বিহু: লোক সংস্কৃতি আৰু কৃষি
প্ৰেম গগৈ
বসন্ত কালত উদ্যাপন কৰা বহাগ বিহুৰ প্ৰতি অসমীয়া মানুহৰ আন্তৰিকতা, হেপাহ আৰু অবিচ্ছেদ্য সম্পৰ্কই ইয়াক জাতীয় উৎসৱৰ মৰ্যাদা প্ৰদান কৰিছে৷ বৰ্ণাঢ্য প্ৰকৃতিৰ মায়াময় পৰশত আনন্দমুখৰ হৈ উঠে অসমৰ প্ৰতিটো চুক-কোণ৷ চ’তে গৈ গৈ বহাগে পালেহি ঢাপত ভেবেলী লতাবোৰ ফুলে, নাহৰ ফুলৰ সুগন্ধই মন ৰাইজাই কৰে, ৰৈ ৰৈ কুলিয়ে গছে গছে বিনাই, তাঁতৰশালত শিপিনীৰ দোৰপতি ঘনাই নাচে৷ ঢেঁকীশালত জীয়াৰী বোৱাৰীৰ চিৰা-পিঠা খুন্দাৰ শব্দত, হাঁহি-খিকিন্দালিত মন থৌকি-বাথৌ হয়৷
বিহু মূলতঃ কৃষি উৎসৱ৷ কৃষিক গইনা লৈয়ে এই সংস্কৃতিক বুনিয়াদ গঢ়ি উঠিছে৷ এই বিহুৰ আচাৰ-নীতিৰ মাজতেই অসমীয়াৰ একতা আৰু সংহতিৰ এনাজৰীডাল লুকাই আছে৷ অতীজৰ পৰাই অসমত বাস কৰা বিভিন্ন সম্প্ৰদায়সমূহে নিজা নিজা ধাৰণাৰে পূজা-পাতল দি আৰু নানা উৎসৱ পালন কৰি শস্য বৃদ্ধিৰ বাবে বছৰৰ আৰম্ভণিতে বিহুৰ দৰে উৎসৱ সমূহক আদৰে৷ নগাবিলাকে খেতিৰ আৰাম্ভনিতে নগাপাণৰ অনুষ্ঠান পাতে৷ গাৰোসকলে জূম খেতি কৰে আৰু খেতিৰ আৰাম্ভণিতে ‘ৰোকিমে আৰু নহমা নহছাক অহকৃত’ অনুষ্ঠান পাতে৷ মিচিং সকলে বৰ্ণাঢ্যভাৱে আলি-আয়েঃ-লৃগাং পালন কৰে৷ মণিপুৰী, লুচাই আৰু লাখেৰ সকলে ধান সিঁচাৰ সময়ত মাছ ব্যৱহাৰ নকৰে৷ অসমত বসবাস কৰা চাওতাল চাহ-জনগোষ্ঠীৰ সকলে বহাগ জেঠ মাহত দেও তুলি মনসা পূজা পাতে৷ তাই আহোমসকলে ‘দেওশালৰ পূজা বা ইন্দ্ৰদেৱতাৰ পূজা পাতে৷ বহুতে লখিমী সবাহ আৰু নামঘৰত সমূহীয়াকৈ নাম-কীৰ্ত্তন কৰে৷
ধান খেতি অসমৰ মানুহৰ প্ৰধান খেতি৷ এই খেতি সাধাৰণতে বৰ্ষা ঋতুত কৰা হয়৷ সাতদিন বিহু পালন কৰাৰ পিছতেই ভাল দিন-বাৰ চাই কৃষক জনসাধাৰণে খেতিৰ উদ্দেশ্য পথাৰত হাল জোৰে৷ শনিবাৰে বা মঙ্গলবাৰে প্ৰথম দিনটোত হাল নোজোৰে৷ অন্যহাতে বেলিৰ বিপৰীত দিশৰ পৰাও হাল নাবায়৷ তেনে কৰিলে হেনো বেলিৰ লগত জেদ মৰা হয় আৰু এডৰা মাটি হাল বাবলৈ বহুত সময় লাগে৷ একাদশী, পূৰ্ণিমা, অমাৱশ্যা, দোমাহী, শংকৰদেৱ, মাধৱদেৱৰ তিথি, অম্বুবাচী, জন্মাষ্টমী আদিত হাল বাব নাপায় বুলি বিশ্বাস৷
অন্যহাতে কঠীয়া সিঁচোতেও দিন-বাৰ চাইহে কঠীয়া সিঁচা হয়৷ কঠীয়াতলীত কঠীয়া সিঁচাৰ আগতে মাটি ডৰাৰ চাৰিওফালে চাৰিটা তিতা ফুলৰ আগ আৰু কচুৰ পুলি ৰুইহে কঠীয়া সিঁচা হয়৷ তিতাফুলৰ তিতা গোন্ধত পোক পৰুৱা কঠীয়া ওচৰলৈ নাহে আৰু কচুৰ দৰে বহুতো পুলি পোখা হ’বলৈ কচু পুলি ৰুই দিয়া হয়৷ কচুক প্ৰজননৰ প্ৰতীক ৰূপেও বিশ্বাস কৰা হয়৷ কঠীয়া সিঁচোতে প্ৰথম তিনি মুঠি কঠীয়া গুৰুক দিম, ভকতক দিম, পঁচা শৰীৰক দিম বুলিহে সিঁচা হয়৷ কঠীয়া সিঁচি ভাগৰ লাগিলও কঠীয়া সিঁচাজন নুশুৱে৷ কঠীয়া সিঁচি আহি শুলে হেনো কঠীয়া লেহুকা হয় আৰু মৰে বুলি বিশ্বাস কৰা হয়৷ চাহ জনগোষ্ঠীৰ কোনো কোনো সম্প্ৰদায়ে সেইদিনা গৰু পূজা পাতল দি সেন্দুৰৰ ফোট দিয়ে৷ গাৰো সকলে কঠীয়া সিঁচা পাচি-খৰাহীত মাছৰ কাঁইট ৰাখে৷ পোক পৰুৱাৰ পৰা ৰক্ষা কৰিবৰ বাবে এনে কৰা হয়৷
কঠীয়া যেতিয়া ৰোৱাৰ বাবে উপযোগী হয় তেতিয়া ভাল দিন-বাৰ চাই মাটি ৰোৱা হয়৷ এই কাৰ্য্য আৰম্ভ কৰোতে প্ৰথমে আগলি কলপাতত এখন থুৰীয়া তামোল, হেলেচ, তৰা গছ, কচু গছ আদি দিয়া হয়৷ হেলেচৰ গুটিৰ দৰে থুপা-থুপে শইচ লাগিবৰ বাবে, তৰা আৰু কচুৰ দৰে পানীতো নমৰি লহপহকৈ বাঢ়িবৰ বাবে এইবোৰ দিয়া হয় বুলি জন বিশ্বাস আছে৷ ভূঁই ৰোৱাৰ দিনা কোনো ভিক্ষাৰীক ভিক্ষা দিয়া নহয় আৰু ভঁৰালো ছুৱা নহয়৷ মাটি ৰুই শেষ কৰাৰ দিনা বহুতো লোকে পিঠা খোৱা পাতে৷ এই পিঠা খোৱা কাৰ্যক নাঙলধোৱা পিঠা খোৱা উৎসৱ বুলিও কোৱা হয়৷ এইদৰে কঠীয়া ৰোৱাৰ পৰা ধান নকটা পৰ্যন্ত নানা নিয়ম পালন কৰা হয়৷ শইচ পোকে নাখাবৰ বাবে ল’ৰা-ছোৱালীক ঢেঁকীত বহিবলৈ নিদিয়ে৷ কৰবাত যদি খেতিডৰাত পোকে ধৰে তেন্তে আগলি কলপাতত থুৰীয়া তামোল দি শইচৰ পোক-পৰুৱা আঁতৰিবৰ বাবে প্ৰাৰ্থনা জনোৱা হয়৷
শইচ পথাৰত দাই অটোৱাৰ পিছত বিভিন্ন জনগোষ্ঠীসমূহৰ নানা ধৰণৰ পূজা-পাতল, উৎসৱ পালন কৰাৰো দিহা আছে৷ তাই আহোম সকলে আহিন-কাতি মাহত ‘লখিমী আদৰা’ উৎসৱ পালন কৰে৷ বড়োসকলে পালন কৰে ‘খেৰাই’ উৎসৱ, দেউৰীসকলৰ ‘মিনুচী নিদাৰুণ’ আদি৷ কাতি বিহুত ধাননি পথাৰত চাকি জ্বলোৱা হয়৷ চাহ জনগোষ্ঠীৰ লোকসকলে এই সময়ত পালন কৰে ‘চহৰাই পৰৱ’ ৷
খেতিৰ লগত জড়িত বহুতো বিহুগীত আৰু বনঘোষা আছে৷ আজিকালি অৱশ্যে এনে পুৰণি কলীয়া খুউব কমহে গোৱা হয়৷ গীতবোৰ এনে ধৰণৰ–
‘গৰু চৰাবৰে কঠীয়া তলীখন
ম’হ চৰাবৰে দল’
‘ পথাৰে পথাৰে বিচাৰি ফুৰিলো
কতে দাই আছিলা ধান’
‘বকুলৰ বৰাধানৰ আখৈ ভাজিছিলো
ম’হৰে বকলা দৈ’
‘উৰিয়াম খুৱলি বানো কেনে কৰি
বকুল বৰাধানৰ কৰাই৷’
‘ৰিব্ ৰিব্ কৰি বতাহ জাকি মাৰিলে
শালি দানে মেলিলে থোৰ৷’ ইত্যাদি
বহাগ বিহুক আগতে বহুলোকে চ’তৰ বিহুহে বুলি কৈছিল৷ ‘হুঁচৰি এ চ’ত’, ‘চ’তৰ বিহুলৈ ছমাহ বাকী’ আদি গীত-পদে সেই কথাকেই সোঁৱৰাই দিয়ে৷ অন্যহাতে দেউৰী সকলে আৰু মিচিং সকলে প্ৰকৃতাৰ্থত ‘আলি-আয়েঃ-লৃগাং’ আৰু দেউৰী বিহু আদি ফাগুন-চ’ত মাহতে পাতে৷ এইটো অস্বীকাৰ কৰিব নোৱাৰি যে, চ’তৰ বিহুৱেই হওক বা ব’হাগৰ বিহুৱেই হওক৷ অসমীয়াৰ ৰঙালী বিহুৰ উৎস কিন্ত লোক বিশ্বাসৰ আধাৰতে৷ এই সময়ত অসমৰ বিভিন্ন জনগোষ্ঠীয়ে তেওঁলোকৰ বহুতো ধৰ্মীয় অনুষ্ঠান পালন কৰে৷ বহুতো পণ্ডিতে মত প্ৰকাশ কৰিছে যে, বহাগৰ বিহুত নৃত্য অপৰিহাৰ্য্য নহয়৷ উপৰি পুৰুষ তথা মৃতকৰ তৰ্পণহে মূল বিষয়৷ তাই আহোমসকলৰ বাহিৰেও অসমৰ সকলো পুৰণি জনগোষ্ঠীৰ মাজত বহাগৰ বিহুত পৰম্পৰাগত বিধানেৰে মৃতকক তৰ্পণ জনোৱাটো এৰাব নোৱাৰা বিষয়৷ আজিও এই নিয়ম গাঁও অঞ্চলত নিয়মিত ভাৱে পালন কৰা হৈ আহিছে
তথাপি সময়ৰ পৰিবতৰ্নৰ লগে লগে অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহুলৈও পৰিবৰ্তন আহিছে৷ কৃষিৰ পদ্ধতিও সলনি হৈছে৷ পৰিবৰ্তন অহাটো স্বাভাৱিক৷ আমি ভালখিনি গ্ৰহণ কৰি বিহুক বিশ্বজনীন কৰিবলৈ চেষ্টা কৰাটো উচিত৷

No comments: