অন্য জীৱন
শোভন কোঁৱৰ
মানুহে নাটক, চিনেমা বা ছিৰিয়েলৰ কাহিনীৰ দৰে কল্পনাশ্ৰয়ী জীৱনৰ দ্বাৰা অনেক পৰিমাণে প্ৰভাৱান্বিত হয়। এইবোৰৰ প্ৰতি প্ৰচুৰ আগ্ৰহ আৰু প্ৰৱল আসক্তিয়ে মানুহৰ মনত একো একোটা উদ্ভট কল্পনা বা ফেণ্টাচীৰ প্ৰত্যাশা সৃষ্টি কৰি পেলায়। ৰূপালী পৰ্দাৰ নায়ক-নায়িকাৰ দৰে ৰোমাঞ্চ, শিহৰণকাৰী অভিযান, ভোগ-বিলাসৰ সপোন ৰচে। অনেকে নিজৰ জীৱন, সম্পৰ্ক আৰু সম্বন্ধবোৰৰ মাজতো সেইধৰণৰ কাল্পনিক অৱস্থাৰ দিবাস্বপ্ন কিছুমান তৈয়াৰ কৰি পেলায়।
অথচ বাস্তৱ অন্য ধৰণৰ হয়। অবাস্তৱ বা ভাৰ্চুৱেল চিনেমাৰ ৰঙীন কেমেৰাত বন্দী জীৱনৰ দৰে মানুহৰ জীৱন নহয়। মানুহৰ বাস্তৱ জীৱন হয় সাধাৰণ। চিণ্ডাৰেলাৰ দৰে নিঃস্ব পৰিয়ালত জন্মা কন্যাক কোনো ৰাজপুত্ৰই প্ৰেম নিবেদন নকৰে। ইয়াত কষ্ট, হতাশালৈ কোনোবা অন্ধকাৰ গলিৰ দেৱালত ভেজা দি চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলী পকালে নেপথ্যত দুখৰ আৱহ সংগীত বাজি নুঠে। অভাৱ কিম্বা দুৰ্দশাগ্ৰস্ত জীৱনৰ কোনোবা এটা পৰ্যায়ত হাজাৰ কোটি টকাৰ লটাৰী পাই জীৱনটোৰ দিশ সলনি কৰিব পৰা সাংঘাটিক ধৰণৰ নিৰ্ণায়ক মুহূৰ্তৰো সৃষ্টি নহয়। জীৱনটো দুঘণ্টাৰ কাহিনী নহয় যে শেষ পৰ্যায়ত সুখ আৰু আনন্দৰ বন্যা বৈ যাব, বিচৰাখিনিয়ে পূৰ্ণতা পাব। ইয়াত জীয়াই থাকিবলৈ হ'লে প্ৰতিনিয়ত সংগ্ৰামত অৱতীৰ্ণ হ'ব লগা হয়। প্ৰতিটো দিন, প্ৰতিটো ক্ষণেই ৰূঢ় বাস্তৱৰ মুখামুখি হ'ব লগা হয়। এই পৃথিৱীত কোনো কাৰো বাবে ৰৈ নাথাকে।
ভাৱ হয়, চ’চিয়েল মেডিয়া বা সামাজিক মাধ্যমত আমি যি জীৱন দেখো বাস্তৱত সেয়া একেনে? প্ৰকৃততে সেই জীৱন যাপনৰ লগত আমাৰ কেতিয়াও দেখা সাক্ষাৎ নহয়। আমাৰ জীৱন অতি সহজ।পুৱাই টোপনিৰ পৰা উঠি দিনটোৰ বাবে সাজু হ'বৰ হয়। বাজেট কৰি গোটেই মাহৰ খোৱা-বোৱাৰ হিচাপ কৰিবলগা হয়। পিঁয়াজ, মিঠাতেল নাইবা পেট্ৰ'লৰ দাম বৃদ্ধি হ'লে দুঃচিন্তা বাঢ়ে । যি জীৱন মানুহে অবিৰত সংগ্ৰাম, সীমাবদ্ধতা আৰু ব্যস্ততাত পাৰ কৰে, সেই জীৱনত এইবোৰ কাল্পনিক সুখ বিলাসে হতাশা বঢ়ায়। আনন্দ নহয়।
জীৱন প্ৰকৃততে চিনেমাৰ দৰে নহয়। ইয়াত দেখা নাযায় জীৱনৰ শেষ দৃশ্যত প্ৰেমিক-প্ৰেমিকাই পৰস্পৰক বুজাই দিব, কেৱল তেওঁৰ বাবেই অপেক্ষা কৰি কৰি পাৰ কৰি দিলে সমস্ত জীৱনকাল। আমাৰ জীৱন খুব খলা-বমাত চলে। ইয়াত এদিনৰ বাবে ন্যায়পৰায়ণ পুলিচ হোৱাৰো সুযোগ নাই। চৌব্বিশ ঘণ্টাত দেশৰ আইনী ব্যৱস্থা শুদ্ধ কৰি পেলোৱা বা শাসন ব্যৱস্থা সলনি কৰি পেলোৱাৰো ক্ষমতা নাই। বেপৰুৱা মহাশক্তিমান নায়কৰ দৰে ওঁঠত সুঁহুৰি আৰু হাতৰ আঙুলিৰে গাড়ীৰ চাবি ঘূৰাই যি ইচ্ছা তাকে কৰিব পৰা নাযায়।
জীৱনক সিমান কল্পলোকৰ ৰূপত দেখা উচিত নহয়। চকু মুদি নিজকে ভাসমান অৱস্থাত কল্পনা কৰিব পাৰি। কিন্তু চকু মেলিলেই বুজা যায় মাটিৰ লগত শৰীৰৰ সম্পৰ্ক কিমান ঘনিষ্ঠ। জীৱন প্ৰকৃততে যেনে তেনেকৈয়ে ভৱা উচিত। তেতিয়া কোনো অপ্ৰাপ্তিৰ বেথাই বুকুৰ ভিতৰত শূন্যতাৰ সৃষ্টি কৰিব নোৱাৰে। মানুহ আচলতে হতাশাগ্ৰস্ত হৈ উঠে মাত্ৰাতিৰিক্ত ভাৱ-চিন্তাৰ বাবে। যাৰ জীৱন ভ্ৰান্ত আবেগত বেছিকৈ আচ্ছন্ন তেনে জীৱন তাতোতকৈ বেছি জটিল হৈ পৰে।

No comments: