সূচীপত্ৰ - অক্টোবৰ ২০২৬

✍️ প্ৰবন্ধ
🍂 শৰৎ-বিশেষ
📑 কবিতা
💭 অনুভৱ
📜 গল্প
📖 অণুগল্প
✨ ইতিবাচক

কথাখিনি শেষ হোৱা নাই

October 09, 2026


মনোজ পাণ্ডে


কোনোদিন কোনোকালে শেষ নোহোৱা কথা

জোনাকৰ চোতালত বহি

আইতাই কোৱা সেই সাধুকথা

পানীৰ ঢল অহাৰ কথা

ভূৰ সাজি নিজক বচোৱাৰ কথা

গৰু, ছাগলী উটি যোৱা

শৱবোৰৰ কথা

এই কথা শেষ নোহোৱা কথা


লালসা বাঢ়িব যিমান

দুৰ্গতিও বাঢ়িব সিমান

বেলিটোৰ সমুখত জোনক চোৱাৰ হেঁপাহ


এই যে কথাবোৰ

কথাবোৰত পাহাৰৰ দোষ নাই

দোষ নাই বুলিয়েই

কানাইয়ে গোৱদ্ধৰ্নক নতশিৰে

জনাইছিল সেৱা

পুনঃ বাঢ়ি আহিব

শেষ নোহোৱা কথাবোৰ

ক্ৰমাৎ নিপাত যাব ধৰিছো আমিবোৰ


গদাপাণি-ডালিমীৰ কথাবোৰো

যেন আজি পাহৰণিৰ সূদূৰ পৰাহত

ক’লা হীৰাৰ লোভত

পৰ্বতসম ধন ঘটাৰ লালসাত৷


আনৰ কথা ভাবিব নোৱাৰা মানুহবোৰে

নিজৰ কথাকে ভাবিব নোৱাৰে ভালদৰে

ভালদৰে ভাবিব নোৱাৰে বাবে

আপুনি ৰাজনীতি কৰে

ৰাজনীতি কৰে বাবে

পাহৰি যায়

পেটৰ ভোকতকৈ ধৰ্ম ডাঙৰ নহয়৷


কথাবোৰ ইমানতে শেষ হোৱা হ’লে

ভাল আছিল

পিছে ৰজাৰ নীতিয়ে যাক

শেষ হ’বলৈ নিদিয়ে কোনোদিন কোনোকালে৷


হে মহাশয়,

নিজে ভাবিব, নিজে কৰিব

নকৰিলে নিজে নিজৰ বাবে

কথাবোৰে জীয়াই থাকিব নিদিয়ে

কোনোদিন কোনোকালে৷


ঠিকনাঃ ডিমৌ, শিৱসাগৰ 

ফোন -০৮৬৪২০৫১৬

No comments:

Powered by Blogger.