চিত্ৰ-বিচিত্ৰ মানুহৰ জীৱনযাত্ৰা
মণিমালা বৰুৱা দত্ত
মানুহৰ জীৱন সঁচাকৈয়ে এক অদ্ভুত চিত্ৰৰ দৰে—য’ত প্ৰতিটো ৰং আৰু প্ৰতিটো আঁচোৰে একো একোটা কাহিনী কয়। কেতিয়াবা এই জীৱন ৰঙীন ফুলনিৰে ভৰি থাকে, কেতিয়াবা আকৌ বিষাদৰ আঁচোৰেৰে অন্ধকাৰ হৈ পৰে। জীৱনৰ এই চিত্ৰ-বিচিত্ৰ ৰূপবোৰে মানুহক শিক্ষা দিয়ে, অভিজ্ঞতা দিয়ে আৰু শেষত এজন সম্পূৰ্ণ মানুহ হিচাপে গঢ়ি তোলে।
মানুহ জন্ম হোৱাৰ লগে লগে জীৱনৰ এই চিত্ৰ অঁকা আৰম্ভ হয়। শৈশৱ যেন এখন স্বচ্ছ কাগজ—য’ত থাকে মাত্ৰ নিৰ্মলতা, আনন্দ আৰু সপোনৰ ৰং। সেই সময়ত কোনো দুখ নাই, কোনো চিন্তা নাই—মাত্ৰ হাঁহি, খেল-ধেমালি আৰু সপোনৰ এক বিচিত্ৰ জগত। কিন্তু সময়ৰ লগে লগে এই কাগজখনত নতুন নতুন ৰং পৰিবলৈ আৰম্ভ কৰে।
কৈশোৰ আৰু যৌৱনত জীৱনৰ ৰংবোৰ অলপ জটিল হৈ পৰে। ইয়াত আশা, সপোন আৰু আকাংক্ষা থাকে; কিন্তু তাৰ লগতে ব্যৰ্থতা, বিভ্ৰান্তি আৰু হতাশাও দেখা দিয়ে। এই সময়ত মানুহে নিজকে বিচাৰি ফুৰে—“মই কোন?” “মোৰ লক্ষ্য কি?” এই প্ৰশ্নবোৰে মানুহক ভিতৰি ভিতৰি সজাগ কৰি তোলে আৰু জীৱনৰ প্ৰকৃত মূল্য বুজিবলৈ সহায় কৰে।
জীৱনৰ পথত সুখ আৰু দুখ—দুয়োটাই অহা-যোৱা কৰে। সুখ যেন বসন্তৰ ফুলনি— য’ত সকলো বস্তু সুন্দৰ লাগে, সকলো মানুহ আপোন যেন লাগে। আনহাতে দুঃখ যেন এজাক প্ৰবল বৰষুণ—য’ত মানুহে নিজকে অকলশৰীয়া অনুভৱ কৰে। কিন্তু এই দুখেই মানুহক শক্তিশালী কৰে, সহনশীল হ’বলৈ শিকায় আৰু জীৱনৰ গভীৰতা উপলব্ধি কৰাত সহায় কৰে।
মানুহৰ জীৱন আন মানুহৰ লগতো গভীৰভাৱে জড়িত। সম্পর্কবোৰে জীৱনৰ চিত্ৰখন অধিক ৰঙীন কৰি তোলে। মাক-দেউতাৰ স্নেহ, বন্ধুত্বৰ মৰম, জীৱন-সংগীৰ বিশ্বাস— এই সকলোবোৰে জীৱনক এক বিশেষ অৰ্থ প্ৰদান কৰে। যদিও কেতিয়াবা এই সম্পর্কবোৰতেই দুঃখ লুকাই থাকে— বিচ্ছেদ, ভুল বুজাবুজি বা প্ৰিয়জনক হেৰুৱাৰ বেদনাৰ ৰূপত। তথাপি, এইবোৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ— চিত্ৰখনৰ প্রয়োজনীয় আঁচোৰ।
সময়ৰ লগে লগে মানুহে বুজি পায় যে জীৱন কেৱল সুঃখ বা দুখৰ সমষ্টি নহয়, ই দুয়োটাৰে এক সুন্দৰ সমাহাৰ। এই চিত্ৰখনত সকলো ৰং থাকিলেহে ই সম্পূৰ্ণ হয়। যদি কেৱল উজ্জ্বল ৰং থাকে, তেন্তে গভীৰতা নাথাকে; আৰু যদি কেৱল অন্ধকাৰ থাকে, তেন্তে আশা নাথাকে। সেয়েহে জীৱনৰ প্ৰতিটো মুহূৰ্ত—সুখ হওক বা দুঃখ—মানুহে সমানভাবে গ্ৰহণ কৰিব লাগে।
শেষত ক’ব পাৰি, মানুহৰ জীৱন সত্যই এক চিত্ৰ বিচিত্ৰ যাত্ৰা। ই এক চলি থকা সৃষ্টি—য’ত প্ৰতিটো দিনতেই নতুন ৰং যোগ হয় আৰু নতুন কাহিনী লিখা হয়। এই জীৱনক ভালপোৱা, বুজা আৰু সন্মান কৰাই হ’ল আটাইতকৈ ডাঙৰ জ্ঞান। কাৰণ, এই চিত্ৰখন আমাৰ নিজৰ—আৰু ইয়াৰ শিল্পীও আমিয়েই।

No comments: