বসন্ত

April 13, 2026


ব্ৰজেন ফুকন

যেতিয়া প্ৰকৃতি ভৰযৌৱনা হৈ পৰে, কুলি-কেতেকীৰ মাতে আকাশ কঁপাই তোলে, বৰদৈচিলাজনীয়ে হিল-দ’ল ভাঙি পাৰ হৈ যায়–বসন্তৰ আগমণত প্ৰথমজাক বৰষুণ পৰাৰ লগে লগে আই বসুমতী Ùতুমতী হয়, গছত কঁুহিপাত ওলায়, প্ৰকৃতি ফুলে-ফলে জাতিষ্কাৰ হৈ পৰে৷ বসন্ত Ùতুত প্ৰকৃতিয়ে বৰণ সলায়৷ এই পৰিৱেশে অসমীয়া মানুহৰ মনবোৰো ভৰাই তোলে৷ তেনে পৰিৱেশত ডেকা-গাভৰুৰ মনত যৌৱনৰ ধুমুহা বয়৷ ডেকা-গাভৰুৱে মুকলি নিজান পথাৰত চফল ডেকাৰ েপঁপাৰ মাত শুনি ঘৰৰ গাভৰুজনীৰ মন চঞ্চল হৈ পৰাটো স্বাভাৱিক৷ প্ৰকৃতিৰ বিনন্দীয়া ৰূপত ডেকা-গাভৰুৰ মনত প্ৰেম-প্ৰীতিৰ ভাৱ জাগি উঠে; মন কমোৱা তুলাৰ দৰে দূৰ-দিগন্তলৈ উৰা মাৰে৷ সেই আনন্দতে ডেকাটিৰ লগত পথৰুৱা পৰিৱেশত এপাক নাচ-গান কৰাৰ বাবে তাই ব্যাকুল হৈ পৰে৷ জনবিশ্বাস মতে ডেকা-গাভৰুৱে মুকলি পথাৰত গৈ প্ৰেম-যৌৱনৰ গীতেৰে পুৰুষস্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰীস্বৰূপা প্ৰকৃতি [পৃথিৱীক] উত্তেজিত কৰি বৰষুণৰ দ্বাৰা মিলন ঘটাই বসুমতী শস্যসম্ভৱা হোৱাৰ যি প্ৰক্ৰিয়া তাতেই বসন্তৰ উৎস আৰু তাৎপৰ্য নিহিত হৈ আছে৷ ব’হাগ বিহুৰ লগত ৰং-তামাচা, নৃত্য-গীতৰ লগতে বহুতো ৰীতি-নীতি, লোকাচাৰ আৰু জনবিশ্বাস জডি.ত হৈ আছে৷ বসন্ত উৎসৱ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ৷ এই উৎসৱৰ লগত অসমৰ অন্য প্ৰায়বোৰ উৎসৱৰ এটা মূল প্ৰাৰ্থক্য হ’ল, এই উৎসৱটোৰ মাজত থকা ধৰ্মনিৰপেক্ষ চৰিত্ৰ অন্য প্ৰায়বোৰ উৎসৱত দেখা নাযায়৷ যদিও বসন্তৰ উৎস আজিৰ ৰূপটোৰ মূলতঃ অসমৰ প্ৰায়বোৰ অঞ্চলতে এই বিহুটি সাবৰ্জনীন ৰূপত পালন কৰাৰ প্ৰৱণতা এটি গঢি. উঠিছে৷ অসমৰ বিহু পৰম্পৰাক আমি ধৰ্ম নিৰপেক্ষ বুলি ক’ব পাৰো৷ তথাপিও কিন্তু এই বিহুৰ আচাৰ-নীতিৰ মাজত হিন্দু ধম¹য় পৰম্পৰাৰ প্ৰভাৱ বহু পৰিমাণে আছিল৷ তাৰ অৰ্থ কিন্তু এইটো নাছিল যে অসমীয়া মুছলমানসকলে বিহুত নিজস্ব ধৰণে কিছু নীতি-নিয়ম পালন কৰা নাছিল৷ অসমীয়া মুছলমানসকলৰ মাজতো বিহুৰ সময়ত পালনীয় কিছুমান আচাৰ-ব্যৱহাৰ আমি দেখিবলৈ পাওঁ৷ কিন্তু উজনি অসমৰ থলুৱা মুছলমানসকলে নৃত্য-গীতৰ পৰম্পৰাৰেই বিহু পালন কৰে৷ অৱশ্যে বাংলাদেশী মূলৰ মুছলমানসকলৰ মাজত বিহু পালনৰ পৰম্পৰা স্বাভাৱিকতেই নাই৷ কাৰণ তেওঁলোকে অসমলৈ যেতিয়া আহিছে তেতিয়া বিহুৱে নিজৰ স্বাভাৱিক ৰূপ হেৰুৱাই আধুনিক ৰূপ মঞ্চ বিহুৱে সেই গুণটো হেৰুৱাই পেলাইছে৷ অসমৰ প্ৰায় সকলো জনগোষ্ঠীৰ মাজতেই বিহুৰ পৰম্পৰা আছে বুলি ক’ব পাৰি৷ অৱশ্যে বিহু পালনৰ জনগোষ্ঠীয় পৰম্পৰাবোৰৰ মাজত বহুখিনি অমিল দেখা যায়৷ কিন্তু বসন্তৰ উৎস পৰস্পৰক শ্ৰদ্ধা নিবেদন কৰা, পাৰিলে নিজৰ আপোনজনক এডুখৰি ন-কাপোৰ দিয়া, কিছু ৰং-ধেমালি কৰা, ভালদৰে এসাঁজ খোৱাৰ পৰম্পৰা অসমৰ প্ৰায় সকলো সম্প্ৰদায়ৰ মাজতেই আছে৷ কোনো এখন ঠাইৰ Ùতুকালীন উৎসৱবোৰ সাধাৰণতে সকলো সম্প্ৰদায়ৰে সমভাৱাপন্ন উৎসৱ হৈ পৰে৷ উদাহৰণস্বৰূপে অসমৰ প্ৰায়বোৰ সম্প্ৰদায়ৰ মাজতেই কিছু ভিন্ন ধৰণে বসন্ত উৎসৱ পালন কৰা দেখা যায়৷ তাৰ ভিতৰত উজনি অসমৰ মূলত অসমীয়াভাষী নাইবা মূল অসমীয়া ভাষীৰ দ্বাৰা প্ৰভাৱিত জনগোষ্ঠীসমূহ যেনে দেউৰী, মিচিং, সোণোৱাল, কছাৰী, মৰাণ, মটক আদিৰ মাজত বিহু উৎসৱ পালনৰ পৰম্পৰা আছে৷ আমি মূল সঁুতিৰ অসমীয়া ভাষীসকলে যিমানেই সকলো জনগোষ্ঠীক ধৰি বৃহৎ অসমীয়া জাতি গঠনৰ কথা নকওঁ কিয় আমাৰ সমন্বয়ত কিন্তু সদায়ে অসমীয়াভাষী মানেই অসমীয়া ধাৰণাটো ৰৈ আছে৷ তাক সহজে মচি পেলাবও নোৱাৰি৷ গতিকে আমি মূল সঁুতিৰ অসমীয়াভাষীসকলে যিমানেই নিচিঞৰো, অসমৰ অন্য জনগোষ্ঠীৰ বিহু সLপক¹য় আচাৰ-নীতিকো কিছু পৰিৱৰ্তিত ৰূপত বিহু পালনৰ লগত যুক্ত কৰাৰ কথা চিন্তা কৰিব লাগিব৷ উদাহৰণস্বৰূপে আমি যেতিয়া বৰকৈ জাতীয় সাজ-পাৰ, জাতীয় সাহিত্য, জাতীয় সংগীত আদিৰ কথা কওঁ তেতিয়া এটা কেৰোণ আহি পৰে৷ কোনোবাই যদি আমাৰ সোধে অসমীয়াৰ জাতীয় সাজপাৰ কি বুলি, আমি চাদৰ-মেখেলাৰ কথাকে কওঁ৷ কিন্তু কথাটো আমি যদি এষাৰতে মানি ল’ব লাগে তেন্তে বডে.াসকলৰ দখনা নামৰ মাহিলাৰ সাজযোৰকে আমি চাদৰ-মেখেলা চাদৰ বুলিয়েই ক’ম নেকি? আমি মনত ৰখাৰ প্ৰয়োজন যে, অসমৰ জনগোষ্ঠীসমূহৰ মাজত পাৰস্পৰিক বুজাবুজিৰ ভাৱ দৃঢ. কৰাৰ বাবে জাতীয় সাজপাৰৰ দৰে কথাবোৰত অলপ কম গুৰুত্ব দিয়াটোৱে সমীচিন হ’ব নেকি? তথাপিও এটা কথা ক’ব পাৰি যে,  তেনে পৰিৱেশ সৃষ্টিৰ বাবে আমি আমাৰ মানসিকতালৈ কিছু পৰিৱৰ্তন আনিব লাগিব৷ অসমৰ অন্য জনগোষ্ঠীৰ বিহু সম্পক¹য় আচাৰ-নীতিকো কিছু পৰিৱৰ্তিত ৰূপত বিহু পালনৰ লগত যুক্ত কৰাৰ কথা চিন্তা কৰিব লাগিব৷ অৰ্থাৎ অসমৰ সকলোবোৰ মূল সঁুতিৰ অসমীয়া ছাত্ৰনেতা, ৰাজনৈতিক নেতা নাইবা বুদ্ধিজীৱীয়ে বৃহৎ অসমীয়া জাতিৰ কথা কৈ টেঁটু ফালি থাকে, কিন্তু এতিয়াও অসমত এটা সুস্থ -সবল, সৃষ্টিশীল জাতিগোট গঠন কৰাৰ মানসিকতা আমাৰ মাজত গঢ. লৈ উঠা নাই, যিটো জাতিগোটত সকলোবোৰ জনগোষ্ঠীয়ে নিজৰ ভাষা-সংস্কৃতি-সাহিত্যৰ উপযুক্ত স্বীকৃতিৰে জীয়াই থাকিবলৈ সক্ষম হ’ব, সামগ্ৰিকভাৱে পশ্চিমীয়া সম্প্ৰসাৰণবাদ, হিন্দী সম্প্ৰসাৰণবাদ– যিটো আমাৰ বাবে আটাইতকৈ বিপদজনক বস্তুৰ বিপদে যিটো জাতি গোটক টেঁটু চেপি ধৰিব৷ ওপৰৰ কথাখিনিৰে মই ক’ব খুজিছো, পাঠকসকলে নি(য় বুজি পাইছে৷ হয় বিহু উৎসৱটিক আমি এনে চিন্তাৰপ বাহক কৰি তোলাৰ সময় সমাগত৷ মাহেকীয়া বাৰ্তালোচনী ৰংপুৰ বাৰ্তাৰ লেখক-লেখিকা, পাঠক-পাঠকসকলক হেঁপাহৰ ৰঙালী বিহুৰ ওলগ জনালো৷ আগন্তুক বছৰটোৱে সকলোলৈকে কঢি.য়াই আনক শান্তি আৰু সমৃদ্ধিৰ বতৰা৷ আহক, আমি সকলোৱে মিলি-জুলি এই ৰঙালী বিহুৰ আনন্দ লওঁ৷

No comments:

Powered by Blogger.