প্ৰেমৰ কোমলতা
অম্বোধৰ গোহাঁই
কাণৰ লতিত ওলমি আছে
আকর্ষণীয় মোহনীয়তা
চকু মুখত জিলিকে হৃদয়ৰ
তেজাল উজ্জ্বলতা
কোনোবা কাহানিতেই
ঐশ্বৰিক শক্তিয়ে এৰি দিয়া
প্রেম আকলুৱা একাঁহি ভোক
প্রবাহমান জগতৰ চৌপাশ
সাগৰৰ পানীৰ শীতলতাখিনি দেখিছানে ?
তাতোকৈয়ো শীতল হয়তো
অনুভৱে অনুভৱে আশাত ভৰুণ
প্ৰেমৰ পথাৰখন বহল
আয়তনত হালে-জালে
পাৰ চৰাই ডেউকাৰ পাখিত বতাহ
প্ৰেমৰ কোমলতা
প্ৰেমৰ উজ্জ্বলতা সকলোৱে পায়
জীৱশ্রেষ্ঠ মানুহ, কীট-পতংগ আদি কৰি
সু-দূৰ সীমনালৈ।
ঠিকনাঃ ফুকন নগৰ, শিৱসাগৰ
ফোন- ৮৬৩৮৫৩৫১৭৬

No comments: