বিহুৰ অতীত ৰোমন্থন- প্ৰাসংগিকতা
জগত বৰগোহাঁই
প্ৰাক্-ঐতিহাসিক কালত মানৱ জাতিৰ জীৱিকাৰ সম্বল আছিল গছৰ ফল-মূল, পশু-পক্ষী চিকাৰ আৰু কৃষি কৰ্ষণ৷ বিনন্দীয়া প্ৰকৃতিৰ সৌন্দৰ্য সুষমাৰ বৈচিত্ৰতাই আদিম মানৱৰ মনত অপাৰ কৌতুহল, আনন্দৰ অফুৰন্ত সম্ভাৰেৰে উপচাই পেলাইছিল৷ অনুসন্ধিৎসু মনৰ উৰ্বৰা পথাৰডৰাত গজি উঠিছিল সৃষ্টিৰ বীজ৷ স্বপ্ন আৰু সংঘাতৰ বীজ গৰ্ভধাৰণ কৰি সিহঁতে দৌৰি ফুৰিছিল ইঠাইৰ পৰা সিঠাইলৈ৷ প্ৰব্ৰজন ঘটিছিল পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ৷ এয়া যে কল্পনা বিলাসী প্ৰজাপতি মনৰ উন্মেষণ জীৱনৰ স্বচ্চলতা, অধিক শস্য উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখিয়েই উত্তৰ-পূব গোলাৰ্ধৰ অষ্ট্ৰি-মংগোলীয় জনগোষ্ঠীসকলে হোৱাংহো নদী আৰু ইয়াংচিকিয়াং নদীৰ উপত্যকাৰ পৰা গংগা নদী আৰু ব্ৰহ্মপুত্ৰ নদৰ উপত্যকা অঞ্চললৈ প্ৰব্ৰজন ঘটিছিল৷ এওঁলোকে মূলতঃ কৃষিজীৱি লোক আছিল৷ কৃষিৰ পৰাই কৃষ্টিৰ জন্ম৷ প্ৰাচ্যতত্ববিদ দাৰ্শনিক পণ্ডিতপ্ৰৱৰ মেক্সমুলাৰৰ মতে– ‘‘প্ৰাচীন মানৱ দলৰ মাজতেই এজন মণীষাৰ জন্ম হয়, তেওঁৰনামেই হৈছে ‘ফু-চি’৷’’ এইজন ফু-চিয়েই হ’ল চীনৰ ‘চুংকুঅ’ ৰাজ্যৰ প্ৰথমজন ৰজা, ৰাজত্বকাল আছিল খৃঃপূঃ ২৮৫২-২৭৩৮ পৰ্যন্ত৷ এওঁৱেই প্ৰথম জ্যোতিষ গণনা শাস্ত্ৰ ৰচনা কৰিছিল৷ কাছৰ চলঙত অংকন কৰা সাংকেতিক চিহ্নযুক্ত এই গ্ৰন্থখনৰ নাম হ’ল ‘ঈচিং’৷ সেই সময়ত মানুহে কৃষি কৰ্ষণ কৰি শস্য উৎপাদন কৰিবলৈ শিকা নাছিল৷ ফু-চিয়েই বনৰীয়া জীৱ-জন্তু, গৰু-ম’হ আদিক জালেৰে ধৰি ঘৰচীয়া কৰি, মাটি কৰ্ষণ কৰি শস্য উৎপাদনৰ প্ৰথম ধাৰণা দিছিল৷ তেওঁৱেই প্ৰথম কলা-কৃষ্টিৰ অংকুৰণ ঘটাই সংস্কৃতিৰ বুনিয়াদ গঢ়িছিল৷
১২২৮ খৃঃত চাওলুং চ্যুকাফাই সুদূৰ মাওলুঙৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহি সৌমাৰপীঠত ‘মু-ডুন-চুন-খাম’ নাম দি এখন নতুন ৰাজ্য প্ৰতিষ্ঠা কৰিলে৷ ‘ম্যুং-ডুন-চুন-খাম’ মানে সোণোৱালী শস্যৰে ভৰা দেশ৷ চুন-খাম .. চু-খাম .. ‘চৌ-খাম’ অৰুণাচল প্ৰদেশত৷ অৰুণাচল চৌ-খামৰ পৰা ভটিয়াই নামনিত দিহিং নদীৰ দীঘলিঘাটলৈকে [জয়পুৰ] অঞ্চলটোকে ‘টি-পাম’ বুলি কয়৷ এই টি-পামতেই চাওলুং চ্যুকাফাই চাৰি বছৰ কাল থাকি দিহিং নদীয়েদি ভটিয়াই যায় আৰু দিখৌ নদীয়েদি উজাই আহি চৰাইদেউত [চে-ৰায়-য়] স্থায়ী ৰাজধানী দিহিঙৰ অৱবাহিকা অঞ্চলটো জলমগ্ন দ’ পথাৰ আছিল৷ এই জলমগ্ন অঞ্চলটোক চাওল্যু চ্যুকাফাৰ লগত অহা মানুহখিনিয়ে ‘খাও-খাম’ মানে জলমগ্ন পথাৰ বা পানীৰে পৰিপূৰ্ণ দ’ পথাৰ৷ কালক্ৰমতত এই গোটেই অঞ্চলটোৱেই খাও-খাম .. আও খাম.. আ-থাম .. আসাম নামৰ ৰাজ্য নামকৰণ হ’ল৷
স্বৰ্গদেউ চ্যুকাফাৰ লগত অহা টাই মানুহখিনিয়ে নিজকে ‘আহোম’ বুলি পৰিচয় দিয়া নাছিল৷ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মানুহৰ মুখত ‘খাও-খাম’ শব্দটো মুখ বাগৰি ‘আ-খাম’ হ’ল৷ কালক্ৰমত ‘আ-খাম’ গুচি ‘আসাম’ হ’ল, এই আসামৰ পৰাই অসম হ’ল বুলি বুৰঞ্জীয়ে কয়৷ ইয়াত বসবাস কৰা মানুহখিনিয়েই অসমীয়া জাতিৰূপে পৰিগণিত হ’ল৷ ‘আহোম’ এটা জাতি ‘আহোম’ প্ৰশাসনহে৷ এই আহোম প্ৰশাসনেই নাম পালে ‘টাই আহোম’ বুলি৷ স্বৰ্গদেউ চাওলুং চু্যকাফাই মহান অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু ‘চে-ৰায়-ডয়’ত স্থায়ী ৰাজধানী স্থাপন কৰি বিহুৰ বীজ অংকুৰণ ঘটাইছিল৷
চাওলুং চু্যকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত খোজ পেলাই দ’ উৰ্বৰা পথাৰবোৰ দেখি গুটিয়া ম’হৰ নাঙলেৰে শালিধান খেতি আৰম্ভ কৰিছিল৷ কৃষি অৰ্থনীতিৰ ওপৰত ভিত্তি কৰিয়েই চ্যুকাফাই দেশ শাসন কৰিছিল৷ চৰাইদেউত স্থায়ী ৰাজধানী প্ৰতিষ্ঠা কৰিয়েই স্বৰ্গদেউ চ্যুকাফাই গছিকলা খাট, বৰাখোৱা খাট আৰু এঙেৰা খাট নামেৰে তিনিখন খাটত খেতি কৰাইছিল৷ লোক-সংস্কৃতিৰ গৱেষক প্ৰয়াত হেম বুুঢ়াগোহাঞিৰ ‘বিহু আকৌ আহিল’ নামৰ পুথিত উল্লেখ কৰিছে– ‘চৰাইদেউত ৰাজধানী হোৱাত ইয়াৰ অনতিদূৰৰ দক্ষিণ-পশ্চিমৰ নগা পৰ্বতৰ নামনিৰ চণ্টকৰ কাষত বিহুৰ বেদী প্ৰতিষ্ঠা কৰিছিল৷ বৰগছ ৰোপণ কৰি বিহু পাতনি মেলাৰ বাবেই সেই ঠাইৰ নাম বিহুবড়৷’ তেখেতৰ ‘বিহু আকৌ যাবগৈ’ পুথিত [পৃঃ ১৪] উল্লেখ কৰিছে– ‘ফি ফ্যেঙ দয়াংদেউঃ বৰচেমনঃ বৰযখঃ ধনকলীয়া [একেখন দেৱতাৰ নাম] বিহুৰ মুখপৰিচালক৷ বিহুৰ প্ৰথম স্ৰষ্টা– কলীমতী বা কেঁচাইখাতী [সাঁচিপতীয়া লিভফি বা দেওবুৰঞ্জীঅনুসৰি]৷ বিহুৰ বাদ্য আম আৰু চামৰ দুটি ঢোল, ম’হৰ শিঙৰ পেঁপা ধনকলীয়াই সৃষ্টি কৰিছিল৷ বিহুবৰত বিহু তৰি ধোপাবৰত বিহুৰ ধেমালি কৰি, পুলিবৰত পুলি ৰুই বিহুক পুনৰ কলিয়াবৰলৈ বিদায় দিলে৷ মনিচ দেৱ-দেৱীৰ পৰাই বিহুক আদৰি আনি চ’তাই পৰ্বতৰ উজনি বিহুবড়ত ‘তুন-ৰুং-ৰাই’ আৰু ‘খ-ৰুং-ৰাই’ [বড় আৰু আহত]ত মনিচে বিহুৰ বেদী প্ৰতিষ্ঠা কৰিলে৷’’
চাওলুং চ্যুকাফাই মাওলুঙৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহোঁতে ‘চোমচেং’ ডাঙৰীয়াৰ লগতে ‘ফি-হুং’ [বিহুৱা] ডাঙৰীয়াকো লগত লৈ আহিছিল৷ চোমচেং বা চোমদেও ৰজাৰঘৰৰ ডাঙৰীয়া, ফিহুং বা বিহুৱা ডাঙৰীয়া কিন্তু টাই আহোমৰ সামূহিক ডাঙৰীয়া, ৰজা-প্ৰজা সকলোৰে ‘ফি-হুং’ ডাঙৰীয়াৰ আশীৰ্বাদ পালে বছৰটোলৈ অপায়-অমংগল দূৰ হয়, ৰং- আনন্দত কটাব পাৰি, সেইজন আনন্দদাতা দেও ডাঙৰীয়া হৈছে টাই আহোমসকলৰ বিহুৱা ডাঙৰীয়া৷ এই বিহুৱা ডাঙৰীয়া বড়গছতথাকে বুলি লোকবিশ্বাস আছে বাবেই বড়গছৰ তলত বিহু থাপনা অৰ্থাৎ থানপতা হৈছিল৷ বিহু থান পতা বড়গছজোপাই সময়ত নাম পালে– বিহুবড়৷ এই বিহুবড় নামৰ গছজোপাৰ পৰাই ঠাইখনৰ নামহ’ল বিহুবড়৷ এইখনেই অসমৰ প্ৰথম বিহুথান, প্ৰথম বিহুখোলা৷ বিহু থানত গোৱা নামেই হ’ল বুলি ‘বিহুনাম’৷ বিহুবড় থানত বিহু আৰম্ভণি কৰা হয় আৰু বিহুবড় থানৰ পৰাই বিহুক উৰুৱাই নি কলিয়াবড় থানত বিহুৰ সামৰণি মৰা হয়৷ বিহুৱে ডাঙৰীয়া, বিহুবড় থান আৰু কলিয়াবড় থান এই তিনিৰ সংযুক্তটাই আহোমসকলৰ বিহুৰ তিনিখঁুটি; বিহুৰ বৰভেটি৷ বিহুৰ বৰভেটি৷ বিহুৰ গৱেষক পীতাম্বৰ তাইৰাইদেৱৰ ‘তাই আহোম সংস্কৃতি জিলিঙণি’ নামৰ পুথিৰ ‘তৰাছিঙা বিহু আৰু বিহু থাপনা’ নামৰ প্ৰবন্ধত [পৃঃ ৩৩] উল্লেখ কৰিছে– ‘সাধাৰণতে চ’ত মাহৰ চাৰি তাৰিখত টাই আহোম সম্প্ৰদায়ৰ লোকসকলে এই তৰাছিঙা বিহুৰ থাপনা পতা অনুষ্ঠানটি অনুষ্ঠিত কৰিছিল৷ সেইবাবে তৰাছিঙা বিহুৰ পৰা টাই আহোমসকলে বিহু আৰম্ভ হৈছিল বুলি কয়৷ এনেদৰেই তৰাছিঙা বিহুত স্থাপন হোৱা থাপনাখনৰ পৰাই বিহুৰ প্ৰকৃত ইতিবৃত্ত আৰম্ভ হৈছিল আৰু বিহুৱা সবাহত শেষ হৈছিল৷ কিয়নো–
ক] বিহুৰ থাপনা পতা অনুষ্ঠানটোৱেই আছিল– ‘তৰাছিঙা বিহু’৷ খ]এই বিহুৰ থাপনাতে ডেকা-গাভৰুৱে বিহুৱা ডাঙৰীয়াক উপাসনা কৰিছিল– এয়ে ‘ৰাতি বিহু’৷ গ] এই বিহু থাপনাৰ পৰাই ব’হাগত ঘৰে ঘৰে বিহুৱা ডাঙৰীয়াৰ আশীৰ্বাদ বিলাই দিয়া বিহুযোৰাই নাম পালে– ‘হুঁচৰি’৷ ঘ]এই বিহু থাপনাত ব’হাগত বিহু গাই থকা গাভৰুবিহুৱে নাম পালে– ‘জেং বিহু’৷ ঙ] থাপনাখনকে মূল কৰি ব’হাগত সাতদিন বিহুগাই থকা বিহুৱেই হ’ল– ‘সাতবিহু’৷ চ] বিহু থাপনাৰ পৰা বিহুৱা ডাঙৰীয়াক বিদায় দিয়া অনুষ্ঠানটোৱেই হ’ল–‘বিহু উৰুওৱা’৷ ছ] এই বিহু থাপনাত বিহুৱা ডাঙৰীয়াৰ সন্তুষ্টিৰ বাবে সভাখনেই – ‘বিহুৱা সবাহ’৷ এতেকে– তৰাছিঙা বিহু, ৰাতি বিহু, হুঁচৰি, জেং বিহু, সাতবিহু, বিহু উৰুওৱা আৰু বিহুৱা সবাহ– এই সাতোটা বিহুৰ অনুষ্ঠান৷ বিহুৰ ইতিবৃত্ত নামৰ মালাধাৰত গাঁথি ৰখা সূতাডালেই হৈছে বিহুৰ থাপনাখন, বিহুৰ থাপনাখনেই বিহুৰ সাতোটা অনুষ্ঠানৰ উৎপত্তিৰ মূল৷’
বিহুৱা ডাঙৰীয়াৰ নাম হৈছে ‘ধনকলীয়া’৷ ধনকলীয়াই নাম অনুসৰিয়েই এই বিহু থানখনৰ নাম ‘কলিয়াবৰ থান’ হ’ল৷ কলিয়াবৰ নগাঁও জিলাত অৱস্থিত৷ চাওলুং চ্যুকাফাৰ ‘মুং-ডুন-চুন-খাম’ ৰাজ্যখনৰ শেষসীমা আছিল কলীয়াবৰ৷ বিহু গোসাঁনী ‘কলীমতী’ আৰু বিহুৰ দেৱতা ‘ধনকলীয়াই’ প্ৰথম বিহু মাৰিছিল বুলি বিহুনামত উল্লেখ আছে–
‘মোৰ ধনকলীয়া আলাসৰ দেৱতা
নিলগত আছিলা ৰৈ
কলীমতীক লগ পাই সেউতীক লগত লৈ
কলিয়াবৰতে ৰলিনা ঐ৷’
চৰাইদেউ নগৰৰ দক্ষিণাত অৱস্থিত বিহুবৰ থানতেই ‘ফি-হুং’ বিহুৱা ডাঙৰীয়াক [ধনকলীয়া] আৰু ডামনাং [কলীমতী] গোসাঁনীক স্বৰ্গদেউ চাওলুং চ্যুকাফাই প্ৰথমে অধিষ্ঠিত কৰোৱাই বিহু মাৰিছিল বুলি বুৰঞ্জীয়ে কয়৷ এই বিহুবৰ থানতেই ‘ডাম নাং চি-চাও’ অৰ্থাৎ বিহুৰ উপাস্য দেৱ-দেৱী ‘কলীমতী-ধনকলীয়া’ক উপাসনা কৰি বিহু শুভাৰম্ভ কৰিছিল৷

No comments: