এজন জ্ঞানী ব্যক্তিৰ পৰিচয়
চন্দ্ৰ শেখৰ পৰাজুলী
এজন মূৰ্খ মানুহক তেওঁৰ কথাতেই গম পায় আৰু আনহাতে মৌন হৈ থকা এজন বিদ্বান ব্যক্তিকো আমি ভালকৈ নিৰীক্ষণ কৰিলে চিনিব পাৰো। আমাৰ অসমীয়াত এষাৰ কথা অতীজৰে পৰা প্ৰচলিত আছে যে,"কথাত কটা যায় কথাত বঁটা পায় "। বৰ্তমান সময়ত আমি সচৰাচৰ দেখিবলৈ পাই আহিছোঁ, একাংশৰ মুখে মুখে কেৱল ডাঙৰ ডাঙৰ কথা। আচলতে বৰ্তমান সময়ত যেন এক প্ৰতিযোগিতাৰ সৃষ্টি হৈছে, কোন কিমান বুদ্ধিয়ক। নিজকে এক উচ্চ গুণসম্পন্ন ব্যক্তিৰ ৰূপত পৰিচয় দিবলৈ প্ৰস্তুত হৈ থকা দেখিবলৈ পোৱা যায়। কিন্তু কেতিয়াবা কোনোবাই ভাবি চাইছেনে এজন জ্ঞানী ব্যক্তিয়ে জগতৰ আগত নিজকে জ্ঞানী সজোৱাৰ প্ৰয়োজন আছে নে ?
আচলতে নিজকে জ্ঞানী ব্যক্তি হিচাপে পৰিচয় দিবলৈ ডাঙৰ ডাঙৰ দম্ভালি মৰা কথাবোৰৰ প্ৰয়োজন আছে জানো! এজন প্ৰকৃত জ্ঞানী ব্যক্তিক তেওঁ সচৰাচৰ জীৱন কালত একেবাৰে সৰু সৰু কথাবোৰক কিমান নিখুঁত ৰূপত প্ৰস্তুত কৰি নিজৰ জীৱনক আগুৱাই লৈ গৈ আছে তাৰ পৰাহে জানিব পাৰি। কাৰণ আজিকালি ইন্টাৰনেট, চচিয়েল মিডিয়াৰ সময়। প্ৰায় প্ৰতিজন মানুহৰ হাতে হাতে ম’বাইল ফোন। সেয়েহে এই উপকৰণবোৰ দিনে-ৰাতিয়ে প্ৰয়োগৰ জৰিয়তে এজন একেবাৰে মূৰ্খ ব্যক্তিয়েও দুই-এটা কথা ভুলে-শুদ্ধই ভাটৌৰ দৰে সলসলীয়াকৈ নিজকে প্ৰদৰ্শন কৰি অহাটো একেবাৰে সামান্য কথা।
ঠিকনাঃ বিশ্বনাথ চাৰিআলি।
ফোন- ৯৭০৭৩০৬৪৭৪

No comments: