সূচীপত্ৰ - অক্টোবৰ ২০২৬

✍️ প্ৰবন্ধ
🍂 শৰৎ-বিশেষ
📑 কবিতা
💭 অনুভৱ
📜 গল্প
📖 অণুগল্প
✨ ইতিবাচক

চিনাকি অচিনাকি

October 09, 2026


পৰশমণি বৰদলৈ


অস্ফুট মাত আৰু হাতৰ ইংগিতেৰে

তেওঁ কিবা এটা বুজাব খুজিছিল

কেৰাহিকৈ চাই

এজন দুজনকৈ মানুহবোৰে 

কিবা ভোৰভোৰাই তেওঁৰ কাষেৰে

পাৰ হৈ গৈছিল


অবিন্যস্ত কেশ আৰু 

মলিয়ন সাজযোৰেৰে তেওঁ

এটা অচিনাকি ৰূপ পৰিগ্ৰহণ কৰিছিল


এদিন 

মানুহবোৰ জাকে জাকে

তেওঁৰ কাষ চাপিছিল

আয়ৈ বিয়ৈ কৰিছিল

গুণ বখানিছিল

একক দহ কৰিছিল


এতিয়া

মানুহজনৰ দেহটো শীতলহৈ আহিছে

বোবা মুখ

চকু ঘোলা

শীৰ্ণ হাতৰ ঠাৰেৰে 

তেওঁ কিবা এটা যেন বিচাৰিছে


এজন দুজনকৈ মানুহবোৰ

তেওঁৰ কাষ চাপিছে

কোনোবাই দূৰৈৰ পৰাই 

আলেঙে আলেঙে চাইছে


লাহে লাহে গুণগুণনিবোৰ বাঢ়িছে


তেওঁৰ চকু দুটা মেলা

কাণখনো খোলা

সকলোৱে চাই চাই

কিবাকিবি ভাবি সাজি 

কিবাকিবি কৈছে


লাহে লাহে 

গুণগুণনিবোৰ কমি আহিছে


মানুহবোৰ এজন দুজনকৈ 

তেওঁৰ কাষৰ পৰা আঁতৰি গৈছে

ভিৰটো কমি আহিছে


শীতৰ নিজম ৰাতি 

টোপটোপকৈ হিম সৰিছে

গছৰ তলসৰা পাতবোৰে

তেওঁৰ নিৰুত্তাপ দেহটো ঢাকি ধৰিছে


তেওঁৰ ওঁঠত বিৰিঙা হাঁহিটো দেখি

কোনোবাই কোনোবাই 

সেপ গিলিছে


তেওঁৰ চকু দুটা মেলা

হয়তো মোকেই চাইছে

হাতদুখনো খোলা

হয়তো কিবা এটা মোকেই বিছাৰিছে

ছে!


No comments:

Powered by Blogger.