মাধ্যম আৰু মাতৃভাষা
হৰেকৃষ্ণ ডেকা
অলপ ব্যক্তিগত কথাৰে এই লেখা আৰম্ভ কৰিছোঁ। 'সাতসৰী' আলোচনীত এবছৰ ধৰি 'চোতালৰ আঁক-বাক' শিৰোনামত শৈশৱৰ স্মৃতিচাৰণ কৰি মোৰ অনুভৱ হৈছে যে চেমনীয়া কালতে এৰি থৈ অহা তিনিচুকীয়া চহৰৰ অজস্ৰ স্মৃতি মোৰ মনত সজীৱ হৈ আছে। এই চহৰতে মই বিদ্যা লাভ কৰিছিলোঁ আৰু মোৰ জ্ঞানোদয়ত দুখন পঢ়াশালিৰ বুনিয়াদী অৱদান আছিল। মই প্রাথমিক শিক্ষা লাভ কৰিছিলোঁ তিনিচুকীয়া আদর্শ প্রাথমিক বিদ্যালয়ত আৰু হাইস্কুলীয়া শিক্ষা পাইছিলোঁ তিনিচুকীয়া চেনাইৰাম হাইস্কুলত (এইখন এতিয়া হায়াৰ ছেকেণ্ডাৰী স্কুল হৈছে)। প্রাথমিক আৰু হাইস্কুলীয়া শিক্ষাত আমাৰ পাঠৰ মাধ্যম আছিল অসমীয়া অৰ্থাৎ মোৰ মাতৃভাষা। মাতৃভাষাৰ মাধ্যমেৰে পঢ়া-শুনা কৰিলেও চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ আমাক ইংৰাজী ভাষা পঢ়ুওৱা হৈছিল। মাধ্যম নহ'লেও ইংৰাজী ভাষাৰ শিক্ষাক অৱহেলা কৰা হোৱা নাছিল। অসমীয়া ভাষাত পৰীক্ষাৰ বাবে আমাৰ দুখন কাকত আছিল, কিন্তু ইংৰাজীৰ বাবে তিনিখন কাকত আছিল (গদ্য, পদ্য, ব্যাকৰণ আৰু ৰচনা)। গতিকে বিষয়টোত ব্যুৎপত্তি লাভৰ কাৰণে গুৰুত্বসহকাৰে পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছিল। ইংৰাজী শিক্ষাৰ এই ভেটি লৈয়েই আমি কলেজত শিক্ষাৰ মাধ্যম ইংৰাজীলৈ সলনি কৰিছিলোঁ আৰু মাধ্যমৰ এই পৰিৱৰ্তনে আমাৰ শিক্ষাত কোনো বাধাৰ সৃষ্টি কৰা নাছিল। ইয়াৰ ফলত আমি মাতৃভাষা অসমীয়া আৰু আন্তর্জাতিক ভাষা ইংৰাজী দুয়োটাতে প্রয়োজনীয় ব্যুৎপত্তিখিনি অৰ্জন কৰি ল'ব পাৰিছিলোঁ। ইংৰাজীত কথা কোৱা অনভ্যাসে কিছু অসুবিধাৰ সৃষ্টি কৰিলেও সেই অসুবিধা আমি অতিক্ৰম কৰিব পাৰিছিলোঁ নিজৰ চেষ্টাত। এটা সময়ত (৭০ৰ দশকত) আমাৰ মাজত মাতৃভাষাপ্রীতি জাতীয়তাবাদী ধাৰণাৰ এনে এক সংকীৰ্ণ পৰিসৰত সোমাই পৰিল যে আমাৰ ধাৰণা হ'ল কলেজৰ স্তৰত অসমীয়া মাধ্যম অপৰিহাৰ্য আৰু ইংৰাজী মাধ্যমৰ কাৰণে ছাত্ৰৰ কৃতকাৰ্যতাত অন্তৰায় সৃষ্টি হৈছে। ১৯৭২ চনত মাধ্যম আন্দোলন প্রবল হৈ উঠিল আৰু হিংসাত্মক হৈ পৰিল। যি কি নহওক, কলেজ স্তৰতো মাতৃভাষা মাধ্যম প্ৰৱৰ্তিত হ'ল, কিন্তু তাৰ পিছতেই নানা কাৰণত পৰি পৰিস্থিতিৰ এনে এক পৰিৱৰ্তন হ'বলৈ ধৰিলে যে মধ্যবিত্ত অসমীয়া অভিডারকে ইংৰাজী মাধ্যমৰ শিক্ষাৰ অবিহনে সন্তানৰ ভৱিষ্যৎ কর্মক্ষেত্রত উন্নতিৰ কোনো সম্ভাবনা নাই বুলি ভাবিবলৈ ল'লে। সম্প্রতি এই মনোবৃত্তি ব্যাপক হৈছে মধ্যবিত্তৰ এই মানসিক ধাৰণা নিম্ন মধ্যবিত্তলৈও সোঁচৰিছে আৰু পৰিস্থিতি এনেকুরা হৈছে যে গাঁৱে-ভুঞে বাধাহীনভাৱে ব্যক্তিগত খণ্ডৰ স্কুল সিঁচৰতি হৈ পৰিছে। এনে অর্হতা আৰু ভাষাজ্ঞান অতি শোচনীয় স্তৰৰ। শিক্ষা বিভাগৰ উদাসীনতাই এই পরিস্থিতি অজস্র স্কুলৰ শিক্ষাৰ মান সন্দেহজনক আৰু যিসকলে পঢ়ায় তেওঁলোকৰ বহুতরে শিক্ষা প্রকৃততে বিপর্যস্ত হ'বলৈ ধৰিছে। ইংৰাজী ভাষাৰ জ্ঞান নথকা অভিভাৱকে নিজৰ আৰু ভয়াবহ কৰি তুলিছে। ইংৰাজী মাধ্যমৰ নিম্নমানৰ স্কুলৰ নিয়ন্ত্রণহীন প্রসাৰণত সন্তানক এনে ধৰণৰ ইংৰাজী মাধ্যমৰ স্কুললৈ কষ্টার্জিত পইচা খৰচ কৰি আৰু বহুতে কৃষ্ণ সাধনা কৰি পঢ়িবলৈ পঠিয়াই সন্তানক উপযুক্ত শিক্ষা দিয়া বুলি সন্তুষ্টি লাভ কৰিলেও উপযুক্ত শিক্ষাৰ অভাৱত বুজনসংখ্যক ল'ৰা-ছোৱালীয়ে প্রয়োজনীয় অর্হতা অর্জন কৰিব নোৱাৰি ভুক্তভোগী হ'বলৈ ধৰিছে। এই ইংৰাজী ভাষা-আনুগত্য এনে এটা ভৰলৈ গুচি গৈছে যে এতিয়া খাটি খোৱা অসমীয়াৰ সতি-সন্ততিৰ মুখত 'দেউতা', 'মা' সম্বোধনৰ ঠাইত 'মামা', 'পাপা' সম্বোধন শুনিলেই মাতৃ-পিতৃয়ে আত্মসন্তুষ্টি পাবলৈ আৰম্ভ কৰিছে। মাতৃভাষাক লৈ হোৱা হীনমন্যতাই মাতৃভাষাকতো অপাংক্তেয় কৰিছেই, একো একোটা নতুন প্রজন্মকো ৰঘুমলাত পৰিণত কৰিবলৈ আগবাঢ়িছে।
দ্বিতীয় এটা কাণ্ডও ঘটিছে। অদূৰ অতীতত গৌৰৱপূৰ্ণ অধ্যায় একোটা লৈ বিখ্যাত হোৱা অসমীয়া স্কুলবিলাক এনেদৰে অৱহেলিত হ'বলৈ ধৰিছে যে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সেই স্কুলবিলাকত হু-হুৱাই কমি গৈছে। আনকি এনে স্কুলৰ শিক্ষাৰ্থীসকলেই নহয়, শিক্ষাদান কৰা শিক্ষক-শিক্ষয়িত্রীসকলো এক হীনমন্যতাত ভুগিবলৈ লৈছে। ইংৰাজী মাধ্যম আৰু অসমীয়া মাধ্যমৰ মাজত আভিজাত্যৰ কৃত্রিম দেৱাল এখন থিয় হৈছে। মাতৃভাষা মাধ্যমৰ স্কুলবিলাকত শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত পাঠদান কৰাৰ প্ৰেৰণাৰ সলনি কোনোমতে সময় কটোৱাৰ মনোবৃত্তি এটা শিপাবলৈ ধৰিছে। মানৱ সম্পদ গঢ়াৰ চেতনাই উদ্বুদ্ধ কৰাৰ সলনি জীৱিকাৰ বাবে মূৰ সুমুৱাই ৰখাৰ স্থল হিচাপেহে মাতৃভাষাৰ মাধ্যমৰ স্কুলবোৰৰ শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত এটা ধাৰণা বোপিত হ'ব ধৰিছে। একসংখ্যক সচেতন শিক্ষক-শিক্ষয়িত্রী এতিয়াও আছে কাৰণেহে এনে কিছু স্কুলৰ পাঠদান একেবাৰে বিপৰ্যন্ত নোহোৱাকৈ আছে। ইয়াৰ ফলত দুই শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সৃষ্টি হ'বলৈ ধৰিছে। ইংৰাজী মাধ্যমৰ যোগেদি নিম্নমানৰ শিক্ষা লাভ কৰা উন্নাসিক এবিধ যুৱক-যুৱতী- যিসকল অর্ধশিক্ষিত, কিন্তু আত্মম্ভৰি আৰু মাতৃভাষাৰ পৰা বিচ্ছিন্ন বা শিপা-মুলছিন্ন, আৰু অসমীয়া মাধ্যমত পঢ়ি আত্মবিশ্বাস বিচাৰি নোপোৱা নিশ্চেষ্ট হৈ পিছ হুঁহকি থাকিব খোজা আন এক শ্রেণীৰ যুবক-যুবতী। মাধ্যম-বিভ্রাটৰ মাজেৰেও যিসকল যুৱক-যুৱতী উপযুক্ত মানৱ সম্পদ হৈ ওলাই আহিছে, সেইসকলৰ কথা আমি ইয়াত কোৱা নাই। কিন্তু মাধ্যম বিভ্রাটে যে মানৱ সম্পদৰ এক বিৰাটসংখ্যকক উপযুক্ত বাটৰ পৰা বিচ্যুত কৰিছে তাৰ উদাহৰণ দেধাৰ। অভিজাত স্কুলে আৰু এক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সৃষ্টি কৰিছে, সেই কথা পিছত ক'ম। আকৌ এবাৰ মই মোৰ শিক্ষানুষ্ঠান চেনাইৰাম হাইস্কুললৈ উভতি আহিছোঁ। আমি পঢ়া সময়ত এই স্কুলখন অসমৰ শীৰ্ষ স্কুলবিলাকৰ এখন নহ'লেও পিছপৰি থকাও নাছিল। প্রৱেশিকা পৰীক্ষাত (স্কুল শিক্ষান্ত পৰীক্ষা) এই স্কুলৰ পৰা এই লেখককে ধৰি আগত আৰু পিছত কেইবাজনো ছাত্রই শ্রেষ্ঠ দহোটা স্থানৰ ভিতৰত স্থান লৈ প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈ গৈছে। আমি পঢ়া সময়ত এইখনেই তিনিচুকীয়াৰ একমাত্র অসমীয়া মাধ্যমৰ স্কুল আছিল আৰু চহৰৰ ল'ৰাৰ বাদেও ওচৰ-পাঁজৰৰ গাঁৱৰ পৰা অহা ল'ৰাই ইয়াতেই হাইস্কুলীয়া শিক্ষা গ্রহণ কৰিছিল। শিক্ষকসকলেও নিজৰ সামৰ্থৰ ভিতৰতে ছাত্ৰৰ পাঠদানৰ ওপৰত প্রশংসনীয় মনোযোগ দিছিল। কিন্তু আশীৰ দশকমানৰ পৰা শিক্ষাৰ মাধ্যম সংক্রান্ত বিষয় লৈ অভিভাৱকসকলৰ মনোবৃত্তিত যি পৰিৱৰ্তন আহিবলৈ ধৰিলে, তাৰ ফলস্বৰূপে এই চহৰত ইংৰাজী মাধ্যমৰ স্কুল গঢ় লৈ উঠিল। ওচৰ-পাঁজৰৰ চহৰবিলাকতো তেনে স্কুল হ'ল বা আগৰ পৰা আছিলেই। সন্তানক বিনামূলীয়া অসমীয়া মাধ্যমৰ স্কুলত শিকোৱাতকৈ অজস্র ধন খৰচ কৰি এনেবোৰ ব্যক্তিগত খণ্ডৰ স্কুললৈ পঠিওৱাৰ প্ৰৱণতা বাঢ়িল। ব্যক্তিগত খণ্ডত কিছুমান অসমীয়া মাধ্যমৰ স্কুলৰ প্ৰতিহে অভিভাৱক বেছিকৈ আকর্ষিত হ'বলৈ ধৰিলে। এনে এটা ধাৰণা শিপালে যে চৰকাৰী বা চৰকাৰী সাহায্যপ্রাপ্ত স্কুলবিলাকত শিক্ষাদান অৱহেলিত (ইয়াত সত্যতা নোহোৱাও নহয়। এচাম শিক্ষকে যে স্কুলত আন্তৰিকভাবে পাঠদান কৰাতকৈ 'প্রাইভেট টিউশ্বন' কৰাৰ প্ৰতিহে বেছি আগ্রহী হ'ল সেই কথা সর্বজনবিদিত)। আমি পঢ়া স্কুলখনো এই পৰিৱেশৰ চিকাৰ হোৱা বুলি শুনিবলৈ পালোঁ। শুনিবলৈ পালোঁ, ব্যক্তিগত খণ্ডৰ স্কুলত প্রবেশ নোপোৱা ছাত্রইহে এই স্কুলত নাম লগোৱা হ'ল। মনতে ভাব হ'ল, এই অনাস্থাৰ মূল কাৰণ কিজানি অসমীয়া মাধ্যমত পঢ়ি যোৱা ল'ৰা-ছোৱালীয়ে কর্মক্ষেত্রত সুপ্রতিষ্ঠা লাভ কৰিব নোৱৰাটোৱেই (এটা ভ্রান্ত ধাৰণা)। অভিভাৱকসকলৰ মনত এনে এটা ভাব সোমাই পৰিল যেন ইংৰাজী নপঢ়া ল'ৰা-ছোৱালীৰ কৰ্মক্ষেত্ৰত ভৱিষ্যৎ নাই। ওপৰত মই ব্ৰেকেটৰ ভিতৰত 'ভ্ৰান্ত ধাৰণা' কথাষাৰ ব্যৱহাৰ কৰিছোঁ। ৮৫ বছৰৰ পুৰণা চেনাইৰাম স্কুলৰ বর্তমানৰ গৌৰৱহীনতাৰ কাৰণ অসমীয়া মাধ্যমৰ পাঠদান নহয়। যোৱা ১৬, ১৭ জানুৱাৰীত এই স্কুলৰ প্রাক্তন ছাত্র সমাৰোহ এখন কেইজনমান উদ্যোগী প্রাক্তন ছাত্ৰৰ প্ৰচেষ্টাত অনুষ্ঠিত হৈছিল। আৰু তালৈ মই গৈছিলোঁ। তাত মোৰ আগৰ আৰু মোৰ পিছৰ প্ৰজন্মৰ ভালেখিনি প্ৰাক্তন ছাত্ৰক লগ পালোঁ। স্কুল এৰাৰ ৫৭ বছৰ পিছত এইদৰে অজস্ৰ প্ৰাক্তন ছাত্ৰৰ সমাৰোহত একাত্ম হৈ বুজি পালোঁ, এইখন স্কুলৰ পৰা অসমীয়া মাধ্যমত পঢ়ি ওলাই যোৱা অজস্র ছাত্রই জীৱনত বিভিন্ন ক্ষেত্রত সুপ্রতিষ্ঠা লাভ কৰিছে, কেৱল অসমতে নহয়, ভাৰতৰ বিভিন্ন ঠাইৰ বিভিন্ন ক্ষেত্ৰত আৰু বিদেশতো। অর্থাৎ অসমীয়া মাধ্যমৰ শিক্ষা এইসকলৰ প্ৰতিষ্ঠা লাভৰ বাবে মুঠেও অন্তৰায় হোৱা নাই। এনে সাফল্যৰ স্বৰূপ দেখি এই স্কুলৰ বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্রী আৰু ছাত্ৰ-ছাত্ৰী বহুতকে অনুপ্ৰাণিত হোৱা দেখিবলৈ পালোঁ। ঔপনিৱেশিক শাসনৰ মাজেদি ইংৰাজী ভাষা আমাৰ মাজলৈ আহিছিল। এই শাসন ওফৰিল, কিন্তু এই মানসিক ঔপনিৱেশিকতাবাদে আমাক এনেদৰে আচ্ছন্ন কৰিছে যে আমি মাতৃভাষা শিক্ষাক লৈ হীনমন্যতাত ভুগিব লাগিছোঁ আৰু ফলত তাৰ প্ৰতিক্ৰিয়াত অসমীয়া মাধ্যমৰ স্কুলৰ শিক্ষা অৱহেলিত হ'ব ধৰিছে, প্রাইভেট টিউশ্বনৰ সোঁচৰা ৰোগে শৈক্ষিক পৰিৱেশ ছানি ধৰিছে, নিয়ন্ত্রণহীনভাবে তথাকথিত ইংৰাজী মাধ্যমৰ স্কুল গাঁৱে-ভুঞে গঢ় লৈ উঠিছে আৰু এইবোৰত উপযুক্ত প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱত খিচিৰি-ভাষাৰে আধা কেঁচেলুৱা পাঠদান কৰা হৈছে। ফলত এনে শিক্ষা লাভ কৰা যুৱক-যুৱতী পৰিচয়-বিভ্রান্তিত ভূগি 'দেশী-বিদেশী'ৰ এক অদ্ভুত সংমিশ্রণ হৈ পৰিব ধৰিছে।
এইখিনিতে মহাত্মা গান্ধীয়ে বিছ শতিকাৰ দ্বিতীয় দশকতে কৈ যোৱা কিছুমান কথা মই উল্লেখ কৰিব খুজিছোঁ। ১৯২১ চনত Young India-ত প্রকাশ হোৱা এখন ৰচনাত তেওঁ লিখিছিল- 'বিদেশী মাধ্যমে আমাৰ শিশুসকলক সিহঁতৰ দেশত কাৰ্যতঃ বিদেশী কৰি পেলাইছে। বৰ্তমানৰ পদ্ধতিৰ (ইংৰাজীত দিয়া শিক্ষা পদ্ধতিৰ কথা তেওঁ কৈছে) এইটোৱে চৰম ট্রেজেডী।... মই যদি এজন স্বেচ্ছাচাৰী শাসক হ'লোহেঁতেন তেন্তে মই আজিয়েই এই বিদেশী মাধ্যমত শিক্ষা দিয়া কাৰ্য বন্ধ কৰিলোহেঁতেন।' ১৯২৮ চনত লিখা Young India-ৰ এখন ৰচনাত তেওঁ কৈছিল (ইংৰাজীতে তুলি দিলোঁ)- 'Surely, it is a self-demonstrated proposition that the youth of a nation can not keep or establish a living contact with the masses unless their knowledge is received and assimilated through a medium understood by the people. ইংৰাজী মাধ্যম নে মাতৃভাষাৰ মাধ্যমত সন্তানক পঢ়োৱা হ'ব- এই প্রশ্নৰ বিভ্রান্তিৰ মাজেদি ইংৰাজী মাধ্যমে অভিভাৱকৰ মানসিকতাক প্ৰভাৱিত কৰাৰ ফলত তিনি শ্ৰেণীৰ স্কুল আৰু ছাত্ৰৰ সৃষ্টি হৈছে- (১) এক শ্রেণীৰ অভিজাত স্কুল, যি এক ব্যবসায়িক প্রতিষ্ঠান আৰু য'ত অভিভাৱকে সন্তানক পঢ়াবলৈ অজস্র ধন খৰচ কৰিবলগীয়া হয়; তাৰ পৰিৱেশ ছাত্র-ছাত্রীয়ে বাস কৰা সমাজখনৰ পৰা বিচ্ছিন্ন আৰু ইয়াত পঢ়া ছাত্র-ছাত্রী নিজৰ ভাষা-সংস্কৃতি সম্বন্ধে অজ্ঞ হৈ ৰয়। এক সীমিত উদ্দেশ্যেৰে তেওঁলোকক বৃত্তিমুখী কৰি প্ৰগ্ৰেমড কৰা হয়। নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি কোনো দায়বদ্ধতা তেওঁলোকৰ মনত সৃষ্টি নহয়, কিন্তু তাৰ বাবে তেওঁলোক দোষী নহয়। তেওঁলোকক এই শিক্ষাই তেনেকৈয়ে প্রস্তুত কৰে। (২) আন এক শ্ৰেণীৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ স্কুল, যি স্কুলো ব্যবসায়কেন্দ্রিক, যি এক কুটিৰ শিল্পৰ নিচিনাকৈ গঢ় লৈ উঠিছে, আৰু য'ত উপযুক্ত আৰু প্ৰশিক্ষণপ্রাপ্ত শিক্ষক নাথাকে; ফলত ইয়াত শিক্ষা লোৱা ছাত্ৰই নিজৰ ভাষা-সংস্কৃতিৰ লগতো পৰিচিত নহয়, আৰু বৃত্তিৰ ক্ষেত্ৰতো অভিজাত স্কুলৰ পৰা ওলোৱা ছাত্ৰৰ লগত ফেৰ মাৰিব নোৱাৰে। (৩) অসমীয়া মাধ্যমৰ চৰকাৰী আৰু বেচৰকাৰী সাহায্যপ্রাপ্ত স্কুল, য'ত আন্তঃগাঁথনিৰ নিতান্তই অভাৱ, য'ত আন স্কুলত স্থান নোপোৱা ছাত্র-ছাত্রীহে পঢ়িবলৈ লয়। য'ত শৈক্ষিক পৰিৱেশ নানা ধৰণৰ অৱহেলাৰ কাৰণে বিনষ্ট হৈ পৰিছে, য'ত ছাত্রই হীনমন্যতাত ভুগিবলগীয়া হৈছে। দেশ গঢ়াৰ কাৰণে যি মানৱ সম্পদৰ প্ৰয়োজন, তেনে মানৱ সম্পদ হ'বলৈ তেওঁলোক উপযুক্ত হৈ নুঠে। প্রাথমিক ছাত্ৰৰ স্বপ্ন বৃত্তিমুখী, তেওঁলোক সমাজৰ প্ৰয়োজন সম্পর্কে সজাগ হ'বলৈ সুযোগ নাপায়। দ্বিতীয়বিধ বিমূঢ়। সোঁতত উটি যোৱা 'dirftword' যেন। তৃতীয়বিধ আত্মবিশ্বাসহীন আৰু ফলত উদ্যোগহীন। অভিভাৱকৰ চিন্তাৰ সংকীর্ণতা, দেশৰ শিক্ষানীতিৰ অস্পষ্টতা আৰু শিক্ষাৰ ব্যৱসায়কেন্দ্রিকতা আদি কাৰকবোৰে এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে। UNESCO ই মাতৃভাষাৰ শিক্ষাই প্রাথমিক স্তৰৰ পৰা উপযুক্ত বুলি প্ৰচাৰ কৰি আহিছে, কিন্তু আমাৰ ইয়াত মনোবৃত্তি এনেকুৱা যে ইংৰাজী মাধ্যমত নপঢ়িলে ছাত্র-ছাত্ৰীৰ ভৱিষ্যৎ অন্ধকাৰ।
ইংৰাজীতেই পঢ়িব লাগিব- এই ধাৰণাৰ এটা কাৰণ হ'ল, ইংৰাজীয়েই যেন আন্তর্জাতিক স্তৰত ব্যাপকভাবে ব্যৱহৃত মাধ্যম আৰু সেই মাধ্যমত শিক্ষা গ্রহণ কৰাসকলেহে বৃত্তিৰ দৌৰত আটাইতকৈ আগবাঢ়িব পাৰে। কিন্তু প্রকৃত কথাটো হ'ল-পৃথিৱীৰ ৯১.৫ শতাংশ ঠাইতেই ইংৰাজী ভাষা মাতৃভাষা নহয় আৰু বিভিন্ন উন্নত দেশত নিজৰ নিজৰ মাতৃভাষাৰ জৰিয়তে দিয়া শিক্ষাৰ ওপৰতহে প্ৰধান গুৰুত্ব। বিজ্ঞান আৰু বিজ্ঞানৰ প্ৰয়োগৰ ক্ষেত্ৰত বহুতে ভাবে মাতৃভাষা উপযুক্ত নহয়। মাতৃভাষাক আমি উপযুক্ত হ'বলৈ দিয়া নাই কাৰণেহে উপযুক্ত হোৱা নাই। কাৰণ মাতৃভাষা সম্বন্ধে আমাৰ ধাৰণা ধোঁৱা-কোৱা। এটা উদাহৰণ দিয়া যাওক। ইজৰাইলত মাতৃভাষা ৰূপে ব্যৱহৃত হেব্রু ভাষা ২০০০ বছৰ প্ৰায় মাতৃভাষা হৈ আছিল। ইজৰাইল ৰাষ্ট্র গঠন হোৱাৰ পিছতহে যোৱা অর্ধ শতিকামানত এই ভাষা পুনৰ এক উন্নত ভাষা হৈ উঠিছে। এইখিনি সময়তে ই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষাৰ অতি উপযোগী ভাষা হৈ পৰিছে। কম্পিউটাৰ বিজ্ঞানত পৃথিৱীৰ ভিতৰত ইয়াৰ স্থান ১৮ নম্বৰত। ইংৰাজী মাধ্যমত শিক্ষা দিয়া আমাৰ আই আই টিবিলাকৰ স্থান ৫০ আৰু ১০০ৰ ভিতৰত থাকে, আন এটা ধাৰণা যে পৃথিৱীৰ বৃহৎ বৃহৎ উদ্যোগ আৰু বহুজাতিক প্রতিষ্ঠানত সংস্থাপন পাবলৈ হ'লে ইংৰাজী মাধ্যমত পঢ়াটো অত্যাৱশ্যকীয়। জাপান, দক্ষিণ কোৰিয়া বা টাইওৱানত ইংৰাজী মাধ্যমত শিক্ষা দান কৰা নহয়, ইয়াক বিদেশী ভাষা হিচাপে ঐচ্ছিকভাবে শিকোৱা হয়। অথচ পৃথিৱীৰ হাজাৰতকৈও অধিক বহুজাতিক প্রতিষ্ঠানত ৭৯২টা প্রতিষ্ঠানেই এই তিনি দেশৰ।
অসমতেই নহয়, ভাৰততে ইংৰাজী মাধ্যমৰ শিক্ষাৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে। কিন্তু ইংৰাজী ভাষা জ্ঞানৰ ক্ষেত্ৰত আন্তর্জাতিক স্থান নিৰ্ণয়ত ভাৰতৰ স্থান ক্ৰমে নিম্নগামী হৈ ১৪ স্থানৰ পৰা ২১ নম্বৰ স্থান পাইছেগৈ। ইংৰাজীত শিক্ষা গ্ৰহণ কৰাৰ আসক্তি প্রবল হোৱা সত্বেও আসোঁৱাহপূৰ্ণ শিক্ষা আৰু নিম্নমানৰ ইংৰাজী মাধ্যমৰ কাঠফুলাৰ দৰে গজা স্কুলৰ শিক্ষাৰ কাৰণে এই অৱস্থা হৈছে বুলি ক'ব পাৰি।
নিজৰ ভাষা-সংস্কৃতি এৰি দিয়া প্ৰজন্মৰ হাতত ভাষা-সংস্কৃতি জীয়াই থাকিবনে-এইটোও এটা প্রশ্ন। সমৃদ্ধ ভাৰতীয় ভাষাবিলাকৰ মাজলৈ সংকট নামি আহিছে আৰু পৰিহাসৰ কথা হৈছে যে ইংৰাজীয়েই এতিয়া ভাৰতীয় ভাষা-সাহিত্যক আন্তর্জাতিক স্তৰত প্ৰতিনিধিত্ব কৰিবলৈ লৈছে। এক hybrid সংস্কৃতিয়ে প্রকৃত ভাৰতীয় সংস্কৃতিৰ স্থান লৈছে। ইংৰাজী ভাষাক আওকাণ কৰিবলৈ আমি নকওঁ। অর্থনৈতিকভাবে সমর্থবানসকলে যদি ইংৰাজী মাধ্যমত পঢ়িব খোজে, তেওঁলোকৰ মৌলিক অধিকাৰৰ কাৰণেই তাত বাধা দিব নোৱাৰি। কিন্তু ইংৰাজী মাধ্যমৰ স্কুলতো মাতৃভাষাৰ পাঠ বিষয় হিচাপে বাধ্যতামূলক কৰাই নহয়, এই স্কুলবিলাকত ইংৰাজী পাঠত যি মান ব্যৱহাৰ কৰা হয়, মাতৃভাষাৰ বিষয়ৰ পাঠতো সেই মান ব্যৱহাৰ কৰা উচিত। এতিয়া সেইটো হোৱা নাই। মাতৃভাষা তাত আছে দ্বিতীয় বা তৃতীয় ভাষা হিচাপে, কিন্তু তাৰ পাঠৰ মান হ'ল মাতৃভাষাৰ স্কুলৰ তৃতীয় শ্ৰেণীৰ পৰ্যায়ৰ আৰু তাৰ ফলত ইংৰাজী মাধ্যমৰ ছাত্ৰই নিজৰ ভাষাটো নিশিকে বা আওকাণ কৰে।
কিছুমান তেনে স্কুলৰ উন্নাসিক কর্তৃপক্ষই আকৌ স্কুল চৌহদত ছাত্র-ছাত্রীয়ে মাতৃভাষাত কথা পতাটোকে অপৰাধ বুলি গণ্য কৰি ছাত্ৰ-ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰে বা শাস্তি দিয়ে। ক্লাছৰ পাঠ পঢ়োতে ইংৰাজীত কথা পাতক, কিন্তু ক্লাছৰ বাহিৰত চৌহদৰ ভিতৰত মাতৃভাষাত কথা পতাটো অপৰাধ বুলি গণ্য কৰাটো পৰিতাপৰ বিষয়। এই বিষয়ত শিক্ষা বিভাগৰ কোনো নীতি-নির্দেশনা নথকা কাৰণে এনে হৈছে। নিজৰ ভাষা-সংস্কৃতিৰ লগত সংযোগহীনতা সৃষ্টি কৰি দেশী চাহাব-মেম কিছুমান সৃষ্টি কৰিব খোজাটো অতি সংকীর্ণ মনোভাবৰ পৰিচায়ক।
আনহাতে, অসমীয়া মাধ্যমৰ স্কুলত ইংৰাজী বিষয়টোক গুৰুত্বপূৰ্ণভাৱে শিকাব লাগে, যাতে শিক্ষাৰ অন্তত উচ্চ শিক্ষালৈ যাওঁতে বা কর্মক্ষেত্ৰত প্ৰৱেশ কৰোঁতে সলসলীয়াকৈ ইংৰাজী কোৱা কনভেন্ট শিক্ষিত সমবয়সীয়াৰ ওচৰত হীনমন্যতাত ভুগিব নালাগে। মাতৃভাষাৰ মাধ্যমত স্কুলীয়া শিক্ষা গ্রহণ কৰিও যে সকলো ক্ষেত্ৰতে উপযোগী হৈ উঠিব পাৰি বা সুপ্রতিষ্ঠিত হ'ব পাৰি, সেই বিষয়ে মোৰ সন্দেহ নাই। চেনাইৰাম স্কুলৰ প্ৰাক্তন ছাত্র সমাৰোহলৈ গৈ এই ধাৰণা মোৰ দৃঢ় হৈছে।

No comments: