বিহুৰ পৰম্পৰাত বিজ্ঞানৰ সমন্বয়
নৱজ্যোতি বড়া
অসমৰ অন্যতম সাংস্কৃতিক, কৃষিভিত্তিক উৎসৱ বিহুৰ পৰম্পৰাগত নিয়মত বিজ্ঞানৰ গভীৰ স্পর্শ লক্ষ্য কৰা যায়। কৃষিচক্রৰ সময়সূচী, পৰিৱেশ সংৰক্ষণ, পুষ্টিকৰ খাদ্য আদিৰ জৰিয়তে বিহুৱে পৰম্পৰাগত নিয়ম আৰু বিজ্ঞানৰ মাজত এক সামঞ্জস্যপূর্ণ সম্পর্কক প্রতিফলিত কৰি আহিছে। বিহুৰ পৰম্পৰাগত নিয়মসমূহৰ মাজত সাংস্কৃতিক আৰু ধর্মীয় তাৎপৰ্যৰ লগতে বৈজ্ঞানিক দিশো স্পষ্টভাবে পৰিলক্ষিত হয়। এই নিয়মসমূহৰ মাজত থকা বিজ্ঞানৰ বিভিন্ন দিশ যেনে- কৃষি বিজ্ঞান, পৰিৱেশ সংৰক্ষণ, খাদ্য বিজ্ঞান, মানসিক স্বাস্থ্য আৰু পৰম্পৰাগত ঔষধৰ ভূমিকাৰ বিষয়ে এই লেখাত চমুকৈ আলোচনা কৰা হৈছে।
ৰঙালী, কঙালী, ভোগালী- এই তিনিওটা বিহুৱেই অসমৰ কৃষিভিত্তিক জীৱনশৈলীৰ সৈতে গভীৰভাৱে সম্পর্কিত হৈ আছে। ব'হাগ মাহত পালন কৰা ৰঙালী বিহু (এপ্রিল) বসন্তৰ আগমন আৰু নতুন শস্য বীজ সিঁচাৰ প্রতীক। কাতি বিহু শস্য পকাৰ সময় (অক্টোবৰ-নবেম্বৰ) ৰ সৈতে জড়িত। মাঘ বিহু শস্য সংগ্রহৰ পাছত (জানুৱাৰী) কৰা আনন্দৰ উৎসৱ। এই সময় নির্ধাৰণে সাংস্কৃতিক দিশৰ লগতে জলবায়ু বিজ্ঞানকো প্রতিফলিত কৰে। ৰঙালী বিহুৰ সময়ত মাটিৰ উৰ্বৰতাৰ হাৰ আৰু বৰষুণৰ পৰিমাণ বৃদ্ধি হৈ বীজ সিঁচাৰ বাবে উপযোগী হয়। ঋতুগত এই পৰিৱৰ্তনত ভিত্তি কৰি কৃষকসকলে কৃষিকার্যৰ পৰিকল্পনা কৰে।
বিহুৰ পৰম্পৰাত প্ৰকৃতিৰ প্রতি গভীৰ শ্রদ্ধা প্রকাশ পায়। গৰু বিহুত মাহ-হালধি সানি গৰুক গা-ধুওৱা আৰু পুষ্টিকৰ খাদ্য খুওৱাৰ পৰম্পৰাই ধর্মীয় দিশ আৰু পশুপালনৰ বৈজ্ঞানিক পদ্ধতিক সামৰি লয়। গৰুৰ স্বাস্থ্যৰ যতন লোৱাটো কৃষি অর্থনীতিৰ বাবে গুৰুত্বপূর্ণ। গৰুৱে হাল বোৱা, গাখীৰ দিয়াৰ পৰা গো-মূত্ৰৰ জৈৱিক সাৰলৈকে আৱশ্যকীয় ভূমিকা পালন কৰে। তদুপৰি বাঁহৰ গুৰিত মাটি দিয়া, গছ-গছনিৰ পূজা কৰা আদি প্রাকৃতিক সম্পদ সংৰক্ষণৰ পৰম্পৰা পৰিৱেশ বিজ্ঞানৰ সৈতে জড়িত। কাতি বিহুত তুলসী গছৰ ওচৰত চাকি জ্বলোৱাৰ পৰম্পৰাই প্রকৃতিৰ এতি শ্রদ্ধাশীল হ'বলৈ শিকোৱাৰ লগতে তুলসীৰ ঔষধি গুণৰ বিষয়েও সচেতনতা বৃদ্ধি কৰায়। তুলসীৰ গাত থকা এন্টি-বেক্টেৰিয়েল (Anti-Bactercial) গুণ স্বাস্থ্য ৰক্ষাৰ বাবে উপকাৰী।
বিহুৰ সময়ত তৈয়াৰ কৰা পৰম্পৰাগত খাদ্য যেনে- পিঠা, জলপান আদি স্থানীয় উপাদানেৰে তৈয়াৰ কৰা হয়। এই খাদ্যসমূহত শৰীৰৰ বাবে পুষ্টিকৰ চাউল, নাৰিকল, তেল, গুৰ আদি ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে - চাউলেৰে তৈয়াৰী পিঠাত থকা কার্বহাইড্রেটে শক্তিৰ যোগান ধৰে। তিলৰ লাৰুত থকা কেলছিয়াম আৰু আইৰণ হাড়ৰ বাবে উপযোগী। ব'হাগ বিহুত পালন কৰা পৰম্পৰাবিলাকৰ ভিতৰত এশ এবিধ শাক খোৱাৰ পৰম্পৰা অন্যতম, যাক গোটেই বছৰটোৰ বাবে বিভিন্ন বেমাৰ-আজাৰৰ পৰা হাত সৰাত সহায় কৰে বুলি কোৱা হয়। বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ এশ এবিধ শাক স্বাস্থ্যৰ পক্ষে অতি লাভজনক।
বিহুৰ পৰম্পৰাত হালধী, আদা, তুলসী আদি প্রাকৃতিক উপাদান ব্যৱহাৰ কৰা হয়, যি পৰম্পৰাগত ঔষধৰ সৈতে সম্পর্কিত। গৰু - ম'হক গা ধুওৱাৰ লগতে মানুহেও ব্যৱহাৰ কৰা মাহ-হালধী ছালৰ ৰোগ সংক্রমণ প্রতিৰোধৰ বাবে উপকাৰী। পূজা আৰু ঔষধি উদ্দেশ্যত ব্যৱহাৰ হোৱা তুলসী পাতে শ্বাস-প্রশ্বাসৰ সমস্যা আৰু কাহৰ পৰা সুৰক্ষা প্রদান কৰে।
বিহুৰ সাংস্কৃতিক ঐতিহ্যই সামাজিক সংহতি আৰু মানসিক সুস্থতাৰ প্ৰসাৰ ঘটায়। বিহুৰ সময়ত জেষ্ঠ্য- কনিষ্ঠসকলো একত্রিত হোৱাৰ পৰম্পৰাই সামাজিক বান্ধোন শক্তিশালী কৰি ৰাখে যি মানসিক স্বাস্থ্যৰ বাবে আৱশ্যক। নৃত্য-গীত আদিয়ে মানসিক চাপ হ্রাস কৰি মানুহৰ মাজত সংযোগ স্থাপনৰ লগতে আনন্দদায়ক হ'ৰমন ড'পামিন (Dopamine) আৰু চেৰ'টনিন (Serotonine) নিঃসৰণত সহায় কৰে।
বৈজ্ঞানিক দৃষ্টিকোণেৰে বিহুৰ পৰম্পৰাসমূহ অধ্যয়ন কৰিলে আমি আমাৰ পৰম্পৰাৰ গভীৰতা আৰু বৈজ্ঞানিক ভিত্তিৰ বিষয়ে অধিক জানিব পাৰোঁ। কৃষিৰ পৰা আৰম্ভ কৰি পৰিৱেশ সংৰক্ষণ, খাদ্য বিজ্ঞান, মানসিক স্বাস্থ্য, পৰম্পৰাগত ঔষধলৈকে – বিহুৰ প্রতিটো দিশত সাংস্কৃতিক ঐতিহ্য আৰু প্রকৃতিৰ সৈতে মানুহৰ সম্পর্কৰ বৈজ্ঞানিক ভিত্তিও প্রতিফলিত হয়।
ঠিকনাঃ নকটানি, গৌৰীসাগৰ

No comments: