মুখ্য সম্পাদকৰ কলম
কবি যতীন্দ্ৰ নাথ দুৱৰাই অতীতক এবাৰ 'নাযাবা পাহৰি’ আৰু এবাৰ 'যোৱাহে পাহৰি’ বুলি কৈছে। কিন্তু আমি কি পাহৰিম বা কি মনত ৰাখিম, সেয়া আমাৰ নিজৰ ওপৰতেই নিৰ্ভৰ কৰে। ইচ্ছা কৰিলে আমি অপ্ৰয়োজনীয় কথাবোৰ মনত ৰাখি প্ৰয়োজনীয়বোৰ পাহৰি পেলালেও ক’বলৈ একো নাই। যিদৰে কৰ’নাৰ সময়ছোৱাত পৰস্পৰৰ প্ৰতি প্ৰকাশ কৰা সমমৰ্মিতা আৰু স্বাস্থ্য-সজাগতাৰ কথাবোৰ পাহৰি থাকিলো। সোনকালেই হয়তো পাহৰি থাকিম মানৱসৃষ্ট বুলি একপ্ৰকাৰ চিহ্নিত হোৱা ভয়াবহ বানৰ কথা, পলকতে হেৰুৱাই পেলোৱা জুবিন গাৰ্গৰ দৰে এগৰাকী শিল্পীৰ ন্যায়ৰ কথা... হয়তো বুকুৰ জুইকুৰা নুমুৱাই বন্তি জ্বলোৱাতহে অধিক গুৰুত্ব দিম। ৰং-ৰহইচ, উৎসৱত মতলীয়া হ’ম! সামাজিক মাধ্যমত কি ট্ৰেণ্ড চলিছে- তেনেদৰেও ব্যস্ত হৈ পৰিম।
শৰৎ এটা ঋতু; হ’লেও কাব্যিক দৃষ্টিৰে চোৱা হয় হেঁপাহৰ শৰতক। অনন্য অনুভৱ জগাই তোলে শৰতে, এক সুকীয়া মাদকতা। কিন্তু বিগত আৰু এই বৰ্ষত আমি শৰতৰ সৈতে একাত্ম হ’ব পাৰিছো জানো!
অসমবাসীলৈ শাৰদীয় শুভকামনা জনালোঁ। দিনবোৰ ভাল হওক...।

No comments: