Bornom April 2026

সূচীপত্ৰ - এপ্ৰিল ২০২৬

✍️ প্ৰবন্ধ
📑 কবিতা
📜 গল্প
🖋️ সম্পাদকীয়

জুবিনময় ব’হাগ

April 13, 2026


চামচুল বাৰিক


তেতিয়া জুবিনে পিন্ধি লৈছিল

ব’হাগৰ পোছাক

এতিয়া ব’হাগে পিন্ধি ললে জুুবিনৰ সাজ

বৰদৈচিলাই পিন্ধি ললে ধুমুহা 

পক্ষীৰ সাজটি

ন- পানীয়ে চুমি ললে

সাগৰতলিৰ পক্ষী

কুঁহিপাতবোৰে লিখি ললে

প্ৰাণৰ শিল্পীৰ নাম 

বিহুৱা ডেকাটিৰ চকু দুুটি হৈ পৰিল 

হাৰ্টথ্ৰ’বৰ ভাগিপৰা নয়নযুৰি

বিহুৱতীয়ে পাহৰিলে খোপাত 

কপৌ গুজিবলে’

কুলিয়েও গালে মায়াবিনী গান উচুুপি উচুপি

কোনে কয় জুবিনবিহীন ব’হাগ

শদিয়াৰ পৰা ধুবুৰীলে’ উৰো উৰো কৰে পাখিলগা ৰুমাল 


ফোনঃ ৯১০১২৩৯৬৩০

No comments:

Powered by Blogger.