Bornom April 2026

সূচীপত্ৰ - এপ্ৰিল ২০২৬

✍️ প্ৰবন্ধ
📑 কবিতা
📜 গল্প
🖋️ সম্পাদকীয়

আমি 'মানুহ’ হোৱাৰ যোগ্য নে?




     নিজক স্বীকৃতি দি ভালপাওঁ আমি৷ উদাহৰণস্বৰূপে, আমাক ‘জীৱশ্ৰেষ্ঠ’ বুলি জীৱ-জন্তু বা আন গ্ৰহৰ প্ৰাণীয়ে স্বীকৃতি দিয়া নাই৷ কিন্তু এই অভিধাৰ চোলাটো আমি প্ৰকৃততে পিন্ধাৰ যোগ্য নে! কিয় আমাৰ বিকৃত আচৰণবোৰ "জান্তৱ" আখ্যা দি জীৱ-জন্তুক অপমান কৰি আহিছোঁ! আমিয়েই একমাত্ৰ প্ৰাণী– যি কান্দি কান্দি ভিতৰি হাঁহি থাকিব পাৰো, হাঁহি হাঁহি কাৰোবাক হত্যা পৰ্যন্ত কৰিব পাৰো, দুৰ্বলজনক হেঁচা মাৰি ধৰিব পাৰো, ...আৰু পাৰো ক্ষন্তেকীয়া সুখৰ বাবে ৰাং কুকুৰৰ দৰে কাৰোবাৰ দেহা নেফানেফ কৰিব৷
      তাৰ মাজতো নিঃস্বজনৰ বাবে নিজৰ জীৱন উছৰ্গা কৰা দুই-এজন নথকা নহয়৷ দুৰ্গতজনক ভাত-কাপোৰ দিয়া, উৰুখা পঁজা পৰ্যন্ত নিৰ্মাণ কৰি দিয়া এনে বহু স্বেচ্ছাসেৱী অনুষ্ঠান আৰু ব্যক্তি আছে৷ সময় গগৈক আমি কি বুলি অভিহিত কৰিব পাৰো৷ ইচ্ছা কৰা হ’লে সমাজৰ বহুজন আজি সময় গগৈ হ’ব পাৰিলেহেঁতেন– অন্তিম শয্যাত থকা অৱস্থাত অন্ততঃ এক সুখী সুখী অনুভৱে তেওঁক জীপাল কৰি ৰাখিলহেঁতেন৷ লাখ লাখ টকা বাজেটেৰে অখণ্ড ভাগৱত পাঠ অনুষ্ঠান পাতি পুণ্য(!) কৰি হিচাপ দাখিলৰ ক্ষেত্ৰত কুণ্ঠাবোধ কৰাসকলে কেতিয়াও সেই সুখৰ ওচৰ চাপিব নোৱাৰে৷ এচাম মানুহক দেখিলে অনুভৱ হয়, তেওঁলোকে প্ৰকৃততে জীৱনটোত কি বিচাৰি ফুৰিছে৷
     ‘বৰ্ণম’ৰ নতুন যাত্ৰাত আপোনালোকৰ সহযোগিতা আশা কৰিছোঁ৷ অসমীয়া ভাষা- সাহিত্য- সংস্কৃতিক সজীৱ কৰি ৰখাৰ এক ক্ষুদ্ৰ প্ৰয়াস৷ 

ধন্যবাদ সহকাৰে–

প্ৰশান্ত বৰগোহাঁই
মুখ্য সম্পাদক
‘বৰ্ণম’

No comments:

Powered by Blogger.