সূচীপত্ৰ - অক্টোবৰ ২০২৬

✍️ প্ৰবন্ধ
🍂 শৰৎ-বিশেষ
📑 কবিতা
💭 অনুভৱ
📜 গল্প
📖 অণুগল্প
✨ ইতিবাচক

জুবিন দা, কাজিৰঙা আৰু মোৰ সপোন

October 09, 2026


পল্লৱী বৰুৱা


         কৰ্মসূত্ৰে আজিকালি শিৱসাগৰ আৰু গুৱাহাটীলৈ মোৰ বাছেৰে নৈশ যাত্ৰা স্বাভাৱিকভাৱে চলি থাকে৷ এইবাৰ গুৱাহাটীৰ পৰা ঘৰলৈ, মানে শিৱসাগৰলৈ যাত্ৰাটো অলপ সুকীয়া৷ চাওঁতে চাওঁতে হিয়াৰ আমঠুজন নোহোৱা হোৱা এবছৰেই হ’লহি৷ সকলোফালে মহা আয়োজন জুবিন দিৱসক উদ্দেশ্যি৷ যোৰাবাটৰ অকোৱা-পকোৱা ৰাস্তাটো এৰি বাছখন সোণাপুৰ পালেহি৷ লোকে লোকাৰণ্য জুবিনক্ষেত্ৰ৷ ভীৰ ফালি ফালি বাছখন আগবাঢ়িছে ধীৰ গতিৰে৷ মনটো সেমেকি উঠিল৷ সঁচাকৈ নাইকিয়া হ’ল অসমক উজ্জ্বল জ্যোতিৰে আকাশ এচমকা হৈ আৱৰি ৰখা আৱৰণখন৷ এতিয়া মাথো শূন্যতা৷ চৌদিশে কেৱল ঘন হতাশা৷ হেডফোনত বাজি থকা গানবোৰে মোক আৱেগিক কৰি তুলিলে৷ নিজে গানৰ অৰ্থ বুজি নোপোৱা দিনৰ পৰাই আমিবোৰ জুবিনদাৰ সুৰত ডুবি থকা একো একোজন অনুৰাগী৷ কৈশোৰ, স্কুল কলেজ, ইউনিভাৰ্ছিটিৰ বহু স্মৃতি জুবিনদাৰ গানবোৰে ঘূৰাই দিয়ে৷ জুবিনদা, ভিটালিবাৰ বিহুৰ গানবোৰে আমাৰ নগৰীয়া জীৱনবোৰলৈ কঢ়িয়াই আনিছিল ব’হাগৰ বতৰা৷ এতিয়া আমিবোৰ আত্মাক হেৰোৱা যান্ত্ৰিক মানৱ৷



           জুবিনদাৰ কথা ভাবি ভাবি কেতিয়ানো বাছখন আহি জখলাবন্ধা পালেহি গমকে নাপালো৷ কিছু সময়ৰ পিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ হয় শিৱসাগৰলৈ বুলি৷ যিমান টোপনিত থাকিলেও ৰাতিৰ কাজিৰঙাখনৰ গহীন পৰিৱেশটো সদায় উপভোগ কৰো৷ চাৰিওফালে আন্ধাৰ, তাৰ মাজতে গাড়ীৰ হেডলাইটৰ পোহৰত কাজিৰঙাখন আৰু মায়াবী হৈ পৰে৷ হঠাতে মনত পৰিল নিউজ পেপাৰ, টি. ভি চেনেলবোৰত চৰ্চিত হৈ থকা এটা শব্দ৷ কাজিৰঙাৰ ‘Eco sensitive zone’ অৰ্থাৎ কাজিৰঙাৰ সংবেদনশীল এলেকাৰ পৰিসৰ হ্ৰাস কৰাৰ এটা বাতৰি৷

             সংবেদনশীল এলেকা এনে এটা অঞ্চল য’ত প্ৰকৃতি আৰু বন্যপ্ৰাণীক অনিষ্ট কৰিব পৰা সকলো মানৱীয় কাৰ্যকলাপ যেনে – গছ-গছনি কটা, নতুন নিৰ্মাণ আদি সকলো কাৰ্যকলাপ ৰোধ কৰা হয়৷ বৰ্তমান কাজিৰঙাৰ Eco sensitive zone অৰ্থাৎ সংবেদনশীল অঞ্চলৰ পৰিসৰ ১০ কিঃমিঃৰ পৰা হ্ৰাস কৰি ৩ ৰ পৰা ১ কিঃমিঃ কৰাৰ পৰিকল্পনা কৰি থকা হৈছে৷ সংৰক্ষিত বনাঞ্চল বা ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰৰ কেইটামান কিলোমিটাৰজুৰি থকা এই অঞ্চলটোৱে সুৰক্ষামূলক আৱৰণ বা শ্বক অৱজাৰভাৰ হিচাপে কাম কৰে৷ ইয়াৰ অৰ্থ সম্পূৰ্ণভাৱে মানুহক উচ্ছেদ কৰা নহয়৷ পৰিৱেশলৈ বিপদ আনিব পৰা কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাহে৷ প্ৰশ্ন হয় কাজিৰঙাখনক আমি যেনেকৈ দেখিছো তেনেকৈ থাকিবলৈ দিব নোৱাৰি নে? সংবেদনশীল অঞ্চলৰ পৰিসীমা হ্ৰাস কৰি আনিলে জীৱ-জন্তুবোৰৰ আশ্ৰয়স্থলৰ পৰিসৰ সীমিত হৈ আহিব৷ বানপানীৰ সময়ত চকুৰ আগতে শ শ জীৱ-জন্তুৰ আশ্ৰয়স্থলৰ অভাৱত মৃত্যু হয়৷ সংবেদনশীল এলেকাৰ পৰিসৰ কমি আহিলে কাজিৰঙাৰ এক কিঃমিঃ ব্যাস্যাৰ্ধৰ বাহিৰত জনবসতি ঘন হৈ পৰিব৷ কল-কাৰখানা গঢ় লৈ উঠিব৷ বন ধ্বংসৰ অবাধ সংহাৰ চলিব৷ হাতী মানুহৰ সংঘাতৰ জীয়া ছবিৰ বছৰ বছৰ ধৰি আমিবোৰ নিৰৱ সাক্ষী৷ এই সমস্যাবোৰ আৰু গাঢ় হৈ পৰিব৷ এই প্ৰশ্নবোৰক আওকাণ কৰি চৰকাৰী পক্ষই যুক্তি আগবঢ়ায় যে এক নিৰ্দিষ্ট ১০ কিঃমিঃ পৰিসৰ থাকিলে স্থানীয় লোকসকলৰ ঘৰ-দুৱাৰ নিৰ্মাণ, পথ নিৰ্মাণ আৰু অন্যান্য মৌলিক উন্নয়নমূলক কাম কাজত বাধা আহি পৰে৷ সেয়ে স্থানীয় জনজীৱন আৰু উন্নয়নৰ সুবিধাৰ্থে এই সালসলনি প্ৰস্তাৱ উত্থাপন কৰা হৈছে৷

          কথাখিনি ভাবি ভাবি আহি থাকোঁতে কাজিৰঙা এৰি আহি নুমলিগড়ো পাৰ হ’লো৷ মনটো বেয়া লাগি গ’ল৷ এবছৰ আগতে জুবিনদা নোহোৱা হ’ল৷ এতিয়া কাজিৰঙাখনো যদি সলনি হৈ যায় আমাৰ নিজৰ বুলিবলৈ কিবা থাকিবগৈ জানো? ম’বাইলটো উলিয়াই গুগলটোকে সুধিলো- এনে কি আইন আছে যে আমাৰ কাজিৰঙাখনৰ মানচিত্ৰই সলনি কৰিবলৈ প্ৰস্তাৱ দিছে? উত্তৰ আহিল গুগলৰ পৰা –

        ২০২২ চনৰ ৰায়: ২০২২ চনৰ জুন মাহত উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়ৰ জৰিয়তে দেশৰ সকলো সুৰক্ষিত বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ চাৰিওফালে সৰ্বনিম্ন ১

 কিঃমি পৰিসৰৰ Eco sensitive zone ঘোষণা কৰাটো বাধ্যতামূলক কৰে৷

         ২০২৩ চনৰ সংশোধিত নিৰ্দেশ [ৰাজহুৱা স্বাৰ্থৰক্ষা]: ২০২২ চনৰ সেই কঠোৰ নিৰ্দেশটো সমগ্ৰ দেশতে একেটা ছাঁতে বলবৎ কৰাটো অসম্ভৱ বুলি কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্যই ন্যায়লয়ক অৱগত কৰে৷ সেয়েহে ২০২৩ চনত নায়্যালয়ে সংশোধিত ৰায় প্ৰদান কৰি কয় যে–

         ক] সংবেদনশীল এলেকাৰ নিয়মসমূহে যাতে স্থানীয় জনসাধাৰণৰ দৈনন্দিন জীৱন-জীৱিকা আৰু উন্নয়নমূলক কাম কাজত ব্যাঘাত নজন্মায়৷

         খ] যদি কোনো ৰাজ্য চৰকাৰে নিৰ্দিষ্টকৈ সংবেদনশীল অঞ্চলৰ সীমা ঘোষণা নকৰে তেন্তে সেই অঞ্চলত স্বয়ংক্ৰিয়ভাৱে ১০ কিঃমিঃ পৰিসৰৰ অন্তৱৰ্তীকালীন নিয়ম বাহাল থাকিব৷

           খনি আৰু শিলৰ কোৱাৰীৰ ওপৰত সম্পূৰ্ণ নিষোধাজ্ঞা: উচ্চতম ন্যয়ালয়ৰ নিৰ্দেশ অনুসৰি পৰিসৰ এক কিঃমি হওক বা দহ কিঃ মিঃ সুৰক্ষিত অঞ্চলৰ ভিতৰত বা ইয়াৰ নিচেই কাষত যিকোনো ধৰণৰ খনি খনন, শিল ভঙা বা তেনে ব্যৱসায়ীক কাৰ্যকলাপ সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব৷ সেয়েহে কাজিৰঙাৰ দক্ষিণ দিশত থকা কাৰ্বি আংলঙত এনে কাৰ্যকলাপ উচ্ছতম ন্যায়ালয়ে বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে৷

            বন্যপ্ৰাণী ক’ৰিডৰৰ সুৰক্ষা [২০২৫ চনৰ ৰায়]: কাজিৰঙাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশটো আহিছিল ২০২৫ চনৰ ১৭ নৱেম্বৰত৷ উচ্চতম ন্যায়ালয়ে বাঘ সংৰক্ষিত অঞ্চলসমূহৰ সুৰক্ষা সন্দৰ্ভত ৰায়দান কৰে যে বাঘ প্ৰকল্পৰ অন্তৰ্গত অঞ্চলৰ সংবেদনশীল এলেকা নিৰ্ধাৰণ কৰোতে কেৱল এক কিঃমিঃ সংখ্যাটো ধৰি ল’লেই নহ’ব৷ বৰঞ্চ ইয়াৰ বাফাৰ জ’ন আৰু বন্যপ্ৰাণী পাৰ  হ’বলগীয়া কৰিড’ৰসমূহো ইয়াৰ ভিতৰত সামৰি ল’ব লাগিব৷ ইয়াৰ উপৰি কাজিৰঙাৰ চিহ্নিত ৯ টা বন্যপ্ৰাণী কৰিড’ৰৰ ব্যক্তিগত ভূমিত কোনো নতুন নিৰ্মাণ কাৰ্য কৰিব নোৱাৰিব৷

          বৰ্তমান অসম চৰকাৰে আইনী সুৰক্ষা আৰু স্থানীয় ৰাইজৰ সুবিধাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়লৈ নতুন প্ৰস্তাৱ পঠাবলৈ যো-জা চলাইছে৷ যাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত জনস্বাৰ্থ জড়িত আবেদনো [PIL] দাখিল কৰা হৈছে৷

         হেণ্ডিমেনজনে যোৰহাটত নমা কোনোবা আছে নেকি বুলি ক’লত মোৰ টোপনি ভাঙিল৷ ম’বাইল চাই চাই কেতিয়া টোপনি গ’লো গমকে নাপালো৷ মনত পৰিল এটা ধুনীয়া সপোন দেখিলো৷ জুবিন ক্ষেত্ৰত জয় জুবিনদা, জয় জুবিন দা বুলি কান্দি থকা ল’ৰাজাকৰ মাজত জুবিনদা বহুত গহীন৷ বহু সময় একো কোৱা নাছিল তেওঁ৷ এবাৰত উঠি লৈ কৈছে মই যাওঁ৷ তহঁতিবোৰে বৰ অশান্তি কৰ মোক৷ জুবিনদা জুবিনদা চিঞৰি থাকিলে নহ’ব নহয় কামবোৰ৷ মোৰ কামবোৰ তহঁতিয়ে কৰিব লাগিব৷ মই আছো চিন্তা নকৰিবি৷ মই কাকো খাতিৰ নকৰো৷ মই প্ৰকৃতিৰ সন্তান৷ মই থাকোঁতে প্ৰকৃতিক কোনেও একো কৰিব নোৱাৰে৷ এনেকৈ কৈ জুবিনদা নোহোৱা হৈ গ’ল৷

No comments:

Powered by Blogger.