মুখ্য সম্পাদকৰ কলম

April 13, 2026


হেঁপাহৰ বিহুটি–

আমাৰ সাংস্কৃতিক পৰিচয়

আমাৰ জাতীয় আবেগ

আমাৰ গৌৰৱ৷


এজাক বতাহে চুই গ’লেও পুনৰ গঢ়ি ল’ব পৰাতে আছে আমাৰ ঘৰখন৷ আকৌ সঁজাল ধৰিব খেতিডৰা৷ বিহুনামৰ পৰা বিহুগীত- এয়াই প্ৰথম ইংগিত আছিল নেকি! চহা ডেকাৰ বিহুনামত ভিন্ন সময়ৰ চিহ্ন বিদ্যমান– নৈৰ ঘাটৰ প্ৰেম, প্ৰকৃতি, সমাজ, ইংৰাজৰ শাসন, অসম আন্দোলন ইত্যাদি৷ ভূপেনদায়ো দেখোন ৰচিছিল বিহুগীত৷ কিন্তু আজিৰ বিহুগীতৰ সৈতে আছে আকাশ-পাতাল তফাৎ৷ সেই তেতিয়াৰ সুবাস সুধাকণ্ঠৰ গীতৰ কোঁহে কোঁহে বিচাৰি পাওঁ৷ সমাজব্যৱস্থা সময়ৰ সৈতে আগবাঢ়ে৷ এয়া গতানগতিক৷ উৎপত্তিক লৈ যিমান চৰ্চা হৈছে, বিহুটিক এক পৰিশীলিত ৰূপত কেনেদৰে ধৰি ৰাখিম– সেই চৰ্চা কম হৈছে৷ জাতিটোক বচাই ৰাখিবলৈ আমাৰ বহু কৰণীয় আছে৷ সেই কথাবোৰো আমিয়েই চিন্তা কৰিব লাগিব৷ শিক্ষা আৰু কৰ্ম-সংস্কৃতিয়েহে ৰক্ষা কৰিব পাৰিব এটা জাতি৷

No comments:

Powered by Blogger.