বিহুৰ বতৰত ন-চিন্তা -চেতনা জাগি উঠক
নজিউল্লা হাজৰিকা
বহু অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন৷ আমাৰ সাংস্কৃতিক জীৱন ব্যৱস্থাৰ স’তে সংপৃক্ত হৈ আছে আমাৰ বাপতি সাহোন বিহুটি৷ বিহু আমাৰ সংস্কৃতি আৰু সংহতিৰ প্ৰতীক৷ সেয়েহে বিহুক বাদ দি অসমীয়াৰ সভ্যতা-সংস্কৃতিৰ কথা চিন্তা কৰিবই নোৱাৰি৷
বিহু অসমীয়া জাতিটোৰ প্ৰাণ৷ কবি দেৱকান্ত বৰুৱাই কৈছিল- ‘অসমৰ বুকুত বুঢ়ালুইত যেতিয়ালৈকে বৈ থাকিব তেতিয়ালৈকে বিহু থাকিব৷’ বিহু অসমীয়াৰ সংস্কৃতিৰ সুষমা৷ সেয়েহে বৃহত্তৰ অসমীয়া জাতিটোৰ লগত জড়িত হৈ থকা বিভিন্ন জাতি-জনগোষ্ঠীয়সকলেও ব’হাগ বিহুটিক নিজ নিজ পৰম্পৰাৰে পালন কৰি আহিছে আৰু কৰিও যাব৷
আমাৰ হিয়াৰ আমঠু বিহুটিয়ে সময়ৰ সোঁতত পৰিশোধিত আৰু পৰিৱৰ্তিত হৈ পৰিছে৷ আজিৰ ব’হাগ যদি তাহানিৰ ব’হাগ হয় তেন্তে ই কিয় কৃত্ৰিমতাৰে ভৰি পৰিছে৷ সাম্প্ৰতিক সময়ত ই এক লাখটকীয়া প্ৰশ্ন৷ পৰিৱৰ্তন হৈছে সাজ-পাৰ, খাদ্যসম্ভাৰ৷ পৰিৱৰ্তন হৈছে পৰিৱেশ৷ পৰিৱৰ্তন হোৱাটো ভাল৷ কিন্তু স্বকীয়তা ৰক্ষা নকৰি, জাতিৰ সংস্কৃতিৰ গোন্ধ ৰক্ষা নকৰি পৰিৱৰ্তন হ’লেহে জাতিটোৰ ঐতিহ্যত ব্যাঘ্যাত জন্মিব৷ জাতীয় পৰম্পৰাৰ স্বাৰ্থত অপ-সংস্কৃতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবই লাগিব৷ প্ৰতিবাদৰ প্ৰয়োজন আহি পৰিছে৷ নহ’লে আধুনিক জীৱন যাত্ৰাই আমাৰ সমাজৰ পৰা বহু কিবা কিবি কাঢ়ি লৈ যাব৷ আমি আশাবাদী৷ আমাৰ মাজলৈ ভাল দিন আহিব৷ তাহানিৰ সংস্কৃতিয়ে আমাৰ সমাজ ব্যৱস্থাক আকৌ নতুনভাৱে ৰূপায়িত কৰিব৷
আমাৰ প্ৰতিজনৰ ন-চিন্তা, চেতনা জাগি উঠক৷ বিহুৰ সভ্যতা, সংস্কৃতি আৰু আত্মসংস্থাপনৰো স্থায়ী পথ হওক৷ বিহুক প্ৰাণশক্তি হিচাপে বিবেচনা কৰি জাতিটো আগবাঢ়িব লাগিব৷ ব’হাগ বিহুৰ বুকুতেই নিহিত হৈ আছে আমাৰ প্ৰতিজনৰ আৱেগ-অনুভূতি৷ যি আমাক বৃহৎ অসমীয়া জাতি হিচাপে জীয়াই থকাৰ প্ৰেৰণা দিয়ে৷ ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাই কোৱাৰ দৰে-
‘ব’হাগ মাথো এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ
অসমীয়া জাতিৰ আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ৷’
মানুহৰ লগত প্ৰকৃতিৰ আত্মিক সমন্বয়ত গঢ় লৈ উঠিছে একো একোটা সভ্যতা-সংস্কৃতি৷ ব’হাগ বিহুও ইয়াৰ ব্যতিক্ৰম নহয়৷ কিন্তু তাহানিতেই ৰংপুৰৰ বুকুতেই গঢ় লোৱা সমন্বয়-সংস্কৃতিৰ বৰচোতালৰ যেন ক’ৰবাত ঘূণে ধৰিছে৷ আজিৰ অনাকাংক্ষিত পৰিৱেশত আমি অসমীয়াই কিছু নতুন চিন্তা-নতুন পৰিকল্পনা কৰিব লাগিব৷ এই চিন্তা-পৰিকল্পনা হ’ব লাগিব ইতিবাচক৷ শিপা খামুচি আহক আমি প্ৰতিজনেই জাতিৰ ঐক্য-সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰো৷ বসন্তৰ কুঁহিপাতৰ দৰে উদ্ভাসিত কৰো আহক নতুন চিন্তা-চেতনাৰে৷

No comments: