জুবিন গাৰ্গঃ সৃষ্টি আৰু জীৱন দৰ্শন

March 14, 2026
 

অনুপম হাতীমূৰীয়া

        জুবিন গাৰ্গ - এই নামটো অসম তথা ভাৰতৰ মাটিত জন্ম হোৱা এজন অবিস্মৰণীয় ব্যক্তি সত্তাৰ নাম। ২০২৫ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ১৯ তাৰিখৰ দিনটোত ছিংগাপুৰত এক দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছত অসম ভূমিলৈ তেওঁৰ নশ্বৰ দেহ অনাৰ সময়ত অসমত সৃষ্টি হৈছিল এক বিশ্ব ৰেকৰ্ডৰ। পপ্ সংগীতৰ সম্ৰাট মাইকেল জেকচনৰ পাছতে শৱ যাত্ৰাত আটাইতকৈ বেছি মানুহৰ সমাগম হোৱা শিল্পী পৰিগণিত হৈছিল তেওঁ। বিশ্বৰ ১১৪ খন দেশে তেওঁৰ বিষয়ে জানিবলৈ গুগ'লৰ জৰিয়তে Search কৰিছিল। 'অসমীয়া'ৰ দৰে এটা আঞ্চলিক ভাষাত গীত গাই, ইমান বেছি জনপ্ৰিয় হোৱা মানুহ আজিলৈকে সমগ্ৰ দেশতে জন্ম হোৱা নাছিল আৰু পৰৱৰ্তী কোনো শিল্পীৰ ক্ষেত্ৰতো এই সম্ভাৱনা দেখা নাযায়। দৈনন্দিন নিত্য কৰ্ম, খোৱা-বোৱা, আৰু টোপনিত থকা সময়খিনিৰ বাদে বাকী থকা সকলো সময়তে তেওঁ যন্ত্ৰৰ দৰে সৃষ্টিকৰ্ম আৰু সমাজসেৱাতেই নিজক ব্যস্ত ৰাখিছিল। ৫২ বছৰীয়া জীৱনত জুবিন গাৰ্গৰ সমস্ত সৃষ্টিৰ পৰিমাণ হয়তো ভৱিষ্যত প্ৰজন্মই বিশ্বাস কৰিবলৈও টান পাব। ৪০ টা ভাৰতীয় ভাষাত প্ৰায় চল্লিশ হাজাৰ গীতত কণ্ঠদান কৰা এই ব্যক্তিজন আছিল একাধাৰে - গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, সংগীত ব্যৱস্থাপক, বাদ্যযন্ত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা। তাৰোপৰি তেওঁ আছিল এজন সুকবি, আবৃত্তিকাৰ, ফুটবল খেলুৱৈ আৰু সকলো সময়তে কেৱল মানুহ তথা সমাজৰ কল্যাণৰ হকে চিন্তা কৰিয়েই জীৱন কটোৱা এজন ব্যক্তি। কেৱল চিন্তা কৰাতেই ক্ষান্ত নাথাকি ভাষা, জাতি, সমাজ তথা কোনো এক ব্যক্তি বিশেষৰ যিকোনোধৰণৰ সমস্যাৰ ত্ৰাণকৰ্তাৰ ৰূপত সাজু হৈ থকা জুবিন গাৰ্গ আছিল এজন সঁচা অৰ্থত পূৰ্ণাঙ্গ মানুহ, অসমীয়া জাতিৰ গৌৰৱ। 
        দেউতাক মোহিনী মোহন বৰঠাকুৰ আছিল এজন চৰকাৰী বিষয়া। 'কপিল ঠাকুৰ' ছদ্মনামেৰে তেওঁ অসমীয়া সাহিত্যলৈ গীত, কবিতা আৰু সাহিত্যৰে যথেষ্ট অৱদান আগঢ়াইছে। চাকৰি সূত্ৰে মেঘালয়ৰ টুৰাত বাস কৰা সময়তে ১৯৭২ চনৰ ১৮ নৱেম্বৰ দিনটোতেই তেওঁৰ পত্নী ইলি বৰঠাকুৰে জন্ম দিছিল এটি পুত্ৰ সন্তানৰ। শিশু অৱস্থাৰে পৰা শিতানৰ মূৰত ৰেডিঅ'ত গান এটি বজাই দিলেহে টোপনি যোৱা এই শিশুটিৰ কৈশোৰ কালতো অনবৰতে সংগীত আৰু বাদ্যৰ প্ৰতি ধাউতি পৰিস্ফুট হৈছিল। মাতৃ ইলি বৰঠাকুৰ আছিল এগৰাকী সুকণ্ঠী গায়িকা। মাক-দেউতাকৰ তত্বাৱধানত ল'ৰাটোৱে স্কুলীয়া জীৱনতে তবলাৰ বিশাৰদ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল আৰু ৰবীন বেনাৰ্জী নামেৰে এজন গুৰুৰ ওচৰত কণ্ঠ সংগীতৰ শিক্ষা লৈছিল যদিও সেয়া সম্পূৰ্ণ হৈ নুঠিল। পৰৱৰ্তী জীৱনত নিজা স্বভাৱজাত প্ৰতিভাৰে গীতত সুৰ দিয়াৰ লগতে কী-বোৰ্ড, গীটাৰ, খোল আদি নানা বাদ্য সংগত কৰিবলৈ আৰম্ভ কৰিছিল। অষ্টম শ্ৰেণীত পঢ়ি থাকোতেই কবি হীৰেণ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত 'গানে কি আনে' শীৰ্ষক এটি গীতত সুৰ দিছিল যিটো পৰৱৰ্তী সময়ত 'অনামিকা' নামৰ প্ৰথমখন গীতৰ এলবামত সন্নিৱিষ্ট হৈছিল। উচ্চতৰ মাধ্যমিকত পঢ়ি থকা সময়তেই তেওঁ অসমৰ প্ৰতিষ্ঠিত কেইবাজনো শিল্পীৰ সৈতে 'কী-বোৰ্ড' সংগত কৰিছিল। সকলো সময়তে এই কিশোৰজনে নিজকে দুটা কামত অনবৰতে ব্যস্ত ৰাখিছিল - কিতাপ পঢ়া আৰু সংগীত সাধনা কৰা। বাটে-পথে ঘূৰি ফুৰিলেও চিঞৰি গান গাই যোৱা ওচৰ-চুবুৰীয়া, বন্ধু-বান্ধৱে লক্ষ্য কৰিছিল। ঘৰতে থকা দেউতাকৰ বৃহৎ গ্ৰন্থৰ ভঁৰালটোৰ সৰু-ডাঙৰ, ভিন্ন ভাষাৰ, ভিন্ন বিষয়ৰ গ্ৰন্থসমূহ তেওঁ অধ্যয়ন কৰিছিল। কম বয়সতে ইংৰাজী, বাংলা, অসমীয়া, হিন্দী আদি বিবিধ ভাষাৰ গ্ৰন্থ অধ্যয়নৰ অভ্যাসে তেওঁক পৰৱৰ্তী পৰ্যায়তো এজন চিন্তাবিদ, দাৰ্শনিক আৰু প্ৰকৃতিবিদ হিচাপে গঢ়ি তুলিছিল। নতুন প্ৰজন্মক কিতাপ পঢ়াৰ অভ্যাস কৰিবলৈ তেওঁ মৃত্যুৰ সময়লৈকে বাৰম্বাৰ আহ্বান জনাই গৈছিল আৰু গুৱাহাটীৰ এখন বৃহৎ গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত এখন সভাত মুকলিকৈ ঘোষণা কৰিছিল - 'কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে'।
       তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পাছত যোৰহাটৰ বি বৰুৱা মহাবিদ্যালয়ত স্নাতক পাঠ্যক্ৰমৰ বাবে তেওঁ নাম নামভৰ্তি কৰিছিল। পিছে, এদিন সকলোকে আচৰিত কৰি মহাবিদ্যালয়ৰ শিক্ষা আধাতে সামৰি পৰীক্ষা বৰ্জন কৰি তেওঁ ঘৰমুৱা হৈছিল। নিজৰ ওচৰতে প্ৰতিজ্ঞাৱদ্ধ হৈছিল যে তেওঁ গোটেই জীৱন সংগীতৰ সাধনা কৰিয়েই কটাব। প্ৰবক্তাসকলেও তেওঁৰ চকুত লক্ষ্য কৰিছিল গভীৰ আত্মবিশ্বাস। আনুষ্ঠানিক শিক্ষা পৰিত্যাগ কৰি মাত্ৰ এবছৰৰ পাছতেই তেওঁ প্ৰমাণ কৰি দিছিল যে কেৱল সংগীত সাধনাৰ বাবেই তেওঁৰ জন্ম হৈছে। পৰৱৰ্তী বৰ্ষত সেই শিক্ষানুষ্ঠানৰ সোণালী জয়ন্তী অনুষ্ঠানত তেওঁ আছিল বিশিষ্ট অতিথি। কাৰণ ইতিমধ্যেই 'অনামিকা' এলবামৰ গীতে অসমৰ সংগীত আকাশলৈ এক নতুন নক্ষত্ৰৰ আগমণৰ প্ৰমাণ দাঙি ধৰিছিল। তাৰো আগতেই সেই শিক্ষানুষ্ঠানৰে এক সংগীত প্ৰতিযোগিতাত ইংৰাজী গীতৰ শাখাত ভাগ লৈ প্ৰথম স্থান দখলেৰে সোণৰ পদক অৰ্জন কৰিছিল তেওঁ। গীতটো আছিল হীৰুদাৰ এটা কবিতা - 'গানে কি আনে'। অষ্টম মানতে সুৰ কৰি থোৱা গীতটো মুহূৰ্ততে ইংৰাজীলৈ অনুবাদ কৰি সিদিনা জুবিন গাৰ্গে প্ৰতিযোগিতাত পৰিৱেশন কৰিছিল।
       ইয়াৰ পিছত তেওঁ আৰু কোনোদিন থমকি ৰ'ব লগা নহ'ল। হিন্দী, ইংৰাজী, ভোজপুৰী গীতৰ তালত বিভোৰ হৈ অসমীয়া একঘেয়ামী গীতৰ প্ৰতি অনীহা প্ৰকাশ কৰিবলৈ ধৰা নৱপ্ৰজন্মক হঠাৎ এক অনন্য সংগীতে আকৰ্ষিত কৰিবলৈ ধৰিলে। পাশ্চাত্য আৰু থলুৱা সুৰৰ সংমিশ্ৰণেৰে, যন্ত্ৰ সংগীতৰ নতুন সোৱাদেৰে 'অনামিকা' শীৰ্ষক এলবাম এটিৰে অসমীয়া সংগীতে লাভ কৰিলে এক নতুন প্ৰাণ। জুবিন গাৰ্গ - নামটোৱে মানুহৰ মন মগজুত সংগোপনে খোপনি পুতিবলৈ ধৰিলে। মায়া, পাখি, শিশু, যন্ত্ৰ, মুক্তি আদি স্বতন্ত্ৰ গীতৰ এলবামবোৰৰ নিৰ্মাণ শৈলীয়ে প্ৰতিজন সচেতন সংগীত অনুৰাগী তথা সংগীত বিশেষজ্ঞৰ চেতনাত এক জোকাৰণি আনি দিলে। পৰৱৰ্তী পৰ্যায়ৰ মন ছিৰিজৰ গীতসমূহেই হওক বা মানস ৰবীন, দিগন্ত ভাৰতী, বিমান বৰুৱা, আদি প্ৰখ্যাত সংগীতজ্ঞসকলৰ সংগীত পৰিচালনাত গোৱা গীতসমূহেই হওক - শ্ৰোতাই প্ৰতিটো গীতেই আঁকোৱালি ললে। 
       ইফালে মুনিন বৰুৱাৰ 'হিয়া দিয়া নিয়া' ছবিৰ জৰিয়তে ছবিৰ সংগীত পৰিচালনা আৰম্ভ কৰা জুবিন গাৰ্গৰ এই গীতসমূহেও সৃষ্টি কৰিলে এক অনন্য ধাৰাৰ।গীতসমূহ আছিল ছবিবোৰৰ প্ৰাণস্বৰূপ। বিশেষকৈ মুনিন বৰুৱাৰ পৰিচালিত ছবিসমূহ যেনে 'দাগ', 'বিধাতা', 'কন্যাদান' আদিৰ গীতবোৰ অসমীয়া সংগীত জগতৰ একো একোটা সম্পদস্বৰূপ। ইয়াৰে, 'দাগ' ছবিখনৰ 'মায়াবিনী' শীৰ্ষক গীতটোৱে সম্প্ৰতি জনপ্ৰিয়তাৰ পৰিধি ভাঙি বিশ্বৰ পটভূমিত খোজ পেলাইছে। জীৱিত কালতেই নিজৰেই প্ৰিয় গীত বুলি ঘোষণা কৰি যোৱা এই গীতটো 'মই মৰিলে গোটেই অসমত বাজিব লাগিব' বুলি কৈ গৈছিল তেওঁ। তেওঁৰ কথা সংগীত অনুৰাগীয়ে ৰাখিলে। 'মায়াবিনী' আজি প্ৰাৰ্থনাত পৰিণত হ'ল। মন্দিৰ, নামঘৰ, মছজিদ, গীৰ্জা সকলোতে সমস্বৰে 'মায়াবিনী' গাই তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা দৃশ্য আছিল সঁচাকৈ বিৰল!
       অভিনেতা হিচাপেও জুবিন গাৰ্গৰ স্থান আছিল সুকীয়া। সৰ্বাধিক জনপ্ৰিয় অভিনেতাৰ প্ৰাগ চিনে এৱাৰ্ড জয় কৰিছিল তেওঁ। ১৫ খনতকৈও অধিক ছবিত অভিনয় কৰা জুবিন গাৰ্গৰ 'প্ৰাকৃতিক'ধৰ্মী অভিনয় সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছিল। বিশেষকৈ নায়কৰ চৰিত্ৰত যুৱপ্ৰজন্মৰ প্ৰিয়তম হৈ পৰিছিল তেওঁ। বছৰত মাত্ৰ চাৰি-পাঁচখন ছবি মুক্তি পোৱা অথচ এখনো ছবিয়ে বাণিজ্যিক সফলতা পাবলৈ সক্ষম নোহোৱা দিনত জুবিন গাৰ্গ হৈ পৰিল এইবাৰ অসমীয়া ছবি জগতৰ ত্ৰাণকৰ্তা। ছবিগৃহৰ অভাৱৰ প্ৰতি লক্ষ্য নাৰাখি মৰসাহ কৰি প্ৰায় ৩ কোটি টকা ব্যয়েৰে ২০১৭ বৰ্ষত নিৰ্মাণ কৰি উলিয়াইছিল 'মিছন চাইনা' নামেৰে এখন ছবি। এই ছবিখনে পুনৰ নতুন প্ৰজন্মক অসমীয়া ছবি চাবলৈ ছবিগৃহৰ সন্মুখত লানি পাতিবলৈ বাধ্য কৰিছিল। হিলদ'ল ভাঙি দৰ্শক ছবিগৃহলৈ আহিছিল। ২০১৯ বৰ্ষত পুনৰ নিৰ্মাণ কৰিছিল 'কাঞ্চনজঙ্ঘা' শীৰ্ষক ছবিখন। এইখন ছবিও অভূতপূৰ্ব ৰূপত দৰ্শকে আঁকোৱালি লৈছিল। পৰৱৰ্তী সময়ত আন আন প্ৰযোজক, পৰিচালকেও সাহস গোটাব পৰিছিল আৰু এক নতুন ধৰণেৰে অসমীয়া বাণিজ্যিক ছবিৰ উত্থানত সকলোৱে আগবাঢ়িছিল। তেওঁৰ জীৱনৰ শেষৰখন ছবি 'ৰৈ ৰৈ বিনালে' অসমীয়া ছবিজগতৰ সৰ্বকালৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিৰূপে পৰিগণিত হৈছে। উল্লেখ্য যে, সংগীতধৰ্মী এই ছবিখনৰ সংগীত আৰু ছবিখনত জুবিন গাৰ্গৰ অনবদ্য অভিনয়ৰ চমকে মানুহৰ আত্মাক জোকাৰি থানবান কৰি দিছে আৰু চকুলো টুকি ছবিগৃহৰ ওলাই আহিছে দৰ্শক।
       জুবিন গাৰ্গৰ জীৱন দৰ্শন কোনো মহান চিন্তাবিদৰ সূত্ৰৰ দৰে গভীৰ আৰু জটিল নাছিল। তেওঁৰ দৰ্শন আছিল তেনেই সৰল অথচ বিশাল। 'মানৱতা'ই আছিল তেওঁৰ ধৰ্ম। 'পৰোপকাৰ' আছিল তেওঁৰ প্ৰাৰ্থনা। বাসগৃহৰ সন্মুখত নিতৌ বিপদগ্ৰস্ত মানুহৰ লানি লাগিছিল। সকলোৰে আছিল এটাই বিশ্বাস - তেওঁলোকৰ বাবে সমুখত এখন সঁহাৰিৰ হাত আছে। নিজলৈ এটকাও নৰখাকৈ সকলো বিলাই দিছিল তেওঁ। মৃত্যুৰ সময়লৈকে নিজাকৈ এটা গৃহ নিৰ্মাণ কৰিব নোৱাৰিলে বুলি আক্ষেপ কৰিছিল তেওঁ। 'আপোনালোকে পইচা দিলে এইবাৰ বনাই ল'ম' বুলি অনুৰাগীক উদ্দেশ্যি মঞ্চতে দুখ কৰিছিল। অথচ নাজানিছিল লক্ষ লক্ষ জনতাৰ বুকুত তেওঁ ইতিমধ্যেই কিমান আলফুলে সহস্ৰ ঘৰ পাতি বহিছে। এই ঘৰ অজৰ-অমৰ। নজহে নপমে! 
       এই মৃত্যুও যেন আজি কোনো অনুৰাগীয়ে মানি নলয়। জুবিন গাৰ্গৰ সৈতে মৃত্যুৰ সম্পৰ্ক থাকিব পাৰে জানো? অসম্ভৱ। সকলোৱে স্বীকাৰ কৰিছে - জুবিন মানে জীৱনহে, মৃত্যু নহয়।
       যাত্ৰাৰ সময়ত মাজবাটতে কাৰোবাক বিপদত পৰা দেখিলেই (সেয়া লাগিলে মানুহ, পশু অথবা পক্ষী) তেওঁ ৰৈ গৈছিল। এবাৰ শিল্পী জে পি দাসৰ সৈতে ফুৰিবলৈ গৈ বাটতে পোৱা কাছ কিনি পুখুৰীত মেলি দিছিল। আঘাত পোৱা বান্দৰ চিকিৎসা কৰাই ঘৰৰ সদস্য কৰিছিল। এবাৰ আঘাতপ্ৰাপ্ত বগলী এটিকো চিকিৎসা কৰিছিল। বানপানীত মাতৃহাৰা হোৱা গঁড়ৰ পোৱালি উদ্ধাৰ কৰি ডাঙৰ-দীঘল কৰা তেওঁ প্ৰথম অসমীয়া। চকুৰে নেদেখা এগৰাকী অনুৰাগীক এটা চকু লগাই দিছিল। খোজ কাঢ়িব নোৱাৰা এজন ডেকাৰ ভৰিৰ চিকিৎসা কৰি খোজ কাঢ়িবলৈ শক্তি দিছিল। নিৰ্যাতনৰ বলি হোৱা এজনী ছোৱালীক নিজৰ ছোৱালী বুলি ঘোষণা কৰি আদালতৰ কাষ চাপিছিল আৰু ন্যায়িক যুঁজ দিছিল।
      'মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা' - এয়াই আছিল তেওঁৰ সমস্ত জীৱনৰ দৰ্শন। জাত-পাত, ধৰ্ম, বৰ্ণহীন এখন মানুহৰ সমাজ গঢ়িবলৈ তেওঁ অপ্ৰাণ চেষ্টা কৰিছিল। তেওঁ কৈছিল, 'মানুহ চৰাইৰ দৰে হ'ব লাগে। মন্দিৰতো পৰিব পাৰে, মছজিদতো পৰিব পাৰে, গীৰ্জাতো পৰিবগৈ পাৰে'!
        জুবিন গাৰ্গ আছিল প্ৰকৃতিৰ সন্তান। প্ৰেম আৰু প্ৰেৰণাৰ বাণী বিলাবলৈকে যেন তেওঁৰ আবিৰ্ভাৱ ঘটিছিল এইখন অসমত। 'কাঞ্চনজংঘা'ৰ দৰে শিৰ উচ্চ কৰি জীয়াই থাকিবলৈ তেওঁ বাৰে বাৰে সাহস দি গৈছিল উঠি অহা প্ৰজন্মক। এই প্ৰজন্মটোক লৈ এখন নতুন 'বৰ অসম' নিৰ্মাণ কৰিবলৈ তেওঁ ৰচিছিল অজস্ৰ সপোন।  এই সপোনবোৰ আমিয়েই সাকাৰ কৰিব লাগিব। তেওঁৰ বাটেৰেই বাট বুলিব লাগিব। অধ্যয়নক কৰি ল'ব লাগিব আমাৰ তপস্যা। মানৱতা হ'ব লাগিব আমাৰ ধৰ্ম। আমাৰ সৃষ্টিৰ পথাৰ হ'ব লাগিব অসম আৰু ফল বিয়পাই দিব লাগিব সমগ্ৰ বিশ্বলৈ। প্ৰথম, প্ৰতিদিন অথবা চিৰদিন আমাৰ পৰিচয় হ'ব লাগিব - অসমীয়া। গৌৰৱৰ আখ্যান হ'ব লাগিব অসমীয়া ভাষা, জাতি আৰু মাটি। খোজৰ দিশ হ'ব লাগিব সমগ্ৰ পৃথিৱীলৈ। তাতোকৈ ডাঙৰ কথা - মানুহৰ কল্যাণ প্ৰাৰ্থনাই হ'ব লাগিব আমাৰ প্ৰাতঃপ্ৰাৰ্থনা!

ঠিকনাঃ বাকচু খেলুৱা, শিৱসাগৰ
ফোন- ৮৮১১৯৮৬৪৭৭

No comments:

Powered by Blogger.