প্ৰসংগঃ পাঁচখন অসমীয়া চিনেমা
উৎপল মেনা
পাঁচখন চিনেমা এই চৰ্চালৈ আনিছোঁ- "ইয়াকাসিক ওমেদে" (Yakasi's Daughter), "গনৰাগ", "ৰ'দৰ পাখি', "মউনাবিলি" (An Evening Ballad) আৰু "কাংব' আলতি"। চিনেমাকেইখন চাইছিলোঁ গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱৰ (GAFF) দ্বিতীয় সংস্কৰণত। কেৱল চিত্ৰগৃহত মুক্তি পোৱা অসমীয়া চিনেমাৰ কথা মনত ৰাখি কৰা "অসমীয়া চিনেমাৰ ভাল দিন-বেয়া দিন" বিশ্লেষণ শুদ্ধ নহয়। চিত্ৰগৃহত মুক্তি নোপোৱা ভালেমান ভাল চিনেকৰ্ম প্ৰতিবছৰে অনুভৱৰ সুযোগ পাওঁ এনে ধৰণৰ চলচ্চিত্ৰ মহোৎসৱত। এইবাৰ এই মহোৎসৱত ১০খন এছীয় দেশৰ ২৬খন চিনেমা প্ৰদৰ্শিত হৈছিল।
(এক)
কাহিনী-ৰেখাৰ মূল বিন্দু জ্যোতি। সৰুৰে পৰা স্পাইনেল মাছকুলাৰ এট্ৰফি (Spinal Muscular Atrophy) ৰোগত আক্ৰান্ত। বিচনাতে জীৱন আৱদ্ধ (চৰিত্ৰটো শৰ্মিষ্ঠা প্ৰীতমৰ জীৱনৰ দ্বাৰা অনুপ্ৰাণিত)। মাক-দেউতাকৰ মৰমে জীয়াই ৰখা জ্যোতিৰ জীৱনলৈ প্ৰেম আহে, প্ৰেমে নতুন জীৱান দিয়ে। লেখিকা হোৱাৰ সপোন দেখা জ্যোতিৰ লেখা কাকতত ছপা হয়, কাকতৰ সম্পাদকে জ্যোতিক প্ৰশংসা কৰে, মাননী দিব, নিয়মীয়াকৈ লিখাৰ কথা কয়। জ্যোতিয়ে উৎসাহ অনুভৱ কৰে।
"প্ৰেমিক"-এ জ্যোতিক ঘৰৰ বাহিৰৰ পৃথিৱীখনলৈ লৈ যায়, কবি সন্মিলনত কবিতা পাঠ কৰোৱাই। এদিন এখন হুইল চেয়াৰো আনি দিয়ে।
জ্যোতিৰ ককায়েকেও এখন হুইল চেয়াৰৰ কথা কৈছিল। কিন্তু দেউতাকে বিচৰা নাই। দেউতাকে নিজে ডাংকোলা কৰি জ্যোতিক প্ৰয়োজনত ইফালে-সিফালে নিয়ে। দেউতাকেই জ্যোতিক লিখিবলৈ উৎসাহ দিয়া প্ৰথমগৰাকী ব্যক্তি। কিন্তু বিধিৰ বিপাক, জ্যোতিৰ দেউতাকৰো স্মৃতিশক্তি হ্ৰাস পোৱা বেমাৰ (আলঝেইমাৰ ৰোগ) হয়। --দেউতাকৰ চৰিত্ৰটো নিৰ্মাণ কৰিছে অৰুণ নাথক লৈ। পৰিপাটি, সুপৰিকল্পিত অভিনয় শক্তি-কেমেৰাৰ ভাষা প্ৰয়োগ। অভিনয়ৰ লগতে চৰিত্ৰ বিন্যাস-গতি দিশটোৰ বাবে পৰিচালকক, অভিনেতা নাথক অৱশ্যেই প্ৰশংসা কৰিব লাগিব। সুস্থ, মৰমিয়াল দেউতাকৰ পৰা আলঝেইমাৰ ৰোগী দেউতাকলৈ কৰা নিৰ্মাণ কৰ্ম চুই যোৱা। তেনেদৰে মূল চৰিত্ৰটোৰ বিন্যাস-চিনে সৌন্দৰ্যৰ কথাও উল্লেখ কৰিব লাগিব। সুলক্ষণা বৰুৱাই কেৱল চেহেৰাৰ অভিনয় (facial performance) -ৰ সুযোগ আছে চৰিত্ৰটোৰ। চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা চৰিত্ৰটোৰ প্ৰসংগত মুকলি মনেৰে ক'ব পাৰি-- অসাধাৰণ, মন-মগজুত ৰৈ যোৱা। বাস্তৱিক অভিনয়ৰে নিৰ্মাণ (মাকৰ চৰিত্ৰত বিনা পটংগীয়া, প্ৰেমিকৰ চৰিত্ৰত কমল লোচন) আনকেইটা চৰিত্ৰও পৰিপাটি।
চৰ্চালৈ অনা এই চিনেমাখনৰ নাম-- "ৰ'দৰ পাখি"। ড° ববী শৰ্মা বৰুৱাৰ পৰিচালনা। সন্দেহ নৰখাকৈ ক'ব পাৰি ড° ববীৰ "পৰিচালনা কৰিয়াৰ"ৰ শ্ৰেষ্ঠ চিনেকৰ্ম। কেৱল চুই যোৱা চৰিত্ৰ, আটম টোকাৰী গল্প এটাতে শেষ নহয়, ৰূপালী গল্পটোক "Poetic Cinematography" -লৈ ৰূপান্তৰ কৰিছে। ইমানখিনি প্ৰশংসা কৰাৰ পাছতো ক'ব লাগিব পৰিচালকগৰাকীৰ কাম ত্ৰুটিমুক্ত নহয়। জ্যোতিৰ প্ৰেমিকে চুলি খুৰাই প্ৰায়শ্চিত্ত কৰা, হাতত WhatsApp-ৰ সুবিধা থকা মোবাইল থকাৰ পাছতো ডাকত চিঠি দিয়া ছিকুৱেন্স কেইটাত পৰিচালকে মন দিয়াৰ প্ৰয়োজন আছিল।
--এনে ধৰণৰ ত্ৰুটিৰ বিপৰীতে পৰিচালকে চুই যোৱা কেইবাটাও ছিকুৱেন্স নিৰ্মাণ কৰিছে। উদাহৰণ: জ্যোতিয়ে "আলঝেইমাৰ ৰোগী" দেউতাকক কাকতত ছপা হোৱা প্ৰথম লেখাটো দেখুৱলৈ যোৱা ছিকুৱেন্সটো, "প্ৰেম-সংঘাত"ৰ সময়ত মাকক "মোক কিয় জন্ম দিছিলি" বুলি প্ৰশ্ন কৰা ছিকুৱেন্সটো। প্ৰথম আৰু শেষৰ কেমেৰাৰ ভাষাক গুৰুত্ব দি নিৰ্মাণ কৰা ছিকুৱেন্স দুটাও-- মগজু চুই যোৱা।
(দুই)
চিনেমাখনৰ নাম-- "কাংব' আলতি" (ইংৰাজীত ৰখা নাম:The Lost Path)। চিনেমাখনৰ সাহিত্যৰ ভাষা কাহিনী-বিষয়বস্তুৰ সৈতে খাপ খোৱা। কাহিনী-ৰেখাৰ মূলবিন্দু এজন জনজাতীয় কাৰ্বি ডেকা। নাম-- লংছিং। উগ্ৰপন্থী সংগঠন এটাৰ স্থানীয় সক্ৰিয় সদস্য। সংগঠনটোৰ প্ৰভাৱ বঢ়াবলৈ হিয়েক পঞ্জা নামৰ গাঁও এখনত তাক দায়িত্ব দিয়া হয়।
কাহিনী আগবাঢ়ে-- নিজৰ দায়িত্ব পালনৰ বাটত আগবঢ়াৰ সময়ত লংছিং-এ এগৰাকী স্থানীয় যুৱতী ৰিংলিৰ প্ৰেমত পৰে।
কাহিনীলৈ আহে-- বীৰেনছিং। গাঁওখনৰ একমাত্ৰ বিদ্যালয়খনৰ শিক্ষক। কাহিনীৰ গতিত বীৰেনছিং-এ লংছিং-ক বিদ্যালয়খনলৈ মাতি আনে পঢ়ুৱাবলৈ। প্ৰসংগক্ৰমে বীৰেনছিং-এ নিৰ্দিষ্ট উগ্ৰপন্থী গোটটোক সমাজত চলাই থকা নিষ্ঠুৰ কাৰ্যকলাপৰ বাবে মুকলিকৈ সমালোচনা কৰে। আৰু এদিন সমালোচনা কৰাৰ অপৰাধত উগ্ৰপন্থী দলটোৰ সদস্যই বীৰেনছিঙক অপহৰণ কৰে, হত্যা কৰিবলৈ নিৰ্দেশ দিয়ে লংছিং-ক। সি নিৰ্দেশ অমান্য কৰে, সন্ত্ৰাসবাদ এৰি গাঁৱলৈ উভতি আহে, বহু সেউজ সপোন মনত লৈ। কিন্তু সপোন সাকাৰ কৰাৰ বাটত খোজ দিয়াৰ আগতে দুজন বন্দুকধাৰীয়ে তাক হত্যা কৰে। ইমানতে কাহিনী শেষ।
কাহিনীত স্পষ্ট হয়-- শিক্ষা আৰু হিংসাৰ সংঘাত।
চিনেমাখনৰ লেখক-পৰিচালক: খঞ্জন কিশোৰ নাথ। চিনেমাখনৰ ভাল লগা দিশ প্ৰতিটো ছিকুৱেন্সৰ বিশ্বাসযোগ্যতা। পৰিবেশ নিৰ্মাণ, সংগীত প্ৰয়োগ, চৰিত্ৰ নিৰ্মাণৰ লগতে "ভূগোল", "ইতিহাস"ৰ স্পষ্টতাত পৰিচালকৰ দক্ষতা, চিনে-শক্তি অনুভৱ কৰিছোঁ।
(তিনি)
"ইয়াকাসিক ওমেদে"-ত ব্যৱহাৰ হোৱা সাহিত্যৰ ভাষা অসমীয়া (সামান্য অংশত) আৰু মিচিং। ব্যৱহাৰ কৰা ভাষাৰ অনুপাত আৰু শিৰোনামৰ কথা মনত ৰাখি ক'ব পাৰি-- মিচিং চিনেমা। পটভূমি অসমৰ মিচিং জনগোষ্ঠীৰ এখন দুৰ্গম (নদীৰ পাৰৰ) গাঁও। পৰম্পৰাগত জীৱন যাপন কৰা গাঁওবাসীৰ বাবে দৰিদ্ৰতা, দুৰ্বল আন্তঃগাঁথনি আৰু প্ৰাকৃতিক দুৰ্যোগৰ মাজত জীয়াই থকাটো যেন গতানুগতিক সংগ্ৰাম! তেওঁলোকৰ প্ৰতি শাসকপক্ষৰ যেন কাণ-সাৰ নাই, মনত পেলাই কেৱল নিৰ্বাচনৰ সময়ত।
[পৰিচালক-লেখকে সাহিত্যৰ ভাষা-- অসমীয়া ব্যৱহাৰ কৰি নিৰ্দিষ্ট গাঁওখনৰ সমস্যা এটা ছিকুৱেন্সত পৰ্দালৈ আনিছে। ছিকুৱেন্সটো নিৰ্বাচনৰ সময়ৰ, ভোট গ্ৰহণ কৰি থকা সময়ৰ। --এই ছিকুৱেন্সটোৰ গুৰুত্ব আছে; কিন্তু সৌন্দৰ্য নাই। কাহিনীৰ গতিত বাধা হৈছে।]
কাহিনী-ৰেখাৰ মূল বিন্দু-- ১৪ বছৰীয়া জাৰিয়াম আৰু ১৭ বছৰীয়া মিগাম। প্ৰেম, আৰু তাৰ পাছত বিয়া, সংসাৰ। সংসাৰ চলোৱাৰ সংগ্ৰাম। দৰিদ্ৰতা আৰু প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজ।
ৰূপালী গল্পটোৰ পৰিচালক ড° জয়ন্ত মাধব দত্তই কাহিনী কোৱাতকৈ কেমেৰাৰ ভাষা প্ৰয়োগত গুৰুত্ব দি পৰিবেশ নিৰ্মাণত, মিচিং সংস্কৃতি প্ৰয়োগত, সমাজৰ আচাৰ-বিচাৰত অধিক গুৰুত্ব দিছে। ফলত ৰূপালী গল্পটো "তথ্যচিত্ৰ বৃত্ত" মুক্ত হোৱাত পিছল খালে। বিষয় বস্তু কঢ়িয়াই নিয়া গল্পটোৰ গতি মন্থৰ হ'ল। কাহিনীয়ে ছন্দ হেৰুৱালে।
[সন্দেহ নৰখাকৈ ক'ব পাৰি-- চিনেমাখনৰ প্ৰধান সৌন্দৰ্য কাহিনীৰ গতিত, কাহিনীৰ শেষত ব্যৱহাৰ কৰা মিচিং সমাজৰ লোক সংগীত। সংগীত: অমৃত প্ৰীতম, ভগৱত প্ৰীতম। ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়োৱা শব্দ ডিজাইনো অমৃত প্ৰীতমৰ। অভিনয় কৰিছে বনেশ্বৰ পেগু, জুনুমাই পেগু, পাপুজ্যোতি পেগু, অঞ্জলি টাইদ আদিয়ে।]
(চাৰি)
পৰিচালকে কাহিনীতকৈ বড়ো সমাজ, বড়ো সমাজৰ আচাৰ-বিচাৰ (লোকবিশ্বাস, উৎসৱ-পাৰ্বণ, আহাৰ-বিহাৰ) চিত্ৰায়ণত বেছি গুৰুত্ব দিয়াত কাহিনীয়ে ছন্দ হেৰুওৱা আন এখন চিনেমা (Guwahati Asian Film Festival-26 ত চোৱা) "মউনাবিলি"। বিশাল স্বর্গীয়াৰীৰ পৰিচালনা। প্ৰথম (feature film) পৰিচালনা।
মউনাবিলি-- বড়ো শব্দটোৰ অৰ্থ গোধূলি। চিনেমাখনৰ ইংৰাজীত নাম ৰখা হৈছে-- "An Evening Ballad"। বিয়লি পৰৰ বেলাড। নামটোৰ সৈতে পৰিচালকে নিশ্চয় সম্পৰ্ক গঢ়িছে প্রোটাগনিষ্টৰ সৈতে। ৰূপালী গল্পটোৰ কাহিনী-ৰেখাৰ মূল বিন্দুটোৰ সৈতে। মূল বিন্দু-- এগৰাকী একক মাতৃ (Single mother)। শ্ৰম কৰি জীৱন যাত্ৰা কৰা মাতৃগৰাকীৰ সংগ্ৰাম, সাহস আৰু আশাৰ কাহিনী স্পষ্ট হৈছে কাহিনী-ৰেখাত। দেখা যায়-- প্ৰেমৰ কাহিনী। দেখা যায়-- পিতৃতান্ত্ৰিক সমাজত এগৰাকী মহিলাই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে দিয়া যুঁজ। কাহিনী নিৰ্মাণ, চৰিত্ৰ নিৰ্মাণ "বাস্তৱতা"ক গুৰুত্ব দিয়া হৈছে। অভিনয়, সংগীতকে ধৰি শব্দ প্ৰয়োগ, চিনেমাৰ ভাষা প্ৰয়োগৰ ইতিবাচকতাৰ বিপৰীতে কাহিনীৰ গতিক চিনেমেটিক-ছন্দ দিব নোৱাৰা দিশটো পৰিচালকৰ দুৰ্বলতা, চিনে-ত্ৰুটি।
(পাঁচ)
চৰ্চাৰ বিষয় কৰি লোৱা আনখন চিনেমা "গনৰাগ"ৰো ত্ৰুটি-- কাহিনীৰ গতিক চিনেমেটিক-ছন্দ দিয়াত পৰিচালকে মন নিদিলে বা পিছল খালে। পৰিচালক: দীপ ভূঞা। বিষয়-বস্তুত নতুন চিনে-চিন্তা স্পষ্ট। চিনেমাখনত বিশেষকৈ সংগীত আৰু সমাজৰ গভীৰ সম্পৰ্ক দেখুওৱা হৈছে কাহিনীৰ গতিত। বিশেষকৈ ওজাপালি আৰু দেওধনী নৃত্যৰ পৰম্পৰাক আধুনিক সমাজৰ প্ৰেক্ষাপটত তুলি ধৰা হৈছে। ওজাপালিক ৰাজনৈতিক যুজত ব্যৱহাৰ কৰিছে, পৰিপটিকৈ। ক'ব পাৰি লোকসংগীতৰ শক্তি (Power of Folk Music)-ৰ সু-পৰিকল্পিত ব্যৱহাৰ ৰূপালী গল্পটোত স্পষ্ট।
চৰ্চাত পোৱা যায়-- "লোকসংগীতক প্ৰায়েই সমাজৰ দুখ-যন্ত্ৰণা আৰু অন্যায়ৰ বিৰুদ্ধে এক শক্তিশালী মাধ্যম হিচাপে গণ্য কৰা হয়। বিশেষকৈ আমেৰিকাৰ দাসত্ব প্ৰথাৰ বিৰুদ্ধে যুঁজত ই এক "মহাশক্তি" হিচাপে কাম কৰিছিল।"
ফ্ৰেডৰিক নিটছেৰ (Friedrich Nietzsche) মতে, লোকসংগীত হ’ল মানুহৰ আদিম সুৰ আৰু এয়া সমগ্ৰ পৃথিৱীৰে এক সংগীতময় দাপোণ। লোকসংগীতেৰে সহজতে মানুহৰ মন সহজতে স্পৰ্শ কৰিব পাৰি। "গনৰাগ" লেখক-পৰিচালকে ৰূপালী গল্পটোত নিৰ্বাচনত অংশ লোৱা অসাধু প্ৰাৰ্থীৰ বিৰুদ্ধে থিয় হোৱা "সৰল মনৰ প্ৰাৰ্থী"য়ে ওজাপালিৰ "মহাশক্তি" ব্যৱহাৰ কৰি ভোটাৰৰ মন স্পৰ্শ কৰা দেখুৱাইছে। (কাহিনীৰ গতিত ওজাপালি লগত জড়িত শিল্পীসকলৰ সংগ্ৰাম, বিশ্বাস আৰু পৰম্পৰাক ধৰি ৰখাৰ যুঁজৰ কাহিনীও কম ফুটেজতে স্পষ্টকৈ প্ৰকাশ কৰিছে। --এয়া ইতিবাচক দিশ।)
চিনেমাখনৰ সৌন্দৰ্য-- অভিনয় আৰু কাহিনীৰ গতিত ব্যৱহাৰ কৰা ওজাপালিৰ গীত-নৃত্য শৈলী। পৰিচালকে কেমেৰা ডিজাইনত মন দিলে "দুৰ্বল কাহিনীৰ গতি" চিনেমা খনৰ নেতিবাচক দিশ নহ'লহেঁতেন।

No comments: