সোঁৱৰণিৰ মমতা
ৰাজবীৰ গগৈ
আজি বহু দিন হʼল ঘৰৰ পৰা নোলোৱা,
আইক নেদেখা পিতাইৰ মাত নুশুনা
শীতৰ দলংখন পাৰ হৈ যি এচৰিয়া এন্ধাৰত সোমোৱা
নৈ-নিজৰা, পাহাৰ-পথাৰ, আনন্দ-উৎসৱ একোকে ভাল নলগা হʼল।
নকৈ গজা দৰৱত লগা নল-বনত বাটটো ঢাক খায় গʼল।
সেয়া যে মমতা
বন গজা চকুৰেও তোক মনিব পাৰিছো
অʼ সোঁৱৰণী !
পাটিত চপোৱা জোনাকৰ পোহৰত কাণি মুনি বেলিকা
অʼ মোৰ লʼৰালিৰ সাধু সেয়া তয়ে নহয়নে
নৰীয়া গাৰে মাটি চাকিৰ পোহৰত লেখি লেখি আখৰৰ জঁকা !
ময়ো বিচনাত,
আজি বহু দিন হʼল ঘৰৰ পৰা নোলোৱা
পথাৰ নেদেখা, নদীক নুশুনা।
বৰষুণজাকৰ শেষত যি নিৰাশাৰ শংখত সোমোৱা
কুৰুৱা - পছোৱা, শালিকী - জোনাকী, উকুলি-মুকুলি
একোকে নুশুনা হ'লো।
ন বাটেৰে নৈখনে পুৰণি দলংখনৰ কামিকেইডাল লৈ যায়,
সেয়া যে মমতা পৰুৱাই পোৱা কাণেৰেও তোক শুনিব পাৰিছো
অʼ সোঁৱৰণী !
সেয়া যে মমতা নেটৱৰ্ক নোপোৱা
মৰ্গৰ শীততো তোক চিনিব পাৰিছো
অʼ সোঁৱৰণী।
অʼ সোঁৱৰণী।
ঠিকনাঃ নাজিৰা
ফোন- ৬০০৩৯৩৩১২৫

No comments: