সূচীপত্ৰ - অক্টোবৰ ২০২৬

✍️ প্ৰবন্ধ
🍂 শৰৎ-বিশেষ
📑 কবিতা
💭 অনুভৱ
📜 গল্প
📖 অণুগল্প
✨ ইতিবাচক

কৃষিক্ষেত্ৰত নাৰী

October 10, 2026















ড° সীমান্ত বৰুৱা


নাৰী নহয় কেৱল গৃহলক্ষ্মী
দেশ গঢ়াৰ মুকুতামণি।

         নাৰী হৈছে সমাজৰ এক অংগ। কেৱল গৃহস্থলী নহয়,আজিৰ নাৰীয়ে সকলো ক্ষেত্রতে নিজৰ পৰিচয় গঢ়ি তুলিছে। এখন সমাজ অথবা দেশৰ উন্নতি হ’বলৈ নাৰীৰ সক্ৰিয় অংশগ্ৰহণ একান্তই প্ৰয়োজন। শিক্ষা, আৰ্থ-সামাজিক, ৰাজনৈতিক ক্ষেত্ৰত অংশগ্ৰহণ, স্বাস্থ্য আৰু সমাজ সেৱা, সংস্কৃতি, সাহিত্য আৰু কলাৰ ক্ষেত্ৰত নাৰীক উপযুক্ত পৰিৱেশ  দিয়াৰ লগতে নাৰী কৃষকৰ গুৰুত্ব উপলব্ধি কৰি বিশ্বৰ বহু সংস্থাই এই বিষয়ত বৰ্তমান মনোযোগ দিয়া দেখা গৈছে। বিশেষকৈ ৰাষ্ট্ৰসংঘই বিশ্বজুৰি নাৰী কৃষকৰ অৱদান স্বীকৃতি দিয়া আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষাৰ বাবে বিভিন্ন উদ্যোগ গ্ৰহণ কৰাটো শুভ লক্ষণ। ইয়াৰ জৰিয়তে নাৰীসকলক কৃষিক্ষেত্ৰত অধিক সুযোগ প্ৰদান কৰাৰ চেষ্টা চলি আছে। ৰাষ্ট্ৰসংঘই ২০২৬ বৰ্ষটো “আন্তৰ্জাতিক মহিলা কৃষক বৰ্ষ” হিচাপে ঘোষণা কৰিছে। এই ঘোষণা কৰাৰ মূল উদ্দেশ্য হৈছে কৃষিক্ষেত্ৰত মহিলাসকলৰ গুৰুত্বপূৰ্ণ অৱদানক স্বীকৃতি দিয়া আৰু তেওঁলোকৰ সমস্যা আৰু অধিকাৰৰ বিষয়ে বিশ্ববাসীৰ মনোযোগ আকৰ্ষণ কৰা। বিশ্বৰ বহু দেশত কৃষি হৈছে অৰ্থনীতিৰ মূল আধাৰ। এই ক্ষেত্ৰত মহিলাসকলে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষকৈ উন্নয়নশীল দেশসমূহত কৃষিকাৰ্য্য, খাদ্য উৎপাদন, শস্য সংৰক্ষণ, পশুপালন আদি কামত মহিলাসকল সক্ৰিয়ভাৱে জড়িত। তথাপি বহু সময়ত তেওঁলোকৰ এই অৱদানে যথাযথ স্বীকৃতি নাপায়। সেই কাৰণেই ৰাষ্ট্ৰসংঘই মহিলা কৃষকৰ অৱদান বিশ্বমঞ্চত উজলাই তুলিবলৈ এই বৰ্ষ ঘোষণা কৰিছে কৃষিক্ষেত্ৰত মহিলাৰ অৱদানৰ বিশেষ কিছুমান কাৰ্যসূচীৰ। আন এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে মহিলা কৃষকসকলৰ বিভিন্ন সমস্যা। বহু দেশত মহিলা কৃষকে মাটিৰ অধিকাৰ, ঋণ সুবিধা, আধুনিক কৃষি প্ৰযুক্তি, শিক্ষা আৰু বজাৰৰ সুবিধা লাভ কৰাত বাধাৰ সন্মুখীন হয়। এই বৈষম্য দূৰ কৰি তেওঁলোকক অধিক সুযোগ আৰু সমান অধিকাৰ প্ৰদান কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি এই উদ্যোগ লোৱা হৈছে বুলিও ৰাষ্ট্ৰসংঘৰ পৰা কোৱা হৈছে। ইয়াৰ উপৰিও মহিলা কৃষকৰ উন্নয়নে বিশ্বৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাত সহায় কৰে। মহিলাসকলে খাদ্য উৎপাদনৰ লগতে পৰিয়ালৰ পুষ্টি আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়ে মহিলা কৃষকৰ সক্ষমতাই সমাজ আৰু অৰ্থনীতি দুয়োটাৰে উন্নতি সাধন কৰিব পাৰে। গতিকে ৰাষ্ট্ৰসংঘৰ এই ঘোষণাই নাৰী কৃষিক্ষেত্ৰত উন্নয়নৰ লক্ষ্যসমূহ বাস্তৱায়ন কৰাৰ ক্ষেত্ৰতো সহায়ক কিমান হ'ব সময়ে ক’ব। দৰিদ্ৰ্যৰ দূৰীকৰণ, ক্ষুধা নিৰ্মূল আৰু লিংগ সমতা স্থাপন কৰাত মহিলা কৃষকৰ উন্নয়ন অত্যন্ত প্ৰয়োজনীয়। সেইদৰে ক’ব পাৰি যে, ২০২৬ বৰ্ষটো “আন্তৰ্জাতিক মহিলা কৃষক বৰ্ষ” হিচাপে ঘোষণা কৰি ৰাষ্ট্ৰসংঘই মহিলা কৃষকৰ অৱদানক স্বীকৃতি দিয়াৰ লগতে তেওঁলোকৰ অধিকাৰ, সমতা আৰু উন্নয়নৰ বাবে বিশ্বব্যাপী সচেতনতা সৃষ্টি কৰাৰ চেষ্টা কৰাটো উল্লেখযোগ্য দিশ।
           মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা কৃষিক্ষেত্ৰখন মানুহৰ জীৱনৰ সৈতে গভীৰভাৱে জড়িত আহিছে। খাদ্য উৎপাদন আৰু জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত কৃষিৰ গুৰুত্ব অতি বেছি। এই কৃষি ব্যৱস্থাৰ বিকাশত নাৰীৰ অৱদান অমূল্য। পৃথিৱীৰ বহু দেশত নাৰীসকলে খেতি কৰা,বীজ সংৰক্ষণ, পশুপালন, খাদ্য প্ৰস্তুত আৰু বিপণন আদি কামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তথাপি বহু ক্ষেত্ৰত তেওঁলোকৰ অৱদান স্বীকৃতি লাভ নকৰে। সেয়েহে নাৰীৰ কৃষি ক্ষেত্ৰত অৱদানৰ বিষয়ে আলোচনা কৰা অতি প্ৰয়োজনীয়। ইতিহাসবিদ আৰু সমাজবিজ্ঞানীসকলৰ মতে কৃষিৰ প্ৰাৰম্ভিক বিকাশত নাৰীৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। প্ৰাচীন কালত মানুহে বনজ সম্পদ সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰিছিল। সেই সময়ত নাৰীসকলে বিভিন্ন উদ্ভিদ আৰু বীজ সংগ্ৰহ কৰি সেয়া সংৰক্ষণ কৰাৰ অভ্যাস গঢ়ি তুলিছিল। পৰৱৰ্তী সময়ত এই বীজসমূহ মাটিত ৰোপণ কৰি খাদ্য উৎপাদনৰ ধাৰণা জন্মে। এই কাৰণেই বহু গৱেষকে নাৰীক কৃষিৰ অন্যতম প্ৰৱৰ্তক বুলি বিবেচনা কৰে। বিশ্বৰ কৃষি উৎপাদনত নাৰীৰ অৱদান অনস্বীকাৰ্য।
           বৰ্তমান সময়তো পৃথিৱীত কৃষি ক্ষেত্ৰত নাৰীৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ এচিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দৰৈ উন্নয়নশীল দেশসমূহত নাৰীসকলে কৃষিকাৰ্য্যত ব্যাপক অংশ গ্ৰহণ কৰে। বীজ বোৱা,পুলি যত্ন লোৱা, শস্য কটোৱা আৰু শস্য সংৰক্ষণ কৰা আদি কামত তেওঁলোক সক্ৰিয়ভাৱে জড়িত। বহু ক্ষেত্ৰত নাৰী সকলেই কৃষিকাৰ্য্যৰ মূল চালিকা শক্তি। খাদ্য উৎপাদনৰ এক উল্লেখযোগ্য অংশ নাৰীৰ পৰিশ্ৰমৰ ফল। এই ক্ষেত্ৰত নাৰীৰ অৱদান বিশ্বৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাতো সহায় কৰে। আনহাতে কৃষিক্ষেত্ৰত নাৰীৰ কাম কেৱল শস্য উৎপাদনতে সীমাবদ্ধ নহয়। তেওঁলোকে পৰিয়ালৰ খাদ্য সুৰক্ষা আৰু পুষ্টিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বহু গ্ৰাম্য সমাজত নাৰীসকলে ঘৰৰ চোতালত শাক-পাচলি খেতি কৰে, হাঁহ-কুকুৰা আৰু পশুপালন কৰে। এইবোৰৰ জৰিয়তে পৰিয়ালৰ খাদ্যৰ যোগান বৃদ্ধি পায় আৰু পুষ্টি নিশ্চিত হয়। বিশেষকৈ শিশুসকলৰ স্বাস্থ্য ৰক্ষাত নাৰীৰ এই অৱদান অতি গুৰুত্বপূৰ্ণ।
          নাৰীসকলে ঐতিহাসিক কালৰ পৰা বিভিন্ন বীজ সংৰক্ষণ কৰি আহিছে। স্থানীয় ধান, শাক-পাচলি আৰু অন্যান্য উদ্ভিদৰ বীজ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ জ্ঞান অত্যন্ত গুৰুত্বপূৰ্ণ। এই জ্ঞানৰ ফলত স্থানীয় কৃষি সংস্কৃতি আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ হয়। ইয়াৰ উপৰিও নাৰীসকলে মাটিৰ উৰ্বৰতা বজাই ৰখা, পানী সংৰক্ষণ আৰু পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰতো ইতিবাচক ভূমিকা পালন কৰে। গ্ৰামাঞ্চলত নাৰীসকলৰ কৃষিকাৰ্য্য গ্ৰামীণ অৰ্থনীতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁলোকে কৃষি উৎপাদনৰ লগতে গৃহস্থালীৰ কামো সমানভাৱে সম্পন্ন কৰে। বহু ক্ষেত্ৰত নাৰীসকলে উৎপাদিত শস্য বজাৰত বিক্ৰী কৰি পৰিয়ালৰ আয় বৃদ্ধি কৰে। সৰু সৰু উদ্যোগ যেনে দুগ্ধ উৎপাদন, হাঁহ-কুকুৰা পালন, মৌ উৎপাদন আদি কামতো নাৰীসকল সক্ৰিয়। এইবোৰৰ জৰিয়তে গ্ৰামীণ অৰ্থনীতি শক্তিশালী হয়। যদিও নাৰীসকল কৃষিক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। তথাপি তেওঁলোক বহু সমস্যাৰ সন্মুখীন হয়। বহু দেশত নাৰীসকলৰ মাটিৰ অধিকাৰ সীমিত। তেওঁলোকে সহজে ঋণ সুবিধা, আধুনিক কৃষি প্ৰযুক্তি আৰু প্ৰশিক্ষণ লাভ নকৰে। তাৰ উপৰি সামাজিক আৰু সাংস্কৃতিক বাধাৰ কাৰণেও বহু সময়ত তেওঁলোকৰ কামৰ স্বীকৃতি লাভ নকৰে। এই সমস্যাসমূহ নাৰী কৃষকৰ উন্নয়নৰ পথত এক ডাঙৰ বাধা ঠিয় দি আহিছে।
            নাৰী সবলীকৰণ আৰু কৃষিৰ উন্নয়ন যদি নাৰীসকলক সুযোগ আৰু সুবিধা দিয়া যায় তেন্তে কৃষি উৎপাদন অধিক বৃদ্ধি পাব পাৰে। শিক্ষা, প্ৰশিক্ষণ, ঋণ সুবিধা আৰু আধুনিক প্ৰযুক্তি লাভ কৰাৰ সুযোগ নাৰীসকলক প্ৰদান কৰিলে তেওঁলোকে অধিক দক্ষতাৰে কৃষিকাৰ্য্য সম্পন্ন কৰিব পাৰিব। ইয়াৰ ফলত খাদ্য উৎপাদন বৃদ্ধি পাব আৰু গ্ৰামীণ অৰ্থনীতি অধিক শক্তিশালী হ’ব। নাৰী কৃষকৰ গুৰুত্ব উপলব্ধি কৰি বিশ্বৰ বহু সংস্থাই এই বিষয়ত মনোযোগ দিয়াটো সমাজৰ বাবে শুভ লক্ষণ। বিশেষকৈ ৰাষ্ট্ৰসংঘই বিশ্বজুৰি নাৰী কৃষকৰ অৱদান স্বীকৃতি দি তেওঁলোকৰ অধিকাৰ সুৰক্ষাৰ বাবে বিভিন্ন উদ্যোগ গ্ৰহণ কৰাটো। ইয়াৰ জৰিয়তে নাৰীসকলক কৃষিক্ষেত্ৰত অধিক  সুযোগ প্ৰদান কৰিবলৈ চেষ্টা কৰা উচিত।
             সামগ্ৰিকভাৱে বিশ্বৰ কৃষি ব্যৱস্থাৰ বিকাশত নাৰীৰ অৱদান অমূল্য। খাদ্য উৎপাদন, বীজ সংৰক্ষণ, পশুপালন, পৰিবেশ সুৰক্ষা আৰু গ্ৰামীণ অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। তথাপি বহু ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ স্বীকৃতি লাভ নকৰাটো পৰিতাপৰ কথা। সেয়ে নাৰী কৃষকৰ অধিকাৰ সুৰক্ষা, শিক্ষা আৰু প্ৰযুক্তিৰ সুবিধা প্ৰদান কৰি তেওঁলোকক অধিক সুবিধা দিলেহে বিশ্বৰ কৃষি ব্যৱস্থা অধিক উন্নতি কৰিবলৈ সক্ষম হ'ব। যিহেতু আধুনিক, উন্নত সমাজ গঢ়িবলৈ নাৰীৰ ভূমিকা অস্বীকাৰ্য। কোনো সমাজত যদি নাৰী সন্মানিত, শিক্ষিত আৰু স্বাৱলম্বী হয় তেন্তে সেই সমাজ নিজে স্বাভাৱিকভাৱে উন্নত হয়। সেয়ে,সমাজ আৰু চৰকাৰে একেলগে নাৰীৰ শিক্ষা, স্বাস্থ্য, সুৰক্ষা আৰু আত্মনির্ভৰতা নিশ্চিত কৰাৰ দিশে আগবাঢ়িব লাগিব। নাৰীৰ উন্নয়ন মানে সমাজৰ উন্নয়ন। "নাৰীক শক্তি দিয়ক, সমাজক আগবাঢ়ক" শ্লগানেৰে যিখন সমাজৰ নাৰী শক্তিশালী হয় সেই সমাজ স্বাভাৱিকভাৱে উন্নতি হোৱাৰ সম্ভাৱনাই অধিক।

(লেখক বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক)

   

No comments:

Powered by Blogger.