পাপৰ সমুদ্ৰ

March 14, 2026
 

তুলিকা চেতিয়া য়েইন

মাজৰাতি ৰুদ্ধ দুৱাৰ খুলি 
ন্যায় বিচাৰি বহু নাৰী ঘূৰি থাকে
সিহঁত মৰিশালীৰ পৰা উঠি আহে 
দুৰ্গন্ধত মই নাক ঢাকো
লাজত নাক নঢকা বহু দিন হ’ল
ধূপ জ্বলাওঁ, সুগন্ধি দ্ৰব্য ছটিয়াওঁ

সিহঁতৰ প্ৰশ্নবানত 
মই কৰ্ট-কাছাৰী চলাথ কৰোঁ
ন্যায় ক’ত-ন্যায় ক’ত

এদিন জয়মতীক চাবুকেৰে কোবাইছিল
চোৰাত পাত সানিছিল দেহত
নগাৰ বেশ ধৰি গদাপানীয়ে চাই ৰৈছিল চেনেহৰ জয়াক
বুৰঞ্জীৰ পুনাৰাবৃত্তি হৈছিল
মোৰ সন্মুখতো হেজাৰ জয়মতীক
চাবুকেৰে কোবাইছিল
চোৰাত পাত সানিছিল দেহত

ময়ো বোবা বেদনাত মূক হৈছিলো
মাজৰাতি সেই নাৰীবোৰে 
অসমৰ চোতালে-চোতালে 
ঘূৰি ফুৰে 
পাপৰ সমুদ্ৰত সকলো সাঁতুৰিছে
তেওঁলোকে ন্যায় বিচাৰিছে

2 comments:

Powered by Blogger.