শেৱালি ফুলাৰ বতৰ
মানসী বৰা
“সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে,
সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে।”
শেৱালি ফুলাৰ বতৰ এয়া। শেৱালিৰ মিঠা সুবাসে পুৱাবোৰক মতলীয়া কৰি তুলিছে। সেউজীয়া দলিচাত মুকুতাৰ দৰে জিলিকিছে নিয়ৰৰ মণিবোৰ। নিয়ৰৰ দলিচা পাৰি, শেৱালিৰ শুভ্ৰ ফুলেৰে সজাই আহিনে যেন শৰতক আদৰি আনিলে।
শাৰদীয় দুৰ্গোৎসৱৰ এই বতৰত মনত পৰে শৈশৱৰ সেই সোণালী দিনবোৰলৈ, এৰি অহা অতীতৰ মধুৰ স্মৃতিলৈ। আগতে ঘৰৰ খিৰিকীৰে শেৱালি ফুলৰ সুবাস বিয়পি পৰাৰ লগে লগে মনটোত পূজা পূজা ভাৱ এটাই দোলা দিছিল। শেৱালিৰ গোন্ধতেই যেন গম পোৱা গৈছিল—পূজা আহিছে, শৰত আহিছে।
বিয়াৰ পিছত বাহি বিয়াৰ দিনা স্বামীৰ ঘৰৰ চোতালখনো সৰা শেৱালিৰে উপচি আছিল। পুৱাই চোতাললৈ ওলাই আহিলে শুভ্ৰ শেৱালিৰ দলিচা, নিয়ৰৰ টোপাল আৰু সেই চিনাকি সুবাসে মনটো ভৰাই তুলিছিল। বিশেষকৈ বোৱাৰী জীৱনত প্ৰথমবাৰৰ বাবে পোৱা পূজাৰ দিনবোৰৰ সেই স্মৃতি আজিও মনত সজীৱ। সময় সলনি হ’ল, দিনবোৰ পাৰ হৈ গ’ল, কিন্তু সেই গোন্ধৰ সৈতে জড়িত স্মৃতিবোৰৰ মাধুৰ্য আজিও যেন একেই আছে।
শাৰদীয় দুৰ্গোৎসৱৰ এই বতৰত সেইবাবেই বাৰে বাৰে মনত পৰে শৈশৱ, এৰি অহা অতীত আৰু জীপাল সময়ৰ সেই মধুৰ দিনবোৰ। জীৱনৰ ব্যস্ততাত বহু কথা হেৰাই যায়, বহু মুখ আৰু বহু মুহূৰ্ত সময়ৰ সোঁতত দূৰ হৈ যায়; কিন্তু শেৱালিৰ সুবাসৰ দৰে কিছুমান স্মৃতি মনে আজীৱন কঢ়িয়াই লৈ ফুৰে।
আমেৰিকাৰ নিউজাৰ্ছীৰ ভাৰত সেৱাশ্ৰম আৰু আনন্দ মন্দিৰত মা দুৰ্গাক দৰ্শন কৰিবলৈ যাম। কিন্তু শৈশৱৰ সেই দিনবোৰত হাতত কেৱল এটা বেলুন লৈ উলটি অহা পূজাৰ আনন্দ হয়তো তাত বিচাৰি নাপাম। সেই সৰল জীৱন, আপোনত্বৰ উম সঁচাকৈয়ে সুকীয়া আছিল। সময়ে আমাক বহু দূৰলৈ লৈ গ’লেও সেই দিনবোৰৰ মায়া আৰু মাধুৰী কেতিয়াও স্মৃতিৰ পৰা হেৰাই নাযায়।
শৰতৰ আগমনৰ লগে লগে শুনা যাব শংখৰ পবিত্ৰ ধ্বনি, ঢাকৰ বাজনা আৰু মংগল উৰুলি। ষষ্ঠীৰ পৱিত্ৰ তিথিত পূজাৰ বেদীত প্ৰতিষ্ঠা হ’ব মা দুৰ্গা। ভক্তি আৰু শ্ৰদ্ধাৰে হ’ব দেৱীৰ আৱাহন। মা দুৰ্গাৰ আশিসত সকলোৰে দুখ-পীড়া দূৰ হওক, অপ্ৰীতিকৰ ঘটনা নিঃশেষ হওক, সমাজৰ পৰা অসূয়া আৰু অশান্তিৰ অৱসান হওক। শাৰদীয় কোমলতাই সকলোৰে মন-প্ৰাণ নিৰ্মল কৰি তোলক। আটাইৰে হৃদয়ত বিৰাজ কৰক শান্তি, মৰম আৰু ভাতৃত্ববোধ।
শেৱালিৰ সুবাস, নিয়ৰৰ স্নিগ্ধতা আৰু শৰতৰ শুভ্ৰ আকাশৰ মাজেৰে আকৌ এবাৰ ঘূৰি আহক অতীতৰ সেই মধুৰ দিনবোৰৰ মাদকতা। অতীতৰ জীপাল স্মৃতিবোৰে মনত জগাই তোলক নতুন আশাৰ পোহৰ।
ঠিকনাঃ নিউজাৰ্ছী, আমেৰিকা

No comments: