বিশ্বাসী গুপ্তচৰ

March 14, 2026


দৰদী দত্ত

       এখন প্ৰাচীন ৰাজ্যত এলেন নামৰ এজন বিশ্বাসী চোৰাংচোৱা আছিল৷ তেওঁৰ দুজন ভায়েক আছিল৷ কিন্তু ভায়েক দুজন আছিল এলেনৰ সম্পুৰ্ণ বিপৰীত– বৰ ধূৰ্ত আৰু দুষ্ট৷
         এটা সময়ত ৰাজ্যখনলৈ ঘনাই শত্ৰুৰ ভাবুকি আহিবলৈ ল’লে৷ ৰজাই তেতিয়া প্ৰজাৰ সুৰক্ষাৰ বাবে তেওঁলোকক কাষৰ হাবিখনলৈ গৈ আশ্ৰয় গ্ৰহণ কৰিবলৈ আদেশ দিলে৷ প্ৰজায়ো ৰজাৰ আদেশ নতশিৰে মানি ল’লে৷ কিন্তু এলেনৰ ভায়েক দুজনে ৰজাৰ আদেশ মানি ল’বলৈ সন্মত নহ’ল৷ নিজৰ আৰামপ্ৰিয় জীৱনটো এৰি কিয় হাবিলৈ গৈ ভগনীয়া মানুহৰ দৰে জীৱনটো কিয় কটাব বুলি তেওঁলোকে অসন্তোষ কৰিবলৈ ধৰিলে৷
        ৰজাৰ আদেশ অমান্য কৰাৰ বাবে ৰজাৰ সৈন্যই এলেনৰ দুয়োজন ভায়েকক আটক কৰিলে৷ পিছে সেইদিনাই সন্ধ্যা দুয়ো ৰজাৰ বন্দীশালৰ পৰা পলাই গৈ আন এখন হাবিত আশ্ৰয় ল’লেগৈ আৰু ৰজাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে৷ তেওঁলোকে নিজৰ মাজতে কথা পাতিলে– ৰজাই যিহেতু হাবিত বাস কৰিছে, গতিকে তেওঁৰ সুৰক্ষা বেহু ভাঙিবলৈ বিশেষ কষ্ট কৰিব নহ’ব৷
       সেই সময়ত ৰজা থকা হাবিখন আৰু কাষৰীয়া অঞ্চলসমূহৰ সুৰক্ষাৰ দায়িত্ব এলেনক অপৰ্ণ কৰা হৈছিল৷ সেয়েহে তেওঁৰ ভায়েক দুজনে ৰজাৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কথা তেওঁৰ কাণত পৰিলহি৷ তেওঁ গম পাইছিল, ভায়েক দুজনক এই সম্পৰ্কত বুজালেও একো লাভ নাই কাৰণ তেওঁৰ কথা তেওঁলোকে নুশুনে৷ গতিকে এলেনে তেওঁলোকক বুজোৱাৰ চিন্তা বাদ দি ৰজাক সেই ষড়যন্ত্ৰৰ পৰা বচোৱাৰ কথাহে ভাবিলে৷
       পিছদিনা পুৱাই এলেনে ৰজাৰ ওচৰলৈ গৈ তেওঁৰ দুই ভায়েকে ৰজাৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কথা অৱগত কৰিলে৷ ৰজাই এলেনক ক’লে যে ইয়াৰ পৰিণাম অতি ভয়ানক হ’ব বুলি জানিও কিয় তেওঁ এই কথাবোৰ জনাইছেহি। তেতিয়া এলেনে বিনয়ভাৱে ক’লে যে তেওঁৰ দুই ভায়েকৰ জীৱনতকৈ ৰজাৰ জীৱন অধিক মূল্যবান৷ তেওঁ দুই ভায়েকৰ কু-কৰ্মৰ বাবে ৰজাৰ ওচৰত ক্ষমাও খুজিলে৷
        এলেনৰ কাৰ্যত মুগ্ধ হৈ ৰজাই এলেনক কি পুৰস্কাৰ লাগিব সুধিলে৷ এলেনে ৰজাক ক’লে যে তেওঁ বিশেষ একো নিবিচাৰে, মাথোঁ দুই ভায়েকক যাতে প্ৰাণদণ্ড নিদিয়ে৷      এলেনৰ কথামতেই ৰজাই এলেনৰ ভায়েক দুজনক প্ৰাণদণ্ডৰ পৰিৱৰ্তে সৈন্যসকলক বন্দী কৰি আনি বন্দীশালত ভৰাই থ’বলৈ আদেশ দিলে৷

No comments:

Powered by Blogger.