অসমৰ জাতীয় জীৱনলৈ জুবিন গাৰ্গৰ অৱদান
দেবর্ষি গৌতম
অসম আৰু অসমীয়া জাতিৰ বাবে জুবিন গাৰ্গৰ যি অৱদান সেয়া আমি একেবাৰতে পৰ্যালোচনা কৰাটো কোনো কাৰণতে সম্ভৱপৰ নহয়। প্ৰতিটো বিষয় সুকীয়া সুকীয়াকৈ পৰ্যালোচনা কৰিলেহে হয়তো সূক্ষ্মভাৱে পৰ্যালোচনা কৰিব পৰা যাব।
অসমৰ জাতীয় জীৱনৰ লগত বহু দীঘলীয়া সময় জড়িত হৈ থকাৰ পিছত অধিকাংশ লোকে ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈ পৰে। হয়তো নিজৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে লোকসকলে এনে সিদ্ধান্ত গ্ৰহণ কৰে। এয়া অতীতৰ পৰা চলি অহা এক অকথিত পৰম্পৰা। কিন্তু জুবিন গাৰ্গ এই ক্ষেত্ৰত সম্পূৰ্ণ পৃথক। জুবিন গাৰ্গে নিজৰ লক্ষ্য, উদ্দেশ্য আৰু আদৰ্শত প্ৰতিপল দৃঢ়তাৰে আগবাঢ়ি গৈছিল। কোনো ব্যক্তি, কোনো সমালোচনা, কোনো প্ৰলোভনেও জুবিন গাৰ্গক নিজৰ পথৰ পৰা বিচলিত কৰিব পৰা নাছিল। নিজৰ জাতিটোক ভাল পোৱা অথবা নিজৰ ভাষাটোক ভাল পোৱা ব্যক্তি অসমত অসংখ্য আছে। কিন্তু জুবিনৰ যি জাতি প্ৰেম বা ভাষা প্ৰেম আছিল সেয়া তুলনা কৰিব নোৱাৰি। সাধাৰণতে আমি দেখিবলৈ পাওঁ যে মানুহে যেতিয়া নিজৰ জীৱনত সৰ্বোচ্চ সফলতা লাভ কৰাৰ দিয়ে অগ্ৰসৰ হয় তেতিয়া কোনেও সেই সুযোগ হেৰুৱাব নিবিচাৰে। কিন্তু জুবিন গাৰ্গ তাৰ সম্পূৰ্ণ বিপৰীত আছিল। সাধাৰণতে আমি আমাৰ জাতিটোক অথবা ভাষাটোক প্ৰতিষ্ঠা কৰিবলৈ এখন মঞ্চ বিচাৰি যাওঁ কিন্তু জুবিন গাৰ্গে সেই একেখিনি কাম কৰিবলৈ নিজে এখন মঞ্চ প্ৰস্তুত কৰি উলিয়াইছিল যাৰ জৰিয়তে অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ চিনাকি দিবলৈ প্ৰতিগৰাকী ব্যক্তিয়ে গৌৰৱ অনুভৱ কৰিছিল। যিটো সময়ত মুম্বাইত জুবিন গাৰ্গে সফলতাৰ শিখৰত আৰোহণ কৰিছিল সেই সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ গায়ক গায়িকাই নিজক প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন ধৰণে সংগ্ৰাম অব্যাহত ৰাখিছিল। কিন্তু জুবিন গাৰ্গে সেই সফলতাতকৈ নিজৰ জাতি আৰু ভাষাটোক আগবঢ়াই লৈ যোৱাৰ স্বাৰ্থক প্ৰাধান্য দি মুম্বাইৰ পৰা অসমলৈ গুচি আহিছিল। হয়তো জুবিন গাৰ্গক ভাল পোৱা বহু লোকে সেই সময়ত তেখেতৰ সেই সিদ্ধান্ত সহজভাৱে মানি লব পৰা নাছিল। কাৰণ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিবলৈ জুবিন গাৰ্গ সেই সময়ত এক চিনাকি নাম আছিল। কিন্তু জুবিন গাৰ্গ দৃঢ় আছিল যে নিজৰ জাতি আৰু ভাষাটোৰ বাবে তেখেতে কেতিয়াও কাৰো ওচৰত শিৰনত নকৰে। জুবিন গাৰ্গে বহু সময়ত নিজ মুখেৰে উল্লেখ কৰিছিল যে যদি কোনোবাই জুবিন গাৰ্গৰ কণ্ঠত বলিউডত গীত গোৱাব বিচাৰে তেনেহলে তেখেতে গাবলৈ সাজু। কিন্তু সেই গীত গাবলৈ জুবিন গাৰ্গে মুম্বাইলৈ নাযায়। কাৰোবাক গান লাগিলে গুৱাহাটীলৈ আহিব লাগিব। যি বলিউডত দেশৰ প্ৰায় প্ৰতিটো প্ৰান্তৰ গায়ক-গায়িকাই নিজক প্ৰতিষ্ঠা কৰিবলৈ অহৰহ সংগ্ৰাম কৰি আছে সেই বলিউডক প্ৰত্যাহ্বান জনাবলৈ অকণো ভয় নকৰা একমাত্ৰ সংগীতশিল্পী হয়তো দেশৰ ভিতৰতে জুবিন গাৰ্গ প্ৰথম আৰু একমাত্ৰ। ইয়াৰ মূল কাৰণ হৈছে অসমীয়া জাতি আৰু ভাষাটোৰ প্ৰতি থকা সীমাহীন প্ৰেম।অসমীয়া জাতিটোৰ প্ৰতিটো সংকটৰ সময়ত জুবিন গাৰ্গক অসমীয়া লোকসকলে প্ৰতিটো মুহূৰ্ততে নিজৰ ওচৰত পাইছিল। চৰকাৰ প্ৰশাসনে যেতিয়াই জনবিৰোধী কাম কৰিবলৈ আগবাঢ়িছিল তেতিয়াই জুবিন গাৰ্গে মুকলিকৈ সাধাৰণ অসমীয়া জনতাৰ হকে মাত মাতিবলৈ অকণমানো কুণ্ঠাবোধ কৰা নাছিল। চৰকাৰে যেতিয়া প্ৰথমে কেব বিধেয়ক আৰু পৰৱৰ্তী সময়ত কা আইন অসমৰ ওপৰত জাপি দিছিল তাৰ বিৰুদ্ধে অসমীয়া ৰাইজে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল। সেই সময়ত জুবিন গাৰ্গে ৰাইজৰ সৈতে সক্ৰিয়ভাৱে প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। ৰাইজৰ হৈ জুবিন গাৰ্গে কৰা প্ৰতিবাদৰ প্ৰতিফলন তেখেতে অংশগ্ৰহণ কৰা সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চটো দেখিবলৈ পোৱা গৈছিল। জুবিন গাৰ্গে যে কেৱল চৰকাৰৰ বিৰুদ্ধে মাত মাতিছিল তেনেকুৱা নহয়। যিকোনো ৰাজনৈতিক দল অথবা ৰাজনৈতিক নেতাই ৰাইজৰ হিতৰ বিপৰীতে কৰা প্ৰতিটো কাম আৰু কোৱা প্ৰতিটো কথাৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰিছিল।
জুবিন গাৰ্গ আছিল প্রকৃতিৰ এগৰাকী পূজাৰী। জুবিন গাৰ্গে সততে এটা কথা কৈছিল যে প্ৰকৃতি হৈছে আচল ভগবান। আমি সকলোৱে প্ৰাকৃতিক পূজা কৰিব লাগে। প্ৰকৃতি অবিহনে পৃথিৱীত কোনো জীয়াই থকাটো সম্ভৱ নহয়। পৃথিৱীৰ সকলো ভাৰসাম্য ৰক্ষা কৰাত প্ৰকৃতিয়ে মুখ্য ভূমিকা পালন কৰে। গছপুলি ৰোপণ কৰাৰ পৰা আৰম্ভ কৰি সংৰক্ষণ কৰালৈকে জুবিন গাৰ্গে নিজে ব্যক্তিগতভাৱে প্ৰচেষ্টা হাতত লৈছিল। এনে কামসমূহ জুবিন গাৰ্গে কেৱল মুখেৰে আনক কৰিবলৈ কোৱাই নহয় নিজেও হাতে কামে কৰি আৰ্হি দেখুৱাইছিল। যাৰ বাবে সকলোৱে জুবিন গাৰ্গক অনুসৰণ কৰিবলৈ বাধ্য হৈছিল। যিকোনো চৰকাৰী নিৰ্মাণ কাৰ্যৰ বাবে চৰকাৰে গছ কাটিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে জুবিন গাৰ্গে মুকলিকৈ বিৰোধ কৰিছিল। যাৰ ফলত চৰকাৰে নিজৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হৈছিল। জুবিন গাৰ্গৰ স্থিতি আছিল আপোচবিহীন। তেওঁ নিজৰ ঘৰত বিভিন্ন গছ-গছনিৰে ভৰপূৰ এক সেউজীয়া পৰিবেশ সৃষ্টি কৰি তাৰ উৎকৃষ্ট নিদৰ্শন আগবঢ়াইছে। ইয়াৰ উপৰি জুবিন গাৰ্গ আছিল এগৰাকী মানৱ দৰদী ব্যক্তি। জীৱনকালত কোনো দিনে কাৰো বেয়া চিন্তা কৰাৰ নিদৰ্শন নাই। প্ৰতিটো দিনতে জুবিন গাৰ্গে আৰ্তজনৰ সহায়ৰ বাবে নিজৰ মনৰ দুৱাৰ খোলা ৰাখিছিল। যিকোনো সমস্যাৰ সমাধান বিচাৰি যদি কোনো ব্যক্তি জুবিন গাৰ্গৰ ওচৰলৈ আহে তেনেহলে বিমুখ হৈ ঘূৰি যাবলগীয়া হোৱাৰ নিদৰ্শন নাই। বিশেষকৈ আৰ্থিক সহায় আগবঢ়াবলৈ জুবিন গাৰ্গ সদায় সাজু আছিল। ধনী মানুহ ৰাজ্যখনত বহুত আছে কিন্তু নিজৰ উপাৰ্জিত ধন আৰ্তজনৰ বাবে মুক্তমনে বিলাই দিব পৰা ব্যক্তি এজনেই আছিল। ৰাইজৰ পৰা উপাৰ্জন কৰা সমস্ত ধন জুবিন গাৰ্গে পুনৰ ৰাইজৰ বাবেই খৰচ কৰিছিল। নিজৰ হাতত পইচা নাথাকিলেও আনৰ পৰা ধাৰ লৈ হলেও জুবিন গাৰ্গে আৰ্তজনক সহায় কৰাৰ নিদৰ্শন আছে। বহু কেইগৰাকী অসহায় ল’ৰা- ছোৱালীক তুলি লৈ জুবিন গাৰ্গে আদৰ-যত্ন কৰি এক নতুন জীৱন প্ৰদান কৰিছে। এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত কিশোৰীক চিকিৎসা প্ৰদানৰ বাবে সহায় আগবঢ়াই সুস্থ কৰি তুলিবলৈ জুবিন গাৰ্গে আপ্ৰাণ চেষ্টা চলাছিল। কিন্তু নিয়তিয়ে তেওঁৰ ওচৰৰ পৰা সেই কিশোৰীগৰাকীক চিৰদিনৰ বাবে আঁতৰাই লৈ গৈছিল। খবৰটো শুনাৰ লগে লগে জুবিন গাৰ্গ আবেগিক হৈ পৰিছিল। নিজৰ আবেগখিনিক লুকুৱাই পূৰ্ব নিৰ্ধাৰিত এটা সাংস্কৃতিক অনুষ্ঠানত গীত গাবলৈ জুবিন গাৰ্গ উপস্থিত হৈছিল যদিও তেখেতে বহু চেষ্টা কৰাৰ পিছতো সেই আবেগখিনি নিজৰ মনৰ ভিতৰত লুকুৱাই ৰাখিব নোৱাৰিলে। গীত পৰিবেশন নকৰাকৈয়ে জুবিন গাৰ্গে সেই অনুষ্ঠান পৰা বিদায় লৈছিল।
অসমৰ প্ৰতিগৰাকী লোকৰ দুখত দুখী আৰু সুখত সুখী হ’ব পৰা গুণটোৱে জুবিন গাৰ্গক এগৰাকী অনন্য ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিছে। অসমত জাতি- ধৰ্ম- বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰাৰ চেষ্টা কৰিছিল জুবিন গাৰ্গে। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগবান নাই, মই মুক্ত, ময়েই কাঞ্চনজনঘা। আচলতে এই বাক্যটো জুবিন গাৰ্গৰ এখন বোলছবিৰ এটা সংলাপ আছিল। কিন্তু এই সংলাপটোৰ জৰিয়তে জুবিন গাৰ্গে বাস্তৱ জীৱনটো মানুহক মানুহ হিচাপে জীয়াই থাকিবলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছিল। জন্মসূত্ৰে জুবিন গাৰ্গ ব্ৰাহ্মণ আছিল যদিও জুবিন গাৰ্গে কেতিয়াও নিজক ধৰ্মৰ বান্ধোনৰ মাজত সীমাবদ্ধ কৰি ৰখা নাছিল। জুবিন গাৰ্গে ঠেলা চলোৱা, ৰিক্সা চলোৱা, পদপথত অঘৰী জীৱন যাপন কৰা সকলো ব্যক্তিৰ সৈতে পোনপটীয়াকৈ যোগাযোগ ৰক্ষা কৰিছিল। তেনে লোকসকলৰ সৈতে কথা পাতিবলৈ জুবিন গাৰ্গে কেতিয়াও কুণ্ঠাবোধ কৰা নাছিল। আভিজাত্যৰে ভৰপূৰ হোটেলৰ পৰিবৰ্তে জুবিন গাৰ্গে পদপথত থকা সৰু সৰু হোটেলত বহি চাহ খাইছিল। মানুহৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপত কৰিছিল। হয়তো এনেবোৰ কাৰণতে জুবিন গাৰ্গে প্ৰতিগৰাকী সাধাৰণ মানুহৰ মনত চলি থকা সকলো কথা অতি সূক্ষ্মভাৱে অনুধাৱন কৰিব পাৰিছিল। বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায় কৰিবলৈ জুবিন গাৰ্গে নিজে ৰাজপথলৈ ওলাই আহি সকলোৰে পৰা সহায় বিচাৰে। বিভিন্ন সময়ত অসমৰ শিল্পী সকলে দুৰাৰোগ্য ৰোগৰ আক্ৰান্ত হৈ ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰে। এই বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰিয়ে জুবিন গাৰ্গে আৰম্ভ কৰিছিল কলাগুৰু আৰ্টিছ ফাউণ্ডেচন। এই সংস্থাৰ জৰিয়তে বিপদৰ সময়ত যাতে শিল্পী সকলক সহায় আগবঢ়াব পাৰি তাৰ বাবে জুবিন গাৰ্গে পুঁজি সংগ্ৰহ কৰিবলৈ অসমৰ বিভিন্ন ঠাইত ফুটবল খেল অনুষ্ঠিত কৰিছিল আৰু তাৰ পৰা লাভ কৰা ধন ফাউণ্ডেচনৰ নামত জমা কৰিছিল। যুৱ প্ৰজন্মক কৰ্মমুখী কৰি তোলাৰ বাবে জুবিন গাৰ্গে বিভিন্ন দীৰ্ঘম্যাদী পদক্ষেপ হাতত লৈছিল। অসমৰ জাতীয় জীৱনত জুবিন গাৰ্গৰ ভূমিকাৰ বিষয়ে কৈ আমি কেতিয়াও শেষ কৰিব নোৱাৰিম। কাৰণ জুবিন গাৰ্গে নিজৰ জীৱনত কেতিয়াও নিজৰ বিষয়ে অকমানো চিন্তা নকৰিলে। কেৱল স্বদেশ আৰু স্বজাতিক কিদৰে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব পাৰি, কিদৰে উন্নতি কৰিব পাৰি সেয়াই আছিল জুবিন গাৰ্গৰ জীৱনৰ মূল লক্ষ্য। জীৱিত কালত অসমীয়া জাতীয় জীৱনলৈ জুবিন গাৰ্গৰ যি ভূমিকা আছিল মৃত্যুৰ পাছত অধিক স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে।
জুবিন গাৰ্গ যদিও আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি গৈছে তথাপি তেওঁ সদায় আমাৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী হৈ আছে আৰু ভৱিষ্যতেও প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ৰ মাজত জীয়াই থাকিব। জয় জুবিন দা।
ঠিকনাঃ বনগাঁও, বেলশৰ, নলবাৰী
ফোন - ৬৯১৩৯৩০৮২৯

No comments: