মিছলীয়া বাইদেউ
মৌচুমী গগৈ ফুকন
প্ৰিয়াক্ষীৰ ৰে’ল যাত্ৰা আৰম্ভ হয় নিজৰ স্থায়ী ঠিকনাৰ পৰা- প্ৰথমতে গুৱাহাটী, তাৰ পিছত দিল্লী। বিদ্যালয়ৰ এটা ২৫ জনীয়া দল ১০ দিনৰ বিদ্যালয়ৰ ছুটি লৈ প্ৰিয়াক্ষী আৰু বিদ্যালয়ৰে সহযোগী শিক্ষক ৬ জন গৈছিল ছাত্ৰ-ছাত্ৰীসকলক দিল্লীত থকা বিশেষ কিছুমান বস্তু চোৱাৰ আৰু জনাৰ উদ্দেশ্যেৰে। ছাত্ৰ-ছাত্ৰীসকল ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত। দলৰ সকলোৱে নিজৰ ককাই-ভাই, বাই-ভনীৰ দৰেই যাত্ৰা আৰম্ভ কৰিছিল। অভিভাৱকসকলেও শিক্ষক-শিক্ষয়িত্ৰীসকলকে বিশ্বাসত নিজৰ নিজৰ ল'ৰা-ছোৱালীৰ দায়িত্ব দি ষ্টেচনৰ পৰা বিদায় দি ঘৰমুৱা হ'ল।
সময়ত ৰে’লে দীঘল উকি মাৰি গন্তব্যস্থলীলৈ বুলি আগুৱাই গ’ল। দিনৰ ভাগত সকলোৱে হাঁহি স্ফূৰ্টিৰে দিনটো পাৰ কৰিলে। ৰাতিৰ সাজ খাই সকলোৱে নিজৰ নিজৰ নামত থকা বিচনা পাৰি শুবলৈ গ'ল। সৰুখিনি প্ৰায় সকলোৱে টোপনি গ’লেই। শিক্ষয়িত্ৰী দুগৰাকীমান সাৰে আছিলে আৰু জ্যেষ্ঠ ছাত্ৰ দুজনমানহে মোবাইল টিপি টিপি শুবলৈ চেষ্টা কৰিছে বুলি প্ৰিয়াক্ষীহঁতক ক’লে। শিক্ষয়িত্ৰীকেইগৰাকীয়েও- 'হ’ব, শুই থাকিবি' বুলি কৈ গোটেইকেইগৰাকীয়ে পুনৰ লাহে লাহে কথা পাতি বহি থাকিল।
ৰাতি প্ৰায় এক ডেৰ মান বজাত এজনী ছাত্ৰী নিজৰ বিচনাৰ পৰা নামি আগলৈ যাবলৈ ধৰোঁতেই প্ৰীয়াক্ষীয়ে সুধিলে- নিশিতা, কি হ’ল অ’ তোৰ, ক'ত যাৱ?
:বা-ই-দে-উ, মোৰ মা-নে টোপ-নি ধৰা নাই...।
:প্ৰস্ৰাৱ কৰিবলৈ যাবি নেকি?
:নাযাও বাইদেউ।
নিশিতাই ম’বাইল চাই টোপনি যোৱাৰ অভ্যাস থকা অভিজিতৰ কাষতে বহিলগৈ। সি অলপ অস্বস্তিবোধ কৰিছিল। লাহেকৈ উঠি আহি তাৰ সন্মুখৰ চিটৰ ওপৰত সাৰে থকা ৰাজৰ ওচৰলৈ গৈ কিবা এটা কোৱা কথাটো দবাটোৰ সিহঁতৰ ফালেই মুখ কৰি বহি থকা অংকিতা বাইদেৱে লক্ষ্য কৰি আছিলে। অংকিতা বাইদেৱে প্ৰিয়াক্ষীহঁতক সিহঁতৰ ওচৰতেই অকণমান বহি আহোঁগৈ ৰ’বা বুলি কৈ উঠি গ'ল।
নিশিতা আৰু অভিজিতৰ কাষতে বহা অংকিতা বাইদেৱে অলপ দেৰি সিহঁতৰ লগত কথা পতাৰ পিছত অভিজিতৰ টোপনি অহা যেন অনুভৱ কৰাত নিশিতাক নিজৰ চিটলৈ যাবলৈ কৈ অংকিতা বাইদেৱেও নিজৰ চিটলৈ বুলি আহিল এঘূমতি মাৰিবৰ বাবে।
পিছদিনা গুৱাহাটী ৰে’লখন এৰি ৰাতিপুৱাৰ দিল্লী অভিমুখী ৰে’ল যাত্ৰা আৰম্ভ হ'ল। সকলো ল'ৰা-ছোৱালীৰ লগত একেটা বুগিতে বহি প্ৰিয়াক্ষীয়ে সকলোৱে লগত হাঁহি-ধেমালিৰে কথা পাতি গৈছে। এনেতে ওপৰৰ চিটৰ পৰা নামি নিশিতাই তলত বহি থকা অভিজিতক উদ্দেশ্যি কৈছে,
:অভিজিত দা, কালি ৰাতি ফোন কৰা বাবে বেয়া নাপাবা।
অভিজিত নিৰুত্তৰ। তাইৰ কথাত পোন্দোৱাকৈ চাইছে সি। পুনৰ তাই নাকেৰে উচ্ছাৰণ কৰি কৈছে- অ.. অ-ভি-জিত দা, বে-য়া না-পা-বা। S-o-rr-y...
:হ’ব, হ’ব যা। অভিজিতৰ গেঙেৰী মৰা উত্তৰ।
দিনটোৰ হাঁহি-ধেমালিৰে একেটা বুগিতে ওপৰে-তলে ৮ টা চিটৰ কাষৰ ৮ টা চিটত কথা পাতি যোৱা সকলো ৰাতি খাই-বৈ নিজৰ নিজৰ নামত থকা চিটৰ বিচনা পাৰি শুবলৈ সকলো ছাত্ৰ-ছাত্ৰীকে কোৱা হ'ল। সকলোৱে সেইমতেই কৰিলে। আকৌ নিশিতায়েই সিখন বিচনাৰ ছোৱালীবোৰৰ ওচৰলৈ গৈছে, এইবাৰ প্ৰিয়াক্ষীয়ে তাইক সুধিলে,
:তোৰ কি হ’ল অ’ নিশিতা, ইচাত-বিচাট কৰি যে অকলে অকলে ইখনৰ পৰা সিখন বিচনাৰ ছোৱালীবোৰৰ ওচৰলৈ গৈ আছ।
:নাই বাইদেউ একো হোৱা নাই।
ঘেহাই ঘেহাই নাকেৰে কথাকেইটা তাই কৈ কৈ নিজৰ চিটলৈ বুলি গ'ল। প্ৰিয়াক্ষী আৰু বাকী শিক্ষকসকলে ৰীমা বাইদেউক ক’লে,
:বাইদেউ, এইৰ নিশ্চয় কিবা অসুবিধা হৈছে, আমাক ক’ব বিচৰা নাই আপুনি ছোৱালীবোৰক সুধি আহকচোন।
কথামতেই ৰীমা বাইদেৱে ছোৱালীবোৰক সুধি গম লৈ কলেহি,:এহ, কথা বিষমেই। তাইৰ ভাল লগা কোনোবা এটা থকা চিটৰ ওচৰতেই তাইক চিট লাগে বোলে। তাইৰ লগত চিট সলনি কৰিবলৈ সিহঁতকেইজনীক খাতিৰ কৰি আছেহি। সিহঁতে আমি নিশিতা বাক চিট এৰি নিদিওঁ বুলি কোৱাত গ'লগৈ।
ৰাতি সেইবোৰ নাটকৰ যৱনিকা পেলাই পুনৰ পুৱা যাত্ৰা আৰম্ভ হ’ল। দিনত পুনৰ একেটা চিটতে সকলো ছাত্ৰ-ছাত্ৰী লদাপাতি থেলা-হেঁচাকে বহি হাঁহি স্ফূৰ্টিৰে আগুৱাই গৈ থাকিল...
পোৱালি দুটামানে মাজে মাজে আহি শিক্ষকসকলৰ মাজত বহি ল'ৰা-ছোৱালীবোৰৰ খবৰ-বাতৰিবোৰ দি যায়হি।
: বাইদেউ গম পাই নাই আপোনালোকে, আমাৰ যে নিশিতা বা দিগবলয় দাদাই নহয় একেলগে বহি হাতত হাত ধৰি গাৰু এটা হাতৰ ওপৰত দি থয়।
বেলেগ এটাই কব, : ছাৰ, বা আৰু দাদাই নহয় আমাৰ আড্ডালৈ নাহি দাদা যদি তলত শুই থাকে বায়ে নহয় ওপৰৰ পৰা চাই Instagram ত দাদাৰ লগত হাই ডাৰলিং, দাদাই হাই বেবি বুলি মেচেজ দিয়া দি কৰি থাকে। আমিও কম নেকি ছাৰ, মনে মনে টপককে চাই পঠিয়াও নহয়।
:এহ যা এইকেইটা- বুলি ছাৰে ধমক দি পঠিয়াই মানে আৰু এটা আহি ধপককে প্ৰিয়াক্ষীৰ কাষতে বহি হাঁহি হাঁহি ক’ব : বাইদেউ আমাৰ ৰাজ দাদাকো প্ৰণামী বায়ে চাই থাকে নহয়। আমি চবেই ৰাজ দাদাকো বা-লে জোকাও নহয়। প্ৰণামী বা যদি ৰাজ দাদাৰ কাষত বহেহি দাদা উঠি বেলেগ এটা চিটত বহেগৈ। বায়ে যদি মেচেজ দিয়ে দাদাই আমাক চবকে মনে মনে দেখাই দিয়ে নহয় বাইদেউ- বুলি কৈ যি তাৰ খিলখিল হাঁহি।
প্ৰিয়াক্ষীয়ে তাক :কি দাঁত চেলাই কথা ক’বলৈ আহিছ যা- বুলি ধমক দি পঠিয়াই দিলে।
সিহঁতৰ অতপৰে মনে মনে কথা শুনি থকা ৰক্তিম ছাৰে গহীনাই মাত দিলে।
: আজিৰ দিনৰ কিছুমানৰ প্ৰেম মানে দৈহিক স্পৰ্শ। ডাঙৰ-সৰু গুৰু-গোসাঁই নমনা প্ৰেম। কিছু ক্ষেত্ৰত কিছুমান অভিভাৱকেও জানি-শুনি ভাল হ’লে লাই দি দিয়ে। বয়সৰ মাত্ৰাতকৈ বেছি দেখিলে সেইবোৰকে সচেতন অভিভাৱকে ভালক বুলি ক'বলৈ গ’লে নিজে অপমানিত হে হ’ব লগা হয়। আচলতে কিছু অভিভাৱক নিজে মুখা পিন্ধা ভদ্ৰলোক হ’লে ধৰা পৰিলে নিজৰবোৰৰ গাত দুখ জাপি নিদি আনকহে দোষাৰোপ কৰি অপমানিত কৰিবলৈ যায়।
তেনেতে অংকিতা বাইদেৱে মাত দিলে : আমাৰ প্ৰিয়াক্ষীৰ কথা তহঁতি জান নাই, তাই যে আজিলৈকে কোনো ল’ৰাকে বিশ্বাস কৰিব নোৱাৰি বিয়াৰ প্ৰস্তাব নাকচ কৰি আছে। বাইদেউৰ কথা শুনি সকলোৱে অংকিতা বাইদেউৰ ফালে এবাৰ, প্ৰিয়াক্ষীৰ ফালে এবাৰ চাই আছে।
প্ৰিয়াক্ষীয়ে হাঁহি হাঁহি : বাইদেউ যে আৰু, সকলোৰে মনবোৰ অনুসন্ধিৎসু কৰি তুলিছে। আমাৰ দিনৰ প্ৰেম আছিল মানসিকভাৱে, আজিৰ দিনৰ দৰে মোবাইল নাছিল আৰু শ্ৰদ্ধা-ভক্তিৰেহে অন্তৰৰ পৰা ভাল লাগিছিল এজনক।হদুয়োজনৰে প্ৰেম মানসিকভাবেই আছিল,হতাত শাৰীৰিক স্পৰ্শৰ কথাই ঠাই পোৱাই নাছিল। দুয়োখন ঘৰতেই গম পাইছিল। নিজৰ ভৰিত ঠিয় হ’ব পৰাকৈ শিক্ষাখিনি আয়ত্ব কৰিবলৈ কৈছিল মোৰ ঘৰৰ পৰা। সি আকৌ কি জানে বাইদেউ, মোক দুখ দি দি নিজকে ধোৱা তুলসীৰ পাত সজাই মোক আনৰ আগত অপদস্থ কৰিলে। মইও বৰ মানসিকভাৱে আঘাত পালো। তেতিয়াৰ পৰাই ভালপোৱাৰ নামত বিশ্বাস শব্দটো হেৰাই যোৱা কাৰণে বিয়াত বহিবলৈ মন নোযোৱা কাৰণে এনেকৈ আছো...।
আবলি সময়ত ৰে’লৰ গতি স্তিমিত হৈ আহিবলৈ ধৰিলে।এটা সময়ত ৰেলখনে কৰক কৰক শব্দ কৰি ৰৈ গ'ল। সকলোৱে নিজৰ নিজৰ বেগসমূহ লৈ নামিবলৈ ধৰিলে। প্ৰিয়াক্ষীহতঁৰ যিহেতু এটা ২৫ জনীয়া দল আছিল সেইকাৰণে দুখন সৰু বাছ ঠিক কৰি থোৱা আছিল। সময়ত সকলো বাছত উঠি আগতে ঠিক কৰি থোৱা অসম ভৱনতে থাকি অলপ জিৰণি লৈ খাই-বৈ সন্ধিয়ালৈ ওচৰতে থকা চাবলগীয়া ঠাইসমূহত এপাক ফুৰি আহিলগৈ।
পিছদিনা পুৱাতে দিনটোৰ ভিতৰত যিমান বুৰঞ্জীপ্ৰসিদ্ধ ঠাই আছে সকলো চোৱাৰ উদ্দেশ্যেৰে দুয়োখন বাছত সকলো গ'ল। দিল্লীৰ ভিতৰত থকা সকলোবিলাক চোৱাৰ পাছত পিছদিনাখন আগ্ৰাৰ তাজমহল আৰু বৃন্দাবন-মথুৰাত এপাক ফুৰি অহাৰ উদ্দেশ্যৰে পুৱা পুনৰ যাত্ৰা আৰম্ভ হ'ল। সকলোৱে স্ফূৰ্তিৰে দিনটো পাৰ কৰি গধূলি পুনৰ ঘূৰি আহে। যিহেতু তিনিদিন দিল্লীত থাকি পুনৰ ঘূৰি অহাৰ ৰে’লৰ টিকট কাটি থোৱা আছিল। ঠিকে ঠাকে সকলো দিল্লীৰ পৰা গুৱাহাটী ৰে’ল ষ্টেচন আহি পালেহি।দুজনমান অভিভাৱকে গুৱাহাটীৰ পৰা নিজ সন্তানক আগবঢ়াই আনিবলৈ যায়।
গুৱাহাটীৰ পৰা ঘৰমুৱা ৰে’লখনৰ টিকট সকলোৰে কাৰণে তৃতীয় শ্ৰেণীৰ বাতানুকূলৰ একেটা ডবাতে নোপোৱা কাৰণে দ্বিতীয় শ্ৰেণীৰ বাতানুকুলত দুজনমান ছাত্ৰ, অংকুৰ ছাৰ, প্ৰিয়াক্ষী, ৰীমা বাইদেউ আৰু দুগৰাকী শিক্ষয়িত্ৰীৰ টিকট একেলগে কাটিবলগীয়া হ'ল। অভিভাৱকসকলৰো টিকট প্ৰিয়াক্ষীহতঁৰ টিকট থকা একেটা দবাতে আছিল। সকলো শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকে বিভিন্ন ধৰণৰ কথা-বতৰা পাতি ৰাতি এপৰলৈকে সাৰে আছিল। সময়ত সকলো নিদ্ৰা দেবীৰ কোলাত শুই পৰিল। কাৰণ ৰে’লখন পুৱা প্ৰায় ৯ মান বজাতহে গন্তব্যস্থান পাবগৈ।
পুৱা প্ৰায় সাতমান বজাত নিশিতা আমি থকা ডবাটোৰে খৰখেদাকৈ কেনিও নোচোৱাকৈ দবাটোৰ শেষত থকা প্ৰস্ৰাৱগাৰলৈ যোৱা সকলোৱে প্ৰত্যক্ষ কৰিলে।
:এইৰ আকৌ হঠাৎ এইটো দবালৈ আহিবলৈ কি হল??? ৰীমা বাইদেৱে অবাক হৈ সকলোলৈ চাই কলে।
: জানো পায়, প্ৰস্ৰাৱগাৰৰ পৰা ঘূৰি আহিলেহে সুধিব পাৰিম। -প্ৰিয়াক্ষীৰ উত্তৰ।
:আমি দবাটোৰ সন্মুখতে সকলো বহিচোন কথাই পাতি আছিলো, নিশিতাই কাৰোলৈ কেৰেপ নকৰাকৈ কেৰাহিকেও নোচোৱাকৈ হো হোৱাই কেনেকৈ গ'ল ততেই ধৰিবচোন কোনেও নোৱাৰিলোঁ।
:ৰীমা বাইদেউ, এটা কথা মন কৰিছে নাই। অন্য এগৰাকী শিক্ষয়িত্ৰীৰ মন্তব্য।
:নাই কৰা, কি হ'ল। কিবা জমনি নেকি অ’ প্ৰিয়াক্ষী।
:কি নো জমনি হ’ব বাইদেউ, মই হ’লে একো গম পোৱা নাই। আমাৰ তুলিকা বাইদেৱেহে জানিব।
:আমি দিল্লীলৈ যাওঁতে যে পোৱালি দুটামানে দিগবলয় আৰু নিশিতাৰ কথা যে কৈ গৈছিল তাৰেই প্ৰমাণ নেকি বাৰু।
:অঁ হ’ব পাৰে দেই, ইমান দেৰি হ’ল নিশিতা এতিয়াও যে প্ৰস্ৰাৱগাৰৰ পৰা ওলাই অহা নাই। যা চোন তুলিকা চাই আহগৈ তাইক। যিমান যি আমি কথা পাতি থাকিলেও ছোৱালী মানুহৰ ৰিস্কৰ কথা আছে যা চোন যা। ৰীমা বাইদেউৰ উৎকণ্ঠাসূচক মন্তব্য।
তেনেতে পুৱা প্ৰায় ৭-৩০ মান বজাত অংকুৰ ছাৰে সকলোৱে কাৰণে প্ৰিয়াক্ষীহঁত থকা দবাটোলৈ চাহ-বিস্কুট, ল’ৰাবোৰলৈ চৰবতৰ পেকেট আনি সকলোকে বিলাই আছিল। দবাটোত থকা সকলো ছাত্ৰকে অংকুৰ ছাৰে খোৱা বস্তুবোৰ দিলে। কিন্তু দিগবলয় শুৱা চিটৰ পৰ্দা দাঙি ছাৰে দেখিলে, সি নিজৰ চিটত নাই। তাৰ চিটটোতেই খোৱা বস্তুখিনি থৈ আহি ৰীমা বাইদেউহঁতৰ লগত একেলগে চাহ খাবলৈ বহিলে।
ৰীমা বাইদেৱে তুলিকাক ইংগিত দি আছে প্ৰস্ৰাৱগাৰৰ ফাললৈ যাবলৈ। এটা সময়ত তুলিকা দবাটোৰ শেষত থকা প্ৰস্ৰাৱগাৰলৈ বুলি উঠি গ'ল। দবাটোৰ দৰ্জা খুলি তুলিকা যোৱাৰ সময়তেই নিশিতা খৰখেদাকৈ নিজৰ তৃতীয় শ্ৰেণীৰ বাতানুকুলৰ ডবাটোৰ ফালে আগবাঢ়ি আহোঁতেই প্ৰিয়াক্ষীয়ে তপককে তাইক সুধিলে, :কি হ’ল নিশিতা। ইমান বেগাবেগিকৈ আমাক কাকো মাত নিদিয়াকৈ নোচোৱাকৈ গৈছ যে।
টইলেট গৈছিলো- বুলি কৈ তাই কাৰো ফালে নোচোৱাৱাকৈ বেগাবেগিকৈ ওলাই গ’ল।
:এইক দিগবলয়ে ফোন কৰি মাতিলে নে নিশিতাই তালৈ ফোন কৰি নিজৰ দবাটোৰ পৰা আমাৰ দবাটোৰ প্ৰস্ৰাৱগাৰত আহি প্ৰসাৱ কৰি গ'লহি। কোনো এজনী ছোৱালী আৰু কোনো এটা ল'ৰা আমাৰ দবাটোলৈ অহা নাই এইৰ আকৌ গহীন গহীনকে কিহৰ পৰিচয়।
:সিহঁতেহে জানিব বাইদেউ। প্ৰিয়াক্ষীৰ নিৰস ভৰা উত্তৰ।
:প্ৰেম এটা বয়সত হ’বই, প্ৰেম হোৱাটো স্বাভাৱিক। সেইবুলি ইহঁত দুটাক নিমাওমাওকে অলপ বেছি যেন লগা নাইনে।
:নিবুকা বাঘেহে গৰু খাই- বাইদেউ বুলি তুলিকাৰ যি খিলখিল হাঁহি। তুলিকাৰ কথাত সকলোৱে অলপকে হ'লেও হাঁহি থ’লে।
ৰেলখন গন্তব্যস্থল পাবলৈ আৰু এঘণ্টা মান আছেই। ৰীমা বাইদেৱে প্ৰিয়াক্ষীক কলে, : তই দিগবলয়ৰ মাককে থুলমূলকৈ সিহঁত দুটাৰ দেখি অহা আৰু শুনি অহা কথাখিনি নিজৰ ভাষাৰে ক’বি। নিশিতাৰ অভিভাৱকক একো নক’বি। দিগবলয়ৰ মাকে নিজৰ ল'ৰাক কেনেকৈ বুজায় সেইটো তেওঁলোকৰ কথা। আনক দুখ দিবলৈ যোৱাৰ আগতে নিজৰবোৰক ভালকৈ বুজালেই হ’ল বুলি ক’বি। নিশিতাৰ অভিভাৱকক প্ৰয়োজন বোধ কৰিলে নিজেই ক’ম, আপোনালোকে ক’ব নালাগে বুলি ক'বলৈ নাপাহৰিব আক’।
:হ’ব বাইদেউ কম বাৰু। যদি ভাললৈ ক’লে ওলোটাকৈ মোক যদি কিবা কয়।
:এহ ক’লে ক’বই। তেতিয়া মানুহ চিনি পাবি আক’ আঁকৰি। সকলো মানুহৰ সঁচা কথাবোৰ গম পোৱাৰ পিছতহে আচল ব্যৱহাৰৰ চৰিত্ৰবোৰ ওলাই পৰে। দুখবোৰ ঢাকিবলৈ চেষ্টা কৰিলেও আমিচোন স্বচক্ষে প্ৰমাণ আছো। হ’ব তই কৈ চাবি। তোক কিবা গালি পাৰি অপমান কৰিলে আমি আছো নহয়, তোক মাত্ৰ তই আমাতকৈ সৰু কাৰণে কথাটো অৱগত কৰিবলৈহে কৈছো। অভিযোগ দিবলৈ কোৱা নাই নহয়। যিহেতু দুইটাৰে পঢ়া বিষয়ৰ পৰা বিচলিত মন পাৰে বুলি ভাবিহে কবলৈ কৈছো। যদি সিহঁতৰ দুয়োখন ঘৰে জানে তেনেহ’লেটো কোনো কথা নাই।
:হ"ব বাইদেউ, কৈ চাম বাৰু। -প্ৰিয়াক্ষীৰ দীঘল হুমুনিয়াহ মৰা উত্তৰ।
সময়ত ৰেল আহি গন্তব্যস্থল পালেহি। সকলো অভিভাৱকে নিজৰ নিজৰ সন্তানক সুস্থ শৰীৰে আমাৰ শিক্ষকসকলৰ পৰা চমজি লৈ ধন্যবাদসূচক মন্তব্য আগবঢ়াই ঘৰমুৱা হ’ল।
কিছুদিনৰ পিছত ৰীমা বাইদেৱে ক’বলৈ কোৱাৰ দৰে প্ৰিয়াক্ষীয়ে দিগবলয়ৰ মাকক ক’লে- নিশিতা আৰু দিগবলয়ক বাকীবোৰ ছাত্ৰ-ছাত্ৰীতকৈ অলপ বেলেগ আচৰণ দেখা পালো। আপোনাৰ নিজস্ব শৈলীৰে তাক বুজাব।
এদিনৰ পিছত দিগবলয়ৰ মাকে প্ৰিয়াক্ষীক দিগবলয়ৰ প্ৰতি নিশিতাৰ অকণো ভালপোৱা ভাৱ নাই বুলি কৈছে। মই নিশিতাৰ মাক-দেউতাকক আপোনাৰ কথা কৈ ছোৱালী চম্ভালিবলৈ কৈছো।
:হে হৰি কি কৰিলে আপুনি এইবোৰ। কথাৰ গুৰি নি ক'ৰবাত পোৱালেগৈ। মই আপোনাক নিশিতাৰ অভিভাৱকক নক’বলৈ কৈছিলো নহয়, প্ৰয়োজন বোধ কৰিলে নিজেই ক’ম বুলিহে কৈছিলো। আপোনাক আপোনাৰ ল'ৰাৰ লগতহে বন্ধু সুলভভাৱে কথা পাতিবলৈ কৈছিলো। আপুনি নিজৰ ল'ৰাৰ গাত দুখ নেদেখি আনৰ ছোৱালী এজনীক দুখ জাপি দি কেনেকৈ অভিভাৱকক কথা শুনাব পাৰিলে। এতিয়া নিশিতাৰ মাক-দেউতাকে মোক সুধিব। বৰ তলখাপৰ কাম এটা আপুনি কৰিলে। ভালক বুলি আপোনাক কৈ কাল হে হ'ল। নিশিতাৰ অভিভাৱকে ক’ব- আপোনাৰ ল'ৰা যদি শুদ্ধ মোৰ ছোৱালীৰ গাতো অকণো চেকা নাই। শেষত মোকহে আপোনালোকে মিছলীয়া সজাব এতিয়া।
প্ৰিয়াক্ষীয়ে দিগবলয়ৰ মাকক কোৱা কথাষাৰিকেই সঁচা প্ৰমাণিত কৰি কোনোদিন প্ৰিয়াক্ষীহতঁৰ ঘৰলৈ নহা নিশিতাৰ মাক-দেউতাক ঘৰ আহি ওলালেহি। সেইসময়ত নিশিতাহঁতে ভাত খাই আছিল। কোনোদিনে নহা আলহী আহিছে কাৰণে প্ৰিয়াক্ষীয়ে আধাখোৱাকৈয়ে ভাতৰ পাতৰ পৰা উঠি দায়-দুখ নধৰিবা বুলি হাত মুখ ধুই খৰখেদাকৈ ওলাই আহিল। বাৰাণ্ডাতে বহা নিশিতাৰ অভিভাভাৱকক প্ৰিয়াক্ষীয়ে ভিতৰলৈ বহিবলৈ মাতিছে যদিও নাহে, চফ আনিবলৈ কৈছে যদিও নাখায়, এদিনো নহা আলহীক চাহ অকণমান যাচিলেও নাখাওঁ নাখাওঁ বুলি দুয়োজনৰে খঙাল উত্তৰ। নাখাই যদি অহাৰ উদ্দেশ্য কি বুলি সুধিবলৈহে পালে প্ৰিয়াক্ষীয়ে, আও কদুবাহত জুই দিয়াৰ দৰে দেউতাকৰ কি তৰ্জন-গৰ্জন প্ৰশ্ন।লগতে সহযোগ কৰিবলৈ নিশিতাৰ মাক কাষতেই আছেই।
দুয়োজনৰে নিজৰ ব্যৱহাৰৰ পৰিচয়ত প্ৰিয়াক্ষীয়ে নিজৰ ভদ্ৰ অমায়িক ব্যৱহাৰেৰে দুয়োজনৰ তীক্ষ্ণ বাক্যবাণৰ যথাযথ উত্তৰ শান্তিৰে দি গ'ল। তেওঁলোকৰ নিশিতাৰ মতে প্ৰিয়াক্ষী বাইদেৱে মিছা কথা কৈছে, ইফালে দিগবলয়ৰ মতে তাৰ নিশিতাৰ প্ৰতি অকণো ভালপোৱাৰ ভাৱ নাই। মুঠতে সকলো ফালৰ পৰাই প্ৰিয়াক্ষী বাইদেউকে মিছলীয়া প্ৰমাণিত কৰিলে দুয়োটা পৰিয়ালে।
প্ৰিয়াক্ষীকে নিশিতা, দিগবলয় আৰু দুয়োটা পৰিয়ালে 'মিছলীয়া বাইদেউ' বুলি আখ্যা দিলেই যেতিয়া, তৃতীয় শ্ৰেণীৰ বাতানুকূলৰ দবাটোৰ পৰা আন ছাত্ৰী নহাকৈ নিশিতাই অকলে দিগবলয় থকা দ্বিতীয় শ্ৰেণীৰ বাতানুকুলৰ ডবাটোৰ শেষৰ ফালে থকা প্ৰস্ৰাৱগাৰটোত আহি প্ৰসাৱ কৰিবলৈ কোনে কাক মাতিছিলে?
ঠিকনাঃ দৰিকাপাৰ নামতিয়াল পথাৰ, শিৱসাগৰ
ফোন- ৯৯৫৪২৪৮৫৭০

No comments: