কি ফুলে শুৱাবঃ বিহুত-বিহুগীতত ফুলৰ নাম

April 13, 2026



প্ৰপ্ৰীতি গগৈ


‘নাহৰ ফুলে নুশুৱাই

তগৰ ফুলে শুৱাব

তগৰ ফুলে নুশুৱাই

কপৌ ফুলে শুৱাব’

      চ’ত মাহত বৰদৈচিলা মাকৰ ঘৰৰপৰা ঘূৰি আহোঁতে বসন্তক লগত লৈ আহে৷ সেয়ে ন সাজেৰে প্ৰকৃতিৰো মন উখল-মাখল হৈ পৰে৷ ভিন্নৰঙী ফুলেৰে নিজক সজাই পৰাই প্ৰকৃতিৰো যেন সাজোন কাচোন৷ ইফালে নতুন বছৰত বিহুৰ আগমনে অসমীয়াৰ গা-মনো সাতখন-আঠখন কৰি তোলে৷ বৰদৈচিলাই যেন সৰগৰ বাটেৰে নমাই আনে বসন্তক৷ বাটে বাটে ফুল সিঁচি প্ৰকৃতিয়ে বসন্তক আদৰে ৷ চাৰিওফালে কত যে ফুল! নাহৰ, তগৰ, কপৌ, কেতেকী ফুলেৰে অসমৰ হাবি বন, সকলোৰে ঘৰৰ চোতাল ভৰি পৰে৷ প্ৰকৃতিৰ অতিকৈ মৰমৰ এই অসমখনে বিহু উদযাপনৰ বাবে সাজু হৈ উঠে৷ সেয়ে হয়তো অসমীয়া ডেকা গাভৰুৱেও বিহুগীতত প্ৰকৃতিৰ জয়গান গাবলৈ এৰা নাই৷ প্ৰকৃতিৰ অন্যান্য সম্ভাৰৰ লগতে বিহুগীতত ফুলৰ আদৰ বিশেষভাৱে মন কৰিবলগীয়া৷

       পোনপ্ৰথমে হুঁচৰিৰ কথাই ক’ব পাৰি৷ ইষ্ট দেৱতাৰ নাম লৈয়ে ফুলৰ বৰ্ণনা দিয়া বহুকেইটা গীতত দেখিবলৈ পোৱা যায়৷ যেনে-

কৃষ্ণাইৰ মূৰতে

বকুল ফুল এপাহি

নিয়ৰ পাই মুকলি হ’ল অ’

গোবিন্দাই ৰাম।

       ঠিক একেদৰে আন এটি গীতৰ উদাহৰণ হ’ল—

দেউতাৰ পদূলিত

গোন্ধাইছে মালতী

কেতেকী মলেমালাই অ’

গোবিন্দাই ৰাম।

        ফুলবিলাক দেখিলে স্বতঃস্ফুৰ্তভাৱে আমাৰ মনটো ভাল লাগি যায়। ফুলৰ এই সৌন্দৰ্যই যেন মৰততো সৰগৰ আভাস দিয়ে৷ প্ৰেমত হাবুডুবু খোৱা প্ৰেমিক ডেকাইও সেয়ে প্ৰেমিকাৰ সৌন্দৰ্যক ফুলৰ সৈতে তুলনা কৰে৷ যেনে-

সেউতী এপাহি মালতী এপাহি

কেতেকীৰ থোৰালি পাহি

তোমাৰ দেহাটি পদুমৰ পাহি যেন

মাণিকী মধুৰী হাঁহি।

         আনফালে লাহৰীৰ খোপাত কপৌফুল দেখা পাই লাহৰীৰ দুগুণে চৰা ৰূপৰ আভাস দি চেনাইয়ে গীত জুৰে—

নেঘেৰী খোপাতে কপৌফুল এপাহি

সোণত সুৱগা চৰে

এইজনী চকুলৈ চাবকে নোৱাৰি

চকুত চাটে মাৰি ধৰে।

       নাৰীয়ে নিজে ফুল ছিঙি খোপাত গুজি ল’লে হেনো স্ব-কুল ধ্বংস হয়৷ সেয়ে ৰঙালী বিহুত নাৰীয়ে প্ৰিয় ফুলপাহ চেনাইৰ হাতেৰে খোপাত গুজি ল’বলৈ আশা কৰে৷ প্ৰিয়জনেও হাজাৰ প্ৰতিকূল বাধাক নেওচি প্ৰিয় নাৰীৰ বাবে ফুল লৈ অহাৰ কথা আমি বিহুগীতত শুনিবলৈ পাওঁ—

“পাহাৰ বগাই বগাই

কপৌফুল আনিলোঁ

খোপাতে পিন্ধামে বুলি

মাৰক ফাঁকি দি

বিহুলৈ আহিবি

চেৰেকি আনোগৈ বুলি“

       আনফালে নাহৰ ফুলৰ তীব্ৰ গোন্ধ পাই বিহুবলীয়া নাচনীৰ গাত তত নাইকিয়া হয়৷ য’ৰ কাম ত’তে এৰি বিহু নাচিবলৈ উত্ৰাৱল হয়—

নাহৰ ফুল ফুলিবৰ বতৰ

নাহৰৰ গোন্ধ পাই

নাচনীৰ গাত ততে নাই ঐ

গচকত ভাঙি যায় যঁতৰ।” 

      কপৌফুল পাহে নাচনীৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে৷ সেয়ে নাচনীয়ে ৰঙালী বিহুত সকলো ফুলৰ ঊৰ্ধত চেনাইয়ে আনি দিয়া কপৌফুলক স্থান দিছে—

“সেউতী নিপিন্ধোঁ মালতী নিপিন্ধোঁ

নিপিন্ধোঁ খৰিকাজাই

তুমি আনি দিয়া কপৌফুল এপাহি

দেহা মন জুৰায়। ’’

        চেনায়েও কপৌফুল নাপালে নানাচো বুলি কোৱা নাচনীৰ বাবে কপৌফুল এপাহ বিচাৰি চলাথ কৰে—

পাহাৰে ভৈয়ামে ঘূৰিনো ফুৰিছোঁ

কপৌ ফুল এপাহিৰ বাবে

কপৌ ফুল নাপালে বিহুকে নানাচে

প্ৰতিজ্ঞা কৰিছে ধনে।

      সঁচাকৈয়ে বসন্ত ঋতুত ফুলি উঠা প্ৰায়বোৰ ফুলৰ গুণানুকীৰ্তন কৰি বিহুগীত গোৱা শুনিবলৈ পোৱা যায় যদিও কপৌ ফুলে ৰঙালী বিহুত আটাইতকৈ বেচি প্ৰাধান্য লাভ কৰে৷

      আনফালে মদাৰ ফুলে সৌন্দৰ্যবৰ্ধন কৰিলেও কোনো কামত নাহে বাবে বিহুনামত মদাৰ ফুলৰ কথাএনেদৰে কোৱা হৈছে—

        কেলেই ফুলিলি ৰূপহী মদাৰ ঐ

কেলেই পেলালি কলি,

গুৰুতো নেলাগ ভকতত নেলাগ

থাক তলে ভৰি সৰি।

        ফুলৰ ভিতৰত সাধাৰণতে সকলোৱে চিনি পোৱা আৰু ওচৰে পাজৰে পোৱা সহজলভ্য ফুলক লৈয়ে বেছিভাগ বিহুগীত ৰচিত হৈছিল৷ যেনে-

“ফুলৰে শুৱনি সেউতি মালতী

কেতেকী শুৱনি পাহি

চেনেহী শুৱনী যৌৱনৰ জুৰণি

মুখত মিচিকিয়া হাঁহি“

        নাচনীৰ পছন্দ অপছন্দৰ ওচৰত হাৰ মানি কেতিয়াবা খঙতে কোনো বিহুৱাই অভিমান কৰি ৰচনা কৰা বিহুগীতো পোৱা যায়—

“নাহৰ ফুল নিপিন্ধ তয়ে ঐ চেনেহী

তগৰ ফুল নিপিন্ধ তই

ৰঙা ৰিহাখনি তাকো তই নিপিন্ধ

আছিলি মেমনি হৈ”

       অৱশ্যে অসমৰ ইতিহাস, ভৌগোলিক অৱয়ব, চৰাই-চিৰিকতি, নদ-নদী সকলোৱেই বিহুগীতত স্থান লাভ কৰিছে ৷ ইয়াৰ পৰিসৰ বহু বিস্তৃত৷ অসমৰ প্ৰকৃতিৰ বৰ্ণনাই বিহুগীতত সৰ্বাধিক স্থান লাভ কৰিছে ৷ হেমাংগ বিশ্বাসদেৱে কোৱাৰ দৰেই সেয়ে ক’ব পাৰি—

“বিহুগীতত যি নাই, অসমত সি নাই। অসমত যি নাই, সি বিহুগীতত নাই।”

No comments:

Powered by Blogger.