অচল মুদ্ৰা
বাবুল শৰ্মা
প্ৰায় তিনিবছৰৰ বিৰতিত গৃহচহৰৰ ঘৰলৈ আহিছোঁ৷ মা-দেউতাৰ অবৰ্তমানত পুৰণি ঘৰখন, চহৰখনৰ প্ৰতি স্বাভাৱিকভাবে আকৰ্ষণ কমি আহিবলৈ ধৰিছে৷ সৰুখুড়াৰ বিয়োগৰ বাতৰি পোৱাৰ পিছত লগে লগে আহিব নোৱাৰিলোঁ৷ সচিবালয়ৰ অতিকে গুৰুত্বপূৰ্ণ বিভাগত চাকৰি কৰোঁ৷ যোৱাবছৰ পদোন্নতি পোৱাৰ পিছত দায়িত্ব বঢ়াৰ লগতে বিচাৰিলেই ছুটী নোপোৱা হ’লোঁ৷ ইয়াৰ লগতে ঘৰ-সংসাৰৰ অন্ত নপৰা সমস্যাৰ বাবে সৰহদিন গুৱাহাটী এৰি থাকিব নোৱৰা হ’লোঁ৷ চতুৰ্থ শনিবাৰ-দেওবাৰ মিলাই পাঁচদিনৰ বাবে শিৱসাগৰলৈ আহিছোঁ৷ মৃতখুড়াৰ শ্ৰাদ্ধবিধি আদি কামত তিনিটা দিন পাৰ হ’ল৷ মোৰ স্কুল-কলেজৰ বন্ধুবোৰৰ মাজৰ দুজনমানৰ বাদে প্ৰায়বোৰেই চাকৰিসূত্ৰে শিৱসাগৰৰ বাহিৰত সংস্থাপিত হ’ল৷ অলপতে ফে’চবুকৰ জৰিয়তেহে জানিব পাৰিলোঁ কলেজীয়া বন্ধু সৌৰভ কাকতি শিৱসাগৰতে আছে৷ চেৰেকাপাৰত থকা সৌৰভৰ ঘৰলৈ কেইবাবাৰো গৈছোঁ৷ গুৱাহাটীলৈ ঘূৰি যোৱাৰ আগতে সৌৰভক লগ পাই যাবৰ মন গ’ল৷ গা ধুই উঠি খুড়াৰ বোৱাৰীয়ে দিয়া চাহ, লুচি-ভাজি খাই উঠি গাড়ীখন লৈ সৌৰভক বিচাৰি চেৰেকাপাৰ পালোঁগৈ৷
অ’এনজিচিৰ নাজিৰা কাৰ্যালয়ৰ গাণনিক বিষয়া সৌৰভ কাকতি দেওবাৰ বাবে ঘৰতে আছিল৷ এটা দশকৰ পিছত লগপোৱা সৌৰভৰ সৈতে অন্তৰংগভাবে কথা পতাৰ সময়ছোৱাত দুয়োবন্ধু স্বাভাৱিকভাবে গভীৰ নষ্টালজিয়াত ডুব গৈ আছিলোঁ৷ এজন-দুজনকৈ মনত পৰা বন্ধুবোৰৰ বিষয়ে সৌৰভৰ মুখৰ পৰা জানিবলৈ বিচৰাত সৌৰভৰ মুখত বিশেষ আশাপ্ৰদ বাতৰি নাপালোঁ৷ কলেজৰ এৰাৰ পিছত কোনেও কাৰো খবৰ নাৰাখে বুলি সৌৰভে আক্ষেপেৰে ক’লে৷ প্ৰায় দুঘণ্টামান পুৰণি বন্ধুৰ সাহচৰ্যৰ আনন্দ উপভোগ কৰি ঘূৰি আহিলোঁ৷
সৰুখুড়াৰ নাতি তিনিটালৈ বুলি কিবা এটা কিনো বুলি শ্ব’পিং মলখনত সোমাই তিনিযোৰ পোছাক কিনিলোঁ৷ পোছাককেইযোৰৰ মূল্য পৰিশোধ কৰিবলৈ কেচ কাউণ্টাৰত ঠিয় হওঁতে আগত ৰোৱা মহিলা এগৰাকীয়ে দুবাৰমান মোৰ ফালে দৃষ্টি নিক্ষেপ কৰাৰ কথা মন কৰিলোঁ৷ পৰিচিত কোনোবা হ’ব পাৰে! বিশেষ একো নাভাবিলোঁ৷ শ্ব’পিং মলখনৰ পৰা ওলাই গাড়ীৰ পাকিং ঠাইলৈ আগবাঢ়োতে- ‘আপুনি গৌতম শৰ্মাৰ নহয়নে?’
পিছফালে মহিলাৰ কণ্ঠস্বৰ শুনি ঘূৰি চালোঁ– কেচ কাউণ্টাৰত মোলৈ চাই থকা মহিলাগৰাকী৷ পঞ্চাশোৰ্ধ বয়স আৰু চৰকাৰী চাকৰিৰ পদমৰ্যাদাৰে মই নিম্নস্বৰত জনালোঁ,- ‘হয়৷’ ক্ষণিক ৰৈ মহিলাৰ মুখত দৃষ্টি ৰাখি মই সুধিলোঁ,- ‘আপুনি কোন, চিনি পোৱা নাই!’
সাধাৰণ সাজপাৰত থকা মহিলাৰ উত্তৰ,- ‘মই বন্তি ফুকন৷’ গাৰ চাদৰখন কান্ধৰফালে এনেয়ে এবাৰ ঠিক কৰি মহিলাই কৈ উঠিল,- ‘জয়সাগৰ কলেজত আপোনাক লগ পাইছিলোঁ৷ মই আপোনাতকৈ এবছৰ জুনিয়ৰ আছিলোঁ, কিন্তু মোৰ স্বামী দিগন্ত গোহাঁই আপোনাৰ লগৰে হ’ব৷’
মোৰ লগতে ফুটপাথৰ কাষলৈ আঁতৰি অহা বন্তি ফুকনক প্ৰশ্ন কৰিলোঁ,- ‘ক’ত থাকে আপোনালোক?’
‘লখিমী নগৰত ভাড়াঘৰত থাকোঁ৷ মই টাউন এলপি স্কুলত শিক্ষয়িত্ৰী কৰোঁ৷’
জয়সাগৰ কলেজত পঢ়া সময়ৰ স্মৃতিয়ে মোক জোঁকাৰি গ’ল৷ হাইস্কুলত পঢ়াৰ সময় অবধি মই পঢ়া-শুনাত চিৰিয়াছ আছিলোঁ বাবে মোৰ বন্ধু-বান্ধৱীৰ সংখ্যা অতিকে নগণ্য৷ কলেজত সহপাঠী সকলোৰে সৈতে মোৰ সৌহাদ্যপূৰ্ণ সম্পৰ্ক আছিল যদিও সৌৰভ কাকতি, চন্দন দুৱৰা আৰু ভাস্কৰ শইকীয়াৰ সৈতে মোৰ বিশেষ ঘনিষ্ঠতা আছিল৷ পঢ়া-শুনাৰ আলোচনা, ফুটবল আৰু ক্ৰিকেট খেলাৰ সময়তো সিহঁত তিনিটাই মোৰ লগ আছিল৷ সিহঁত তিনিওটাই মোৰ দৰে শিৱসাগৰ চহৰতে থকা বাবে আমাৰ মাজত মানসিক দূৰত্ব কম আছিল৷
বুৰঞ্জীত মেজৰলৈ পঢ়া দিগন্ত গোহাঁই নামৰ সততে অতিকে সাধাৰণভাবে থকা ছাত্ৰজনৰ সৈতে লাইব্ৰেৰী, কেণ্টিনত মাজে-সময়ে দুআষাৰ কথা পাতিছিলোঁ৷ কলেজত পঢ়ি থাকোতেই দিগন্ত গোহাঁই বামপন্থী আদৰ্শৰ অনুগামী আছিল৷ দুই-এজনৰ মুখত শুনা মতে তেওঁ সৰ্বভাৰতীয় ছাত্ৰ সংগঠন এটাৰ শিৱসাগৰ জিলাৰ মুখ্য আহ্বায়ক আছিল৷ দিগন্ত গোহাঁই পঢ়া-শুনাত ভাল আছিল, মেজৰত চেকেণ্ড ক্লাছ পাইছিল৷ আনহাতে বন্তি ফুকন আছিল অসমীয়াত মেজৰ লৈ পঢ়া ছাত্ৰী৷ দিগন্ত গোহাঁই আৰু বন্তি ফুকনৰ মাজত ভালপোৱা গঢ়ি উঠিছিল৷ দুয়োকে প্ৰায়ে লাইব্ৰেৰী, কেণ্টিন অথবা জয়সাগৰ পুখুৰীৰ পাৰত একেলগে বহি থকা দেখিছিলোঁ৷
জয়সাগৰ কলেজত পঢ়া শেষ কৰি মই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহাৰ পিছত কলেজীয়া বন্ধুবোৰৰ সৈতে সম্পৰ্কত একপ্ৰকাৰ যতি পৰাৰ দৰে হ’ল৷ বিশ্ববিদ্যালয়ৰ পৰা ওলাই চৰকাৰী চাকৰিত সোমোৱাৰ পিছত চাকৰি, ঘৰ-সংসাৰৰ অন্তহীন কৰ্মব্যস্ততাৰ মাজত কলেজীয়া বন্ধু-বান্ধৱীৰ নামবোৰ স্মৃতিৰ পৰা যেন ক্ৰমশঃ মচ খাই যাবলৈ বাধ্য হ’ল।
‘আপুনি আজিকালি ক’ত থাকে?’
সন্মুখত ৰৈ থকা বন্তি ফুকনৰ মাতত মই বৰ্তমানলৈ ঘূৰি আহিলোঁ৷ তৎপৰতাৰে কৈ উঠিলোঁ,- ‘গুৱাহাটীত চাকৰী৷ ঘৰ সাজি এতিয়া মই গুৱাহাটীবাসী৷ অলপপৰ ৰৈ মই ক’লোঁ,- ‘সৰুখুড়া যোৱা দহ তাৰিখে ঢুকাল৷ পৰহি শ্ৰাদ্ধবিধি হৈ গ’ল৷ কাইলৈ ৰাতিপুৱাই যামগৈ৷’
যোৱাৰ আগতে এবাৰ আমাৰ ঘৰলৈ গ’লে ভাল পালোহেতেঁন! এখেতেও আপোনাক লগ পালে ভাল পাব৷’ ক্ষণিক গুণা গঁথা কৰি মই ক’লোঁ,- ‘তেন্তে এতিয়াই যাওঁ বলক। আপোনাৰ বজাৰ কৰা হ’ল যদি মোৰ গাড়ীতে যাওঁ আহক৷’
কিছু সময় ইতস্ততঃ কৰি বন্তি ফুকনে ক’লে,- ‘অঁ, মোৰ হ’লেই৷’
মোক অনুসৰণ কৰি আহি থকা বন্তি ফুকনক গাড়ীৰ পিছৰ দুৱাৰ খুলি ক’লোঁ,- ‘বহক৷’
একেখন গাড়ীতে একেলগে অহা দুজন মানুহৰ মাজৰ মৌনতা ভংগ কৰিমই কৈ উঠিলোঁ,- ‘লখিমী নগৰ পথটো আগেয়ে বৰ বেয়া আছিল, গাড়ী যাবনে?’
দুবছৰ হ’ল ৰাষ্টাটো ‘পেভাৰ ব্লক’ দি পৌৰসভাই ভালকৈ বনালে৷’- বন্তি ফুকনে নিম্নস্বৰত ক’লে৷
মূলপথ এৰি লখিমী নগৰলৈ গাড়ীৰ ‘ষ্টে’ৰিং’ ঘূৰালোঁ৷ পাঁচটা ঘৰ অতিক্ৰম কৰাৰ পিছতে বন্তি ফুকনে কৈ উঠিল,-‘ঘৰ পালোঁহি৷’
গাড়ী ৰখোৱাৰ পিছত বন্তি ফুকনে গাড়ীৰ দুৱাৰ খুলি নামি গৈ ক’লে,- ‘বাওঁহাতৰ দুমহলীয়া বিল্ডিংটোৰ চেকেণ্ড ফ্ল’ৰত থাকোঁ৷
বন্তি ফুকনক অনুসৰণ কৰি দ্ৰয়িংৰূমত বহিলোঁগৈ৷ বেছ পৰিপাটিকৈ ৰখা তিনিটা কোঠালীৰ ঘৰ৷ মোক বহিবলৈ দি বন্তি ফুকন ভিতৰ সোমাল৷
দহ মিনিটমানৰ পিছত এজন বিধবস্ত চেহেৰাৰ মধ্যবয়সীয়া মানুহ আহি মোৰ সন্মুখৰ চকী এখনত বহিলহি৷ ক্ষণিক ৰৈ মানুহজনে প্ৰশ্ন কৰিলে,- ‘আপুনি গৌতম শৰ্মাৰ?’ তাৰপিছত মোৰ সৰ্বাংগত চকুফুৰাই কৈ উঠিল,- ‘কলেজ এৰাৰ বহুবছৰৰ পিছত লগ পালোঁ৷ দেখাই-শুনাই আপুনি বহুত সলনি হ’ল৷ মইহে একে থাকিলোঁ৷’
কলেজীয়া দিনৰ বহু কথা পাতিলোঁ বন্তি ফুকন আৰু দিলীপ গোহাঁইৰ সৈতে৷ বন্তি ফুকনে জোৰ কৰি চাহ, লুচি-ভাজি খুৱালে৷ দিলীপ গোহাঁইয়ে অৱতাৰণা কৰিলে তেওঁৰ মজ্জাত সঞ্চিত থকা সাম্যবাদৰ কথা৷ নিজৰ সংগৃহীত কিতাপবোৰ দেখুৱাই ব্যাখ্যা কৰিবলৈ ধৰিলে,- ‘ছোভিয়েট ইউনিয়নৰ পতন হ’লেও সাম্যবাদৰ মৃত্যু হোৱা নাই৷ ভাৰতবৰ্ষই স্বাধীনতাৰ পিছতে সাম্য বাদৰ নীতি অৱলম্বন কৰা হ’লে দেশখনৰ অৰ্থাৱস্থাৰ ৰূপ বহুত সলনি হ’লহেঁতেন।
প্ৰায় দুঘণ্টা সময় বন্তি ফুকনৰ ঘৰত কটাই ওলাই আহিবলৈ উদ্যত হ’লোঁ৷ মোক গাড়ীৰ ওচৰলৈ আগবঢ়াবলৈ অহা বন্তি ফুকনে কৈ গ’ল বহু কথা– যাৰ সাৰমৰ্ম হ’ল ডিমৌৰ বন্তি ফুকনে নাজিৰাৰ মেধাবী দিলীপ গোহাঁইক কলেজীয়া দিনতে ভাল পাইছিল৷ বন্তি ফুকনে বি এ পাছ কৰি এল পি স্কুলৰ শিক্ষয়িত্ৰীৰ চাকৰিত সোমাল৷ তাৰপিছত ঘৰৰ অমতত দিলীপৰ সৈতে বিয়া হ’ল৷ দিলীপ গোহাঁইয়ে এম এ পাছ কৰি মৰাণৰ জুনিয়ৰ কলেজ এখনত পাঁচবছৰ অধ্যপনা কৰি আছিল৷ দীৰ্ঘদিনে কোনোধৰণৰ চৰকাৰী সাহায্য অবিহনে চলি থকা কলেজখনৰ সামান্য দৰমহাৰ টকাৰে শিৱসাগৰৰ পৰা মৰাণলৈ অহা-যোৱা কৰি চাকৰি বৰ্তাই ৰখা সম্ভৱ নহয়৷ কাজেই কলেজৰ চাকৰি এৰি কেইবাবছৰ ধৰি ঘৰতে প্ৰাইভেট টিউচন কৰি ঘৰৰ খৰচ উলিয়াই আছিল৷ অত্যন্ত গম্ভীৰভাবে ‘ডায়েবেটিক’ আক্ৰান্ত হোৱাৰ পিছত চকুদুটাৰ দৃষ্টি শক্তি কমি যায়৷ অত্যন্ত অধ্যয়নশীল দিলীপ গোহাঁই নিয়মিতভাবে পঢ়া-শুনা কৰিবলৈ অসমৰ্থ হ’ল৷ ফলত মানুহজন বিমৰ্ষই নহয়, ক্ৰমাৎ হতাশগ্ৰস্ত হৈ পৰিবলৈ ধৰিলে৷ একান্ত প্ৰয়োজন নহ’লে ঘৰৰ পৰাও ওলাই নোযোৱা হ’ল৷ পত্নীৰ বুজনি আৰু সান্ত্বনায়ো দিলীপক উৎসাহিত কৰাত ব্যৰ্থ হ’ল৷ মানুহজন ক্ৰমাৎ খিঙখিঙিয়া হৈ পৰিবলৈ ধৰিছে৷ একালৰ ভালপোৱা মানুহজনীক সামান্য কথাতে দাবী-ধমকি দিবলৈ কুণ্ঠাবোধ নকৰা হ’ল৷ বন্তি ফুকনৰ এটাই সান্ত্বনা, ল’ৰা-ছোৱালী দুটা আনে ঈৰ্ষা কৰিব পৰাকৈ পঢ়া-শুনা, স্বভাৱ-চৰিত্ৰ ভাল৷ ল’ৰাটো ডাঙৰ, সি বেংগালুৰুত আই টি ইঞ্জিনিয়াৰিং পঢ়ি থকাৰ লগতে নিজৰ খৰচো উলিয়াই আছে৷ ছোৱালীজনীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰসায়নত এম এছচি পঢ়ি আছে৷
গাড়ীখন লাহে লাহে চলাই আহি থকাৰ পৰত একালৰ মেধাৱী ছাত্ৰ দিলীপ গোহাঁইৰ অৱক্ষয়ৰ কথাকে ভাবি আহিলোঁ৷ সাম্প্ৰতিক বিশ্বত পুঁজিবাদৰ আগ্ৰাসী আগ্ৰাসনত সাম্যবাদৰ নীতি অথবা আদৰ্শৰ ক্ৰমাৎ উশাহ বন্ধ হোৱাৰ উপক্ৰম। তেনেস্থলত এতিয়াও সাম্যবাদক আদৰ্শ হিচাপে খামুচি থকা দিলীপ গোহাঁইৰ দৰে মানুহবোৰৰ স্থান ক’ত?
ঠিকনাঃ সোণালী জয়ন্তী নগৰ, যোৰহাট
ফোন - ৯৪৩৫৩-৫০৪৬৭

No comments: