সূচীপত্ৰ - অক্টোবৰ ২০২৬

✍️ প্ৰবন্ধ
🍂 শৰৎ-বিশেষ
📑 কবিতা
💭 অনুভৱ
📜 গল্প
📖 অণুগল্প
✨ ইতিবাচক

আমাৰ আৱাজ

October 09, 2026


অনুপ কুমাৰ বৰুৱা


চাহ শ্রমিক চাহগছ চাহপাত সেউজীয়া
ৰঙা ধৰ্মঘট
মজুৰি বৃদ্ধি কৰা

দম বন্ধ কলঘৰ
বাহিৰত মাদল বাদল বৰষুণ

মাদল বাদল বৰষুণ
ৰোপণ কৰিছোঁ জীৱন
এটি কলি দুটি পাত

শিক্ষা, চিকিৎসা, খাদ্য ক'ত?

শিৰীষ ৰুই, ঝুমুইৰ গাই, কৰম পূজা কৰা
মা, ভাই, বন্ধুগণ
মাদল বাদল বৰষুণ

পাতত তেজৰ দাগ
পাতত ঘামৰ দাম

কাণ পাতা কৰ্পৰেটসকল
আমাৰ আৱাজ অতি সবল

ফোন- ৬০২৬৩৯৬৫২৩

No comments:

Powered by Blogger.