পৰশমণি বৰদলৈ।
মোক শুনিবলৈ দিয়া
কুলু-কুলু নিজৰাৰ সুৰ
প্ৰভাতী পখীৰ গীত দিয়া
জুতি, জাঁই, মালতী
হাচনাহানাৰ সুগন্ধী
দিয়া নিশাৰ নিৰ্জনতা
জোনাকৰ স্নিগ্ধতা
অনুভৱৰ মিঠা মাদকতা
দিয়া বুজিবলৈ
আকাশৰ বিশালতা
সাগৰৰ গভীৰতা
সেউজৰ দলিচাত বহুৱাই
দুচকুত মোৰ বোলাই দিয়া
ফাগুনৰ ৰং ৰঙা
চিত উতলা কৰা
দিয়া মোক দিয়া
Reviewed by
Admin
on
March 14, 2026
Rating:
5
No comments: