শিৱসাগৰত সুৱৰ্ণ শইকীয়াৰ গ্ৰন্থ 'পৰিৱৰ্তন' উন্মোচন
শিৱসাগৰৰ পুৰণা আমোলাপট্টি গোহাঁই গাঁৱত সুৱৰ্ণ শইকীয়াৰ গল্প সংকলন 'পৰিৱৰ্তন' ১৫ ছেপ্টেম্বৰত উন্মোচন হৈ যায়। কলঞ্চুপাৰ শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত ৮৭ বছৰীয়া লেখিকাৰ প্ৰথমখন গ্ৰন্থ উন্মোচন কৰি সভাপতি সূৰ্যকান্ত দাসে কয় যে, প্রতিটো গল্পই বেলেগ বেলেগ সোৱাদ দিয়াৰ উপৰি অসমীয়া সমাজখনৰ প্ৰত্যেকৰ ঘৰতেই প্রায়ে ঘটি থকা সামাজিক, আধ্যাত্মিক, পাৰিবাৰিক প্রেক্ষাপটত ৰচনা কৰা গল্পসমূহে পাঠকৰ মন চুবলৈ সক্ষম হ’ব। বর্তমান অসমীয়া সমাজখনে নজনাকৈয়ে কেনেকৈ পুৰণি সংস্কৃতিবোৰ এৰি তথাকথিত আধুনিক সংস্কৃতিত সোমাই পৰিছে। তাকে যদি অনুসন্ধিৎসু মনেৰে অধ্যয়ন কৰা যায় তেতিয়া হয়তো গল্পকাৰৰ ক'ব লগা কথাবোৰৰ গভীৰতা অনুভৱ কৰিব পাৰিব বুলি মন্তব্য কৰে। প্ৰকাশন সচিব অমূল্য বৰুৱাই কয় যে, নামঘৰৰ মুখপত্ৰ "মিলনজ্যোতি"ত ২০০৬ ৰ পৰা লিখা আৰম্ভ কৰা গল্পকাৰে পাকঘৰৰ কামৰ মাজতে নিজৰ সৃষ্টি অব্যাহত ৰাখিছে। মুখপত্ৰৰ গল্পসমূহে আজি এক স্থায়ী ৰূপ লাভ কৰিছে বুলি মন্তব্য কৰে। ধৰ্মপ্ৰাণ ব্যক্তি লিখেশ্বৰ বৰুৱাই নিজৰ বক্তব্যত পৰিয়ালৰ দায়িত্বৰ উপৰি লিখি অহা সুৱৰ্ণ শইকীয়াক নাৰী সমাজৰ প্ৰেৰণা আখ্যা দিয়ে। বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত মাধৱ গগৈয়ে কয় যে, লেখিকাৰ গল্পসমূহৰ বাস্তৱধৰ্মিতা লক্ষণীয়। তেওঁৰ প্ৰতিটো গল্পই সমাজলৈ এক বাৰ্তা বহন কৰিছে। সমাজলৈ আমি কিবা এটা দি থৈ যোৱাৰ মানসিকতা প্ৰতিজন ব্যক্তিৰে থাকিব লাগে। গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত উৎসাহিত কৰা পুত্ৰসকলে প্ৰকৃতাৰ্থত মাতৃলৈ সেৱা আগবঢ়াইছে বুলি মন্তব্য কৰে। ৰংপুৰ সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত গগৈয়ে পৰিৱেশ চিত্ৰণত গল্পকাৰ সুদক্ষ বুলি মন্তব্য কৰি গ্ৰন্থত লেখিকাৰ মানসিক উৰ্বৰতা প্ৰকাশ পাইছে বুলি মত প্ৰকাশ কৰে। ইফালে আবেগিক হৈ মনৰ অনুভৱ প্ৰকাশ কৰি লেখিকাই কয় যে, বিভিন্নজনৰ পৰা পোৱা প্ৰেৰণাৰ ফলতেই গল্পবোৰে গ্ৰন্থৰ ৰূপ পালে। তেওঁলোকৰ তাগিদাতে তেতিয়াৰ পৰা আজি পৰ্যন্ত লিখি আহিছে। "তুমি লিখি যোৱা একো নহ’লেও কিবা এটা হ’ব"- ৰসৰাজৰ এইষাৰ কথাই তেওঁৰ প্ৰেৰণাৰ অন্যতম উৎস বুলি মন্তব্য কৰে। গোবিন ৰাজখোৱা আৰু কলঞ্চুপাৰ শাখাৰ সভাপতি প্ৰশান্ত বৰগোহাঁয়েও বক্তব্য আগবঢ়োৱা সভাত স্বৰ্ণ বুঢ়াগোহাঁই, কৃষ্ণ ৰাজখোৱাকে ধৰি বহু ব্যক্তি উপস্থিত থাকে।

No comments: