যোগাৰ কৰি লোৱা বিদিশাৰ বাহিৰে ঘৰখনত উপাৰ্জন কৰা দ্বিতীয় এটা প্রাণী নাই। প্ৰথম অৱস্থাত ঘৰখন নিয়াৰিকৈ চলাই নিব পাৰিছিল যদিও দৰমহাপাতিৰ কোনো লেখ-জোখ নোহোৱাত বর্তমানে বিদিশাই কোনোমতেহে চলাই নিছে। তিনিগৰাকী গাভৰু ভনীয়েকক কলেজত পঢ়োৱা আৰু একমাত্র নুমলীয়া ভায়েকৰ উপৰি ৰুগীয়া দেউতাকৰ দায়িত্ব মূৰ পাতি লোৱা বিদিশা এক বঠাবিহীন নাৱৰ যাত্ৰীৰ দৰেই আগবাঢ়ি গৈছে।
স্কুলৰ পৰা উলটি আহি বাহিৰে বাহিৰে ভৱেন দোকানীৰ দোকানত বজাৰ কৰিবলৈ সোমাই হিচাপৰ বহীখন চাই বিদিশাৰ আকাশখন মূৰত ভাগি পৰাৰ দৰেই হ'ল। শ্লিপখন তাতে এৰি বিদিশাই ঘৰৰ বিচনাত পৰি হুকহুকাই কান্দি দিলে। ভনীয়েক নৱনীতাৰ মাততহে তাইৰ সম্বিত ঘূৰি আহিল। কলেজৰ পৰা অহা ভনীয়েক নৱনীতাৰ মুখলৈ একেথৰে চাই বিদিশাই শাৰীৰ আচলৰে চকুলো মচি সহজ হ'বৰ চেষ্টা কৰিলে। ভনীয়েক নৱনীতাই একো ৰেহৰূপ বুজিব নোৱাৰি আঁতৰি গ'ল।
: বাইদেউ, আপোনাৰ বস্তু এইয়া লওক'। বিদিশাৰ ফালে আগবঢ়াই দি ভৱেন দোকানীয়ে ক'লে 'আপুনি ননাকৈয়ে গুচি আহিল শ্লিপখনেৰে সৈতে বস্তুৰ মোনাটো।'
ভৱেন দোকানীৰ মাততহে বিদিশা সহজ হৈ পৰিল।
: 'আপোনাৰ গা বেয়া নেকি বাইদেউ, নে চাৰৰ অসুখ বেছি হৈছে।' ভবেন দোকানীয়ে পুনৰ সুধিলে।
: 'নাই নাই গা বেয়া নহয়। দেউতাৰনো আৰু ভাল বেয়া বুলিবলৈ কি আছে। দেউতাই বিচনাতেই খোৱা-বোৱা কৰে।'
কওঁ-নকওঁকৈ বিদিশাই কৈ গ'ল।
: 'নৱনীতা হ'বলা কলেজৰ পৰা আহিলা?'
নবনীতালৈ প্রশ্নবোধক দৃষ্টিৰে চাই ভৱেন দোকানীয়ে সুধিলে।
: 'ইউনিফর্মত নিশ্চয় কলেজৰ পৰাই আহে।'
অলপ কটাক্ষতাৰে কৈ নৱনীতাই কেৰাহিকৈ ভৱেনলৈ চালে।
: নীতা ডাঙৰক কেনেকৈ কথা কয় নাজানা। যোৱা ভিতৰলৈ যোৱা। বহা, বহা ভবেন থিয় হৈ আছা যে, ময়ো তোমাক ইমান পৰে বহিবলৈ কোৱাই নাই। তাইৰ কথাত বেয়া নাপাবা আকৌ। বিদিশাই ভবেনক সহজ হ'বৰ বাবেই ক'লে।
: 'নাই নাই বাইদেউ কিয় বেয়া পাম। তাইতো একো বেয়াকৈ কোৱা নাই। তাতে ইমান সৰু ছোৱালী। পিছে এতিয়া মই যাওঁ বহু দেৰি হৈ গ'ল দোকান খোলাই আছে' বুলি কৈ ভবেন ওলাই গ'ল।
বিদিশাই সেইফালে চাই কিবা কিবি ভাবি পুনৰ নিজৰ মাজত হেৰাই গ'ল।
: 'কি ভাবি আছনো বাইদেউ। নকৱ কেলেই? আজি বহুদিনৰ পৰা লক্ষ্য কৰিছো তই অকলে কিবাকিবি চিন্তা কৰি থাক। নিশ্চয় তই দেউতাৰ কথায়ে চিন্তা কৰি থাক।'
নৱনীতাৰ মাতত বিদিশাই পিছলৈ মুখখন ঘূৰাই অলপ হঁহাৰ দৰে ক'লে, 'নাই অ' ভাবিবলৈ নো কি আছে। মনটো কিবা বেয়া বেয়া লাগি আছিল, তই আহিলি যেতিয়া চব ঠিক হৈ যাব নীতা।' এইবুলি বিদিশাই ভনীয়েক নৱনীতাক সাৱটি ধৰিলে। নীতাই সৰু ছোৱালীৰ দৰে বিদিশাৰ বুকুত মুখখন গুজি দিলে।
নৱনীতাই একেবাৰে নোৱৰাতহে ভৱেন দোকানীৰ ওচৰলৈ যায়। ভৱেনৰ চাৱনিটো তাইৰ মুঠেই সহ্য নহয়। এই বিষয়ে তাই বায়েক বিদিশাক কোৱাত বিদিশাই নিজেই ভৱেন দোকানীৰ ওচৰলৈ বজাৰ কৰিবলৈ যায়। ভৱেনৰ ওচৰত বাকী নথকা হ'লে বিদিশাই তাক এসেকা দিলেহেঁতেন। পিছে ভৱেনে ওলোটাই 'বাকী টকা' বিচাৰিলে বোৱতী মাটিকেইডৰা বিক্রি কৰিও সিহঁতে ত'ত নাপাব। সেয়ে তাই সকলো দেখি শুনিও নজনাৰ ভাও জুৰে।
পিছে সেইদিনা বিদিশাৰ ওচৰলৈ তাইৰ লগৰ শিক্ষয়িত্ৰী এগৰাকী অহাত বাকী কাকো নেদেখি নবনীতাকে দোকানৰ পৰা সন্দেশ আনিবলৈ কৈ বিদিশাই চাহৰ চচপেনটো গেছৰ চৌকাত বহাই দিলে। বায়েকে সহকর্মী শিক্ষয়িত্ৰীগৰাকীৰ লগত কথা পাতি থকাৰ বাবে উপায়ন্তৰ হৈ নৱনীতা ভবেন দোকানীৰ দোকানলৈ গ'ল।
: 'অ’ নবনীতা দেখোন। আহাঁ আহাঁ বহুত দিনৰ মূৰত আহিলা, কোনোবা আহিছে হ'বলা?' দূৰৰ পৰাই ভৱেন দোকানীয়ে নবনীতাক দেখি মাত লগালে।
কোনো মাত-বোল নকৰাকৈ নৱনীতাই হাতত থকা কাগজটুকুৰা ভৱেনৰ ফালে আগবঢ়াই দিলে।
সন্দেশৰ পেকেটৰ লগতে মূৰত মৰা ক্ৰিপ আৰু ৰবৰ পেকেটটো উপযাচি এক বিশেষ ইংগিতেৰে নৱনীতাৰ ফালে আগবঢ়াই দিয়াত নৱনীতাই ক্লিপ আৰু ৰবৰ পেকেট দলিয়াই দি ভৱেনৰ কাণত এটা কাণতলীয়া চৰ সোধালে।
হঠাৎ এনে পৰিস্থিতিৰ বাবে প্রস্তুত নথকা (তাই তাৰ প্ৰস্তাৱটোব বিষয়ে কি ভাবিছে সেই বিষয়ে পৰিষ্কাৰ কৰি দিবলৈ ক'লে) ভবেন দোকানীয়েও ৰুদ্রমূর্তি ধৰি তাইৰ ফালে আগবাঢ়ি আহিল। নহ'লে পাবলগা টকাসোপা উলিয়াই ল'বলৈ বেলেগ পন্থা অৱলম্বন কৰিব বুলি সকিয়াই দি গামোচাখনৰে ভৱেন দোকানীয়ে মুখখন মচি ল'লে।
আগৰ দুবাৰ তাই তাক মিছাকৈ হাৰাশাস্তি কৰিলে যদিও তাইৰ প্ৰতি থকা অন্তৰভৰা মৰমৰ বাবেই আজি ৰাতি ভৱেনে দুৱাৰত শেষবাৰলৈ টোকৰ দিব বুলি কৈ তাইক তাৰ স'তে পলাই যাবলৈ সাজু হৈ থাকিবলৈ সকিয়াই দিলে। নহ'লে কালিলৈ ৰাজহুৱাভাৱেই সিহঁতৰ পৰা পাব লগা ধাৰখিনি উলিয়াই ল'ব বুলিও সি ক'বলৈ নাপাহৰিলে।
দোকানত ইমানপৰে এটি দুটিকৈ মানুহ চাপি অহাত নৱনীতাই লাজত ৰঙা-চিঙা পৰি লৰ মাৰিলে।
ভৱেন দোকানীয়ে সোঁহাতখনেৰে নিজৰ গালৰ চাৰিওফালে আঙুলিকেইটা বুলাই থাকোঁতে তাইৰ চিঞৰতহে তাৰ ভাৱত যতি পৰিল। এতিয়াহে সি গম পালে যে তাৰ হাতৰ চেপাত তাইৰ লাহি হাতখন নিঠৰ হৈ পৰিছে। ছেঃ এই খেলি-মেলি চিন্তাবোৰ মাজত সোমাই গৈ তাইক কিমান জোৰেৰে খামুচ মাৰি ধৰি টানি নিছে সেইটো উপলব্ধি কৰি এই শীতৰ দিনতো বিন্দু বিন্দু ঘাম বিৰিঙি উঠা মুখখন মচি লৈ ভৱেন দোকানীয়ে সেই আন্ধাৰতে নিজে নিজে সহজ হ'বৰ চেষ্টা চলালে।
ওচৰৰ মুছলমান গাঁওখনৰ পৰা ফজৰৰ আজান আহি কাণত পৰাৰ পাছতহে ভৱেন দোকানীয়ে ভাগৰ অনুভৱ কৰিলে। ভাগৰত ভৱেনে গছ এজোপাৰ গাত ভেজা দি বহিল। তায়ো ভাগৰুৱা দেহাটো কোনো সংকোচ নকৰাকৈ ভৱেনৰ গাৰ ওপৰত এৰি দিলে। দুটা ভাগৰুৱা দেহা ইটোৱে সিটোক সাৱটি ধৰি গছৰ গুৰিত ঢলি পৰিল।
হঠাৎ ভৱেনৰ চিঞৰতহে তাই উচপ খাই উঠিল। 'বাইদেউ আপুনি!'পোহৰত মুখখন দেখা পাই ভৱেনে অদ্ভুতভাবে চিৎকাৰ কৰি উঠিল। তাইৰ মাজৰ পৰা নিজকে মুক্ত কৰিবলৈ চেষ্ঠা কৰিও সি পৰা নাই।
: ইয়াৰ বাহিৰে যে মই কোনো উপায় দেখা নাপালো ভৱেন। তোমাৰ ধাৰ পৰিশোধ কৰাৰ বেলেগ উপায় আৰু নাই। তুমি মোক গ্ৰহণ কৰা ভৱেন। নহ'লে যে মোৰ জীয়াই থকাৰ কোনো ৰাস্তাই নাথাকিব।
থুকাথুকি মাতেৰে কথাকেইটা কৈ বিদিশা শইকীয়াই ভৱেনক আৰু জোৰেৰে সাৱটি ধৰিলে।
এয়া সি কি কৰিলে। সি কেনেকৈ এতিয়া অঞ্চলটোত মুখ উলিয়াব। যাক সি বাইদেউ বুলি সন্মান কৰিছিল সেই নিষ্পাপ ছোৱালীগৰাকীৰ কোমল মুখখন তাৰ চকুত ভাহি উঠিল। নাই। তাইৰ প্রতিদানৰ মূল্য সি দিবই লাগিব।
এটা অলৰ-অচৰ মূৰ্তিৰ দৰে থিয় হৈ থকা ভবেন দোকানীয়ে নিজকে মুক্ত কৰাৰ কোনো চেষ্টা নকৰি বিদিশাক সাৱটি ধৰি হুকহুকাই কান্দি দিলে।

No comments: