মই জনা ভূপেন দা
কমল কটকী
সমগ্ৰ বিশ্বতে ড॰ ভূপেন হাজৰিকাৰ দৰে এনে এজন শিল্পী মোৰ বোধেৰে নিশ্চয় নাই- যিজন একাধাৰে এজন গায়ক, গীতিকাৰ, সুৰকাৰ, গল্পকাৰ, প্ৰবন্ধকাৰ, নাট্যকাৰ, চিত্ৰনাট্য লেখক, চিত্ৰ পৰিচালক, প্ৰযোজক, সংগীত পৰিচালক, অভিনেতা, সাংবাদিক, সাহিত্যিক, বাতৰি পঢ়োঁতা, সমাজসেৱক, আলোচনী সম্পাদক, ৰাজনীতিবিদ, বুদ্ধিজীৱী ইত্যাদি গুণেৰে বিভূষিত৷
১৯৮৪ চনৰ পৰা ভূপেনদাৰ এজন গীটীৰবাদক সেৱকৰূপে ২০১১ চনৰ ৫ নৱেম্বৰৰ মহাপ্ৰয়াণৰ দিনটোলৈকে পঁচিশ বছৰৰো অধিক কালৰ সান্নিধ্যৰ সময়খিনিৰ প্ৰতিটো মুহূৰ্ততে ভিন ভিন ৰূপৰ সমাহাৰেৰে সমৃদ্ধ বহুমুখী প্ৰতিভাসম্পন্ন কৰ্মযোগী ভূপেনদাক দেখিবলৈ পাইছিলো৷ ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত তাহানিৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰৰ অধীনৰ, আজিৰ অৰুণাচল প্ৰদেশৰ পাদদেশৰ অকণমানি চহৰ শদিয়াৰ পৰা জীৱনযাত্ৰা আৰম্ভ কৰা ভূপেনদাই নিজৰ জীৱন পৰিক্ৰমাক কঠোৰ সংগ্ৰাম, সুখ-দুখ, উত্থান-পতনৰ সমন্বয়েৰে আগুৱাই লৈ গৈ নিজকে বিশ্বজনীন এজন শিল্পী হিচাপে প্ৰতিষ্ঠা কৰাৰ যাত্ৰাটি বৰ মসৃণ নাছিল৷ সেয়েহে সকলো সময়তে গুণগত মানদণ্ডৰ ৰচনাশৈলীৰ গীত-সংগীতেৰে সাধাৰণ শ্ৰোতা-জনতাৰ হৃদয় জিনিবলৈ চেষ্টা কৰি এক সুকীয়া ধাৰাৰ প্ৰৱতৰ্নেৰে জনমানসত নিজস্ব এখন আসন সৃষ্টি কৰি ল’বলৈ সক্ষম হৈছিল৷
ভূপেনদাৰ চিৰসেউজীয়া বিশ্বজনীন জনপ্ৰিয়তা কেৱল যে ভূপেনদাৰ গীতখিনিৰ বাবেই আছিল তেনে নহয়৷ মোৰ দৃষ্টিত তেওঁ আছিল এডাল বোধিদ্ৰুম বটবৃক্ষৰ দৰে বিশাল ব্যক্তিত্বৰ অধিকাৰী, যিজনৰ শিপাডাল আছিল খাৰখোৱা অসমীয়া, গা গছডাল আছিল সৰ্বভাৰতীয় আৰু ঠাল-ঠেঙুলি, ডাল-পাতসমূহ আছিল বিশ্বমুখী৷
বিহু, ব্ৰহ্মপুত্ৰ আৰু ভূপেন– ইংৰাজী বৰ্ণমালাৰ তিনিটি আখৰেৰে সমৃদ্ধ এই শব্দকেইটি অসমৰ পৰিচয় আজিও সমগ্ৰ বিশ্বৰ আগত৷ অসমৰ বাহিৰৰ কোনোবা এজন ব্যক্তিৰ লগত চিনাকি হৈ ‘মই অসমৰ’ বুলি যেতিয়াই পৰিচয় দিওঁ লগে লগেই সোধে ‘আপুনি ভূপেন হাজৰিকাক লগ পাইছে নে?’ ‘মই তেখেতৰ লগত বহু বছৰ ধৰি গীটাৰ বজাই আহিছো’ বুলি কোৱাৰ লগে লগেই ভূপেনদা মানুহজনৰ বিষয়ে আৰম্ভ হয় অনুসন্ধিৎসু মনৰ বিভিন্ন প্ৰশ্নবান আৰু তাৰ পিছত অনুৰোধ ‘ভূপেন হাজৰিকাৰ গীত এটা অনুগ্ৰহ কৰি শুনাবনে?’ মই গায়ক নহৈও, তেওঁলোকৰ বাবে ভূপেনদাৰ গীতৰ গায়ক হৈ পৰোঁ সেই মুহূৰ্তত৷ ভূপেনদাৰ সহযোগী হিচাপে কাষতে থকাৰ বাবেই মই অসমৰ উপৰি সৰ্বভাৰতীয় বহুকেইজন নমস্য শিল্পী, ব্যক্তিৰ সান্নিধ্য লাভ কৰাৰ সৌভাগ্য ঘটিছিল৷ কিন্তু ভূপেনদাৰ দৰে বিশাল ব্যক্তিত্বৰ সুবাস তেওঁলোকৰ মাজত বিচাৰি পোৱা নাছিলোঁ৷
ভূপেনদা মানুহজন আছিল সুন্দৰতাৰ প্ৰতীক৷ সকলোতে কেৱল সুন্দৰতা-- গায়কীত, ৰচনাত, কথা-বতৰাত, খোজ-কাটলত, সাজ-পোছাকত, খোৱা-বোৱাত, নিজৰ একেবাৰে সাধাৰণ ক’লা ৰঙৰ টুপীটোত জিলিকি থকা স্ফটিকটোত, নিজৰ চহীটোত, অট’গ্ৰাফৰ বাক্যটিত, খোৱাৰ টেবুলত বহি লৈ নিজৰ হাতেৰে বনোৱা মাছৰ পিটিকাখিনি বন্ধু-বান্ধৱক বিলাই দিয়াত, মঞ্চত উঠি চিৰপৰিচিত চিনাকি মিঠা হাঁহিটি মাৰি দৰ্শকক নমস্কাৰ জনাই হাৰমণিয়ামত আঙুলি বুলোৱা ভংগী ইত্যাদিত দেখিবলৈ পাইছিলোঁ কেৱল সুন্দৰতাৰ পয়োভৰ৷ আমাৰ দৰে সৰ্বসাধাৰণ মানুহৰ বাবে ভূপেনদাক বুজি পোৱাটো বৰ কঠিন৷ বিৰল ব্যক্তিত্বৰে ভূপেনদা আছিল বিভিন্ন ৰূপৰ এক অপূৰ্ব সমাহাৰ৷
প্ৰত্যক্ষ কৰিবৰ সুযোগ পাইছিলোঁ ভূপেনদাৰ বিভিন্ন ৰূপ৷ ভূপেনদা অকণমান খঙাল প্ৰকৃতিৰ শিল্পী আছিল৷ খং ভূপেনদাৰ জীৱনৰ চিৰলগৰী আছিল -- নিজৰ মিঠা হাঁহিটিৰ দৰে৷ ধানখেৰৰ জুইৰ দৰে ভমক্কৈ জ্বলি উঠি খঙটো নিমিষতে নোহোৱা হয়৷ খঙটো উঠাৰ উমান পালেই আমি কাষৰ পৰা নোহোৱা হওঁ৷
অন্যথা ভূপেনদাৰ গালি খোৱাটো খাটাং, লাগিলে খঙৰ কাৰণটো আমি হওঁৱেই বা নহওঁৱেই৷ কাষত থকাজনে গালি এটা খাবই৷ কিন্তু গালিটো পাৰি উঠি পিছ মুহূৰ্ততে একেলগে খাবলৈ বহি নিজ হাতেৰে পিটিকাকণ আগবঢ়াই দিয়ে গালি খোৱাজনলৈ মৰমেৰে৷
খঙেও ভূপেনদাৰ জীৱনলৈ নমাই আনিছিল গীতৰ বন্যা৷ এজন কবিয়ে ভূপেনদাৰ গীতক মদাৰ ফুলৰ দৰে গোন্ধ-ভাপ নোহোৱা বুলি ৰিজনি দিয়াত খং উঠি গীতেৰেই প্ৰত্যুত্তৰ দিছিল–
‘মদাৰৰে ফুল হেনো পূজাতো নেলাগে
মদাৰৰে ফুল হেনো সবাহত নেলাগে
লাগে পিছে ব’হাগতে ৰং সানিবলে’
লাগে পিচে আকশতে জুই জ্বলাবলে৷
কোনোবাই মোক হেনো মদাৰৰে ৰিজালে...৷’
সমাজৰ ওপৰত খং উঠিলেও গালি পাৰে গীতেৰে– ‘বুঢ়া লুইত তুমি, বুঢ়া লুইত বোৱাঁ কিয়?’ বুলি৷ খুব খং উঠিলে কেতিয়াবা নিজৰ কোঠাৰ দুৱাৰখন মাৰি কিছু সময়ৰ বাবে ৰোহঘৰত সোমায়৷ কলকাতাত এবাৰ খং উঠি ভাতৃপ্ৰতীম সহকৰ্মী এজনক গালি পাৰি উঠি খং জামৰাত এটি গীতেৰে লুইতৰ ছবি আঁকিছিল চিত্ৰকল্প ৰূপেৰে–
‘অস্ত আকাশৰে সপোন ৰহন সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী
বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়....৷’
–সেয়াই আছিল শিশুসুলভ ভূপেনদা৷
খঙৰ দৰেই হাঁহিটিও আছিল ভূপেনদাৰ জীৱনৰ প্ৰতিমুহূৰ্তৰ চিৰলগৰী৷ আপোন পাহৰা ৰৈ ৰসাল আড্ডাত ভাওনাৰ ৰজাৰ দৰে হাঃ হাঃ শব্দেৰে মৰা উত্তাল হাঁহিটিৰ মাজেৰে ৰসিক ভূপেনদাৰ পূৰ্ণ প্ৰকাশ ঘটে৷ আড্ডাবাজ আছিল মানুহজন৷ মনে মিলা মানুহৰ স’তে আড্ডাত বহিলে সময় কেনি পাৰ হৈ যায় তালৈ খিয়াল নাথাকে ভূপেনদাৰ৷ চেঞ্চৰশ্বিপবিহীন এই আড্ডাৰ বিষয় পিকাচোৰ ব্লু পিৰিয়ডৰ ছবিৰ পৰা অসমৰ, ভাৰতীয় ৰাজনীতিৰ বিষয়ৰ পৰা আদি কৰি আড্ডাৰ সংগীভেদে বিভিন্ন কথা বতৰাত দুপৰ নিশালৈ সদায়েই মূৰ্ত্ত হৈ পৰিছিল নিশাবোৰ৷ ভূপেনদাই নিজেই কাকো আমনি নিদিয়ে আৰু আনে আমনি দিব খুজিলেও ভাল নাপায়৷ সেয়েহে বিশেষকৈ ক’ৰবাত গীত গাবলৈ বুলি ওলাওঁতে ভূপেনদাৰ গাড়ীখনত সাধাৰণতে এনেকুৱা এজন মানুহক লগত বহিবলৈ নিদিওঁ, যিজনে হয়তো ভূপেনদাক আমনি কৰিব পাৰে, মৰমেৰে হ’লেও লাগিলে সেইজন ভূপেনদাৰ একান্ত অনুগামীয়েই নহওক কিয়৷ কাৰণ ভূপেনদাই প্ৰতিটো গীতৰ অনুষ্ঠানেই এক ধ্যান, এক চিত্তে পৰিৱেশন কৰাৰ চেষ্টা কৰিছিল আজীৱন৷
অনুষ্ঠান পৰিৱেশনৰ প্ৰাক্মুহূৰ্তত অপ্ৰাসংগিক কথা-বতৰা, আমনি আদিৰ প্ৰভাৱে ভূপেনদাক গীত গোৱাত বাধা জন্মায়৷ আনকি সন্ধিয়ালৈ ভূপেনদাৰ গীতৰ ৰেকৰ্ডিং অথবা অনুষ্ঠান থাকিলে, পুৱাৰ খবৰ কাগজত যদিহে মৃত্যুৰ বিভীষিকাজাতীয় বাতৰিৰ পয়োভৰ থাকে, সেইদিনা আমি বাতৰি কাকতো পঢ়িবলৈ নিদিওঁ যাতে মনটো অশান্ত হৈ নপৰে৷
সকলো সময়তে অতিশয় অনুভূতিপ্ৰৱণ মনৰ অধিকাৰী ভূপেনদাই ৰসাস্বাদন কৰি নিজে তৃপ্তি লাভ কৰাৰ উপৰি আনকো তৃপ্তি দি খুব ভাল পাইছিল৷ জীৱনৰ প্ৰতি পলে পলে হাঁহি হাঁহি নিজৰ বেদনাবোৰ লুকুৱাই থৈছিল–
‘জীৱনটোৰে কান্দোনখিনি
নিজেই সাঁচি থ’লো
জীৱনটোৰে হাঁহিখিনি
বিলাই বিলাই দিলোঁ৷
শ্ৰোতা বন্ধু তুমিও অকণ লোৱাঁ৷’
এডাল সৰল ৰেখাৰ দৰে সৰল আছিল ভূপেনদা মানুহজন৷ সকলোকে বিশ্বাস কৰিছিল তেওঁ৷ ‘মানুহৰূপে পৃথিৱীলৈ আহিলোঁ যেতিয়া, প্ৰতিজন মানুহক অবিশ্বাস নকৰাটোৱেই মোৰ বিশ্বাস৷ প্ৰতিজন মানুহক পাৰিপাশ্বিৰ্কতাই বিশ্বাস কৰিবলগীয়া যেন নকৰিলেও, প্ৰতিজন মানুহৰ অন্তৰ্নিহিত সততাকণক মই বিশ্বাস যদি নকৰোঁ, মই ভাবোঁ, মই হৈ যাম এটি অকলশৰীয়া দ্বীপ৷ সেই দ্বীপটো মোৰ মনে গঢ়া হ’লে, মই পিছ মুহূৰ্ততে লাজ পাওঁ৷ মোৰ চাৰিওপিনে অবিশ্বাসৰ সাগৰ এখনে মোক ‘খাওঁ খাওঁ’ কৰি আছে বুলি মোৰ বিশ্বাস নহয়৷’ এই বিশ্বাস কৰা গুণটোৰ কাৰণে তেওঁ বহু সময়ত বিপদতো পৰিছিল৷ কিন্তু সেই লৈ তেওঁৰ কাহানিও মূৰৰ কামোৰণি নাছিল৷
একেবাৰেই মোহ নাছিল টকা-পইচাৰ প্ৰতি৷ মোক কোনোদিনেই সোধা নাছিল অমুকটো অনুষ্ঠানত গীত গোৱাৰ বাবদ ‘তুমি কিমান মাননি লৈছিলা’ বা ‘মই গীত গাই কিমান উপাৰ্জন কৰিলোঁ’ অথবা অনুষ্ঠান পৰিৱেশন সম্পক¹য় টকা-পইচাৰ জমা-খৰচৰ হিচাপ আদিও জানিব খোজা নাছিল কাহানিও৷ টকা-পইচাৰ ক্ষেত্ৰত ইমানেই উদাসীন আছিল যে, এবাৰ গুৱাহাটীত গীত গাবলৈ বুলি আহিব লগা যশস্বী শিল্পী লতা মংগেশকাৰৰ গীত পৰিৱেশনৰ মাননিৰ এটা বৃহৎ পৰিমাণৰ টকাৰ বেগ ভূপেনদাই মুম্বাইৰ টেক্সিত এৰি থৈ আহিছিল৷ টকা-পইচাৰ যোগ-বিয়োগ মুঠেই নাজানিছিল, ভূপেনদাই জানিছিল মাথোঁ শব্দ আৰn সুৰৰ, গণ সংযোগৰ যোগ-বিয়োগ৷ সাধাৰণৰ মাজতে থাকি এটি অসাধাৰণ জীৱন-যাপন কৰি বৰ সন্তোষ লভিছিল ভূপেনদাই৷ ৰাজপথৰ দাঁতিত জিৰণি লৈ থকা ৰিক্সাচালকজনৰ হাতৰ পৰা খৈনী অকণমান মুখত লৈ কেতিয়াবা হঠাতে একেলগে গাইছিল ‘মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাবে’ গীতটি৷ সেইখিনি সময়ত কোনেও ভাবিবই নোৱাৰে যে এইজনেই সেই ভূপেন হাজৰিকাজন যিজনে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা পঞ্চাশৰ দশকতে ডক্তৰেট উপাধি আহৰণ কৰিছিল৷
‘নিসংগতা মোৰ বৰ প্ৰিয় বৰ Creative হয়৷’ সেয়েহে ৰাতিপুৱা খুব সোনকালে উঠি ভূপেনদাই লিখা মেলাৰ কাম কৰিছিল৷ গীতৰ ৰচনা সম্পৰ্কত ভূপেনদাই কৈছিল– ‘গীতৰ ভাবসমূহ, সুৰসমূহ অদেখা অদেহী৷ পিচে মোক ভবাই তোলা বিষয়বস্তুবোৰৰ দেহা আছে৷ সিহঁতক চকুৰেও দেখা পাওঁ৷ সিহঁতে হাঁহে, কান্দে, অভিমান কৰে, বিদ্ৰোহ কৰে, ভাল পাই, ঘিণ কৰে, আপোনাৰ জীৱনৰ বিভিন্ন মুহূৰ্তত আপুনি যি কৰে এই বিষয়বস্তু আপোনাৰ পৰাই আপোনাৰ মোৰ সমাজখনৰ পৰাই পোৱা৷’
সেয়েহে ভূপেনদাৰ প্ৰতিটো গীতৰ আঁৰত একো একোটা জীয়া কাহিনী সোমাই থাকে৷ অসমৰ এগৰাকী সুকণ্ঠী গায়িকা প্ৰয়াত দিপালী বৰঠাকুৰ অচিন ৰোগত আক্ৰান্ত হৈ চিৰদিনৰ বাবে কণ্ঠৰুদ্ধ হৈ যোৱাৰ খবৰ শুনি মৰ্মাহত হৈ ভূপেনদাই গীতেৰে সমবেদনা জনাইছিল–
‘শীতৰে সেমেকা ৰাতি
কণ্ঠৰুদ্ধ কোনো সুগায়কৰ
প্ৰভাত আনিব পৰা
অথচ নোগোৱা
এটি অমৰ গীতৰ বাবে
মই যেন এটি সুধাকণ্ঠ হওঁ৷’
অত্যন্ত ৰোমাণ্টিক মানুহ আছিল ভূপেনদা৷ মূৰ্ত আৰু বিমূৰ্ত দুয়োটি প্ৰেমৰ সত্বাই আহ্লাদিত কৰি ৰাখিছিল ভূপেনদাক৷ যৌৱনৰ প্ৰথম অধ্যায়ৰ মূৰ্ত প্ৰেম অন্য দিশে গতি কৰাত, পৰৱত¹ সময়ত বিমূৰ্ত প্ৰেমৰ ধাৰাটিক ভূপেনদাই অন্তৰেৰে আঁকোৱালি লৈছিল৷ অকণো লুক-ঢাক নকৰাকৈ নিজৰ বিমূৰ্ত্ত প্ৰেমৰ দিশটোক গীতেৰে সকলোৰে আগত উদঙাই দিছিল৷
‘বিমূৰ্ত মোৰ নিশাটি
মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ৷
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ
এখনি নীলা চাদৰ৷’’
–বোধহয় এনেকুৱা এখন মঞ্চ নাই, য’ত তেওঁ এই গীতটি পৰিৱেশন কৰা নাই৷ জীৱনৰ প্ৰায় শেষ সময়খিনিলৈকে বিমূৰ্ত প্ৰেমৰ ধাৰাটোৱে ভূপেনদাক আলোড়িত কৰি ৰাখিছিল৷ ভূপেনদাই সদায় নৰ-নাৰীৰ প্ৰেমে গীত সৃষ্টিত অনুপ্ৰেৰণা যোগাই বুলি বিশ্বাস কৰিছিল৷ ভূপেনদাৰ মতে ‘Abstract Art, Abstract film, Abstract poem থাকিব পাৰে যদি Abstract গীতো থাকিব পাৰে৷’ বিমূৰ্ত্ত মোৰ নিশাটিত এটি Abstract প্ৰেমৰেই গীত৷
বৰ দূৰদৰ্শী আছিল ভূপেনদা মানুহজন৷ ১৯৬৮ চনতে ভূপেনদাই ‘আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে, অসমতে ভগনীয়া হ’ব’ বুলি ‘আমি অসমীয়া নহওঁ দুখীয়া’ গীতটিৰ জৰিয়তে অসমীয়া জাতি সত্বাক সঁকীয়নি দিছিল৷ তাৰ ঠিক এঘাৰ বছৰৰ পিছতহে ১৯৭৯ চনত অসমত বিদেশী বহিষ্কৰণ আন্দোলন আৰম্ভ হৈছিল৷
মহা সমন্বয়ৰ প্ৰতীক আছিল ভূপেনদা মানুহজন৷ পাহাৰ-ভৈয়ামৰ সম্প্ৰীতি, হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে সমাজজীৱন গঢ়ি তুলিবলৈ সমাজ সেৱকৰূপে গীতৰ মাধ্যমেৰে অহোপুৰুষাৰ্থ কৰিছিল ভূপেনদাই–
‘মহাবাহু ব্ৰহ্মপুত্ৰ, মহামিলনৰ তীৰ্থ
কত যুগ ধৰি আহিছে প্ৰকাশি
সমন্বয়ৰ অৰ্থ৷’
প্ৰতিটো ক্ষণৰ সদ্ব্যৱহাৰ কৰি কৰি ভূপেনদাই জীৱনটোক আগুৱাই লৈ গৈছিল নিজৰ সপোনৰ দিগন্তলৈ–
‘সময়ৰ অগ্ৰগতি
পক্ষীৰাজত উঠি
যাওঁ মই
নতুন দিগন্তলৈ
হাঁহি মুখে হাঁহি মুখে৷’
সাধাৰণৰ মাজতে থাকি ভালপোৱা, এই অসাধাৰণ ভূপেন হাজৰিকাৰূপী মানুহজনে সময়ৰ আগে আগে দূৰন্ত গতিৰে নিজৰ জীৱন পৰিক্ৰমাক আগুৱাই লৈ গৈ গভীৰ আত্মপ্ৰত্যয়েৰে অসম তথা ভাৰতত নিজকে এজন চিৰনমস্য সংগীতকাৰ হিচাপে প্ৰতিষ্ঠিত কৰি থৈ গ’ল৷
‘মই জীয়াই আছোঁ সময়ৰ আগে আগে
আত্মপ্ৰত্যয়ৰ বাবে৷
সাধাৰণৰ মাজতেই থাকিম
অসাধাৰণভাৱে৷’
এই বহুমুখী প্ৰতিভাৰ সমাহাৰেৰে সমৃদ্ধ ভূপেনদাৰ বিষয়ে সেয়েহে যশস্বী চিত্ৰশিল্পী এম. এফ হুছেইনে কৈছিল – ‘You paint with your songs and I try to sing through my brush. It we work together, may be we would be able to produce something unique’ ‘গজগামিনী’ ছবিৰ সংগীত পৰিচালক হিচাপে তেওঁক কিয় নিৰ্বাচন কৰিলে বুলি সোধাত হুছেইন চাহাবে এনেদৰে কৈছিল ভূপেনদাক৷
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰী প্ৰদান সমাৱৰ্তন অনুষ্ঠানত ড॰ এ পি জে আব্দুল কালামে কৈছিল– ‘Dr. Hazarika, I always want to be like you. But how can I be like you?’ দুই মহীৰূহক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ তেজপুৰে৷
ভূপেনদাৰ মহাপ্ৰয়াণৰ কেইদিনমান আগতে সুৰ সাম্ৰাজ্ঞী লতা মঙ্গেশকাৰে ভূপেনদাক দীপাৱলীৰ শুভেচ্ছা জনাই জীৱন সংগ্ৰামত জয়ী হ’বলৈ অনুপ্ৰেৰণা যোগাই কৈছিল– ‘‘Amongst all outstanding Indians, you are the Best’’
সেয়াই আছিল মই জনা- ভূপেন দা৷
ঠিকনাঃ গুৱাহাটী
ফোন - ৯৮৬৪৬২১৬০১৬

No comments: